( ৰচনা কাল - ২০১৭ )
অসমীয়া শিক্ষিত মধ্যবিত্ত
শ্ৰেণীটোৰ উদ্য়োগত ঊনবিংশ শতিকাত অসমত সূচনা হোৱা অৰ্থনৈতিক, সাংস্কৃতিক, শৈক্ষিক, সামাজিক নৱজাগৰণক যিসকল ব্যক্তিয়ে বিংশ শতিকাত এক নতুন
মাত্ৰা আৰু গতি প্ৰদান কৰিলে সেইসকলৰ ভিতৰত ঊনবিংশ শতিকাৰ অন্তিমটো বৰ্ষত
জন্মগ্ৰহণ কৰা ৰাধাগোবিন্দ বৰুৱা অন্যতম৷ অসমৰ সমাজ জীৱনলৈ ৰাধাগোবিন্দ বৰুৱাৰ অৱদান বহুমাত্ৰিক আৰু
ইয়াৰ পৰিসৰ বিস্ময়কৰভাৱে অতি বিস্তৃত,
যি
ভৱিষ্যতৰ বাবে সম্ভাৱনাৰ এক বলিষ্ঠপৃষ্ঠভূমি নিমাৰ্ণ কৰি থৈ গৈছিল৷ নিৰোদ চৌধুৰীৰ ভাষাত–‘ৰাধাগোবিন্দ বৰুৱাৰ জীৱনৰ আটাইতকৈ লক্ষ্যণীয় দিশটোৱে হ’ল ধন, যশস্যা, কীৰ্তি, প্ৰশংসা আৰু আহৰিত
সকলো সদ্নামৰ মাজত নিজকে সম্পূৰ্ণ বিচ্ছিন্ন কৰি এটি স্ব উদ্ভাৱিত নতুন ৰূপত
নিজকে কৰা কামৰ মাজত বিচাৰি চোৱাৰ৷
তাৰ বাবে প্ৰয়োজনীয় দূৰদৃষ্টি, একাগ্ৰতা, সময়-জ্ঞান, ৰুচিবোধ একোৰে অভাৱ
নহৈছিল তেওঁৰ মাজত৷
সমস্যাৰ পাহাৰ ৰাধাগোবিন্দ বৰুৱাৰ বাবে সদায় চেলেঞ্জৰ বস্তু আছিল৷’ (ৰাধাগোবিন্দ বৰুৱা, পৃঃ৪) প্ৰচণ্ড সাহস আৰু উদ্যমৰ
বাবে ‘সিংহপুৰুষ’ হিচাপে আৰু অক্লান্ত সৃষ্টিশীল মনটোৰ বাবে ‘ৰূপখনিকৰ’ হিচাপে তেওঁ বন্দিত
আৰু সমাদৃত৷
ৰাধাগোবিন্দ বৰুৱাক ‘ৰূপখনিকৰ’ বুলি অভিহিত কৰি অতুলচন্দ্ৰ হাজৰিকাই কৈছিল–‘‘ৰাধাগোবিন্দ নামটো যেনে সুন্দৰ, স্বৰ্গগত, ৰাধাগোবিন্দ বৰুৱাৰ
কামবোৰো আছিল তেনে সুন্দৰ, সুদূৰপ্ৰসাৰী আৰু
সুপৰিকল্পিত৷
সেই কাৰণে মই তেওঁৰ নামৰ আগত ‘ৰূপখনিকৰ’ শব্দটো বহুৱাই ভাল পাইছোঁ৷’’
অসমৰ সমাজজীৱনত ৰাধাগোবিন্দ বৰুৱাৰ অৱদান মূলতঃ চাৰিখন ক্ষেত্ৰত বিশেষভাৱে লক্ষ্য কৰা যায়–অৰ্থনীতি, সাংবাদিকতা, সংস্কৃতি আৰু ক্ৰীড়া৷
অৰ্থনৈতিক ক্ষেত্ৰত ৰাধাগোবিন্দ বৰুৱাৰ অৱদানঃ
ঊনবিংশ শতিকাৰ
দ্বিতীয়াৰ্ধৰপৰা অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত এক ব্যাপক পৰিৱৰ্তনৰ সূচনা হয়৷ আৰ্থসামাজিক জীৱনত
ব্যৱসায়-বাণিজ্যই এক নতুন অধ্যায়ৰ সূচনা কৰে,
শিল্প-উদ্যোগৰ
সম্প্ৰসাৰণে নতুন যুগৰ আৰম্ভ কৰে৷
ৰেভিনিউ চিৰাস্তাদাৰ তথা চাহ-ব্যৱসায়ী গুণগোবিন্দ বৰুৱাৰ বৰপুত্ৰ হোৱা হেতু অসমৰ
এই পৰিৱৰ্তিত অৰ্থনীতি আৰু ব্যৱসায়ৰ সৈতে ৰাধাগোবিন্দ বৰুৱাৰ পৰিচয় জন্মসূত্ৰেই
ঘটিছিল৷ কৌশোৰ কালৰে পৰা
ব্যৱসায়ী হোৱা সপোন দেখা আৰু পৰৱৰ্তী সময়ত ব্যৱসায়ী হিচাপে খ্যাতি লাভ কৰা ৰাধাগোবিন্দ বৰুৱাৰ
কেইবাটাও কামে সমসাময়িক অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনক সমৃদ্ধ কৰিছিল৷ যিসমূহক তেওঁৰ উল্লেখযোগ্য
সামাজিক-অৱদান হিচাপে অভিহিত কৰিব পৰা যায়৷
ব্যৱসায়ী হোৱাৰ স্বপ্ন দেখা
ৰাধাগোবিন্দ বৰুৱাক দেউতাকৰ বাগিছাৰ মোহে বান্ধি ৰাখিব পৰা নাছিল৷ কানি আৰু খেৰৰ ব্যৱসায়তো ধৰা
বৰুৱাই পাছত একাউণ্টেচী আৰু বুক-কিপিং শিকাৰ আগ্ৰহেৰে কলিকতালৈ গৈছিল আৰু কলিকতাৰ
