‘নেফা’ৰ শৈক্ষিক ইতিহাস আৰু ‘মেৰেং’-অৰ সংগ্ৰামী জীৱনৰ কথকতা: শিক্ষাবিদ ইন্দিৰা মিৰি[১৯১০-২০০৪]ৰ আত্মকথা ‘মই আৰু নেফা’


    



    


স্বৰাজোত্তৰ অসমৰ বিশিষ্ট শিক্ষাবিদ ইন্দিৰা মিৰিৰ আত্মকথা ‘মই আৰু নেফা’ত বিবৃত হৈছে তেখেতৰ জীৱন আৰু কৰ্ম-অভিজ্ঞতাৰ বৈচিত্ৰ্যময়, উপন্যাসোপম কাহিনী৷ সমাজৰ তথাকথিত নিম্নবৰ্গীয় শ্ৰেণীৰ[বণিয়া সম্প্ৰদায়ৰ] সন্তান হৈও সামাজিক বাধা-নিষেধ হেলাৰঙে অতিক্ৰম কৰি, অকাল বৈধৱ্যই কঢ়িয়াই অনা যন্ত্ৰণাক সাহস আৰু উদ্যমেৰে উপেক্ষা কৰি, স্কটলেণ্ড এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষাৰে শিক্ষিত হৈ প্ৰথমগৰাকী শিক্ষা-বিষয়া হিচাপে ‘নেফা’ৰ জনজাতীয় সমাজৰ প্ৰতিকূল পৰিৱেশত শিক্ষাৰ বিস্তাৰ আৰু ‘সৌধ নিৰ্মাণ’ত যুগান্তকাৰী অৱদান আগবঢ়াই থৈ যোৱাৰ বিৰল কৃতিত্বৰ অধিকাৰী ইন্দিৰা মিৰিৰ অদম্য সাহস অনুপ্ৰেৰণাৰ অমল উৎস আৰু তেখেতৰ কৰ্মজীৱন এক অনুকৰণীয় শোভাযাত্ৰা ৷ 

‘‘মই নিলিখোঁ৷ লিখিবলৈ টান পাওঁ৷ লিখনৰ বহুত বাধা–শব্দ চয়ন, বানান, বাক্যৰ গাঁথনি, যতি আদি, ভাব, ভাষা, প্ৰকাশভংগী ইত্যাদি সকলোতেই মোৰ কেৰোণ৷ সেয়েহে কেতিয়াও লিখা নহয় আৰু সেইবাবেই কেতিয়াবা কিবা লিখিম বুলি কোনো সমলো কেতিয়াও গোটোৱা নহ’ল৷’’–‘লেখকৰ একাষাৰ’ত লেখিকাই যদিও এনেদৰে নিজৰ সীমাবদ্ধতাৰ বিষয়ে মন্তব্য কৰিছে, ‘মই আৰু নেফা’ৰ সুখপাঠ্য ৰচনাশৈলী, সৰল-বস্তুনিষ্ঠ প্ৰকাশভংগী আৰু বিংশ শতিকাৰ অবিভক্ত অসমৰ ইতিহাস, সমাজ আৰু সংস্কৃতিৰ বহুতো আপুৰুগীয়া সমল ভৰি থকা এই আত্মকথা হৈ পৰিছে অসম আৰু অৰুণাচলৰ সামাজিক-সাংস্কৃতিক ইতিহাসৰ গুৰুত্বপূৰ্ণ দলিল৷ মুঠ ছটা অংশত ইন্দিৰা মিৰিয়ে নিজৰ জীৱন-কথাৰ বৰ্ণনা দাঙি ধৰিছে–জন্মলগ্নৰ পৰা বিবাহ লগ্নলৈকে, কাজিৰঙা ‘সপোন নে দিঠক’, ‘আহমেদাবাদৰ মন্টেশ্বৰী আৰু বিলাতৰ এডিনবৰা ইউনিভাৰ্চিটিৰ শিক্ষাৰ বিৱৰণ’, ‘মই আৰু নেফা’, ‘নেফাৰ বিচিত্ৰ অভিজ্ঞ তা’ আৰু ‘নেফা এৰি অহাৰ পিছত’৷ 

