ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ শ্ৰদ্ধাৰ্ঘঃ জাতিৰ ঘাই ঘৰৰ ভেঁটি গঢ়োতা শিক্ষক-সাহিত্যিক পদ্মনাথ


 


 

          সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাৰ গুৰুত্ব আৰু অৱদান অসমীয়া সাহিত্যত যিদৰে সদায় অক্ষয়-অম্লান হৈ থাকিব, একেদৰে অসমৰ শৈক্ষিক ইতিহাসতো শিক্ষক গোহাঞিবৰুৱাৰ গুৰুত্ব আৰু অৱদানকো মনত ৰাখিব লাগিব বৃত্তিত এগৰাকী শিক্ষক পদ্মনাথ গোহাঞিবৰুৱাই সমান্তৰালভাৱে এগৰাকী শক্তিশালী সাহিত্যিক, সমাজ-সংগঠক, ৰাজনীতিক হিচাপেও অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি থৈ গৈছে সাহিত্যিক হিচাপে পদ্মনাথ গোহাঞিবৰুৱাৰ বিপুল প্ৰসিদ্ধি আৰু খ্যাতিৰ সন্মুখত তেখেতৰ অন্যান্য পৰিচয়সমূহ নিষ্প্ৰভ হৈ পৰে যদিও তেখেত  নিজৰ শিক্ষকতা বৃত্তিৰ প্ৰতি সদায় দায়িত্বশীল আছিল যদিও তেখেতৰ সামাজিক পৰিচয় পৃথক আছিল, কিন্তু নিজৰ বৃত্তিগত পৰিচয়ৰ প্ৰতি তেখেত সদায় সজাগ আৰু সচেতন আছিল সেইবাবেই সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাৰ মাজত এগৰাকী শক্তিশালী শিক্ষক-শিক্ষাবিদকো আমি আৱিষ্কাৰ কৰোঁ নিজৰ বৃত্তিগত কৰ্তব্যৰ প্ৰতি অন্যায় নকৰি অসমৰ সাহিত্য-সমাজ আৰু সংস্কৃতিক সমৃদ্ধ কৰি থৈ যোৱা গোহাঞিবৰুৱাক সেয়েহে এগৰাকী আদৰ্শ শিক্ষক বুলি বিনাদ্বিধাই অভিহিত কৰিব পাৰি আৰু সাহিত্য-কাণ্ডাৰী গোহাঞিবৰুৱাৰ ব্যক্তিত্বৰ এই দিশটো নিঃসন্দেহে অনুকৰণীয় আৰু লক্ষ্যণীয় শিক্ষাবিদ গোহাঞিবৰুৱাশীৰ্ষক এটা নিবন্ধত সেয়েহে বিনন্দ্ৰচন্দ্ৰ বৰুৱাই লিখিছে–‘‘তেওঁৰ সকলোবিলাক গুণ সাহিত্যিকৰ বহল ঢাকণিখনে ঢাকি থোৱাৰ কাৰণে, আমি সাধাৰণতে সেইবিলাক পৃথকভাবে চাবলৈ নিবিচাৰোঁ বা সেইবিলাক আমাৰ চকুত সহজে নপৰে এটা জাতিৰ সৰ্বপ্ৰকাৰ উন্নতিৰ প্ৰধান সম্বল শিক্ষা শিক্ষাৰ জখলাৰে বগাই নগলে জাতীয় উন্নতিৰ ওখ খাপত আৰোহন কৰা সম্ভৱপৰ নহয় (চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদিত পদ্মনাথ গোহাঞিবৰুৱা, পৃ.৯৩) জাতিৰএই ঘাইঘৰৰ ভেঁটি সংস্থাপন কৰাত কবি মাষ্টৰগোহাঞিবৰুৱাৰ ভূমিকা আছিল সুদুৰপ্ৰসাৰী একালৰ কহিমা ইংৰাজী স্কুলৰ ছাত্ৰ গোহাঞিবৰুৱাই হেডমাষ্টৰ হিচাপে তাত যোগদান কৰোঁতে তদানীন্তন হেডমাষ্টৰ ৰামেশ্বৰ বাবুৱে বিদায় লওঁতে গোহাঞিবৰুৱাক নিৰাশ কৰি কৈছিল–‘‘আমি ত যা হওক তি বৎসৰ পেন্সন খেয়ে চললাম, এখ কাজ কৰি গিয়ে, এখন আপ্‌ নি পেন্সন খেতে আৰম্ভ কৰুন’’ প্ৰত্যুত্তৰত ডেকা গোহাঞিবৰুৱাই কৈছিল–‘‘আপুনি পকি সৰিল এই মাটিডোখৰ তিনিবছৰ ভোগদখল কৰি ফচল জন্মাব নোৱাৰি যায়গৈ এতিয়া, কিন্তু আপোনাৰ পূৰ্বৱতী বুঢ়া ওজা ঁচন্দ্ৰমোহন গোস্বামীয়ে দুবছৰীয়া ভোগদখলৰ কালতে, সম্প্ৰতি অনিশ্চিত হলেও, এই অকামিলা (মোৰ গালৈ দেখুৱাই) পুলি এটা গজাই থৈ গ সেই ওজাৰ ছাতৰ হওঁ যদি, প্ৰভুপাদ ময়ো সেই খোজৰ চিনে চিনে খোজ ধৰি শিক্ষাৰ কঠীয়া সিঁচি শস্য গজাই গুটি ধৰাম বুলিহে এই খেতত নামিছোঁহি, আশীৰ্বাদ কৰে যেন অনতিপলমে মোৰ এই সংকল্প কাৰ্যত ফলিয়াই উঠে’’ (মোৰ সোঁৱৰণী, পৃ.৫৭) শিক্ষকতাক এক ব্ৰত হিচাপে গ্ৰহণ কৰা গোহাঞিবৰুৱাই এই বক্তব্যৰ তেখেতৰ কৰ্তব্যনিষ্ঠাক প্ৰতিনিধিত্ব কৰে শিক্ষকতা বৃত্তিত যোগদান কৰোঁতে লোৱা গোহাঞিবৰুৱাই এই সংকল্পক ভৱিষ্যতৰ দিনতো কঢ়িয়াই লৈ ফুৰিছিল গোহাঞিবৰুৱাৰ ছাত্ৰ জীৱনক সমৃদ্ধ কৰা শিক্ষাগুৰুসকলৰ ভিতৰত হাইস্কুলৰ শিক্ষক চন্দ্ৰমোহন গোস্বামীৰ ভূমিকা বিশেষভাৱে আছিল শিৱসাগৰ হাইস্কুলত পঢ়ি.বলৈ যোৱা পদ্মনাথক সেইকালত অসমত ইংৰাজী বিদ্যাত অদ্বিতীয় প্ৰগাঢ় পণ্ডিতশিক্ষক চন্দ্ৰমোহন গোস্বামীৰ ব্যক্তিত্ব আৰু শিক্ষাদানে বিশেষভাৱে প্ৰভাৱিত কৰিছিল সেয়েহে চন্দ্ৰমোহন গোস্বামী কহিমা গৱৰ্ণমেণ্ট হাইস্কুললৈ বদলি হৈ যোৱাত পদ্মনাথেও নিজৰ ঠিকনা শিৱসাগৰ হাইস্কুলৰ পৰা তেতিয়া দূৰ্গম কহিমাৰ গৱৰ্ণমেণ্ট হাইস্কুললৈ বদলি কৰিছিল তেতিয়াৰ নগা হিল জিলাৰ সেই কহিমা হাইস্কুলৰ পৰা কলেজ পঢ়িবলৈ এন্টেন্স পাছ কৰা প্ৰথমজন ছাত্ৰই আছিলপদ্মনাথ

