বিকল্প গণমাধ্যম আৰু অসম






বিগত লোকসভা নির্বাচনৰ বহুচর্চিত ‘পৰিৱর্তন’ৰ ক্ষেত্ৰত চ’চিয়েল মেডিয়াই গ্ৰহণ কৰা যুগান্তকাৰী ভূমিকা সম্পর্কে আমি অৱগত৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নির্বাচনতো শক্তিশালী হিলাৰী ক্লিটনক পৰাজিত কৰি বিতর্কিত ডণাল্ড ট্ৰাম্পৰ বিজয়ৰ ক্ষেত্ৰত চ’চিয়েল মেডিয়াই লোৱা ভূমিকা সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলে৷ ইয়াক বহুসংখ্যক ৰাজনৈতিক সমালোচকে social media election বুলিয়েই অভিহিত কৰিছে‍৷ আমেৰিকাৰ বিশ্বখ্যাত মূলধাৰাৰ অধিকাংশ গণমাধ্যমৰেই সমীক্ষাক ভুল প্ৰতিপন্ন কৰি হোৱা এই বিজয়ক বহুতে আকৌ Mainstream Media ৰ বিৰুদ্ধে New Mediaৰ বিজয় বুলিও ক’ব খুজিছে৷ যি নহওক, আধুনিক বিশ্বত যে নব্য গণমাধ্যমৰ ভূমিকা ক্ৰমাৎ বৃদ্ধি পাইছে সেয়া এই দিশবোৰৰ পৰা স্পষ্ট হৈছে৷
The Church and New Media গ্ৰন্থত ভগ্ট ব্ৰেণ্ডনে নব্য গণমাধ্যমৰ সংজ্ঞা আগবঢ়াই কৈছে – `New media most commonly refers to content available on-demand through the Internet, accessible on any digital device, usually containing interactive user feedback and creative participation. Common examples of new media include websites such as online newspapers, blogs, wikis, video games and social media. A defining characteristic of new media is dialogue. New Media transmit content through connection and conversation. It enables people around the world to share, comment on, and discuss a wide variety of topics. Unlike any of past technologies, New Media is grounded on an interactive community`. (Page. 17)
ব্ৰেণ্ডনৰ সংজ্ঞাত নব্য মাধ্যমৰ পৰিসৰ আৰু প্ৰকাৰভেদ স্পষ্ট হৈছে৷ নব্য মাধ্যম ধাৰণাটো কেৱল চ’চিয়েল মেডিয়াৰ মাজতে সীমাবদ্ধ নহয়৷ ই বিভিন্ন ৱেবচাইট, ব্লগ, এপ্চ আদি ইন্টাৰনেট নির্ভৰ বিভিন্ন দিশক সামৰি লয়৷ মানৱ ইতিহাসত এই মাধ্যমসমূহৰ উত্থানৰ মূলতঃ আছে‍ তথ্য প্ৰযুক্তিৰ বিকাশ৷ তথ্য প্ৰযুক্তিৰ ব্যাপক উন্নয়নৰ ফচল এই নব্য গণমাধ্যমসমূহে গণসংযোগৰ উদ্দেশ্য আৰু কার্যাৱলীক অতি সহজসাধ্য কৰি আমাৰ সন্মুখত বিশাল সম্ভাৱনা দাঙি ধৰিছে৷ ‍