‘জন্মলগ্নৰ পৰা বিবাহ লগ্ন’লৈকে শীৰ্ষক প্ৰথম অংশত ১৯১০ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰি পাঁচ বছৰ বয়সৰপৰা শ্বিলঙত অতিবাহিত কৰা শৈশৱ, চতুৰ্থ শ্ৰেণীৰ পৰা কলিকতাত শিক্ষাগ্ৰহণ কৰি ১৯৩২ চনত স্কটিছ চাৰ্চ কলেজৰ পৰা বি.এ. পাছ কৰি ‘কাজিৰঙা ভয়াৰণ্যক অভয়াৰণ্য’লৈ ৰূপান্তৰ কৰা উচ্ছপদস্থ বনবিষয়া মহীচন্দ্ৰ মিৰিৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা সময়-পৰ্যন্ত তেখেতৰ জীৱন পৰিক্ৰমাৰ উপস্থাপন কৰা হৈছে৷ ইন্দিৰা মিৰি ‘অসমৰ আম্বেদকাৰ’ স্বৰূপ সোণাধৰ দাস সেনাপতিৰ[১৮৬৮-১৯৪৮] সন্তান, মৰমৰ ‘মেৰেং’ [ইন্দিৰা মিৰিৰ ঘৰত মতা নাম]৷ স্বৰ্ণকাৰ বণিয়া সম্প্ৰদায়ত জন্মগ্ৰহণ[১৮৬৮] কৰা সোণাধৰ দাস সেনাপতিয়ে প্ৰতিকূল সামাজিক পৰিৱেশৰ মাজতো নিজৰ অধ্যয়ন-স্পৃহা আৰু উদ্যমৰ বলত কামৰূপ জিলা উপায়ুক্তৰ ৰেভিনিউ চিৰস্তাদাৰ আৰু ৰাজধানী সচিবালয়ৰ পঞ্জীয়কৰ দৰে উচ্চ পদবীত অধিষ্ঠিত হ’ব পাৰিছিল৷ তেখেতৰ চেষ্টা আৰু উদ্যোগতে অসমৰ জনজাতি আৰু নিম্নবৰ্গীয় জাতিসমূহৰ ঐক্যমঞ্চ Assam Depressed Classes Associationৰ গঠন হৈছিল৷ তেখেত আছিল ১৯২৯ চনৰ ৬ জানুৱাৰীত শ্বিলঙত অনুষ্ঠিত হোৱা All Assam Depressed Classes Conferenceৰ সভাপতি৷ অসমীয়া সমাজৰ বৰ্ণবাদ আৰু অস্পৃশ্যতাৰ বিপক্ষে শক্তিশালী অৱস্থানেৰে নিম্নবৰ্গীয় মানুহৰ ৰাজনৈতিক আৰু সামাজিক অধিকাৰৰ বাবে জীৱন উছৰ্গা কৰা সোণাৰাম দাস সেনাপতিৰ সুযোগ্য উত্তৰাধিকাৰী আছিল ইন্দিৰা মিৰি৷ ইন্দিৰা মিৰিৰ বাবে দেউতাক আছিল ‘‘সকলো প্ৰেৰণাৰ উৎস, বিষাদৰ হৰ্ষ, নিৰাশাৰ আশা, দুৰ্বলতাৰ বল, অন্ধকাৰৰ আলোক’’৷ যদিও সোণাৰাম দাস সেনাপতিয়ে প্ৰশাসনিক আৰু ৰাজনৈতিক ক্ষেত্ৰখন এক উচ্চ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু তথাকথিত উচ্চ বৰ্ণহিন্দুৰ দ্বাৰা তেখেত আৰু তেখেতৰ পৰিয়াল বিভিন্ন সময়ত লাঞ্চিত হ’বলগীয়া হৈছিল৷ অসমীয়া শিক্ষিত বৰ্ণহিন্দু সমাজত দকৈ শিপাই থকা এই বৰ্ণবাদী চৰিত্ৰও ‘মই আৰু নেফা’ত কিছুদূৰ উন্মোচিত হৈছে৷ গভীৰ আক্ষেপেৰে ইন্দিৰা মিৰিয়ে লিখিছে–‘‘এই শ্বিলঙতে মোৰ মাৰ মৃত্যু হয়৷ অসমীয়া কোনো এজনো শৱ সৎকাৰৰ বাবে নাহিল৷ কাৰণ আমি অন্য জাতি৷ বঙালী ব্ৰাহ্মসকলেই এই বিপদত পিতৃদেৱক উদ্ধাৰ কৰিলে৷’’ ‘কীৰ্তিনাথ বৰদলৈ’ সম্পৰ্কে লিখা এটা টোকাতো সদৃশ অভিজ্ঞতাৰ বৰ্ণনা দি লিখিছে–‘‘[কীৰ্তিনাথ বৰদলৈৰ] মৃত্যুৰ বতৰা পাই আমাৰ সত্ৰৰ সকলোৱেই বৰদলৈৰ ঘৰলৈ গ’লোঁ৷ মৃতদেহ শ্মশানলৈ নিবলৈ বৰদলৈৰ নিজ কুলৰ মানুহ মাত্ৰ তিনিজনহে ওলাল....প্ৰশিক্ষাৰ্থীসকলে গায়ন-বায়নেৰে মৃতদেহ লৈ যাবলৈ প্ৰস্তুত হৈ আছিল৷ ভবা কথা ভবাতে থাকিল৷ সমাজৰ এৰিব নোৱাৰা সংস্কাৰে মুক্তি বৰদলৈৰ দৰে শিক্ষিত এজনকো মুক্তি দিব নোৱাৰিলে৷ হে আমাৰ দুৰ্ভাগা দেশ৷’’ সামাজিক ভাৱে এনে কিছু প্ৰতিবন্ধকতাৰ মুখামুখি হ’লেও সোণাধৰ দাস সেনাপতি বা ইন্দিৰা মিৰি নিজৰ লক্ষ্য আৰু উদ্দেশ্যক লৈ আছিল অটল৷ ইন্দিৰা মিৰিৰ আত্মকথাৰ পৰা সোণাধৰ দাস সেনাপতিৰ দূৰদৰ্শীতা আৰু উদাৰতাৰো পৰিচয় পোৱা যায়৷ যি সোণাধৰ দাস সেনাপতিয়ে দহবছৰ বয়সতে ইন্দিৰা মিৰিক কলিকতাৰ হোষ্টেলত ৰাখি পঢ়ুৱাৰ ব্যৱস্থা কৰিছিল, সেনাপতিৰ উদ্যোগতে মিচিং সমাজৰ অগ্ৰণী ডেকা মহীচন্দ্ৰ মিৰিৰ সৈতে ‘কাশীৰ পৰা শুদ্ধ সংস্কৃত কোৱা বেছজ্ঞানী পণ্ডিত পুৰোহিত’ আনি জীয়েকৰ বিয়া পাতি দিছিল, বিয়াৰ সাত বছৰৰ পাছতে বিধৱা হোৱা জীয়েকক শিক্ষা গ্ৰহণৰ হেতু বিলাত-আহমেদাবাদলৈ পঠাইছিল৷ হিন্দু নিয়মেৰে কাশীৰ ব্ৰাহ্মণ আনি পতা এই বিয়াখনো দৰাচলতে সোণাধৰ সেনাপতি-ইন্দিৰা মিৰি আৰু মহীচন্দ্ৰ মিৰিৰ তৎকালীন সমাজ-ব্যৱস্থাৰ প্ৰতি এক প্ৰতিবাদেই আছিল৷ ইন্দিৰা মিৰিক যদিও এক নিম্নবৰ্গীয় প্ৰতিবাদী কণ্ঠ হিচাপে উপস্থাপন কৰিবলৈ যোৱাটো সংকীৰ্ণতা আৰু অপমূল্যায়ন হ’ব, তথাপিও তেখেতৰ জীৱনৰ নেপথ্যৰ এই দিশবোৰ অপ্ৰাসংগিক নহয়৷ 