          উত্তৰ লখিমপুৰৰ নকাৰীত জন্ম হোৱা পদ্মনাথৰ শিক্ষা জীৱন আৰম্ভ হৈছিল ১৮০১ শকত, উত্তৰ লখিমপুৰত তেতিয়া স্কুলৰ ভাষিক মাধ্যম আছিলবাঙালী সেই হেতু মজলীয়া খাপত তেওঁলোকৰ পাঠ্য আছিলমদনমোহন তৰ্কালঙ্কাৰৰ শিশুশিক্ষাপ্ৰথম, দ্বিতীয় আৰু তৃতীয় ভাগৰ লানি, যদুনাথ চট্টোপাধ্যায়ৰ পদ্মপাঠপ্ৰথম, দ্বিতীয় আৰু তৃতীয় ভাগৰ লানি, অক্ষয় কুমাৰ দত্তৰ চাৰুপাঠপ্ৰথম, দ্বিতীয় আৰু তৃতীয় ভাগৰ লানিচ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ বোধোদয়’, তাৰাশঙ্কৰ বিদ্যাৰত্নৰ ৰামেৰ ৰাজ্যাভিষেক’, হাফেজাকৃত সদ্ভাবশতক অসমীয়া-চৰ্চা কৰাৰ প্ৰতি এইবোৰেই অনুৰাগ সৃষ্টি কৰিছিল বুলি গোহাঞিবৰুৱাই উল্লেখ কৰিছে (মোৰ সোঁৱৰণী, পৃ.৯) কহিমা হাইস্কুলৰ পৰা এন্টেন্স পাছ কৰি কলিকতাত কলেজ পঢ়িবলৈ যোৱা গোহাঞিবৰুৱাৰ কলিকতা শিক্ষা আধৰুৱা হৈছিল, তেখেতৰ ভাষাত মিছাইগৈছিল কিন্তু কলিকতাৰ বৌদ্ধিক-সাংস্কৃতিক পৰিমণ্ডলে গোহাঞিবৰুৱাক সমৃদ্ধ নকৰাকৈ থকা নাছিল তেখেতৰ ভাষাত–‘‘আন নহলেও, স্বদেশহিতৈষিতা আৰু মাতৃভাষাৰ প্ৰতি অনুৰাগ এই দুটি স্বৰ্গীয় গুণৰ অলপ-অচৰপ মোৰ লাভ হৈছিল বুলি মনে ধৰে’’ (মোৰ সোঁৱৰণী, পৃ.২৭) ইয়াৰ ভিতৰত মাতৃভাষা-অনুৰাগ আগ হৈছিল আৰু ইয়াৰ ফলতেই কলিকতাৰ ছাত্ৰ গোহাঞিবৰুৱাই ভানুমতী’, ‘লাহৰীলিখি উলিওৱাৰ লগতে বিজুলীৰ ভাৰ বহন কৰিব পাৰিছিল

