বৰষুণৰ কবিতা


বতৰ ফৰকালেই আছিল |
অলপ সময়ৰ আগতে মই
মেঘৰ চপৰা এটাত বহি
আকাশৰ সৈতে কথা পাতি আছিলো |
ক'ৰ পৰা জানো গছবোৰ ধুবলৈ বৰষুণজাক আহিল...



আগতে চোতালৰ ডোঙাবোৰত
বৰষুণে লিখি গৈছিল নিজৰ নাম,
আজিকালি চোতালবোৰ নোহোৱা হ'ল, ফ্লেট-অট্টালিকা-মহানগৰ,
যদিও মনত নিভাজ
কাগজৰ নাওসজা প্ৰতিটো ভাজ,
আইতাৰ সাধুকথাবোৰ আৰু
গাঁৱৰ পথাৰত
বৰষুণৰ বতৰত
ৰবাবটেঙাটোক দিয়া এটা গোৰ |
সেয়ে বৰষুণ দিলে গাঁৱলৈ মনত পৰে, চহৰৰ বৰষুণ বিলাতী মদিৰা,
এবাতি আপংলৈ জুহালত এনিশা,
চাৰিকড়ীয়াৰ পানীবোৰ নাচে
তোলৈ মনত পৰে... 

মনত আছেনে মা
এদিন যে আমাৰ ঘৰলৈ মূৰত জাপিটো লৈ বৰষুণ আহিছিল
তই ভিবলৈ পীৰাখন দিছিলি
পথাৰখনত বাঢ়িছিল এবুকু আশা।


Published in NOBO-PROVAT,a magize of Noboprovat group of literature
 https://encrypted-tbn0.gstatic.com/images?q=tbn:ANd9GcQaEkMibMTTzfR5WnD6iuSU9ULfDl4ze_S9l0lmxibQmzOdjqKZOg



No comments:

Post a Comment