সংগ্ৰামময় জীৱনে তেওঁৰ জীৱনক নতুন গতি প্ৰদান কৰে৷ কলিকতাৰ উন্নত আৰু আধুনিক
জীৱন-যাত্ৰাই তেওঁক অসমখন নতুনকৈ গঢ়িবলৈ প্ৰভাৱিত আৰু অনুপ্ৰাণিত কৰিছিল৷ কলিকতাত দেখা বেংকৰ আৰ্হিৰে
অসমতো বেংক প্ৰতিষ্ঠা কৰাৰ এটা স্বপ্নই তেওঁৰ মনত বাহ লৈছিল৷ আৰn সেই স্বপ্নক বাস্তৱায়িত কৰাৰ দূবাৰ্ৰ আকাংক্ষাৰে
ৰাধাগোবিন্দ বৰুৱাই কেমৰণ চাহাবৰ সৈতে লগ লাগি ১৯২৩ চনত ডিব্ৰুগড় ট্ৰেজাৰীত অসমৰ
প্ৰথমটো বেংকৰ প্ৰতিষ্ঠা কৰিছিল৷
যাৰ নাম আছিল ‘ইম্পেৰিয়েল বেংক’৷
অসমৰ অৰ্থনৈতিক ইতিহাসত ইম্পেৰিয়েল বেংক এটা মাইলৰ খঁুটি৷ তিতা-মিঠা অভিজ্ঞতাৰ মাজেৰে
ৰাধাগোবিন্দ বৰুৱাৰ বেংক-ব্যৱসায়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ তদুপৰি বম্বে মিছুৱেল
কোম্পানীৰ বীমা এজেণ্ট হিচাপেও তেওঁ সাফল্য অৰ্জন কৰিছিল৷ অসমৰ বাবে সেয়া আছিল একেবাৰে
অনাস্বাদিত অভিজ্ঞতা৷
সেই দিশৰ পৰা ৰাধাগোবিন্দ বৰুৱাক অসমৰ বীমা-ব্যৱসায়ৰ পথ-প্ৰদৰ্শক বুলি অভিহিত কৰিব
পাৰি৷ উল্লেখযোগ্য যে
সৰ্বভাৰতীয় পযাৰ্য়ত তেওঁ দুবাৰ শ্ৰেষ্ঠ এজেণ্টৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু
বীমা ব্যৱসায়ত তেখেতে লাভ কৰা এই কৃতিত্বৰ কথা ‘আৱাহন’আলোচনীত ফটোসহ প্ৰকাশিত হৈছিল৷
নেচনেল ছেভিংচ চেণ্টেল এড্ভাইচাৰী বৰ্ডৰ সদস্য হিচাপে তথা অসমৰ স্মল ছেভিংচ এড্ভাইচাৰী বৰ্ডৰ চেয়াৰমেন হিচাপেও তেওঁ বিশেষ ব্যুৎপত্তি লাভ কৰিবলৈ সক্ষম হৈছিল৷ এই পদদুটাত কাৰ্যনিবাহ কৰি অৰ্জন কৰা কৃতিত্বৰ বাবে তদানীন্তন নেচনেল ছেভিংচ চেণ্টেল এড্ভাইচাৰী বৰ্ডৰ চেয়াৰমেন তাৰকেশ্বৰী সিন্হাই ৰাধাগোবিন্দ বৰুৱাৰ ভূয়সী প্ৰশংসা কৰিছিল৷ এই আস্থা আৰু বিশ্বাসৰ মযাৰ্দা ৰক্ষা কৰাত তেওঁ কৃপনালি কৰা নাছিল৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ ভিন্ন অঞ্চলৰ বিভিন্ন সমস্যাৰ বুজ লৈ তেওঁ সঞ্চয় আঁচনিৰ গুৰি ধৰিছিল আৰু মূলতঃ তেওঁৰ নেতৃত্বতেই অসমে ভাৰতৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ অসমত চাহৰ নিলাম বজাৰ গুৱাহাটীত পতাৰ ক্ষেত্ৰতো তেখেতেই অগ্ৰণী ভূমিকা লৈছিল৷ মুঠ কথাত, বিংশ শতিকাৰ অসমৰ অৰ্থনৈতিক নৱজাগৰণত ৰাধাগোবিন্দ বৰুৱাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷
সংবাদ-ক্ষেত্ৰত ৰাধাগোবিন্দ বৰুৱাৰ অৱদানঃ
মানৱ সভ্যতাৰ উত্তৰণত ছপাশালৰ
ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ৷
বেপ্তিছ মিছনেৰীসকলৰ উদ্যোগত ১৮৪৩ চনত শিৱসাগৰত স্থাপিত হোৱা ছপাশালেই আধুনিক
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ভেটি স্থাপন কৰিছিল৷ ৰাধাগোবিন্দ বৰুৱাৰ পৰিয়ালৰ ‘বৰুৱা প্ৰেছ’ৰ গুৰুত্বও অসমৰ
সংবাদ জগতৰ ইতিহাসত বিশেষভাৱে আছে৷
অসমৰ সংবাদ-জগতত ৰাধাগোবিন্দ বৰুৱাৰ ভূমিকাক তেওঁৰ জীৱনৰ আটাইতকৈ উল্লেখযোগ্য
