'বহাগী'ৰ এশ বছৰ[১৯২৩-২০২৩] : বিহুনামৰ সাহিত্য-মৰ্যাদা প্ৰাপ্তিৰ ইতিহাসৰ এছোৱা


Image Source: https://junbeel.com/product_details.php?product_id=989


    চলিত বৰ্ষত[২০২৩]নকুল চন্দ্ৰ ভূঞা[১৮৯৫-১৯৬৮]ৰ দ্বাৰা সংকলিত আৰু সম্পাদিত বিহুনামৰ সংকলন 'বহাগী'য়ে এশবছৰ সম্পূৰ্ণ কৰিলে৷ বিহু-গীতৰ অধ্যয়ন-গৱেষণাৰ ইতিহাসত এই সংকলনখনিৰ এক বিশেষ স্থান আৰু ঐতিহাসিক গুৰুত্ব আছে৷ ঊনবিংশ শতিকাৰ শিক্ষিত সমাজত অশ্লীল, অসভ্য, ইতৰ-শ্ৰেণীৰ সংস্কৃতি হিচাপে চিহ্নিত হোৱা বিহু-পৰম্পৰাক যিসকল ব্যক্তিৰ উদ্যোগ আৰু অৱদানে বিংশ শতিকাৰ দ্বিতীয় দশক মানৰ পৰা অসমীয়া জাতিৰ স্বাভিমানৰ চানেকি হিচাপে প্ৰতিষ্ঠা কৰিলে সেইসকলৰ ভিতৰত নকুল চন্দ্ৰ ভূঞা অন্যতম৷ অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত 'চেতনা' আলোচনীৰ জুলাই, ১৯২৩ সংখ্যাত ‘পোৱা কিতাপৰ সংক্ষেপ পৰিচয়’ শিতানত 'বহাগী'ৰ বিষয়ে প্ৰকাশ পাইছিল এনেদৰে– ‘‘বহাগী৷ – অসমীয়া বনৰীয়া গীত৷ শ্ৰীনকুল চন্দ্ৰ ভূঞা সংগৃহীত৷ শ্ৰীযুত পদ্মধৰ চলিহা এম এ, বি এল দেৱৰ ভূমিকা সহিত গুৱাহাটী নিউ প্ৰেছত শ্ৰীদুতিৰাম মেধিৰ দ্বাৰা ছপা হ’ল৷ কাকত ভাল, ছাপাই অসমীয়া প্ৰেছৰ দুৰ্নাম গুচাবৰ কিছু চেষ্টা কৰা যেন পাওঁ৷ বেচ৷ ৷ ০ অনা৷ ’’ [পৰমানন্দ মজুমদাৰ, সম্পা. চেতনাৰ একত্ৰ সংকলন, চতুৰ্থ খণ্ড, পৃ.৬২৬] আটকধুনীয়াকৈ ছপোৱা কিতাপখনৰ পৰিচয়ত লগতে লিখা হৈছে–‘‘..অসমীয়া জাতীয়-জীৱন সুন্দৰীৰ উদ্দাম যৌৱন ৰসৰ সৰস আস্বাদ পাব খুজিলে বহাগী বা বিহুগীতৰ ওচৰত হাত নাপাতিলে উপায় নাই৷ ....এনে অসমীয়াৰ বিশেষত্ব আৰু স্বাভাৱিক ৰস সৌন্দয্যৰ্পূৰ্ণ এটা বস্তু, বৰ্তমান কালৰ হাত জুখা সভ্যতাৰ শ্লীল-অশ্লীলতাৰ তুলাচুনিত তুলি নিজ ব্যক্তিত্বটো আনৰ তপত তেজত সম্ভাৰ দিব খোজা কিছুমানে গাঁও-ভূঁইৰ পৰা এই বিহু-ফুল জুৰি উভালি ৰসৰ দুৰ্ভিক্ষত পেলাই অসমীয়া জাতীয় জীৱন ক্ষীণাই নীৰস কৰিব বুলি শুনিছো৷ ’’[উল্লিখিত] এয়া আছিল সম্পাদকৰ বিহু-পৰম্পৰা বিৰোধী সমকালীন সমাজক উদ্দেশ্য কৰি দিয়া এক সমালোচনাত্মক উক্তি৷ বিংশ শতিকাৰ দ্বিতীয় দশকৰ সমকালীন সমাজখনতো একাংশ শিক্ষিত লোকে ‘বিহু’ৰ দৰে লোক-পৰম্পৰাক অৱজ্ঞা কৰিছিল আৰু এনে পৰম্পৰা বৰ্জনৰ উদ্যোগ লৈছিল–যি মানসিকতা ঔপনিৱেশিক কালৰ আদিছোৱাৰ পৰাই পৰিলক্ষিত হয়৷ ঔপনিৱেশিক আধুনিকতা(Colonial Modernity)ৰ সংস্পৰ্শৰে ঊনবিংশ শতিকাত সূচনা হোৱা নতুন সাংস্কৃতিক পৰিমণ্ডলত সম্ভ্ৰান্ত আৰু পশ্চিমীয়া শিক্ষাৰে শিক্ষিত মধ্যবিত্ত অসমীয়াই লোক-সংস্কৃতিৰ প্ৰতি এক উন্নাসিক মনোবৃত্তি প্ৰকাশ কৰিছিল৷ অনাখৰী, গাঁৱলীয়া মানুহৰ সম্পদ ‘বিহু’ক সেয়েহে এক অশ্লীল ৰূপৰ সংস্কৃতি হিচাপে তেওঁলোকে উপস্থাপন কৰিছিল আৰু বিহু পৰম্পৰাৰ নিৰ্মূলকৰণৰ হেতু ব্যৱস্থা গ্ৰহণ কৰিছিল৷ বিহুৰ প্ৰতি ঊনবিংশ শতিকাৰ শিক্ষিত মধ্যবিত্ত সমাজৰ এনে হেয় দৃষ্টিভংগীৰ খতিয়ান বিভিন্ন পাঠত সিঁচৰতি হৈ আছে৷ সমসাময়িক আধুনিকতাক উদাৰচিত্তে গ্ৰহণ কৰা ঊনবিংশ শতিকাৰ নতুন মধ্যবিত্ত শ্ৰেণীৰ প্ৰথম-চামটোৰ প্ৰতিনিধি হলিৰাম ঢেকিয়াল ফুকনে[১৮০২-৩২] বাংলা ভাষাত প্ৰণয়ণ কৰা 'আসাম বুৰঞ্জি'[১৮২৯]ত ‘বিহু’ সম্পৰ্কে পৰিচয় আগবঢ়াই লিখিছিল– ‘বিহু অৰ্থাৎ বৈশাখে সংক্ৰান্তি দিন অবধি ৭ দিবস পৰ্য্যন্ত চড়ক না হইয়া বিহু গান একটা হইয়া থাকে তাহাতে সাধাণ লোকে স্ত্ৰীলোক ও লম্পট পুরুষসকলে একত্ৰ হইয়া অত্যন্ত জুগুপ্সিত নৃত্য-গীত করিয়া থাকে পল্লীগ্ৰামে সৰ্ব্বাপেক্ষা এই পৰ্ব অধিক কিন্তু এই কুরীতি কামরূপে নাই সৌমারে অধিক৷ ’ [যতীন্দ্ৰমোহন ভট্টাচাৰ্য[সম্পা.], হলিরাম ঢেকিয়াল ফুক্কন বিচিত আসাম বুঞ্জি, মোক্ষদা পুস্তকালয়, গুৱাহাটী, ১৯৬২, পৃ.-১০২-১০৩] অৰ্থাৎ হলিৰাম ঢেকিয়াল ফুকনৰ ভাষাত বিহু হৈছে সাধাৰণ শ্ৰেণীৰ নাৰী আৰু লম্পট পুৰুষৰ নিন্দনীয় আৰু কুৎসিৎ নৃত্য-গীত৷ অসমৰ আধুনিকতাৰ অগ্ৰদূত, অসমীয়া ভাষা-সাহিত্য আৰু সমাজ-জীৱনৰ উত্তৰণৰ হকে বিশিষ্ট অৱদান আগবঢ়োৱা আনন্দৰাম ঢেকিয়াল ফুকনেও[১৮২৯-১৮৫৯] বিহু-সংস্কৃতি পচন্দ নকৰিছিল৷ ঢেকিয়াল ফুকনৰ জীৱনী-গ্ৰন্থ 'আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ'[১৮৮০]ত গুণাভিৰাম বৰুৱাই লিখিছে– ‘অশ্লীলতা তেওঁ বৰ ঘৃণা কৰিছিল৷ বৈশাখৰ বিহুত নগাঁৱৰ স্থানে স্থানে অশ্লীল নৃত্য গীত হৈছিল সেইসকলক তেওঁ নিবাৰণ কৰালে আৰু সেইৰূপ কাৰ্য্য যে অনিষ্টজনক তাক তেওঁ সকলোকে বুজাই দিছিল৷ ['আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ', অসম প্ৰকাশন পৰিষদ, ১৯৯২, পৃ.