‘মই আৰু নেফা’ৰ ‘কাজিৰঙা- সপোন নে দিঠক?’ অংশত বিয়াৰ পিছত বন-বিষয়া স্বামী মহীচন্দ্ৰ মিৰিৰ সৈতে কাজিৰঙাৰ বাগুৰিৰ ‘মিৰি চাহাবৰ ঘৰ’ত অতিবাহিত কৰা দাম্পত্য-জীৱনৰ অভিজ্ঞতাৰ মনোৰম বৰ্ণনা দাঙি ধৰা হৈছে৷ কাজিৰঙা আৰু কাজিৰঙাৰ উপকণ্ঠ অঞ্চলৰ নৈসৰ্গিক পৰিৱেশৰো কাব্যিক উপস্থাপন এই অংশত লক্ষ্যণীয়৷–‘‘...গধূলি পূবে উঠা হেঙুল বেলি দিনত দাৰুণ দীপ্ত হৈ আকৌ হেঙুলী হৈ নামি যায় পশ্চিমলৈ৷ নমাই আনে কেতিয়াবা পূৰ্ণিমাৰ জোনাক, আকৌ কেতিয়াবা অমানিশাৰ ঘোৰ অন্ধকাৰ৷ জোনাকেই চাবনে এন্ধাৰেই চাব? জোনাকৰ অম্লান জ্যোতিৰ পৰশত ম্লান হৈ যায় বাগুৰীৰ সকলো খলা-বমা, সকলো আৱৰ্জনা৷ খালি জোনাক আৰু জোনাক আৰু অমানিশা–ঘোৰ অন্ধকাৰৰ জাল ফালি ওলায় আহে লক্ষ লক্ষ জোনাকী পৰুৱা, যেন লুকাই থকা জোনক এক মহা প্ৰত্যাহ্বান দিবলৈ৷ জোনাকীয়ে যেন সিহঁতৰ জিলিকনিৰ চেৱে চেৱে গাইছে– “Little drops of water/little grains of sand Make the mighty ocean/ And the Pleasant land.” 

১৯৩৯ চনত অকাল বৈধৱ্যৰ বোজা লৈ তিনিটা সন্তানেৰে পিতৃৰ গৃহত আশ্ৰয় লোৱা ইন্দিৰা মিৰিয়ে পিতাকৰ উদ্যমতেই আহমেদাবাদত ১৯৪৩ চনত মেডাম মন্টেশ্বৰীয়ে দিয়া ছমহীয়া প্ৰশিক্ষণত অংশ লয়৷ আৰু তাৰ পাছত শিক্ষণ প্ৰশিক্ষণ লোৱাৰ উদ্দেশ্যেৰে ১৯৪৫ চনত বিলাতলৈ যাত্ৰা কৰে৷ অকাল বৈধৱ্যৰ যন্ত্ৰণাক অতিক্ৰমী উচ্চশিক্ষা লাভৰ হাবিয়াসেৰে স্কটলেণ্ডৰ এডিনবৰা বিশ্ববিদ্যালয়ৰ বি.এড. পাঠ্যক্ৰমত নামভৰ্তি কৰা ইন্দিৰা মিৰিৰ শৈক্ষিক জীৱনৰ দ্বিতীয় অধ্যায়ৰ এই অনুপ্ৰেৰণামূলক অভিজ্ঞ তা ‘আহমেদাবাদৰ মন্টেশ্বৰী আৰু বিলাতৰ এডিনবৰা ইউনিভাৰ্চিটিৰ শিক্ষাৰ বিৱৰণ’ অংশত বিবৃত হৈছে৷ বিলাতৰ অক্সফোৰ্ডতো তেখেতে এটা তিনিমহীয়া প্ৰশিক্ষণ লৈছিল৷ 