কীৰ্তি হিচাপে অভিহিত কৰিব পাৰি৷
ইয়াৰ সৈতে জড়িত হৈ আছে এক অক্লান্ত সংগ্ৰামৰ অধ্যায়৷ সুযোগসন্ধানী বৰুৱাই
কেইবাটাও সৰু-বৰ প্ৰেছ ক্ৰয় কৰি ডিব্ৰুগড়ৰ ‘বৰুৱা প্ৰেছ’ক আধুনিক ৰূপ প্ৰদান কৰিছিল৷ পূৰ্বৰ ব্যৱসায়বোৰৰ দৰেও
প্ৰেছৰ-ব্যৱসায়টো ৰাধাগোবিন্দ বৰুৱাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু সফলতাই কোনোদিন তেওঁৰ
মনৰ প্ৰৱল আৰু অদম্য ইচ্ছাশক্তিক অতিক্ৰম কৰিব পৰা নাছিল৷ তেওঁৰ মনত প্ৰশ্ন জাগ্ৰত হ’ল যে চাহ বাগিছাৰ চাহাবৰ কাম কৰা, বিয়াৰ চিঠি–চিনেমাৰ হেণ্ডবিল
বনোৱাই কেৱল প্ৰেছৰ কাম নেকি (?)৷ এক অতৃপ্তি আৰু অভাৱবোধে
তেওঁৰ মনত ক্ৰিয়া কৰিলে আৰু ৰাধাগোবিন্দ বৰুৱাই এখন বাতৰিকাকত প্ৰকাশৰ সপোন দেখিলে৷ এখন ইংৰাজী বাতৰিকাকত৷ কেদাৰ নাথ গোস্বামীৰ
সম্পাদনাত সেইসময়ত ডিব্ৰুগড়ৰ পৰা ‘টাইমচ্ অৱ আসাম’ নামৰ এখন সাপ্তাহিক ইংৰাজী কাকতৰ প্ৰকাশ হৈছিল৷ সেইখনৰ আৰ্হিৰেই ৰাধাগোবিন্দ
বৰুৱাই পৰিকল্পনা এটা কৰি পেলালে৷
কিন্তু প্ৰতিবন্ধকতা নহাকৈ নাছিল৷ ‘টাইমচ্ অৱ আসাম’ৰ সম্পাদক গোস্বামীয়ে
বৰুৱাৰ পৰিকল্পনাকলৈ নিৰাশা ব্যক্ত কৰিলে৷ কিন্তু তেওঁ কৰিম বুলি প্ৰতিজ্ঞা কৰা কাম এটা এৰি দিয়া
বিধৰ মানুহ নাছিল৷
কেদাৰনাথ গোস্বামীৰ মন্তব্যক তেওঁ চেলেঞ্জ হিচাপে গ্ৰহণ কৰিলে৷ ‘আসাম ট্ৰিবিউন’ৰ ৰপালী জয়ন্তীৰসময়ত
প্ৰকাশিত এটা প্ৰবন্ধত তেওঁ লিখিছে–‘Actually
his doubts made me more determined and I made up my mind to see that a second
weekly got its footing in Assam’৷
মাইজান চাহ বাগিছাৰ
চুপাৰিণ্টেডেণ্ট আৰু ইণ্ডিয়ান টি এছোছিয়েচনৰ অসম শাখাৰ ভাইচ চেয়াৰমেন মিষ্টাৰ
বয়েলৰ পৰামৰ্শমতে প্ৰকাশ পাবলগীয়া কাকতখনৰ নাম ৰখা হ’ল–Assam
Tribune৷
নাম স্থিৰ হ’ল, প্ৰেছ সাজু, কিন্তু সম্পাদকক লৈ
পুনৰ সমস্যাৰ সৃষ্টি হ’ল৷ শেষত ৰাধাগোবিন্দ বৰুৱা কাষ
চাপিল লক্ষ্মীনাথ ফুকনৰ ৷
অসমৰ সংবাদ পত্ৰৰ ইতিহাসৰ উজ্জ্বল নক্ষত্ৰ লক্ষ্মীনাথ ফুকনে তেতিয়া সুপ্ৰতিষ্ঠিত
কলিকতীয়া ইংৰাজী দৈনিক কাকত ‘হিন্দুস্থান ষ্টেণ্ডাৰ্ড’ৰ সহ-সম্পাদক হিচাপে কাৰ্যনিবাহ কৰি আছিল৷ অসমত ইংৰাজী কাকত এখন চলাই
থকাৰ অনুকূল পৰিৱেশ যিহেতু তেতিয়া নাছিল সেয়ে লক্ষ্মীনাথ ফুকনে প্ৰথমে বৰুৱাৰ
প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল৷ কিন্তু পৰৱত¹ সময়ত ৰাধাগোবিন্দ বৰুৱাৰ উৎসাহ আৰু দক্ষতাৰদ্বাৰা প্ৰভাৱিত হৈ, আস্থা আৰু বিশ্বাসক সাৰোগত কৰি সাপ্তাহিক Assam Tribune ১ সম্পাদনাৰ বাবে তেওঁ
কলিকতাৰ পৰা উভতি আহিছিল৷
এই দুজন বৰেণ্য ব্যক্তিৰ সংযোগে অসমৰ বাতৰি-কাকতৰ ইতিহাসক নতুন মাত্ৰা আৰু গতি
প্ৰদান কৰিলে৷
১৯৩৮ চনৰ চাৰি আগষ্টৰ দিনা ৰাধাগোবিন্দ বৰুৱাৰ সপোন বাস্তৱায়িত হ’ল৷
ডিব্ৰুগড়স্থিত বৰুৱা প্ৰেছৰ পৰা সাপ্তাহিক ইংৰাজী কাকত Assam