১৪৮] কু-সংস্কাৰমুক্ত এখন সমাজ গঢ়াৰ বাবে অহোপুৰুষাৰ্থ কৰা গুণাভিৰাম বৰুৱাইও[১৮৩৭-১৮৯৪] তেখেতৰ 'আসাম বুৰঞ্জি'ত লিখিছে–‘চৈত্ৰৰ বিহুত সংক্ৰান্তিৰ পৰা সাতদিন কোনো ঠাইত ইতৰ লোকসকলে স্ত্ৰী পুৰুষে কোনো প্ৰকাশ্য স্থানলৈ গই নৃত্য গীত কৰে৷ সি সময়ত অবাচ্য ও অশ্লীল গীত গোৱা আৰু নিৰ্লজ্জ ভাব ভঙ্গী দেখুৱা হয়৷ এইটি নিয়ম শীঘ্ৰে দেশৰ পৰা গুছিলে বড় উপকাৰ আৰু সুনীতি সংস্থাপন কৰা হয়৷ ’['আসাম বুৰঞ্জী', চতুৰ্থ প্ৰকাশ, ২০০৮, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, পৃ.১৬২] একেদৰে পৰৱৰ্তী সময়ৰ সাহিত্যিক-চিন্তাবিদ কমলাকান্ত ভট্টাচাৰ্য, ৰত্নেশ্বৰ মহন্ত আদিয়েও হলিৰাম-আনন্দৰাম-গুণাভিৰামৰ দৃষ্টিভংগীৰেই বিহু-সংস্কৃতিক বিচাৰ কৰিছিল৷ বিহু-সংস্কৃতিৰ চৰ্চাক যিহেতু অশোভনীয় পৰম্পৰা হিচাপে গণ্য কৰা হৈছিল, সেয়েহে ঊনবিংশ শতিকাৰ সাহিত্যিকসকলে বিহু-পৰম্পৰাৰ সৈতে জড়িত গীত-মাতৰ অধ্যয়ন আৰু ব্যৱহাৰ কৰাৰ পৰা যথাসম্ভৱ দূৰত্ব বজাই ৰাখিছিল৷  পদ্মনাথ গোহাঞিবৰুৱা আৰু বেণুধৰ ৰাজখুৱাই 'ডেকা গাভৰু' [১৮৮৯]নাটকত বিহুনামৰ প্ৰয়োগ কৰাৰ ফলত সমকালীন বৌদ্ধিক সমাজৰ নিন্দা আৰু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ এনে প্ৰেক্ষাপটতে ৰজনীকান্ত বৰদলৈ[১৮৬৭-১৯৪০] আৰু লক্ষ্মীনাথ বেজবৰুৱাই[১৮৬৪-১৯৩৮] ঊনবিংশ শতিকাৰ শেষৰ দশকটোত নিজৰ সৃষ্টিশীল সাহিত্যত বিহুনামৰ প্ৰয়োগ কৰাটো একপ্ৰকাৰৰ দুঃসাহসেই আছিল৷ অৱশ্যে ‘দায়’ সাৰিবপৰাকৈ ৰজনীকান্ত বৰদলৈয়ে 'মিৰি-জীয়ৰী'[১৮৯৫ চন]ৰ আগকথাত স্পষ্টীকৰণো দাঙি ধৰিছিল৷ ‘ঔপনিৱেশিক সভ্যতাৰ সংস্পৰ্শত বিহু-সংস্কৃতি ঃ নিন্দনীয় ৰূপ আৰু বিনন্দীয়া ৰূপান্তৰ’ শীৰ্ষক এটা প্ৰবন্ধত জয়ন্ত কুমাৰ বৰাই লিখিছে–‘‘ঊনবিংশ শতিকাৰ জোনাকী স্তৰত ‘ডেকা-গাভৰু’ নাটকৰ পৰৱৰ্তী কালত বিহুনাম প্ৰয়োগ কৰি ৰচনা কৰা আধুনিক সাহিত্য-ৰূপ [Genre] ৰজনীকান্ত বৰদলৈৰ 'মিৰি-জীয়ৰী' [১৮৯৫ চন] আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ‘নকওঁ’ গল্পটিকে[১৮৯৬ চন] মোৰ সীমিত অনুসন্ধানত পোৱা গ’ল৷ কিন্তু মনকৰিবলগীয়া কথা হ’ল এই বিহুনাম প্ৰয়োগ কৰা চৰিত্ৰবোৰ ঊনবিংশ শতিকাৰ নৱ্য-শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ স্বাভিমানত মত্ত ‘ভদ্ৰ মানুহ’ বা ‘ভাল মানুহ’ ৰ সমাজভুক্ত নহয় – ‘মিৰিজীয়ৰী’ত মিছিং জনজাতীয় সমাজ, আনহাতে ‘নকওঁ’ গল্পত ম’হ গুৱাল৷ অৰ্থাৎ ঊনবিংশ শতিকাৰ ভদ্ৰ-সমাজৰ বিপৰীত ‘ইতৰ’ শ্ৰেণীৰহে! ’’[জয়ন্ত কুমাৰ বৰা, 'নেপথ্য আৰু নিৰ্মাণ', পৃ.২১৬-২১৭]–অৰ্থাৎ ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিহু-সংস্কৃতিৰ কিছুমান উপাদান সৃষ্টিশীল সাহিত্যৰ মাজলৈ আহিছে যদিও সেয়া তথাকথিত নিম্নশ্ৰেণীৰ সংস্কৃতি হিচাপেহে ৰূপায়ণ কৰা হৈছিল৷ 

বিহু-সংস্কৃতিৰ সৈতে জড়িত ঊনবিংশ শতিকাৰ ইতিহাসৰ অধ্যয়নে এই কথা স্পষ্ট কৰে যে চহা-সংস্কৃতি বিহুৱে জাতীয় মৰ্যাদা লাভ কৰাৰ যাত্ৰাপথ মসৃণ নাছিল৷ বিংশ শতিকাৰ আৰম্ভণী কালত বিহুক অসমীয়া জাতিৰ শিষ্ট পৰম্পৰাৰ অংগ হিচাপে প্ৰতিষ্ঠা কৰাত যিসকল ব্যক্তিয়ে উদ্যোগ লৈছিল তাৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদানেই আছিল আটাইতকৈ সুদূৰপ্ৰসাৰী৷ লোক-সংস্কৃতিৰ প্ৰতি উন্নাসিক চিন্নমূল পূৰ্বচাম মধ্যবিত্ত শ্ৰেণীৰ বিপৰীতে বেজবৰুৱাই যি বৃহত্তৰ অসমীয়া জাতিসত্তা আৰু লোক-সংস্কৃতিৰ মৰ্যাদাৰ উপলব্ধি কৰিছিল, সেয়া তেখেতৰ ব্যক্তিত্বৰ অন্যতম উজ্জ্বল দিশ৷ বিশেষকৈ কৃপাবৰ বৰুৱা ছদ্মনামত বাঁহীৰ পাতত বিহুৰ সপক্ষে বেজবৰুৱাই কৰা ওকালতিয়ে বিহু-সংস্কৃতিৰ চৰ্চাৰ প্ৰতি নতুনচামক আগ্ৰহী কৰাই নহয়, সোঁতৰ বিপৰীতে যোৱাৰ বলিষ্ঠ সাহসো প্ৰদান কৰিছিল৷ বিংশ শতিকাৰ প্ৰথমাৰ্ধত বিহু-সংস্কৃতিৰ চৰ্চাৰ ক্ষেত্ৰত গণেশ চন্দ্ৰ হাজৰিকা আৰু ডিম্বেশ্বৰ নেওগৰ নাম বিশেষভাৱে প্ৰণিধানযোগ্য৷ গণেশ চন্দ্ৰ হাজৰিকাই ১৯১৮ চনত বিহু বিষয়ক প্ৰথমখন কিতাপ লিখি উলিয়ায়৷ 'বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ' শীৰ্ষক এই গ্ৰন্থখনত হাজৰিকাই নগৰীয়া শিক্ষিত শ্ৰেণীয়ে অৱজ্ঞা কৰা বিহু-পৰম্পৰাক মৰ্যাদাসহকাৰে অসমীয়া সংস্কৃতিৰ গৌৰৱ হিচাপে প্ৰতিষ্ঠা কৰিছে৷ পাতনিত তেখেতে লিখিছে– ‘বিহু ভাৰতীয় হিন্দুৰ উৎসৱ৷ ...