বিলাতৰ পৰা উভতি অহাৰ পিছতেই ইন্দিৰা মিৰিৰ কৰ্ম জীৱনৰ আৰম্ভ হয়৷ দেশে স্বাধীনতা লাভ কৰাৰ বছৰটোতে ‘নেফা’ৰ শীৰ্ষ শিক্ষা বিষয়া হিচাপে যোগদান কৰা ইন্দিৰা মিৰিৰ জীৱন ‘নেফা’ৰ সৈতে একাত্ম হৈ পৰে৷ ঐকান্তিক সেৱা আৰু পৰিশ্ৰমেৰে নেফাৰ দুৰ্গম অঞ্চলতো শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ তেখেতে সম্ভৱপৰ কৰি তুলিছিল৷ আত্মজীৱনীৰ ‘মই আৰু নেফা’ শীৰ্ষক অংশত নেফাৰ ভূগোল, জনগোষ্ঠীসমূহৰ পৰিচয় আৰু সাংস্কৃতিক জীৱন আৰু লেখিকাৰ বিভিন্ন অভিজ্ঞতাৰ প্ৰকাশ হৈছে৷ 

‘‘নেফাৰ বিচিত্ৰ অভিজ্ঞতা’’ শীৰ্ষক অংশটো ইন্দিৰা মিৰিয়ে কৰ্ম জীৱনৰ বিভিন্ন সময়ৰ বৈচিত্ৰ্যময় অভিজ্ঞতাক একেলগে সামৰি লিখিছে৷ সমসাময়িক সময়ৰ গুৰুত্বপূৰ্ণ ঘটনাপ্ৰৱাহ, নেফাৰ বিভিন্ন অঞ্চলত [নিজামঘাট, খামটি অঞ্চল, টিৰাপ উপত্যকা, চিয়াং উপত্যকা, কামেং উপত্যকা, সোৱণশিৰি উপত্যকা, টুৱেনচাং আদি] কৰ্মসূত্ৰে লাভ কৰা বৰ্ণিল অভিজ্ঞতা আৰু অঞ্চলসমূহৰ সমসাময়িক সাংস্কৃতিক জীৱন প্ৰৱাহৰ বিভিন্ন দিশ এই অংশত উন্মোচিত হৈছে৷ তদুপৰি লেখিকাই তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আদিৰ দৰে ব্যক্তিৰ সান্নিধ্য আৰু তেওঁলোকৰ অসম ভ্ৰমণৰ অভিজ্ঞতাৰ স্মৃতিচাৰণ কৰিছে৷ আত্মজীৱনীখনৰ এই অংশত লেখিকাই তেখেতৰ জীৱনক প্ৰভাৱিত কৰা বিভিন্ন ব্যক্তি, তেখেতৰ কৰ্মজীৱনৰ সতীৰ্থসকল আৰু সান্নিধ্যলৈ অহা বিভিন্নজনৰ বিষয়ে লিখা টোকাবোৰৰ জৰিয়তে ইন্দিৰা মিৰিয়ে তেখেতসকলৰ কাম আৰু সহযোগিতাক স্বীকৃতি দিছে–যাৰ জৰিয়তে বিভিন্ন স্থানৰ শিক্ষক আৰু বিভিন্ন স্তৰৰ বিষয়াসকলৰ সৈতে থকা শিক্ষা-বিষয়া ইন্দিৰা মিৰিৰ আন্তৰিকতাপূৰ্ণ-বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আভাস লাভ কৰিব পাৰি৷ সমসাময়িক নেফাৰ প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশৰ মাজতো যি কৰ্তব্যনিষ্ঠাৰে ইন্দিৰা মিৰিয়ে নিজৰ দায়িত্ব পালন কৰিছিল, বহিঃবিশ্বৰ পৰা বিছিন্ন[isolated]–আধুনিক শিক্ষাৰপৰা বঞ্চিত পাহাৰীয়া ভিন্নভাষী জনজাতিসমূহক আপোন কৰি লৈ শিক্ষাৰ পোহৰ বিলাইছিল সেয়া নিঃসন্দেহে প্ৰত্যাহ্বানপূৰ্ণ আছিল৷ কিন্তু সেই প্ৰত্যাহ্বান আৰু প্ৰতিবন্ধকতাসমূহে যেন ইন্দিৰা মিৰিক আৰু অধিক আগবাঢ়ি যোৱাতহে ইন্ধন যোগাইছিল৷ জাতিৰ পিতাৰ চিতাভস্ম পৰশু কুণ্ডত বিসৰ্জন দিয়াৰ উদ্যোগ লোৱা ইন্দিৰা মিৰিয়ে পঞ্চাছৰ প্ৰলয়ংকাৰী ভূমিকম্পত আৰ্তজনক সহায় কৰিছিল–উৰাজাহাজেৰে দুৰ্গম অঞ্চলবোৰত বিতৰণ কৰিছিল ‘ৰিলিফ’৷ ইন্দিৰা মিৰিৰ বৰ্ণনাৰ মাজেৰে পঞ্চাছৰ ভূমিকম্পই শদিয়া আৰু শদিয়াৰ উপকণ্ঠ অঞ্চলত কৰা ক্ষয়-ক্ষতিৰ উমান পাব পাৰি–‘‘..মাৰ্ঘেৰিটাৰ পৰা শদিয়া চাবলৈ আহিছিলোঁ৷ মানুহ মৰে, কিন্তু দেশ এখন যে এনেদৰে মৰে দেখি আচৰিত হৈছিলোঁ৷ ভগৱানৰ অপূৰ্ব সৃষ্টি শদিয়া মহাকাল ব্ৰহ্মপুত্ৰত লীন গ’ল৷ পৰি ৰ’ল মস্ত বালি এডৰা, মাজে মাজে দুজোপা-এজোপা গছৰ কংকালেৰে অতীত শদিয়াৰ পৰিচয়৷ ভগৱানৰ লীলা অদ্ভূত৷ নদ-নদীক কোৱা হয় জীৱন, আকৌ এই নদ-নদীয়েই সাক্ষাৎ কাল হৈ জীৱনক লৈ যায় মৃত্যুৰ বিভীষিকালৈ৷’’ 