Tribune ১ প্ৰকাশ হ’ল৷ ‘আসাম ট্ৰিবিউন’
প্ৰকাশ
হোৱাৰ লগে লগে ‘দি টাইমছ অৱ আসাম’ৰ জনপ্ৰিয়তা হ্ৰাস হ’ল, কম দিনৰ ভিতৰতে
কাকতখন বন্ধ হৈ পৰিল৷
একমাত্ৰ ইংৰাজী কাকত হিচাপে ‘আসাম ট্ৰিবিউন’এ সূচনা কৰিলে অসমীয়া বাতৰিকাকতৰ এক সুকীয়া ধাৰা৷ বিজ্ঞাপন সংগ্ৰহ, সম্পাদনা আদিৰ ক্ষেত্ৰত ৰাধাগোবিন্দ বৰুৱা আৰু লক্ষ্মীনাথ
ফুকন বিভিন্ন সমস্যা তথা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও ৰাধাগোবিন্দ বৰুৱাই
তাৰ মাজতে এখন ইংৰাজী দৈনিকৰ সপোনো দেখিছিল৷ আৰম্ভ কৰিছিল পৰিকল্পনা৷ তেওঁ উপলব্ধি কৰিছিল যে
দৈনিক ইংৰাজী কাকত এখনৰ বাবে ডিব্ৰুগড় অনুকূল ঠাই নহ’ব৷
সেয়েহে কাকতখন গুৱাহাটীৰ পৰা প্ৰকাশৰ পৰিকল্পনা হাতত ল’লে৷
গুৱাহাটীৰ মোহিনী গোস্বামীৰ পৰা মাটি ক্ৰয় কৰি ট্ৰিবিউন প্ৰেছৰ প্ৰতিষ্ঠাৰ কাম
আৰম্ভ হ’ল ৷ ডিব্ৰুগড়ৰ সলনি ১৯৪৬ চনৰ ১৪
আগষ্টৰ পৰা গুৱাহাটীৰ পৰা সাপ্তাহিক ‘আসাম ট্ৰিবিউন’ৰ প্ৰকাশ হয়৷
ডেৰমাহৰ পাছত ১৯৪৬ চনৰ ৩০ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা দৈনিক ইংৰাজী বাতৰিকাকত
হিচাপে অসমীয়া বাতৰি-কাকতৰ ইতিহাসক সমৃদ্ধ কৰি লক্ষ্মীনাথ ফুকনৰ সম্পাদনাত ‘আসাম ট্ৰিবিউন’ৰ প্ৰকাশ হয়৷ সেইখনেই আছিল অসমৰ প্ৰথম
দৈনিক বাতৰিকাকত৷
নিৰপেক্ষ আৰু নিভ¹ক সাংবাদিকতাৰে
ট্ৰিবিউন এখন আদৰ্শ দৈনিক হৈ উঠিছিল৷
তদানীন্তন চাদুল্লা চৰকাৰ-গোপীনাথ চৰকাৰৰ জনস্বাৰ্থবিৰোধী কাৰ্যকলাপৰ সমালোচনা
কৰাৰ হেতু চৰকাৰী বিজ্ঞাপন বন্ধ কৰিও দিয়া হৈছিল৷ কিন্তু ৰাধাগোবিন্দ বৰুৱা
নিজৰ স্থিতিত অটল আছিল৷
অটল আছিল ‘আসাম ট্ৰিবিউন’৷
ৰূপালী জয়ন্তী অনুষ্ঠানত বিমলা প্ৰসাদ চলিহাই কোৱাৰ দৰেই ‘আসাম ট্ৰিবিউন’
এতিয়া
অসমৰ এটা জাতীয় অনুষ্ঠান৷
উল্লেখযোগ্য যে কাকতৰ প্ৰকাশক বা সম্পাদকীয় দৃষ্টিকোণক স্বত্বাধিকাৰ ৰাধাগোবিন্দই
কেতিয়াও হস্তক্ষেপ কৰা নাছিল৷
তেওঁ কেৱল অক্লান্ত-অবিৰত কৰ্মত বিশ্বাস কৰিছিল৷ ‘আসাম ট্ৰিবিউন’ৰ পাছত তেওঁ সপোন
দেখিছিল এখন অসমীয়া সাপ্তাহিকৰ৷
যাৰ ফলত জন্ম হৈছিল ‘অসম বাণী’ৰ৷
প্ৰকাশৰ পাছৰে পৰা অসম বাণীয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল৷ তীব্ৰ প্ৰতিযোগিতাৰ মাজতো ‘অসম বাণী’য়ে পাঠকৰ ব্যাপক
সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল৷
১৯৬৫ চনৰ ৪ আগষ্ট তাৰিখে কীৰ্তিনাথ হাজৰিকাৰ সম্পাদনাত ‘দৈনিক অসম’ শীৰ্ষক দৈনিক অসমীয়া
বাতৰিকাকতখনো ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগতে প্ৰকাশিত হ’ল৷
নিজৰ দক্ষতা আৰু কৌশলেৰে অসমৰ বাতৰিকাকতৰ ইতিহাসক তেওঁ যি নতুন গতি প্ৰদান কৰিবলৈ
সক্ষম হৈছিল সেয়া নিঃসন্দেহে অসমৰ সমাজজীৱনলৈ তেখেতৰ যুগান্তকাৰী অৱদান৷ দৰাচলতে বাতৰি কাকতক
ৰাধাগোবিন্দ বৰুৱাইয়ে এক উদ্যোগত পৰিণত কৰাইছিল৷
ট্ৰিবিউন প্ৰেছ প্ৰতিষ্ঠানৰ সৈতে ৰাধাগোবিন্দ বৰুৱাই ‘সাহিত্য প্ৰকাশ’ নামেৰে গ্ৰন্থ প্ৰকাশন এটাও গঢ়ি তুলিলে৷ ৰাধাগোবিন্দ বৰুৱাই ‘সাহিত্য প্ৰকাশ’ আৰম্ভ কৰাৰ উদ্দেশ্য আছিল মহৎ আৰু সমসাময়িক অন্যান্য প্ৰকাশনতকৈ ব্যতিক্ৰম৷ তেওঁ মূলতঃ পুৰণি লেখকসকলৰ গ্ৰন্থৰাজিৰ প্ৰকাশ কৰাত গুৰুত্ব দিছিল৷ ‘সাহিত্য প্ৰকাশ’এ প্ৰথমে ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰাজি আৰু বেজবৰুৱাৰ সাহিত্যৰাজি গ্ৰন্থাকাৰে প্ৰকাশৰ ব্যৱস্থা কৰিছিল৷ ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগতেই বেজবৰুৱাৰ জন্ম-শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি কোনো চৰকাৰী অনুদান নোহোৱাকৈ দুটা বৃহৎ খণ্ডত ‘বেজবৰুৱা গ্ৰন্থাৱলী’ প্ৰকাশ কৰা হৈছিল৷ এয়া আছিল অসমৰ সমাজ জীৱন তথা সাহিত্যৰ ক্ষেত্ৰখনলৈ ৰাধাগোবিন্দ বৰুৱাৰ এক মহৎ অৱদান৷ পৰৱৰ্তী সময়তো সাহিত্য প্ৰকাশৰদ্বাৰা ভিন্ন বিষয়ৰ গ্ৰন্থৰ প্ৰকাশ হৈ আহিছে, যি অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত সমৃদ্ধ কৰিছে৷
সাংস্কৃতিক ক্ষেত্ৰত ৰাধাগোবিন্দ বৰুৱাৰ অৱদানঃ
এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপেও ৰাধাগোবিন্দ বৰুৱাৰ ভূমিকা উল্লেখনীয়৷ অসমত শাস্ত্ৰীয় সংগীতৰ চচাৰ্
আৰু বিকাশৰ লগতে থলুৱা সংগীতৰ উন্নতি সাধিবলৈ ৰাধাগোবিন্দ বৰুৱাই ‘অসম সঙ্গীত সন্মিলনী’ৰ জন্ম দিছিল৷ ‘অসম সঙ্গীত সন্মিলনী’ৰ উদ্দেশ্য সম্পৰ্কত
ৰাধাগোবিন্দ বৰুৱাই কৈছিল–‘প্ৰধান দুটা
উদ্দেশ্যৰেই আমি সঙ্গীত সন্মিলনী গঢ়িছিলোঁ৷ এটা হ’ল অসমত উচ্চাঙ্গ সংগীত জনপ্ৰিয় কৰিবলৈ আৰু আনটো অসমৰ থলুৱা
নৃত্য-গীতৰ উন্নতি সাধিবলৈ..৷’ তেখেতৰ উদ্যোগতে চাৰ্চ ফিল্ডত
ত্ৰিৰ্পালেৰে সজা পেণ্ডেলৰ তলত সমবেত হৈছিলহি পণ্ডিত বিনাওক ৰাও পটবৰ্ধন, বি ভি পালুস্কাৰ,
ওস্তাদ
বড়ে গোলাম আলি খাঁ, ৰছুলন বাঈ, আমিৰ খাঁৰ তদানীন্তন সময়ৰ ভাৰতৰ প্ৰসিদ্ধ সংগীতজ্ঞসকল, পণ্ডিত ৰবিশংকৰ,
বিলায়েৎ
হুচেন খাঁ, আলী আকবৰ, নিখিল বেনাজ¹, শান্তাপ্ৰসাদ, নিখিল ঘোষ, কেৰামতুল্লা, চাগিৰুদ্দিনৰ দৰে
বিশিষ্ট যন্ত্ৰসংগীতজ্ঞ, দময়ন্তী যোশী, চিতাৰা দেৱী, গোপীকৃষ্ণনৰ দৰে
নৃত্যশিল্পী৷
যিটো কেৱল ৰাধাগোবিন্দ বৰুৱাৰ বাবেই সম্ভৱ আছিল৷ বঙলুৱা সংগীতে অসমৰ
সংগীত-জগতক আগ্ৰাসন কৰাৰ সময়ত থলুৱা সংগীতৰ চচাৰ্ৰ বাবে তেওঁ যি সজাগতা সৃষ্টিৰ
প্ৰয়াস কৰিছিল সেয়া নিঃসন্দেহে গুৰুত্বপূৰ্ণ আছিল৷ ১৯৫৭ চনৰ জানুৱাৰী মাহত ‘অসম সঙ্গীত সন্মিলনী’ৰ উদ্যোগত ‘অসম কলেজ অৱ্ মিউজিক’ৰ প্ৰতিষ্ঠা কৰা
হৈছিল৷ সুনিৰ্দ্ধাৰিত
পৰিকল্পনা আৰু প্ৰয়োজনীয় পঁুজিৰ অভাৱত যদিও ‘অসম সঙ্গীত সন্মিলনী’ বন্ধ হৈ গৈছিল কিন্তু অসমৰ সাংস্কৃতিক ইতিহাসত ইয়াৰ স্থান
চিৰযুগমীয়া হৈ ৰ’ব৷
অসমীয়াৰ জাতীয় পৰিচয় তথা জাতীয়
উৎসৱ বিহুৰ নৱজন্মদাতা ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগতেই গছতলৰ বিহুৱে মঞ্চত স্থান লাভ
কৰিছিল৷ নানা প্ৰতিবন্ধকতা, বিদ্ৰুপ, ঠাট্টা, সমালোচনাক অতিক্ৰম কৰি বিহুৰ ঐতিহ্যক নতুন আৰু আধুনিক ৰূপত
তেওঁ প্ৰতিষ্ঠা কৰিছিল৷
১৯৫২ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত সূচনা হোৱা বিহুৰ এই নৱজাগৰণে পৰৱৰ্তী সময়ত সমগ্ৰ অসমকে ঢৌৱাই গ’ল৷
অতুল চন্দ্ৰ হাজৰিকাৰ ভাষাত–‘ৰাধাগোবিন্দ বৰুৱাই
প্ৰথমবাৰ গুৱাহাটীৰ লতাশিল পথাৰত বিহুতলী পাতি গাঁৱৰ বিহু নগৰলৈ আদৰি আনিলে৷ পুৰণি বিহুক নতুন ৰূপত সজাই
তুলিলে...আজিকালি অৱশ্যে এই নগৰীয়া বিহুত কিছু আৱৰ্জনা আৰু অনিয়ম সোমাইছে৷ সেইটো ৰাধাগোবিন্দ বৰুৱাৰ
দোষ নহয়৷
বিহুবলীয়া ৰাইজে সেইখিনি সংশোধন কৰি ল’লে ৰাধাগোবিন্দ
বৰুৱাৰ আত্মাই তৃপ্তি পাব৷’ (‘ৰাধাগোবিন্দ বৰুৱা’ঃ নিৰোদ চৌধুৰী,
পৃঃ ৮-৯) মুকলি পথাৰৰ পৰা বিহুক মঞ্চলৈ অনাৰ অন্তৰালত ৰাধাগোবিন্দ বৰুৱাৰ এক মহৎ
উদ্দেশ্য অন্তনিৰ্হিত হৈ আছিল৷
এয়া আছিল অসমৰ পৰম্পৰাগত সংস্কৃতিক বিশ্বৰ সন্মুখত সবল ভাৱে উপস্থাপন কৰাৰ এক
শক্তিশালী প্ৰয়াস৷
কিন্তু সম্প্ৰতি মঞ্চবিহুৰ জৰিয়তে যি ঐতিহ্য আৰু পৰম্পৰা-বিৰোধী কাৰ্যকলাপ হ’ব ধৰিছে, সেইবোৰৰ পৰা বিহুক
নিৰ্মূল কৰি ৰাখিব পাৰিলেহে মঞ্চ-বিহুৰ পিতৃপুৰুষজনৰ প্ৰতি আমি যথোচিত সন্মান
প্ৰদৰ্শন কৰা হ’ব৷ উল্লেখযোগ্য যে পৰৱত¹ সময়ত ৰাধাগোবিন্দ বৰুৱাই ঢুলীয়া, গায়ক আদিক পুৰস্কাৰ প্ৰদান কৰাৰ ব্যৱস্থাও আৰম্ভ কৰিছিল৷
ডিব্ৰুগড়ৰ নাট্য আন্দোলনক পুনৰোজ্জীৱিত কৰা আৰু ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্য মন্দিৰৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰতো ৰাধাগোবিন্দ বৰুৱাই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ সু-অভিনেতা ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগতে ডিব্ৰুগড়ত সহ-অভিনয়ৰ সূচনা হৈছিল৷ ব্ৰজনাথ শমাৰ্ই যি সহ-অভিনয়ৰ সূচনাৰে অসমৰ নাট্য-ক্ষেত্ৰত নতুন জাগৰণৰ সৃষ্টি কৰিছিল সেই জাগৰণক ডিব্ৰুগড়লৈ ৰাধাগোবিন্দ বৰুৱাই কঢ়িয়াই আনিছিল৷ সমসাময়িক সময়ত সহ অভিনয় কৰাটো সহজ কথা নাছিল৷ সমূখলৈ অহা বিভিন্ন প্ৰতিবন্ধকতাক অতিক্ৰম কৰি তেখেতে সহ-অভিনয়ৰ বাট মুকলি কৰিছিল৷ ডিব্ৰুগড়ত অসমীয়া নাটৰ মাজত নৃত্য পৰিৱেশনো ৰাধাগোবিন্দ বৰুৱাৰ প্ৰয়াসতে আৰম্ভ হৈছিল৷ তাৰ পূৰ্বে ডিব্ৰুগড়ত অসমীয়া নাটৰ মাজত নৃত্য প্ৰদৰ্শন কৰা নহৈছিল৷ উল্লেখযোগ্য যে, তেওঁ তৃতীয়খন অসমীয়া চলচ্চিত্ৰ ‘মনোমতী’ত মান সেনাৰ চৰিত্ৰতো অভিনয়ো কৰিছিল৷
ক্ৰীড়াক্ষেত্ৰত ৰাধাগোবিন্দ বৰুৱাৰ অৱদানঃ