সমাজৰ উপকাৰৰ কাৰণে যে ইয়াৰ জন্ম সি অতি ঠাৱৰ৷ পুৰণিকলীয়া বস্তুত জনসমূহৰ ৰাপ নাথাকিলেও সমাজ অঙ্গক যি বস্তুৰে কিবা অলপ সহায় কৰিব পাৰে সেই বস্তু পুৰণি হলেও সদায় নতুন৷ কিয়নো, তাৰ ক্ৰিয়াৰ প্ৰভাৱ এতিয়াও সমাজৰ ওপৰত চলি আছে৷ ....সি যি কি নহওক ‘‘বিহু’’ যে হিন্দুৰ অতি লাগতিয়াল উৎসৱ তাক বাহুল্যকৈ কোৱা বিড়ম্বনা মাথোঁন৷ ’['বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ'ৰ পাতনি, প্ৰথম তাঙৰণ, ১৯১৮] ‘বিহু’ক আৰ্যীকৰণ কৰি গণেশ চন্দ্ৰ হাজৰিকাই আগবঢ়োৱা কিছু ব্যাখা সম্প্ৰতি গ্ৰহণযোগ্য বুলি বিবেচিত কৰিব পৰা নাযায় যদিও অশ্লীল বিহু-সংস্কৃতিক তেখেতে যি মৰ্যাদা প্ৰদান কৰিছে, সেয়া বিহু-অধ্যয়নৰ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়৷ 

ডিম্বেশ্বৰ নেওগৰ 'আকুল পথিক'[১৯২২] বিহুনামৰ প্ৰথম সংকলন৷ পৰৱৰ্তী সময়ত তেখেতে 'ফাগুনী' আৰু 'বিহুৱতী' শীৰ্ষকেৰে বিহুনাম আৰু হুচৰিৰ নামো সংগ্ৰহ কৰি প্ৰকাশ কৰে৷ ডিম্বেশ্বৰ নেওগৰ সমসাময়িকভাৱে নকুলচন্দ্ৰ ভূঞাইও বিহুনাম সংগ্ৰহ কৰিছিল৷ একাধাৰে গল্পকাৰ, কবি,  নাট্যকাৰ, বুৰঞ্জী লেখক, জীৱনীকাৰ নকুল চন্দ্ৰ ভূঞাই নিজৰ সৃষ্টিশীল সাহিত্যৰ মাজতো বিহুনামৰ সংৰক্ষণ আৰু প্ৰচাৰৰ উদ্দেশ্যেৰে বিহুনামৰ সংযোগ কৰিছিল৷  যিসময়ত শিক্ষিত সমাজৰ এক বুজন অংশই বিহুনামক অশ্লীল হিচাপে গণ্য কৰিছিল সেই সময়তে ১৯১৭-১৯১৯ চনলৈকে অসমৰ বিভিন্ন স্থান ভ্ৰমণ কৰি সংগ্ৰহ কৰা বছা বছা বিহুনামেৰে তেখেতে বহাগীখন যুগুতাইছিল৷ নিজৰ আত্মকথা ‘স্মৃতিচাৰণ’ত তেখেতে লিখিছে–‘‘...আমাৰ সাহিত্যলৈ বিহু নাম বিলাক আনিবলৈ আমি কেইজনমান বন্ধুৱে আলোচনা কৰিলো৷ শ্ৰীযুত কৃষ্ণকান্ত সন্দিকৈ দেৱ আৰু স্বৰ্গীয় জিতেন্দ্ৰকুমাৰ দাস দেৱৰ [হাৱাবাবু] উৎসাহ পাই তেতিয়াৰ ‘আসাম বিলাসিনী’ কাকতত জাননী দি বহুতো বিহুনাম গোটাই চালি জাৰি চাই ১৯২০ চনত ‘‘বহাগী’’নামৰ সৰু কিতাপ এখন যুগুত কৰিলো৷ ’’[যতীন্দ্ৰনাথ গোস্বামী, সম্পা. 