বর্তমান প্ৰে‍ক্ষাপটত ভাৰতবর্ষৰ অন্যতম চর্চিত বিষয়টোৱে হৈছে‍- ডিজিটেল ইণ্ডিয়া৷ প্ৰয়োজনীয় আন্তঃগাঁথনি নথকা ভাৰতবর্ষত ডিজিটেলাইজেচনৰ সপোন বাস্তৱায়িত হ’বলৈ হ’লে মুখ্য ভূমিকা ল’ব লাগিব নব্য গণমাধ্যমসমূহে৷ এই নব্য বা বিকল্প গণমাধ্যমসমূহ বিভিন্ন দিশৰ পৰা সুবিধাজনক৷ কিছুসংখ্যক চিন্তাবিদৰ মতে আন গণ মাধ্যমসমূহতকৈ এই নব্য গণ মাধ্যমসমূহ অধিক গণতান্ত্ৰিক ৷ সাধাৰণ জনসাধৰণকো মত প্ৰকাশৰ সুবিধা প্ৰদানৰ ব্যাপক সুযোগ প্ৰদান কৰা নব্য গণ মাধ্যমসমূহৰ গণসংযোগী কার্যাৱলীক Citizen journalism অভিধাৰেও বিভূষিত কৰা হয়৷ বহুসময়ত বিভিন্ন মূল ধাৰাৰ গণমাধ্যমে‍ বিভিন্ন ৰাজনৈতিক আর্দশেৰে প্ৰভাৱিত হৈ ‘হালধীয়া সাংবাদিকতা’ কৰাৰ সময়ত নব্য গণ মাধ্যমসমূহৰ দায়িত্ব আৰু গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে৷ মূলধাৰাৰ গণমাধ্যমৰ ভূমিকাত অসন্তুষ্ট হৈ বহুসময়ত জনসাধাৰণ নিজেই বিকল্প হ’বলৈ আগবাঢি় আহিছে আৰু এইক্ষেত্ৰত নব্য গণমাধ্যম বা বিকল্প গণমাধ্যমসমূহে এক বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিল‍িক্ষত হৈছে৷ আজিৰ বিশ্বৰ প্ৰে‍ক্ষাপটত ফেচবুক, টুইটাৰ, হোৱাটছআপ আদিয়েও পৰম্পৰাগত গণমাধ্যমসমূহৰ লগতে স্থান লাভ কৰিব পৰা হৈছে৷ ই-বুক, ই-মেগাজিন, ই-নিউজ পেপাৰ আদিয়ে ছপা মাধ্যমৰ প্ৰতিয়েই ভাবুকি কঢি়য়াই আনিছে৷
বিশ্বৰ প্ৰে‍ক্ষাপটত গণমাধ্যমৰ এই পৰিৱর্তনে অসমকো স্পর্শ কৰিছে৷ বহুসময়ত অসমৰ সমাজ-ৰাজনৈতিক েক্ষত্ৰৰ লগতে সাহিত্য-সাংস্কৃতিক েক্ষত্ৰখনতো নব্য গণমাধ্যমসমূহে ‍এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰা পৰিল‍িক্ষত হৈছে৷ যদিও চ’চিয়েল মেডিয়াৰ নেতিবাচক ব্যৱহাৰ সম্পর্কত কিছুমান সমালোচনাও শুনিবলৈ পোৱা যায় কিন্তু এইবোৰৰ সম্ভাৱনাক অস্বীকাৰ কৰিব নোৱাৰি৷ একাংশ সচেতন ব্যক্তিৰ উদে‍্যাগত চচিয়েল মেডিয়াতো গঠনমূলক চিন্তা চর্চা চলিছে আৰু ক্ৰমান্বয়ে ইয়াৰ পৰিসৰো বৃদ্ধি পাইছে৷ বহুসময়ত সমাজ জীৱনৰ কিছুমান গুৰুত্বপূর্ণ বিষয়ত জনমত সৃষ্টিতো চচিয়েল মেডিয়া হৈ পৰিছে অৱলম্বন৷ বিভিন্ন বিষয়ৰ যুক্তি‍-তর্কৰ মাধ্যমেৰে সমাজৰ দিক্-নির্ণয় কৰাৰ ক্ষেত্ৰতো ছপা মাধ্যমৰ লগতে চচিয়েল মিডিয়াইও অৱস্থান কৰিছে৷ অর্থাৎ সার্থক ভাৱে গণমাধ্যমৰ চৰিত্ৰ বহন কৰি‍ চচিয়েল মেডিয়াই এতিয়া অসমৰ পটভূমিতা এটা শক্তিশালী তথা বিকল্প গণমাধ্যম ৰূপে থিয় দিছে৷
অসমৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰখনতো নব্য গণ মাধ্যমৰ যোগ হৈছে৷ ১৯৯১ চনত ইউনিক’ড কনছর্টিয়াম নামৰ সংস্থাটোৱে ইউনিক’ডৰ উদ্ভাৱন কৰাৰ লগে লগে অসমীয়াৰ দৰে আঞ্চলিক ভাষাৰেও ইন্টাৰনেটত লিখা-মেলা কৰাৰ বাট প্ৰশস্ত হয় আৰু এই সুযোগৰ সদ্ব্যৱহাৰৰ জৰিয়তে একবিংশ শতিকাৰ আৰম্ভণিৰে পৰা অসমীয়া সাহিত্যৰ ইতিহাসতো এটা নতুন অধ্যায়ৰ আৰম্ভ হয়৷ কোনোৱে‍ চচিয়েল মেডিয়াকেই সাহিত্য চর্চাৰ মাধ্যম কৰি লৈছে‍ আৰু একাংশই ব্যক্তিগত বা আনুষ্ঠানিক ব্লগ আৰু ৱেবচাইটৰ জৰিয়তে অসমৰ সাহিত্য চর্চাৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে৷ ২০১০ চনৰ ১৩ মার্চৰ দিনা ‘এনাজৰী’ শীর্ষক অসমীয়া ই-আলোচনীখনৰ প্ৰকাশ হোৱাৰ লগে লগে অসমীয়া আলোচনীৰ ইতিহাসতো নতুন এটা ধাৰাৰ সূচনা হয়৷ পৰৱর্তী পর্যায়ত ‘সাহিত্য’, ‘নীলা চৰাই’ৰ দৰে বহুসংখ্যক বৈদ্যুতিন আলোচনীয়ে এই ধাৰাটোক সমৃদ্ধ কৰিছে‍৷ গ্ৰন্থ আৰু বাতৰিকাকতৰ ই-সংস্কৰণ প্ৰকাশৰ প্ৰতিও লেখক-প্ৰকাশক সকল উৎসাহী হয় আৰু সম্প্ৰতি প্ৰায় প্ৰতিখন অসমীয়া বাতৰিকাকতৰেই ই-সংস্কৰণ উপলব্ধ৷ তদুপৰি, বর্তমান ‘অসমীয়াৰ সুখ-দুখ’ৰ দৰে সম্পূর্ণ অনলাইন বাতৰি কাকতৰো প্ৰকাশ হৈ আছে৷ প্ৰায়বোৰ উচ্চশি‍ক্ষানুষ্ঠানতে ই-গ্ৰন্থাগাৰৰো আৰম্ভ হৈছে৷ মুঠ কথাত সম্প্ৰতি দৈনন্দিন জীৱনৰ সৈতে জডি়ত প্ৰায় সকলো ক্ষেত্ৰতেই নব্য গণমাধ্যমৰ প্ৰয়োগ আৰু চাহিদা বৃদ্ধি পাইছে আৰু পৰম্পৰাগত গণমাধ্যমৰ বিকল্প হিচাপে নতুন প্ৰজন্মই নব্য গণমাধ্যমক আকোৱালি লৈছে৷
নিঃসন্দেহে নব্য গণমাধ্যমৰ প্ৰয়োগ আৰু চাহিদাৰ বৃদ্ধি হোৱাটো এটা ইতিবাচক কথা৷ ইতিবাচক ৰূপত এই মাধ্যমসমূহৰ ব্যাপক ব্যৱহাৰেৰে‍ অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, অর্থনীতি‍ৰ ক্ষেত্ৰখনত এক নৱজাগৰণৰ সূচনা কৰিব পৰা যাব৷ তাৰ বাবে বিশেষকৈ নতুন চামে উদ্যোগ ল’ব লাগিব৷ অসমৰ ভাষা-সাহিত্য-সংস্কৃতিক বিশ্বৰ প্ৰে‍ক্ষাপটত সৱল আৰু শক্তিশালী ৰূপে উপস্থাপন কৰিব পৰাকৈ বহুতো সুযোগ এই মাধ্যমসমূহে আনি দিছে৷ নব্য গণমাধ্যমৰ উপযুক্ত ব্যৱহাৰেৰ আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰিব পাৰিলে অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ বাবে‍ বিশ্বায়ন কেতিয়াও প্ৰত্যাহ্বান হ’ব নোৱাৰে৷

প্ৰকাশঃ বৈদ্য়ুতিন আলোচনী বৌদ্ধিক বিচাৰ


No comments:

Post a Comment