          কলিকতাৰ পৰা উভতি আহিয়েই সেয়েহে পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া ভাষা-সাহিত্যৰ সেৱাৰ বাবে সাংগঠনিক কাম কৰাত লাগিছিল বাল্যবন্ধু পাণীন্দ্ৰনাথ গগৈৰ লগ লাগি অ.ভা.উ.সা.সভাৰ আৰ্হিৰে লখিমপুৰতো অ.ভা.উ.সা. সভা পাতিছিল সেই সভাৰ আলোচনাত পাঠ্যপুথিৰ প্ৰসংগই বিশেষভাৱে স্থান লাভ কৰিছিল সমস্যাৰ সুদুত্তৰ বিচাৰি গোহাঞিবৰুৱা কাষ চাপিছিল প্ৰবীণ সাহিত্যিক ফণীধৰ চলিহা আৰু ভূতপূৰ্ব স্কুল ইন্সপেক্টৰ মি. জে.উইলচনৰ জে.উইলচনৰ সৈতে কথা পাতি গোহাঞিবৰুৱাই উপলব্ধি কৰিলে যে–‘‘আমি যি ঘৰ সাজিবলৈ উথপ্‌থপ লগাইছোঁহক তালৈচোন ভেঁটি চোঙ্গোৱা হোৱাই নাই’’(মোৰ সোঁৱৰণী, পৃ.৫১) ইয়াৰ পাছতে গোহাঞিবৰুৱাই জাতিৰ এই ঘাই ঘৰৰ ভেঁটি চোঙ্গোৱাৰ দায়িত্বভাৰ কান্ধ পাতি ললে এই প্ৰসংগত মহেশ্বৰ নেওগে লিখিছে–‘‘এইটি হল বৰুৱাৰ জীৱনৰ এক পথ-নিৰ্দেশক উপলব্ধি, যি উপলব্ধিয়ে তেওঁক লাহৰী’, ‘মনোমতীৰ নিচিনা শুদ্ধ-সাহিত্য সৃষ্টিৰ ক্ষেত্ৰ এৰুৱাই আমাৰ দেশৰ মজলীয়া আৰু ওখ খাপৰ স্কুল-পঢ়াশালিবোৰতো আমাৰ দেশী পাঠ্য পুথিৰ অভাৱ-পূৰণৰ সমস্যাত ব্যাপৃত কৰি দিলে’’ (ভূমিকা, চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদিতপদ্মনাথ গোহাঞিবৰুৱা ৰচনাৱলী)  উল্লেখযোগ্য যে অসমীয়া মাধ্যমত শিক্ষা দানৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটোৱেই আছিল প্ৰয়োজনীয় পাঠ্যপুথিৰ অভাৱ ব্ৰাউন-ব্ৰন্সন, আনন্দৰাম-হেমচন্দ্ৰৰ যত্নত অসমতে এলাগী হোৱা অসমীয়া ভাষাই ১৮৭৩ চনত অসমৰ স্কুলীয়া শিক্ষাৰ মাধ্যম ৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল, কিন্তু পৰ্যাপ্ত পাঠ্যপুথিৰ অভাৱ হৈছিল সেয়েহে গোহাঞিবৰুৱাই অসমৰ ভাষা-সাহিত্যৰ শৈক্ষিক বিকাশৰ বাবে পঢাশলীয়া পুথি-প্ৰণয়নৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছিল আৰু ইয়াতেই শিক্ষক-শিক্ষাবিদ পদ্মনাথ গোহাঞিবৰুৱাৰ নিৰ্মানো আৰম্ভ হৈছিল পদ্মনাথ গোহাঞিবৰুৱা আৰু পাণীন্দ্ৰনাথ গগৈৰ উদ্যোগত মজলীয়া স্কুলৰ উপযোগীকৈ প্ৰস্তুত কৰি উলিওৱা হৈছিলৰচনা সংকলন সাহিত্য সংগ্ৰহ যি পুথি কেইবাদশকো ধৰি অসমীয়া মাধ্যমৰ স্কুলৰ সপ্তম-অষ্টম শ্ৰেণীৰ পাঠ্য আছিল সাহিত্য সংগ্ৰহপ্ৰসংগত গোহাঞিবৰুৱাই আত্মজীৱনীত লিখিছে–‘‘আধুনিক অসমীয়া সাহিত্যত আজিলৈকে সাহিত্য-সংগ্ৰহপুথিৰ সমনীয়া স্কুল সাহিত্য পাঠ্যপুথি দ্বিতীয় এখন ওলোৱা নাই এথোন অৱশ্যে ইয়াৰ নাম্‌নাচ্‌কৈ কেইখনমান পঢাশলীয়া সাহিত্য পাঠ্যপুথি প্ৰচাৰিত হৈছে, কিন্তু সাহিত্য-সংগ্ৰহত সন্নিৱিষ্ট হোৱা মৌলিক (Original) ৰচনাৰ চানেকি সেইবোৰত নাই কিয়নো আজিকালিৰ অসমীয়া লেখকসকলৰ সৰহভাগেই অনুকৰণপ্ৰিয় আৰু পৰৰ ভাবত ভেজনি আৰু গঁঢ়িলা লৈ লিখাত অভ্যস্ত’’(মোৰ সোঁৱৰণী, পৃ.৫১) কিমান সচেতনতাৰে পুথিখন গোহাঞিবৰুৱা আৰু পাণীন্দ্ৰনাথ গগৈয়ে সম্পাদনা কৰিছিল তাৰ পৰিচয় এই মন্তব্যতে পোৱা যায়  কহিমাৰ স্কুলত শিক্ষকতা কৰি থাকোঁতে ছাত্ৰ-অভিভাৱকৰ প্ৰত্যাহ্বান নেওচি গোহাঞিবৰুৱাই তাত অসমীয়া ভাৰ্নেকুলাৰ প্ৰৱৰ্তন কৰিছিল কিন্তু পুনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল গোহাঞিবৰুৱা–‘‘অসম উপত্যকা বিভাগৰ সৰহ ভাগ স্কুলত বিশেষকৈ টাউনৰ স্কুলবোৰত পূৰ্ণমাত্ৰাৰে বঙ্গলা ভাৰ্নেকুলাৰ চলিছিল তেতিয়ালৈকে তাৰ বিৰুদ্ধে অহোপুৰুষাৰ্থ কৰিও মনোবাঞ্ছা সম্পূৰ্ণকৈ সিদ্ধি কৰিব নোৱাৰি মই মনে মনে সন্তাপ পাই আছিলোঁ, এতিয়া নিজৰ এক্তিয়াৰত পোৱা স্কুলটিত মোৰ সেই বাঞ্ছা সুকলমে পুৰাবলৈ মই এটা ভাল ছেগ পালোঁ সেই উদ্দেশ্যে কহিমা মজলীয়া স্কুলত তেনেই তলৰ পৰা নিচেই ওপৰলৈকে আটাইকেইটা শ্ৰেণীতে ইংৰাজী সাহিত্যত বাজে আটাইবোৰ বিষয়ৰ পাঠ্যপুথি অসমীয়া কৰিবলৈ ধৰি দেখো যে এটা বিষয়ত অসমীয়া পাঠ্যপুথি এখনো ওলোৱা নাই কাৰণে মোৰ সেই বাঞ্ছা সিদ্ধি কৰিবলৈ সম্পূৰণ সমলৰ অভাৱ ঘটিছে সেই বিষয়টো আছিল ভূগোল বিদ্যা’’ (মোৰ সোঁৱৰণী, পৃ.৫৯) তেতিয়ালৈকে অসমীয়া ভাষাত ভূগোল বিষয়ক পুথি লিখা হোৱা নাছিল পদ্মনাথ গোহাঞিবৰুৱাই ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত ভূগোলৰ পাঠ্যপুথি ভূগোল দৰ্পনলিখি উলিয়ায় অতি সোনকালেই সচিত্ৰ ভূগোল-দৰ্পনঅসম উপত্যকাৰ স্কুল-পাঠ্যক্ৰমৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠ্যপুথিৰূপে অনুমোদিত হ