'নকুলচন্দ্ৰ ভূঞা ৰচনা সমগ্ৰ', পৃ.৭৮৯] গ্ৰন্থখনৰ পাতনিত ভূঞাই লিখিছে– ‘‘আমাৰ দেশত চলন্তি গাঁৱলীয়া গৰখীয়া নামবিলাক সংগ্ৰহ কৰি ৰাইজক আগবঢ়াই দিবলৈ পাই পৰম আনন্দ৷ কাৰণ বহুত দিনৰ পৰা সাঁচি থোৱা আশাটি যেন আংশিকৰূপে পূৰ্ণ হৈছে৷ ......ৰাইজে অঘিণভাৱে এই সামান্য কিতাপখনিক আদৰ কৰা দেখিলে ২য় তাঙৰণত আৰু যোগ দি শ্ৰেণী ভাগ কৰি দিবৰ ইচ্চা থাকিল৷ ’’ [বহাগীৰ নিবেদন, 'নকুল চন্দ্ৰ ভূঞা ৰচনা সমগ্ৰ', পৃ.২৬১] সংকলনখনি প্ৰকাশ কৰাৰ সময়ত পাঠক ৰাইজৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হ’ব তাক লৈ নকুল চন্দ্ৰ ভূঞা যে সংশয়াছন্ন আছিল তাৰ উমান তেখেতৰ ‘নিবেদন’ত পোৱা যায়৷ গ্ৰন্থখনৰ প্ৰকাশৰ নেপথ্যত কেইবাগৰাকী সতীৰ্থৰ অনুপ্ৰেৰণাৰ কথা তেখেতে পাতনিত উল্লেখ কৰিছে–‘‘আমাৰ স্বনামধন্য সাহিত্যিক বন্ধুবৰ শ্ৰীযুত পদ্মধৰ চলিহা এম-এ, বি-এল দেৱে অনুগ্ৰহ কৰি কিতাপখনৰ শিক্ষাপ্ৰদ ভূমিকাখিনি লিখি দিয়াত তেখেতৰ ওচৰত চিৰঋণী হ’লো...চলিহাদেৱে ভূমিকাখনত গৰখীয়া গীতৰ সৌন্দৰ্য্য আৰু আমাৰ জাতীয় সাহিত্যত ইয়াৰ মূল্যৰ বিষয়ে প্ৰাঞ্জল ভাবে দেখুৱাই আহিছে, আৰু আমাৰ এজন উঠি অহা সাহিত্যিক শ্ৰীযুত ডিম্বেশ্বৰ নেওগদেৱে ২ বছৰ ১২শ সংখ্যা ‘চেতনা’ত ‘অসমীয়া সাহিত্যৰ জিলিকণি’ বুলি এটি সাৰুৱা প্ৰবন্ধ লিখি, গৰখীয়া গীতৰ সৌন্দয্যৰ্ ফঁহিয়াই ৰাইজক দেখুৱাই দিছে৷ গতিকে, আৰু দুনাই এই বিষয়ে তুলিবৰ একো আৱশ্যক নেদেখোঁ৷ জয়ে জয়ে গৰখীয়া গীতক আদৰ কৰোঁতা চলিহাদেউ আৰু নেওগদেৱক মোৰ আন্তৰিক সম্ভাষণ নজনাই নোৱাৰিলো৷ ইয়াতে, বিলাতৰ পৰা কিতাপখনিৰ খা-খবৰ কৰোঁতা অসমৰ সুযোগ্য সন্তান বন্ধুবৰ শ্ৰীযুত কৃষ্ণকান্ত সন্দিকৈ এম এ দেৱ আৰু নগাঁৱৰ শ্ৰীযুত মাণিকচন্দ্ৰ বেজবৰুৱা দেৱ আৰু ছাপাকৰাৰ সম্বন্ধে সহায় কৰোঁতা শ্ৰীযুত ধীৰেন্দ্ৰনাথ আগৰৱালা বি-এ দেৱলৈ মোৰ হিয়াভৰা সাদৰৰ শৰাই এখনি আগবঢ়ালো৷ ’’ ['বহাগী'ৰ নিৱেদন] বিহু-সংস্কৃতিক শিক্ষিত সমাজে অৱজ্ঞাৰ সৃষ্টিৰে