‘কামেং উপত্যকা’ শীৰ্ষক বৰ্ণনাখিনিত কামেঙৰ মম্পা(মন্পা) আৰু চেৰদুপ্পেনসকলৰ সংস্কৃতিৰ বিভিন্ন দিশৰ পৰিচয় লেখিকাই দাঙি ধৰিছে৷–‘‘...মানুহখিনি বৌদ্ধধৰ্মাৱলম্বী৷...মানুহখিনিৰ অকল খেতি-বাতিয়ে যে আছিল এনে নহয়, তেওঁলোকৰ যথেষ্ট শিল্প, কৃষ্টি, কলা আদিও আছে৷ কম্বল, কাৰ্পেট আদি বোৱা [ভেড়াৰ নোমেৰে], কাঠৰ নানা কাৰুকাৰ্য কৰা আচবাব পত্ৰও শলাগিবলগীয়া৷ ঘৰবিলাকো কাঠেৰে সজা৷...বেতৰ খৰাহীবিলাক চকুত লগা৷...মুনিহসকলে ভৰিৰ গোৰোহালৈকে দীঘল এৰী কাপোৰৰ পায়জামা আৰু গাত দীঘল উণী চোলা পিন্ধে৷ তিৰোতাসকলৰ সাজপাৰ সম্পূৰ্ণ গা ঢকা৷ এওঁলোকৰ আতিথ্যও আন অঞ্চলতকৈ অলপ বেলেগ৷ কোনোবা আলহী আহিলে তেওঁলোকে মস্ত চাহদানীত[কাঠৰ কাৰুকাৰ্য কৰা] চাহ আগবঢ়ায়৷’’ সোৱণশিৰি উপত্যকাৰ আপাটানিসকলৰ বিষয়ে লিখিছে–‘‘আপাটানি তিৰোতাসকলে হাতে-মুখে টাটু কৰে আৰু কাণে-নাকে-ডিঙিয়ে বেতৰ, মণিৰ নানা অলংকাৰ পিন্ধে৷ অলংকাৰ এনেদৰে পিন্ধে যে নাক, কাণ বিকৃত হৈ যায়৷ এইদৰে বিকৃত কৰাৰ কাৰণ হেনো আপাটানি ছোৱালীবিলাক ধুনীয়া দেখি ওচৰৰ ডফলাসকলে চুৰ কৰি লৈ যায়৷ গতিকে দেখাত কুৰূপ কৰিলে চুৰ নকৰিব বুলিয়েই এনে কৰে৷’’ পাহাৰীয়া জনজাতিসকলৰ লোক-সংস্কৃতি আৰু লোক-বিশ্বাসৰ বিভিন্ন দিশৰ উপস্থাপন কৰাৰ লগতে সমকালীন কু-সংস্কাৰৰ প্ৰসংগও লেখিকাই উত্থাপন কৰিছে–‘‘সদনতে থকা কমথুন নামৰ ছোৱালীজনী আছিল টিৰাপৰ৷ ৰাইজে ছোৱালীজনীক[পাঁচ বছৰ মান বয়সৰ] পূজাত বলি দিয়াৰ ব্যৱস্থা কৰিছিল৷ স্বগ¹য় বিপিন বৰগোহাঁয়ে [টিৰাপৰ পলিটিকেল অফিচাৰ] ছোৱালীজনীক বলি দিয়াৰপৰা উদ্ধাৰ কৰি মোক গতাই দিছিল৷’’

নেফা আৰু অসমৰ সাংস্কৃতিক বিনিময়ৰ বাবেও ইন্দিৰা মিৰিয়ে উদ্যোগ লৈছিল৷ তিতাবৰ বেছিক কনফাৰেন্সত পাহাৰীয়া জনজাতিসকলে নৃত্য-গীত পৰিৱেশন কৰাৰ সুবিধা কৰি দিছিল৷ যাতায়তৰ সুব্যৱস্থা নথকা দুৰ্গম অঞ্চলবোৰত খোজ-কাঢ়ি, ঘোৰাত উঠি, হাতীত উঠি, পাহাৰ বগাই বগাই যাত্ৰা কৰা ইন্দিৰা মিৰিৰ যাত্ৰাপথ আৰু কৰ্মস্থান কিমান বিপদসংকুল আছিল ‘টুৱেনচাং’ৰ বৰ্ণনাৰপৰা তাৰ অনুমান কৰিব পাৰি–‘‘...মই গধূলি গা-পা ধুই অলপ জিৰাই এছ ডি অ’ৰ ঘৰতে ডেপুটি কমিছনাৰক লগ ধৰিবলৈ গ’লোঁ৷ গৈ অৱস্থা দেখি একেবাৰে হতভম্ব৷ এজন নগাই মানুহৰ মূৰ এটাৰ এফাল ওলোমাই ডি চিক আৰু এছ ডি অ’ক কিবাকিবি কৈ আছে৷...মূৰটোৰ আনফাল তেওঁৰে প্ৰতিদ্বন্দ্বীৰ হাতত আছে৷ সমগ্ৰ মূৰটো কোনে কাটিছে তাৰে বিচাৰ লাগে৷’’–‘‘.......মই ভাতৰ দিহা কৰিবলৈ দি মূৰৰফালৰ কথা ভাবি থাকোতেই হঠাতে পাছ দুৱাৰেদি দুজন নগা গোটেই ৰঙা নগা কাপোৰেৰে ঢাকি ঘপঘপকৈ সোমাই আহিলে৷ মোৰ বুকু চিৰিংকৰে গ’ল৷ কোঠাটোত অকলে বহি আছোঁ৷ দুয়োজনকে মোৰ বিছনাতে বহিবলৈ দি তেওঁলোক কিয় আহিছে সুধিলোঁ৷ দুয়ো চাদৰৰ তলৰ পৰা দুখন মস্ত মস্ত দা উলিয়াই মোৰ আগত ধৰি ক’লে–‘মেমচাহাব, টুৱেনচাঙতো যাব নোৱাৰিবি৷ আমাৰ একো নাই, এইটোকে তোক দিছোঁ৷’ বুলি দা দুখন আগবঢ়াই দিলে৷ মই দা কিখন ল’লোঁ৷’’ প্ৰত্যাহ্বানৰ মাজতো জনজাতীয় সমাজখনক আপোন কৰি ল’ব পৰাতো, সমকালীন প্ৰতিকূল পৰিৱেশত তেওঁলোকৰ আস্থা আৰু বিশ্বাসভাজন হ’ব পৰাটোও নিঃসন্দেহে ইন্দিৰা মিৰিৰ এক উল্লেখযোগ্য দক্ষতা৷ 