          কিন্তু ইমানতেই গোহাঞিবৰুৱা সন্তুষ্ট নহ স্কুলৰ পাঠ হিচাপে গোহাঞিবৰুৱাই যদুনাথ চট্টোপাধ্যায়ৰ পদ্যপাঠৰম, ২য় আৰু ৩য় ভাগ, অক্ষয় কুমাৰ দত্তৰ চাৰুপাঠৰম, ২য় আৰু ৩য় ভাগ আদি চিৰিজ পঢ়িবলৈ পাইছিল অসমীয়া ভাষাত এনে চিৰিজ নথকাৰ কথাটোৱে গোহাঞিবৰুৱাক অশান্তি দিছিল –‘‘...ইংৰাজী আৰু বঙ্গলা সাহিত্যত ওলোৱা নীতি বিষয়ক আৰু ক্ৰম শিক্ষামূলক এলানি বা এটা চিৰিজঅসমীয়া সাহিত্য পুথি নথকাটো চাই থাকিবলৈ মই বৰ টান পালোঁ, আৰু সেই নতুন অভাৱ পুৰাবলৈ মোৰ মনত  আকৌ এটা নতুন ধাউতি সোমাল’’ (মোৰ সোঁৱৰণী, পৃ.৬০) যি ধাউতিৰ ফল হিচাপে প্ৰণয়ন কৰা হনীতিশিক্ষামূলক পাঠ্যপুথিৰ চিৰিজ নীতি শিক্ষা সচিত্ৰ নীতিশিক্ষাৰ আদিছোৱা, মাজছোৱা আৰু শেহছোৱা ক্ৰমে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ-সপ্তম শ্ৰেণীৰ পাঠ্য আছিল একেদৰে সচিত্ৰ আদি শিক্ষাৰ আদিছোৱা, মাজছোৱা আৰু শেহছোৱা প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠ্য আছিল মহাৰাণী ভিক্টেৰীয়াৰ জীৱনী সচিত্ৰ ভিক্টোৰীয়া চৰিতছোৱালী স্কুলৰ পাঠ্য হিচাপে চলিছিল