এজন ক্ৰীড়া সংগঠক হিচাপে অসমৰ ক্ৰীড়া ক্ষেত্ৰত ৰাধাগোবিন্দ বৰুৱাৰ ভূমিকা অতি উল্লেখযোগ্য৷ তেওঁ নিজে শৰীৰ-চচাৰ্ৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল৷ অসমীয়া যুৱকক শৰীৰ চচাৰ্ৰ প্ৰতি প্ৰেৰণা যোগাবলৈকে তেওঁ ১৯৩৭ চনত ডিব্ৰুগড়ত অসম অলিম্পিকৰ আয়োজন কৰিছিল৷ ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত পাঁচদিন ধৰি এই অলিম্পিক অনুষ্ঠিত হৈছিল৷গুৱাহাটীলৈ যোৱাৰ পাছত তেওঁ বিভিন্ন ক্ৰীড়া সংগঠনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে৷ সেই সময়ত গুৱাহাটীৰ ক্ৰীড়া ক্ষেত্ৰৰ দুটা উল্লেখযোগ্য নাম আছিল–গুৱাহাটী টাউন ক্লাৱ আৰু মহাৰাণা ক্লাৱ৷ ক্ৰীড়াৰ প্ৰতি ৰাধাগোবিন্দ বৰুৱাৰ আগ্ৰহৰ কথা অৱগত হৈ তেওঁক গুৱাহাটী টাউন ক্লাৱৰ উপসভাপতি পতা হ’ল৷ তেওঁৰ নেতৃত্বত পূৰ্বৰ শোচনীয় ক্লাৱটো সজীৱ হৈ উঠিল৷ পিছৰ বছৰ তেওঁ ক্লাৱৰ সভাপতি হ’ল৷ পৰৱৰ্তী সময়ত গুৱাহাটী স্পৰ্টছ এছ’চিয়েচন, অসম ফুটবল এছ’ছিয়েচন, আসাম ক্ৰিকেট এছ’চিয়েচন, আসাম লন টেনিছ এচ’ছিয়েচন আদিৰ সভাপতিৰ পদত কাৰ্যনিবাহ কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নতিৰ বাবে ৰাধাগোবিন্দ বৰুৱাই নিজকে উছৰ্গা কৰিলে৷ এজন ক্ৰীড়া-সংগঠক হিচাপে তেওঁৰ দক্ষতা অনস্বীকাৰ্য৷ ৰাধাগোবিন্দ বৰুৱাৰ সভাপতিত্বৰ কালতে গুৱাহাটী টাউন ক্লাৱে এবাৰ ত্ৰিমুকুট অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ তেতিয়া জজ খেলপথাৰত লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ ষ্টেডিয়ামবিহীন গুৱাহাটীত জজ ফিল্ডেই আছিল ফুটবলৰ প্ৰাণকেন্দ্ৰ৷ যদিও কষ্ট হৈছিল, অসুবিধা হৈছিল কিন্তু ৰাইজৰ উৎসাহ-উদ্দীপনা আকাশলঙঘী আছিল৷ প্ৰতিকূল পৰিৱেশৰ মাজতে টিনপাতেৰে ঘেৰি খেল পতাৰ আয়োজন চলিছিল৷ কিন্তু এনেতে এনেদৰে খেল আয়োজন কৰিব নালাগে বুলি স্বয়ং মুখ্যমন্ত্ৰীৰ পৰা নিদেৰ্শ আহিল৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৰাধাগোবিন্দ বৰুৱাই খেল পতাৰ সপক্ষে যুক্তি দিছিল আৰু সুযোগৰ সদ্বৱ্যৱহাৰ কৰি এখন ষ্টেডিয়ামৰো দাবী কৰিছিল৷ খেল হৈছিল৷ ৰাধাগোবিন্দ বৰুৱাৰ মনতো এটা নতুন সপোনে বাহ লৈছিল৷ গুৱাহাটীত এখন ষ্টেডিয়াম নিমাৰ্ণ কৰাৰ সপোন৷ তেতিয়া যোৰহাটত পি.ডি.ষ্ট্ৰেচীয়ে এখন ষ্টেডিয়াম গঢ় দিছিল৷ যদিও তেওঁৰ উদ্দেশ্য মহৎ আছিল কিন্তু ষ্টেডিয়ামখন আছিল সৰু, অপৰিকল্পিত আৰু অনুন্নত৷ এইখনেই আছিল অসমৰ প্ৰথম ষ্টেডিয়াম৷ ষ্টেচীৰ দৰে ৰাধাগোবিন্দ বৰুৱা বিফল হ’ব নিবিচাৰিলে৷ সুপৰিকল্পনাৰে আগবাঢ়িল৷ ষ্টেডিয়ামৰ বাবে পৌৰসভাৰ জাবৰ-জোথৰ পেলোৱা ঠাইখিনি নিবাৰ্চন কৰিলে ৷ প্ৰয়োজনীয় অনুমতি গ্ৰহণ আৰু প্ৰতিবন্ধকতা অতিক্ৰম কৰাৰ পাছত সম্পূৰ্ণ নিজা উদ্যোগত ষ্টেডিয়াম সজাৰ কাম আৰম্ভ কৰি দিলে৷ বিভিন্ন জনৰ পৰা, বিভিন্ন অনুষ্ঠানৰ পৰা পুঁজি সংগ্ৰহ কৰা হ’ল৷ ষ্টেডিয়ামৰ বাবে মাটি পেলাওতেই লাখ টকাৰ ওপৰত খৰচ হ’ল৷ কিন্তু ৰাধাগোবিন্দ বৰুৱা পিছ হুহকি অহা মানুহ নাছিল৷ দাৰা সিঙৰ দৰে মল্লযুদ্ধাক আমন্ত্ৰণ কৰি চাৰ্চ ফিল্ডত