চোৱাৰ সময়ত পদ্মধৰ চলিহা, ডিম্বেশ্বৰ নেওগৰ দৰে লোক-সংস্কৃতিৰ অনুৰাগী শিক্ষিত অসমীয়াই লোৱা উদ্যোগ আছিল নিঃসন্দেহে উল্লেখযোগ্য৷ পদ্মধৰ চলিহাই বেদৰ মৌখিক পৰম্পৰা, পুৰণি ইংৰাজী গীত[Pastoral Poems and Ballads], কালিদাসৰ মেঘদূত, চচাৰ[Chaucer]ৰ কবিতাৰ সৈতে তুলনা কৰি বিহুগীতৰ পৰম্পৰা আৰু সাহিত্যিক সৌন্দৰ্য্যৰ বিষয়ে লিখা বহাগীৰ সাৰগৰ্ভ ভূমিকাটোৰ জৰিয়তে বিহুনামক মৰ্যাদাসম্পন্ন এক সাহিত্য-ৰূপ হিচাপে উপস্থাপন কৰিছে৷ তেখেতে লিখিছে– ‘‘এই গৰখীয়া গীতবিলাকত পুৰণি অসমীয়া গাঁৱলীয়া জীৱনৰ সুখ-দুখ, আশা-ভয়, আদৰ্শ-আকাংক্ষা প্ৰভৃতিৰ এটি জ্বলন্ত চিত্ৰ দেখিবলৈ পোৱা যায়৷ এই চিত্ৰত কি দেখোঁ? প্ৰথমতে–সৰল শান্তিময় জীৱনৰ চানেকি, দ্বিতীয়তে–প্ৰকৃতি ৰাজ্যৰে সৈতে মানৱ ৰাজ্যৰ ঘনিষ্ঠ সম্বন্ধ, তৃতীয়তে–দেৱশক্তিত অটল বিশ্বাস৷ আন পাকে দেখিবলৈ পাও যে, সেই সময়ত বাহ্যিক জগতৰ লগত সৎসৰ্গ নিচেই কম আছিল৷ কিছুমান গীতত প্ৰণয়ৰ গভীৰতা আৰু ভাৱপ্ৰৱণতা[Sentimentalism] প্ৰকাশ পাইছে৷ কিন্তু আনবিলাকত এই প্ৰণয় মাত্ৰ এটি ক্ষণস্থায়ী আবেগ[Passion] স্বৰূপেহে ফুটি উঠিছে মাথোঁন৷ ....এই গৰখীয়া গীতবিলাকে আমাৰ সাহিত্যৰ ভিতৰত ঠাই পোৱা নিতান্ত বাঞ্ছনীয়৷ ’’[বহাগীৰ ভূমিকা] ১৯২৩ চনৰ ১৯ মে তাৰিখৰ The Times of Assam কাকতত চয়িদুৰ ৰহমানে বহাগী ৰ মূল্যায়ন কৰি মন্তব্য দিছিল এনেদৰেঃ To a casual reader, there pastorals may appear state and common-place having no efficacy beyond affording certain vulgar enjoyment to the rural youths of Assam, but to a curious student of Literature they are historic importance forming as they do one of the cheif stocks in trade of Assam Literature...The author has to be heartily congratulated for his characterstic energy and patience in collecting and publishing them so neatly and above all, for his doing a yeoman’s service to the cause of Assamese literature by preserving them.['নকুল চন্দ্ৰ ভূঞা ৰচনা সমগ্ৰ', পৃ.৯৫৩]