কৰ্মজীৱনৰ বিভিন্ন সময়ত সাধাৰণ মানুহৰপৰা কেন্দ্ৰীয় মন্ত্ৰীপৰ্যন্ত যিসকলৰ সান্নিধ্য লেখিকাই লাভ কৰিছিল, সেই সান্নিধ্য কৃতজ্ঞ তাৰে লেখিকাই স্মৰণ কৰিছে৷ ‘চেতা মেনাৰ বিয়া’, ‘গগণ তামুলী আৰু মনোমতীৰ বিয়া’, ‘চাথান-মেননৰ বিয়া’, ‘ৰূপেশ্বৰ-মলিনা পৰ্ব’, ‘জিতেন বৰঠাকুৰ-শ্ৰীকান্তৰ বিয়া’ আদিৰ বিবাহ-অনুষ্ঠানৰ ৰসাল আৰু সৰল বৰ্ণনাই লেখিকাৰ সৈতে থকা তেখেতলোকৰ আন্তৰিক সম্পৰ্ককেই প্ৰতিনিধিত্ব কৰে৷ লগতে তেখেতে স্মৰণ কৰিছে শিক্ষাবিষয়া ওৱাকাৰ চাহাব, এন কে ৰুস্তমজী, শ্ৰীপ্ৰকাশজী, কে এল মেহতা, পি এন লুথৰা আদি আৰু সহকৰ্মী মুক্তিনাথ বৰদলৈ, বীৰেন চাংকাকতি, বিমান বৰা, ৰামপ্ৰখান খাউণ্ড, এন আই জমিৰ আদিৰ স্মৃতি৷ এই ব্যক্তিসকলো ‘নেফা’ৰ শৈক্ষিক ইতিহাসৰ এৰাব নোৱাৰা অংগ৷ লেখিকাই এই কথা অনুধাৱন কৰিছে আৰু সেইসূত্ৰেই প্ৰত্যেকৰে কাম-কাজৰ চমু আভাসো দাঙি ধৰিছে৷ 

‘নেফা’ৰ পাহাৰে-কন্দৰে শিক্ষাৰ পোহৰ বিলোৱাৰ অন্যতম উদ্যোক্তা ইন্দিৰা মিৰিয়ে যদিও সক্ৰিয়ভাৱে ‘নেফা’ত দহটা বছৰ অতিবাহিত কৰিছিল, কিন্তু ‘নেফা’ৰ স্মৃতি আৰু কৰ্মজীৱনে তেওঁৰ সমগ্ৰ জীৱন-প্ৰৱাহকে প্ৰভাৱিত কৰি থৈ গ’ল৷ আজীৱন তেখেত ‘নেফা’ৰ সৈতে একাত্ম হৈ থাকিল, ‘নেফা’ক কঢ়িয়াই লৈ ফুৰিল৷ সেয়েহে তেখেতে নিজৰ আত্মজীৱনীখনৰো শিৰোনাম দিছে–‘মই আৰু নেফা’৷ ‘নেফাৰ বিচিত্ৰ অভিজ্ঞ তা’ৰ শেষৰফালে ‘নেফা’ৰ স্মৃতি ৰোমন্থন কৰি লেখিকাই লিখিছে–‘‘নেফা এৰি আহিলোঁ, কিন্তু নেফাই যেন আজিও মোক নেৰিলে৷ মোৰ স্মৃতিৰ নেফা বাস্তৱ নেফাতকৈ উজ্জ্বল হৈ মোৰ প্ৰাণঢালি কৰা কামৰ প্ৰাণ পৰিপূৰ্ণ কৰা প্ৰতিদানেৰে জিলিকি আছে৷ মোৰ প্ৰাণে যেন আজিও গায়–নেফা জাগা, ভাঙা তোমাৰ নীৰৱতা৷’’

‘নেফা’ৰ শিক্ষা বিষয়া পদৰ পৰা অব্যাহতি লোৱাৰ পিছত ১৯৫৭ চনত যোৰহাটত আৰম্ভ হোৱা স্নাতকোত্তৰ প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষাৰূপে ইন্দিৰা মিৰিয়ে যোগদান কৰে৷ তাৰপাছত বাণীকান্ত বি টি কলেজত অধ্যক্ষা, ১৯৮০ চনত সমাজ কল্যাণ বিভাগৰ চেয়াৰমেনৰূপে শৈক্ষিক-প্ৰশাসনিক ক্ষেত্ৰত আগবঢ়োৱা অৱদান আৰু মুখামুখি হোৱা আনন্দদায়ক আৰু তিক্ত অভিজ্ঞ তাৰ বৰ্ণনা ‘নেফা এৰি অহাৰ পিছত’ অংশত লিখিছে৷ চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পাছত তেখেত বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ পৰিছিল–শিক্ষাৰ প্ৰসাৰৰ হকে কাম কৰি গৈছিল৷ 

ঐতিহাসিক, সাংস্কৃতিক, নৃতাত্ত্বিক দিশৰ পৰা মূল্যবান ইন্দিৰা মিৰিৰ এই আত্মকথাক বৰ্ণনাত্মক, নাটকীয় আৰু যুক্তিনিষ্ঠ উপস্থাপনে সুখপাঠ্য কৰি তুলিছে৷ মাজে মাজে কাব্যিক বৰ্ণনা, জঁতুৱা ঠাঁচ-ফকৰা যোজনাৰ প্ৰয়োগে সাহিত্য-পাঠ হিচাপেও ‘মই আৰু নেফা’ক প্ৰদান কৰিছে বিশেষ মান৷ 

ইন্দিৰা মিৰিৰ জাতীয়তাবাদী চিন্তা, জনগোষ্ঠীয় চেতনা আৰু জনজাতীয় ঐক্য সম্বন্ধীয় দৃষ্টিভংগীৰো আভাস আত্মজীৱনীৰ বিভিন্ন অংশত পোৱা যায়৷ যিহেতু ‘নেফা’ৰ জনগোষ্ঠীসমূহৰ মাজৰ ভাষিক আদান-প্ৰদানৰ মাধ্যম আছিল অসমীয়া৷ সেয়েহে ইন্দিৰা মিৰিয়েও অসমীয়া ভাষাতেই শিক্ষা প্ৰদানত আৰু অসমীয়া ভাষা জনা শিক্ষক নিযুক্তি দিয়াত গুৰুত্ব আৰোপ কৰিছিল৷ ইন্দিৰা মিৰিয়ে এই প্ৰসংগত স্পষ্টকৈ কৈছে–‘‘এই পাৰ্বত্য অঞ্চলৰ মানুহখিনিয়ে অসমীয়া জনাৰ প্ৰধান কাৰণ আছিল প্ৰয়োজনহে, আৰোপণ নহয়৷ আমি যোৱালৈকে কোনেও তেওঁলোকৰ ওপৰত অসমীয়া ভাষা জাপি দিয়া নাছিল৷ নিজৰ প্ৰয়োজনতে তেওঁলোকে নিজে নিজে ভাষা কাৰ্যকৰীভাৱে আয়ত্ত কৰিছিল৷’’ ইন্দিৰা মিৰিয়েও সেয়েহে কোনো কাৰণতে ‘অসমীয়া ভাষা’ জাপি দিব বিচৰা নাছিল৷ অসমীয়াত শিক্ষা প্ৰদান কৰিলেও সমান্তৰালভাৱে জনজাতীয় দোৱানসমূহো শিকোৱাৰ ব্যৱস্থা কৰিছিল৷ শিক্ষাৰ তিনিটা উদ্দেশ্যৰ প্ৰতি তেখেত সদায় সচেতন আছিল–‘‘শিক্ষাই জাতিৰ ঐতিহ্যক পৰম্পৰা অবিচ্চিন্ন ৰাখিব লাগে৷ শিক্ষাই জাতিৰ কৃষ্টি-সংস্কৃতি সভ্যতা ৰক্ষা কৰিব লাগে৷ শিক্ষাই উত্তৰ পুৰুষৰ সাৰ্থক ভৱিষ্যতৰ প্ৰতিশ্ৰুতি দিব লাগে৷’’তেওঁৰ ভাষাত যি শিক্ষাৰ লক্ষ্য আছিল–১. জীৱন আৰু জীৱিকা, ২. সম্পূৰ্ণ শিশুৰ সম্পূৰ্ণ শিক্ষা, ৩. সম্পূৰ্ণ সমাজৰ সম্পূৰ্ণ শিক্ষা, ৪. জৱাহৰলালজীৰ সতৰ্কবাণী–‘জনজাতিসকল আমাৰ দ্বিতীয় সংস্কৰণ হ’ব নালাগিব’৷ জনজাতিসকল নিজা সংস্কৃতি আৰু ঐতিহ্যৰ ধাৰক-বাহক হৈও মূলসূঁতিত একীভূত হৈ যোৱাৰ প্ৰত্যাশা ইন্দিৰা মিৰিৰ আছিল আৰু এক বৃহত্তৰ অসমীয়া জাতিৰ স্বপ্ন তেখেতে দেখিছিল৷ তেখেতৰ ভাষাত–‘‘সকলো দেশতেই জনজাতি আছে৷ বিলাত, আমেৰিকা, ৰাছিয়া আদিতো তেওঁলোকক বিলাতী আমেৰিকান আৰু ৰাছিয়ান বুলিয়ে কোৱা হয়৷ ভাৰতৰ অগণন জনজাতিকো ভাৰতৰ বাহিৰত ভাৰতীয় বুলিয়ে জানে৷ গতিকে সেই একে যুক্তিতে নিৰ্ভৰ কৰি ভাবিছিলোঁ অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা[১৯৪৭ চনত] সকলো মানুহেই অসমীয়া বুলি পৰিচিত হ’ব লাগে৷ বিশেষকৈ নেফাৰ ভাষা সমস্যালৈ লক্ষ্য ৰাখি মই এই সিদ্ধান্তত উপনীত হৈছিলোঁ৷ সেয়েহে মই তেওঁলোকৰ শিক্ষাৰ মাধ্যম অসমীয়া হোৱাটোকেই যুক্তিযুক্ত বুলি ভাবিছিলোঁ৷’’ অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিলেও জনজাতীয় সমাজৰ ওপৰত অসমীয়া ভাষা-সংস্কৃতি জাপি দিয়াৰ পক্ষপাতিত্ব ইন্দিৰা মিৰিয়ে কৰা নাছিল৷ অসমীয়া বৰ্ণহিন্দুৰ উগ্ৰ-জাতীয়তাবাদৰ বিপৰীতে অসম আৰু অসমৰ উপকণ্ঠ অঞ্চলত শিক্ষিত অসমীয়াৰ ভূমিকা ‘মিছনেৰী’ৰ দৰে হোৱাটো তেখেতে বাঞ্ছা কৰিছিল৷ –‘‘মিছনেৰীসকলে যদিও খাছিয়াসকলৰ খ্ৰীষ্টান ধৰ্ম দিছিল [এইটোৰ ন্যায়-অন্যায়ৰ বিচাৰ আনলৈ থ’লোঁ] তেওঁলোকে ৰোমান লিপিত খাছিয়া ভাষাতে ‘বাইবেল’ লিখি খাছিয়াসকলক গীত-মাত শিকাইছিল৷ অকল সেয়ে নহয়, মিছনেৰীসকলে খাছিয়াসকলক চিৰদিন জীয়াই থকাৰ সমল দি গ’ল৷ তেওঁলোকে খাছিয়া দোৱান ৰোমান লিপিত লিখি দোৱানক ভাষালৈ উন্নীত কৰি সেই ভাষাতেই তেওঁলোকৰ শিক্ষা ব্যৱস্থা কৰি থৈ গ’ল৷ তাৰেই প্ৰভাৱত খাছিয়াসকল আজিও খাছিয়া হৈয়ে জীয়াই আছে আৰু নিজৰ কৃষ্টি-সংস্কৃতিও ৰক্ষা কৰিব পাৰিছে৷ এইটোকে কৰিব নোৱাৰি আজি অসমীয়াই বুকুতে সোমাই থকা জনজাতি লোকসকলক বুকুৰ বাজ কৰিব লগা হৈছে৷ ভাষাইহে জীয়াই ৰাখে কৃষ্টি, সংস্কৃতি, লোক-গাঁথা, লোকগীতেহে জীয়াই ৰাখে এটা জাতি৷ অসম নানা জাতি, নানা ভাষা, নানা মাত, নানা পোছাক পৰিধানৰ দেশ, এখন বিচিত্ৰ মিলনভূমি৷ এই মিলনৰ উৎকৰ্ষ সাধনহে অসমৰ সাধনা হ’ব লাগে, মিলন লুপ্ত কৰাৰ নহয়৷’’ ইন্দিৰা মিৰিৰ এই দৃষ্টিভংগীৰ মমাৰ্থ যদি অসমীয়াই আজিৰ পৰা পঞ্চাছ বছৰৰ আগতে অনুধাৱন কৰিলেহেঁতেন তেন্তে জনগোষ্ঠীয় বিছিন্নতাবাদে অসম আৰু অসমীয়াক আজি জুৰুলা নকৰিলেহেঁতেন৷ 

‘মই আৰু নেফা’ৰ শেষত ইন্দিৰা মিৰিয়ে লিখিছে–‘‘...জীৱনৰ সকলো মাধুৰী যেতিয়া ম্লান হৈ যায় তেতিয়া অতীতৰ স্মৃতিৰ সুধাসিন্ধুৱে শুষ্ক জীৱন সজীৱ সৰস কৰি ৰাখে৷ সেয়েহে আজি নব্বৈ বছৰত ভৰি দি মোৰ মনত অনুবৰ্ণিত হৈছে বিক্ষিপ্ত হৈ থকা বিস্মৃতপ্ৰায় অতীতৰসুখ-দুখ মুহূৰ্তবিলাকৰ প্ৰতিধ্বনি৷’’ ইন্দিৰা মিৰিয়ে কোৱাৰ দৰে ‘মই আৰু নেফা’ কেৱল ‘বিস্মৃতপ্ৰায় অতীতৰ সুখ-দুখৰ মুহূৰ্তবিলাকৰ প্ৰতিধ্বনি’ হৈ ৰোৱা নাই৷ ‘মই আৰু নেফা’ হৈ পৰিছে–অবিভক্ত অসমৰ শৈক্ষিক ইতিহাস, ‘নেফা’ৰ সমকালীন সাংস্কৃতিক জীৱন আৰু ‘মেৰেং’-অৰ সংগ্ৰামী জীৱনৰ অনুপম কথকতা৷


[উদ্ধৃত সকলো বাক্য, বাক্যাংশ আৰু পৰিচ্ছেদ ‘মই আৰু নেফা’ৰ মূল-পাঠ[মিৰি, ইন্দিৰা. মই আৰু নেফা, স্পেকট্ৰাম পাব্লিকেশ্বন, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০০৩]ৰ পৰা দিয়া হৈছে]




No comments:

Post a Comment