অসমত প্ৰথম বাৰৰ বাবে ৰেষ্টলিং পাতিছিল৷ ৰেষ্টলিঙৰ পৰা কিছু পঁুজি আহিল৷ ষ্টেডিয়ামৰ কামো আগবাঢ়িল৷ স্পৰ্টছ কাউন্সিল, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰেও সহায়ৰ হাত আগবঢ়ালে৷ তাৰেই এটা কভাৰ্ড গেলাৰী, দুটিমান পকী গেলাৰী আৰু অধিকাংশ কাঠৰ গেলেৰীৰে ষ্টেডিয়াম সম্পূৰ্ণ হ’ল৷ ১৯৬২ চনৰ ১৬ জুলাই তাৰিখে আনুষ্ঠানিকভাৱে মুকলি হ’ল গুৱাহাটী ষ্টেডিয়াম৷ গুৱাহাটীৰ আটাইতকৈ পৰিত্যক্ত ঠাইডোখৰতেই প্ৰাণ পাই উঠিল আজিৰ নেহৰু ষ্টেডিয়ামে৷ ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগতেই ৪৫ দিনৰ ভিতৰত ইনড’ৰ ষ্টেডিয়াম নিমাৰ্ণ কৰি ১৯৫৮ চনত অনুষ্ঠিত কৰা হৈছিল ২৩ সংখ্যক নেচনেল আৰু চতুৰ্থ ইণ্টাৰ ষ্টেট বেডমিণ্টন চেম্পিয়নশ্বিপ৷ যুৱক-যুৱতীৰ বাবে ফ্লায়িং ক্লাৱ গঠনৰ ক্ষেত্ৰতো ৰাধাগোবিন্দ বৰুৱাৰ ভূমিকা উল্লেখযোগ্য৷ ১৯৫৮ চনত ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগতে আসাম ফ্লায়িং ক্লাৱৰ প্ৰতিষ্ঠা হৈছিল৷ অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নতিৰ বাবে তেওঁ কৰা নিঃস্বাৰ্থ সেৱাই অসমৰ ক্ৰীড়াক্ষেত্ৰক বহুদূৰ আগুৱাই নিলে৷
মোখনিঃ
সমগ্ৰ জীৱন সমাজৰ বাবে উছৰ্গা কৰা সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা আছিল আধুনিক অসমৰ অন্যতম খনিকৰ৷উল্লেখযোগ্য যে অসমৰ পৰ্যটন উদ্যোগৰ বিকাশৰ বাবেও তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ অসম ট্যুৰিষ্ট এডভাইচাৰী বৰ্ডৰ সদস্য হিচাপে কাৰ্যনিবাহ কৰি থকা কালত অসমক পৰ্যটকৰ অন্যতম আকৰ্ষণৰ স্থল হিচাপে গঢ়ি তুলিবলৈ তেওঁ বহুতো পৰামৰ্শ দিয়াৰ লগতে পদক্ষেপ গ্ৰহণ কৰিছিল৷ আজীৱন ৰাজহুৱা কামৰ সৈতে জড়িত হৈ থকা ৰাধাগোবিন্দ বৰুৱাই জীৱনৰ শেষৰ ফালে গুৱাহাটী মহানগৰৰ প্ৰথমজন মেয়ৰ হোৱাৰ সৌভাগ্যও লাভ কৰিছিল৷ সোঁ-ভৰিটো পক্ষাগ্ৰস্ত হৈ পৰাৰ পাছতো জাপানৰ এক্সপো ছেভেণ্টীলৈ, মিউনিক অলিম্পিকলৈ যোৱাৰ সাহস কৰিছিল৷ ১৯৭৭ চনৰ ১৫ জুলাই তাৰিখে যদিও এইগৰাকী দূৰন্ত সাহসী সমাজ-সংগঠকে কায়িকভাৱে বিদায় লৈছিল কিন্তু নিজৰ কৰ্ম আৰু আদৰ্শেৰে চিৰদিন অফুৰন্ত শক্তি, অন্তহীন অনুপ্ৰেৰণা, দূদাৰ্ন্ত সাহসৰ প্ৰতীক হৈ তেওঁ জীয়াই থাকিব৷ ভূপেন হাজৰিকাই কৈছিল–‘ৰাধাগোবিন্দৰতো মৃত্যু হ’ব নোৱাৰে৷ এজন সৃষ্টিশীল ব্যক্তি হিচাপে তেওঁ চিৰদিন সন্মানিত হ’ব৷’ (ৰাধাগোবিন্দ বৰুৱাঃ নিৰোদ চৌধুৰী, পৃঃ ২৮৬) কিন্তু দূভাৰ্গ্যজনক ভাৱে আজিও ৰাধাগোবিন্দ বৰুৱাৰ জীৱন আৰু কৰ্মৰ সঠিক মূল্যায়ন হোৱা নাই৷ তেখেতৰ জীৱন আৰু কৰ্মৰ সূক্ষ্ম অধ্যয়নৰদ্বাৰা আধুনিক অসমৰ নিমাৰ্ণ কালৰ বহু অনাৱিস্কৃত কথা তথা বিংশ শতিকাৰ অসমৰ নৱজাগৰণৰ বহু দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা আছে৷
প্ৰকাশঃ অসম আদিত্য়, ২০১৮
No comments:
Post a Comment