Left to Right, Late Nakul Chandra Bhuyan, President Asam Sahitya Sabha 1967 Late Nilamoni Phookan, President A.S.S 1944,47, Late Jatindra Nath Duorah, President A.S.S 1955, Late Padmadhar Chaliha, President A.X.X 1958, Source: Wikipedia

চহা-অনাখৰী মানুহৰ সম্পদ ‘বিহুনাম’ক অসমীয়া সাহিত্যৰ উজ্জ্বল নিৰ্দশন হিচাপে প্ৰতিষ্ঠা কৰাত বিংশ শতিকাৰ তৃতীয় দশকত বিহুনামৰ সংকলন যুগুত কৰি ডিম্বেশ্বৰ নেওগ, নকুলচন্দ্ৰ ভূঞাই যি ভূমিকা পালন কৰিছিল সেয়া নিঃসন্দেহে বিহু-সংস্কৃতিৰ অধ্যয়নৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ পৰ্ব৷ পৰৱৰ্তী সময়ত ‘বিহু’ অসমীয়া জাতিৰ সম্পদ তথা জাতীয় সংস্কৃতি হিচাপে পৰিগণিত হোৱাৰ নেপথ্যত এনে পদক্ষেপসমূহে বিশেষ ভূমিকা পালন কৰিছিল৷ পদ্মধৰ চলিহাৰ ভাষাত ‘অসমীয়া ভাষাত ‘পোনপ্ৰথমে বিহুগীতৰ ডাঙৰ পুথি[সাহিত্যিক মূল্য আৰু কাব্যিক বিশ্লেষণৰ সৈতে]['নকুল চন্দ্ৰ ভূঞা স্মৃতিগ্ৰন্থ']’ 'বহাগী' অসমীয়া লোক-সাহিত্য চৰ্চাৰ ইতিহাসৰ এক অমূল্য সম্পদ৷ পুথিখনৰ মূল্য নিৰূপন কৰি পদ্মনাথ গোহাঞিবৰুৱাই এঠাইত লিখিছিলঃ ‘‘বহাগী ২৯৪টা গৰখীয়া গীতেৰে পৰিপুষ্ট৷ প্ৰত্যেকটি গীতেই পুৰণি আপুৰুগীয়া অসমীয়া সাহিত্য চেপা মৌ-জোলেৰে সনা এটা যেন হাজাৰটকীয়া বিহুলাৰু৷ সেই হিচাপে আমাৰ ডেকা গ্ৰন্থকাৰ ভূঞাদেৱৰ ‘বহাগী’তে কমকৈও ২৯৪০০০ টকীয়া সম্পদ অসমীয়া সাহিত্যৰ ভঁড়ালত চপাই দিছে৷ এই হল নিচেই কম পক্ষে৷ কিন্তু 'বহাগী'ত সংগৃহীত গীতবোৰত নিভাঁজ অসমীয়া সাহিত্যৰ চিন, ঠাচ, ভাব এনেদৰে গোটখাই আছে যে তাৰে সৈতে ফেৰ মাৰিবলৈ প্ৰত্যেকটি গীতৰ মূল্য টকাকৈ ধৰিলেহে যদি হয়৷ ...বিহুৰ হালধি বছৰি হাততে মৰহি যায়৷ কিন্তু ‘বহাগী’ৰ কোচৰ বিহুলাৰু আৰু নুঢুকায়’’৷ ['আসাম বন্তি', ৯ বহাগ, ১৮৪৫ শক]


(লক্ষ্যজিৎ বুঢ়াগোহাঁই সম্পাদিত বসন্ত উসৱ ৰঙালী স্মাৰক-গ্ৰন্থ, ২০২৩, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়, অসম চৰকাৰ আৰুবিহুৱান, স্মাৰক-গ্ৰন্থ, ফাটবিহু, ২০২৩ত পূৰ্বে প্ৰকাশিত)


No comments:

Post a Comment