          গোহাঞিবৰুৱাৰ দিনত শিক্ষকসকলে পদ নিগাজী হবৰ নিমিত্তে শিক্ষাবিধি(Art of teaching) বিষয়ত  পৰীক্ষা দি উত্তীৰ্ণ হব লাগিছিল ইংৰাজীত শিক্ষাবিধি পঢ়ি পৰীক্ষা দিয়া গোহাঞিবৰুৱাৰ মনত তেতিয়াই অসমীয়া ভাষাতো শিক্ষকসকলৰ সুুবিধাৰ্থে এনে পুথি যে লাগে সেই কথাই স্থান পালে পাছত ডিৰেক্টৰ মি. উইলচনেও গোহাঞিবৰুৱাক এনে এখন পুথিৰ প্ৰয়োজনীয়তাৰ কথা কলে গতিকে গোহাঞিবৰুৱাইও অসমীয়া ভাষাত শিক্ষাবিধিলিখাৰ কাম আৰম্ভ কৰিলে ছমাহৰ পাছত পুথি সম্পূৰ্ণ হল আৰু অসম উপত্যকাৰ নৰ্মাল স্কুলত পাঠ্য আৰু অসমীয়া পঢ়াশলীয়া গুৰুসকলৰ হাতৰ পুথি(guide)’ স্বৰূপে পৰিগণিত হ আনহাতে, জম্বলপুৰত ব্যায়াম (দেশী কছৰৎ)ৰ প্ৰশিক্ষণ লবলৈ যোৱা গোহাঞিবৰুৱাই শিক্ষকৰ উপকাৰৰ নিমিত্তে দেশী কছৰৎপুথি লিখি উলিয়াইছিল সম্ভৱতঃ অসমীয়া ভাষাত এইখনেই প্ৰথম দেশী কছৰতৰ পুথি



          গোহাঞিবৰুৱাই মনতে ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ পৰিকল্পনা কৰি অহা অসমৰ বুৰঞ্জীখনৰ কাম তেখেতে তেজপুৰৰ নৰ্মাল স্কুলৰ শিক্ষক হিচাপে বদলি হৈ অহাৰ পিছত তথ্য সংগ্ৰহ কৰি লিখিবলৈ আৰম্ভ কৰে ইতিমধ্যে গেইটৰ অসম বুৰঞ্জীৰ প্ৰকাশ হৈছিল আৰু পুথিখনে গোহাঞিবৰুৱাক ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ অসমৰ বুৰঞ্জীখন লিখি উলিওৱাত যথেষ্ট সহায় কৰিছিল অতি সোনকালে পুথিখন উচ্চ প্ৰাইমেৰী আৰু মজলীয়া ছাত্ৰবৃত্তিস্কুলৰ পাঠ্যৰূপে মঞ্জুৰ হৈছিল –‘‘পঢ়াশালিৰ পাঠ্য-ৰূপে প্ৰকাশিত হোৱাৰ পাচত বুৰঞ্জীখনৰ আদৰ ক্ৰমাৎ বহল হবলৈ ধৰে ময়ো সেই উৎসাহৰ বলত কৃতজ্ঞচিতেৰে পুথিখনৰ প্ৰত্যেক নতুন তাঙ্গৰণত তাৰ ক্ৰমোন্নতি সাধি আহিবলৈ ধৰিলোঁচ তাৰ ফলস্বৰূপ বৰ্তমানত ‘‘অসমৰ বুৰঞ্জী’’স্কুলীয়া আৰু সৰ্বসাধাৰণৰ পাঠ্য-পুথিখনৰ কলেৱৰ বাঢ়ি গৈ গৈ  এতিয়া তাৰ উনবিংশ তাঙৰণত সি এখন বৃহৎ বুৰঞ্জী হৈ সৰ্ব-সাধাৰণ আৰু বুৰঞ্জীবিজ্ঞ সাহিত্যিকসকলৰপৰা আশাতীত সমৰ্থন আৰু প্ৰশংসা লাভ কৰিছে’’ (মোৰ সোঁৱৰণী, পৃ.১০০) পঢ়াশলীয়া পুথি হিচাপে ডাঙৰ হোৱাত শিক্ষা বিভাগীয় বিষয়াবৰ্গৰ পৰামৰ্শমতে অসমৰ বুৰঞ্জীৰ সংক্ষিপ্ত তাঙৰণ হিচাপে তেখেতে বুৰঞ্জীবোধলিখি উলিয়ায় ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ হিন্দু বুৰঞ্জী বা ভাৰতবৰ্ষৰ বুৰঞ্জীশীৰ্ষক আন এখন বুৰঞ্জী পুথিও তেখেতে প্ৰকাশ কৰিছিল

গোহাঞিবৰুৱাৰ অক্লান্ত সাধনা আৰু সুদৃঢ় পৰিকল্পনাৰ ফলত অসমীয়া পাঠ্যপুথিৰ অভাৱ বহুখিনি হ্ৰাস পাইছিল আৰু তেখেতৰ সপোনেও সাকাৰ ৰূপ লাভ কৰিছিল– ‘‘যথাসময়ত হাইস্কুলবিলাকতো অসমীয়া পাঠ্যপুথি নিৰ্দিষ্ট হোৱাত মোৰ নীতিশিক্ষা লানিয়ে বহলকৈ ঠাই পালে তাৰ লগে লগে মোৰ দ্বাৰাই প্ৰণীত-সঙ্কলিত ‘‘আদি শিক্ষা’’ তিনিছোৱা, ‘‘নীতি শিক্ষা’’ তিনিছোৱা আৰু ‘‘সাহিত্য সংংগ্ৰহ’’ দুই খণ্ড, এই আঠখন সাহিত্য পুথিৰ দ্বাৰাই হাইস্কুলৰ ১ নং (Class I) শ্ৰেণীৰ পৰা ৮ নং (Class VIII) শ্ৰেণীলৈকে অসমীয়া সাহিত্য পাঠ্য পুথিৰ লানিটো (series) সম্পূৰ্ণ হোৱা দেখি মোৰ মনত নথৈ ৰং লাগিল...হাইস্কুলৰ আটাইতকৈ ওপৰ দুই শ্ৰেণীত (Class IX, X ) ইউনিভাৰ্চিটিৰ এন্টেন্স কোৰ্চত চলে, গতিকে ইমানতে হাইস্কুলৰ সমুদায় শ্ৰেণীত পাঠ্যপুথি প্ৰচলনৰ অভাৱ আৰু অসুবিধা নিকাকৰণ হোৱা দেখি জাতীয় সাহিত্যানুৰাগী অসমীয়া সমাজেও বৰ সন্তোষ লাভ কৰিলে ’’(পৃ.১০১)

          অসমীয়া ভাষাত শিক্ষাৰ ভেঁটি নিৰ্মাণৰ হেতু প্ৰয়োজনীয় প্ৰায় সকলো বিষয়তে পাঠ্যপুথি প্ৰণয়নেৰে পদ্মনাথ গোহাঞিবৰুৱাই যি যুগান্তকাৰী উদ্যোগ লৈছিল সেয়া নিঃসন্দেহে অসমৰ শৈক্ষিক ইতিহাসৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ অসমৰ বিদ্যালয়ত অসমীয়া মাধ্যমক শক্তিশালীৰূপে প্ৰতিষ্ঠা কৰাত শিক্ষক পদ্মনাথ গোহাঞিবৰুৱাই লোৱা উদ্যোগ তেওঁৰ সাহিত্য-প্ৰতিভা আৰু সাংগঠনিক ভূমিকাৰ সমানেই স্মৰণীয়

 প্ৰকাশঃ সাতসৰী, অক্টোবৰ, ২০২০

 

 

 

         

         

1 comment: