‘‘...ecocriticism
is the study of the relation between literature and the physical environment.
Just as feminist criticism examines language and literature from a
gender-conscious perspective, and Marxist criticism brings an awareness of
modes of production and economic class to its reading of texts, ecocriticism
takes an earth-centered approach to literary studies.’’– Cheryll Glotfelty ১
গ্ল’টফেল্টিয়ে(Cheryll Glotfelty) ‘Literary Studies in the Age
of Environmental Crisis’শীৰ্ষকেৰে লিখা The
Ecocriticism Reader : Landmarks in Literary Ecology গ্ৰন্থৰ পাতনি(Introduction)ত উল্লেখ কৰা এই
সংজ্ঞাটোৱে পৰিপাৰ্শ্ব-সমালোচনো কি–সেয়া কিছুপৰিমাণে
স্পষ্ট কৰিছে৷
গ্ল’টফেল্টিৰ হাততেই
পৰিপাৰ্শ্ব-সমালোচনাৰ তাত্ত্বিক ভেঁটি স্থাপন হৈছিল৷ নভাডা বিশ্ববিদ্যালয়(University of Nevada)ৰ অধ্যাপক হিচাপে যোগদান কৰাৰ
পাছত হেৰল্ড ফ্ৰম(Harold Fromm)ৰ সৈতে লগ লাগি ১৯৯৬
চনত তেখেতে The Ecocriticism
Reader : Landmarks in Literary Ecology
শীৰ্ষক
গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছিল আৰু এই গ্ৰন্থখনেই হ’ল পৰিপাৰ্শ্ব-সমালোচনাৰ পথ-প্ৰদৰ্শক৷ উল্লেখযোগ্য যে ১৯৭৮ চনত State University of Newyorkৰ উইলিয়াম ৰোৱেকেৰ্ট(William Rueckert)এ তেখেতৰ ‘Literature and Ecology : An Experiment in
Ecocriticism’ শীৰ্ষক প্ৰবন্ধত ‘Ecocriticism’ শব্দটো প্ৰথমবাৰৰ
বাবে প্ৰয়োগ কৰে৷
আলোচনাৰ আঁৰৰ উদ্দেশ্য সম্পৰ্কে তেখেতে লিখিছে– ‘I am going to experiment with the application of ecology and
ecological concepts to the study of literature, because ecology (as a science,
as a discipline, as the basis for a human vision) has the greatest relevance to
the present and future of the world we all live in of anything that I have
studied in recent years. Experimenting a bit with the title of this paper, I
could say that I am going to try to discover something about the ecology of
literature, or try to develop an ecological poetics by ahplying ecological
concepts to the reading, teaching, and writing about literature.’২ কিন্তু প্ৰায় এটা
দশক ধৰি ৰোৱেকেৰ্টৰ এই পদটো আৰু তেখেতৰ পৰীক্ষাই বৌদ্ধিক সমাজত বিশেষ সমাদৰ লাভ
নকৰিলে৷ বিংশ শতিকাৰ নব্বৈ
দশকতহে এই সম্পৰ্কীয় চিন্তাই গ্ল’টফেল্টিৰ হাতত
সংগঠিতৰূপত প্ৰতিষ্ঠা লাভ কৰে৷
তেতিয়াৰ কৰ্ণেল বিশ্ববিদ্যালয়(Cornell
University)ৰ পিএইচ.ডি.ৰ গৱেষক গ্ল’টফেল্টিয়ে ৰোৱেকেৰ্টৰ
প্ৰবন্ধটো পঢ়াৰ পাছত সাহিত্য-সমালোচনাৰ পাঠ(text)কেন্দ্ৰিকতা আৰু নৃ-কেন্দ্ৰিকতা(Anthropocentric)ৰ বিৰোধ কৰি এই বিষয়ত
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন গৱেষক,
অধ্যাপক
আৰু লেখকৰ মনোযোগ আকৰ্ষণৰ উদ্দেশ্যে চিঠি প্ৰেৰণ কৰে৷ ১৯৮৯ চনত তেওঁৰ এই চিঠিয়ে
আমেৰিকাৰ বৌদ্ধিক সমাজত নতুন চিন্তাৰ বাট মুকলি কৰিছিল৷ The Ecocriticism Reader উপৰিও ১৯৯২ চনত Association for the study of literature and
Environment (ASLE)ৰ গঠন, নেভাডা বিশ্ববিদ্যালয়ত ১৯৯৫
চনত Centre for Environmental Arts
and Humaniesৰ প্ৰতিষ্ঠা আৰু লৰেন্স বোৱেল¸(Lawrence Buell)ৰ গ্ৰন্থ The Environmental Imaginations(১৯৯৫)ৰ প্ৰকাশে বিংশ শতিকাৰ শেষ দশকটোত সাহিত্য-সমালোচনাৰ ধাৰা হিচাপে আমেৰিকাত
পৰিপাৰ্শ্ব-সমালোচনাৰ প্ৰতিষ্ঠা আৰু উত্থানতবৰঙণি আগবঢ়ায়৷ উল্লেখযোগ্য যে তিনিগৰাকী
আমেৰিকান সাহিত্যিকৰ সাহিত্যই আমেৰিকা যুক্তৰাষ্ট্ৰতপৰিপাৰ্শ্ব-সমালোচনাৰ উত্থানত
গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷
তেওঁলোক হ’ল ক্ৰমে– ইমাৰচন (Ralph
Waldo Emerson,১৮০৩-১৮৮২), ফুলাৰ (Margaret Fuller, ১৮১০-১৮৫০) আৰু থ’ৰো(Henry David
Thoreau, ১৮১৭-১৮৬২)৷ ‘I
went to the woods because I wished to live deliberately, confront only the
essential facts of life, and see if I could not learn what it had to teach, and
not, when I came to die, discover that I had not lived.’৩–শীৰ্ষক বাক্যটিৰে আৰম্ভ হোৱা থ’ৰোৰ Walden(১৮৬২)ৰ মাজত প্ৰকৃতিৰ
সৈতে মানুহৰ আন্তৰিক সম্পৰ্কৰ যি উপলব্ধি লক্ষ্য কৰা যায়, একেদৰে ইমাৰচনৰ Nature(১৮৩৬)ত সন্নিৱিষ্ট
প্ৰবন্ধসমূহৰ মাজতো প্ৰকৃতি আৰু মানুহৰ সম্পকৰ্ক নতুন ধৰণে আলোকপাত কৰা পৰিলক্ষিত
হয়৷ আনহাতে, পৰিপাৰ্শ্ব-সমালোচনাৰ ইংলেণ্ডত উত্থান আৰু বিকাশ হোৱা
সংস্কৰণটোক সেউজ-অধ্যয়ন (Green
Studies) হিচাপে জনা যায়৷
এই সেউজ-অধ্যয়নৰ ভেঁটি হৈছে ৰোমাণ্টিচিজম৷ আমেৰিকাৰ সমান্তৰালভাৱে ইংলণ্ডতো সাহিত্যৰ পাৰিপািৰ্শ্বক
দৃষ্টিভংগীয়ে নতুন বাটেৰে বিকাশ লাভ কৰে৷ এফালে আমেৰিকান সাহিত্যত প্ৰকৃতিক উদ্যাপন কৰা হৈছিল আৰু
ইংলেণ্ডৰ সাহিত্যই ঔদ্যোগিক, বাণিজ্যিক, নব্যঔপনিৱেশিক শক্তিৰ পৰা উদ্ভৱ হোৱা পাৰিপািৰ্শ্বক সমস্যাৰ
বিষয়ে সজাগতা সৃষ্টিত ভূমিকা গ্ৰহণ কৰিছিল৷ জনাথন বেটক এই আন্দোলনৰ প্ৰতিষ্ঠাপক বুলিব পাৰি৷ Romantic Ecology : Wordsworth and the Environmental Tradition(১৯৯১) গ্ৰন্থত
ৱৰ্থৱৰ্ডচৰ কবিতাক ইংৰাজী গ্ৰামীণ পৰম্পৰাৰ পৰিপ্ৰেক্ষাত নতুন ধৰণেৰে ব্যাখা কৰা
হৈছে৷ য’ত তেওঁ ৱৰ্ডচ্ৱৰ্থক সৰ্বপ্ৰথম ‘ইক’ক্ৰিটিক’ বুলি অভিহিত কৰিছে৷ তেখেতে The
Song of the Earth(২০০০)ত কেনেদৰে
ঔপনিৱেশিকতাবাদ আৰু নিৰ্বনানীকৰণ একেলগে আগবাঢ়িছিল তাৰ ব্যাখা কৰিছে৷
উল্লেখযোগ্য যে বিংশ শতিকাৰ
দ্বিতীয়াৰ্ধত নব্য সমালোচনা (New
Criticism), নিৰ্গঠন (Deconstruction), শৈলীবিজ্ঞান(Stylistics) আদিৰ দৰেএকান্ত পাঠকেন্দ্ৰিক
সাহিত্য সমালোচনাৰ কিছুমান ধাৰাৰ সূচনা হয়৷ অন্যহাতে নব্য-ইতিহাসবাদ(New Historicism), মনো-বিশ্লেষণাত্মক(Psychoanalytic)
আদি
দৃষ্টিভংগীয়ে সাহিত্য পাঠকমানৱীয় প্ৰসংগ(human-Context)ৰ ভিতৰতেই অধ্যয়নৰ
পোষকতা কৰি আহিছিল৷
এনে প্ৰেক্ষাপটত জনবিষ্ফোৰণ আৰু ঔদ্যোগিক বিকাশে সৃষ্টি কৰা পাৰিপািৰ্শ্বক সমস্যাৰ
প্ৰতি মানৱ-সমাজৰ বৰ্ধিত সজাগতাই ১৯৭০ চনৰ শেষৰফালে সামগ্ৰিক পাৰিপািৰ্শ্বক
প্ৰেক্ষাপটত সাহিত্যক অধ্যয়নৰ বাবে পাৰিপািৰ্শ্বক দৃষ্টিভংগীৰ উত্থানৰ যি পটভূমিৰ
নিৰ্মাণ কৰিলে, সেই পটভূমিতেই উপৰোক্ত
প্ৰয়াসবোৰৰ পৰিণতিত সাহিত্য অধ্যয়নৰ পাঠকেন্দ্ৰিক আৰু নৃকেন্দ্ৰিক প্ৰচলিত
দৃষ্টিভংগীৰ বিপৰীতে সাহিত্য অধ্যয়নৰ এক পাৰিপািৰ্শ্বক অধ্যয়ন-পদ্ধতিৰ সূত্ৰপাত হয়৷যেনেদৰে নাৰীবাদী সাহিত্য
সমালোচনাই ভাষা আৰু সাহিত্যক লিংগ সচেতন দৃষ্টিভংগীৰে অধ্যয়ন কৰে আৰু মাক্সৰ্বাদী
সাহিত্য সমালোচনাই শ্ৰেণী-সচেতন দৃষ্টিভংগীৰে অধ্যয়ন কৰি সম্পদৰ উৎপাদন আৰু
অৰ্থনৈতিক শ্ৰেণী বিভাজন সম্পৰ্কীয় সজাগতাৰ সৃষ্টি কৰে, একেদৰে পৰিপাৰ্শ্ব-সমালোচনাই পৰিবেশকেন্দ্ৰিক দৃষ্টিকোণৰ
পৰা সাহিত্য অধ্যয়নৰ পোষকতা কৰে৷ ই
এটা আন্তঃঅনুশাসনমূলক বিদ্যাশাখা, য’ত পৰিবেশতন্ত্ৰজাতীয় প্ৰাকৃতিক বিজ্ঞানৰ উপৰিও নাৰীবাদ, লোকতত্ত্ব, সংস্কৃতি-অধ্যয়ন, ৰাজনৈতিক তত্ত্ব আদি বিভিন্ন ক্ষেত্ৰৰ পৰা আহৰণ কৰা
সিদ্ধান্ত বা ধাৰণাৰ আধাৰত সাহিত্য পাঠ এটাৰ পৰিবেশমূলক অধ্যয়ন কৰা হয়৷ কুৰিশতিকাৰ মাজভাগৰ পৰা
ব্যাপক ঔদ্যোগীকৰণ আৰু নগৰীকৰণে পৰিবেশৰ ভাৰসাম্যতাৰ প্ৰতি কঢ়িয়াই অনা
প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষাত সাহিত্যত পৰিবেশৰ প্ৰসংগক উদ্দেশ্যপ্ৰণোদিতভাৱে বিচাৰ
কৰাৰ তাড়নাই সাহিত্যৰ পৰিপাৰ্শ্ব-সমালোচনাৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷
উল্লেখযোগ্য তাত্ত্বিক, পৰিপাৰ্শ্ব-সমালোচনাৰ ধাৰণা আৰু পৰিসৰ
যিসকল তাত্ত্বিকে
পৰিপাৰ্শ্ব-সমালোচনা সম্পক¹য় চিন্তা-চৰ্চাৰ
বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে তাৰ ভিতৰত গ্লটফেল্টি(Glotfelty), আৰ্নেছ নেছ (A. Naess), স্কট শ্লভিক(Scott Slovic), লৰেন্স বোৱেল(Lawrence
Buell), ৰিছাৰ্ড কেৰেজ(Richard kerridge),
গ্ৰেগ
গাৰ্ড(Greg Garred), গ্লেন এ. লভ্ (Glen A. Love) আদিৰ অৱদান উল্লেখযোগ্য৷
প্ৰকৃতি আৰু সংস্কৃতিৰ মাজৰ
সম্পৰ্কৰ কথা গ্ল’টফেল্টিয়ে অতি
স্পষ্টভাৱে The Ecocriticism
Reader গ্ৰন্থত উল্লেখ কৰিছে, যি সম্পৰ্কক অৱলম্বন কৰিয়েই পৰিপাৰ্শ্ব-সমালোচনাৰ ধাৰণাৰ
জন্ম আৰু বিকাশ হৈছে৷
তেখেতে লিখিছে–
‘মানৱ-সংস্কৃতি ভৌতিক
পৃথিৱীৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত আৰু দুয়োটাৰ মাজত পাৰস্পৰিক প্ৰভাৱ বিদ্যমান’–পাৰিপািৰ্শ্বক অধ্যয়ন এই মৌলিক ধাৰণাৰ ভেটিতেই প্ৰতিষ্ঠিত৷ প্ৰকৃতি আৰু সংস্কৃতিৰ এই
পাৰস্পৰিক আন্তঃসম্পৰ্কই পৰিপাৰ্শ্ব-সমালোচনাৰ অধ্যয়নৰ বিষয়বস্তু৷ কেনেদৰে প্ৰকৃতি আৰু
সংস্কৃতি পাৰস্পৰিকভাৱে প্ৰভাৱিত হৈ পৰস্পৰক নিৰ্মাণ কৰে তাৰ উপলব্ধিয়েই পৰিপাৰ্শ্ব-সমালোচনাৰ
মূল কথা৷
এটা সমালোচনা পদ্ধতি হিচাপে পৰিপাৰ্শ্ব-সমালোচনাই ইয়াৰ এটা ভৰি সাহিত্যত আৰু আনটো
ভূমিত ৰাখে৷
এক তাত্ত্বিক পদ্ধতি হিচাপে মানুহ আৰু মানুহ-ভিন্ন জগতৰ মাজত ই সমতা স্থাপনৰ
প্ৰয়াস কৰে৷(...an ecological criticism shares the fundamental
premise that human culture is connected to the physical world, affecting it and
affected by it. Ecocriticism takes as its subject the interconnections between
nature and culture. Understanding how nature and culture constantly influence
and costruct each other is essential to an informed ecocriticism. Aa a critical
stance, it has one foot in literature and the other on land. Aa a theorical
discourse, it negotiates between the human and non-human.)৪
সাহিত্যিক আৰু সাহিত্যকৰ্ম
হৈছে সামাজিক পৰিপ্ৰেক্ষাৰ প্ৰত্যক্ষ উৎপাদন৷ পাৰিপািৰ্শ্বক দৃষ্টিভংগীয়ে সামাজিক
পৰিপ্ৰেক্ষাৰ ধাৰণাটোক অধিক পৰিব্যাপ্ত কৰি পাৰিপািৰ্শ্বক পৰিপ্ৰেক্ষাৰ কথা ক’ব খোজে৷
এই প্ৰসংগত গ্ল’টফেল্টিয়ে লিখিছে– পৰিপাৰ্শ্ব-সমালোচনাক অন্য সমালোচনা দৃষ্টিভংগীৰ সৈতে থকা
পাৰ্থক্যৰ দ্বাৰাও বুজিব পাৰি৷
সাধাৰণতে সাহিত্য তত্ত্বসমূহে লেখক, পাঠকৰ সৈতে জগতৰ
সম্পৰ্কক মূল্যায়ন কৰে৷
অধিকাংশ সাহিত্য তত্ত্বত এই জগত হ’ল মূলতঃ সমাজ বা
সামাজিক গাঁথনি৷
পৰিপাৰ্শ্ব-সমালোচনাই এই ‘জগত’ৰ ধাৰণাক পাৰিপািৰ্শ্বক-পটভূমিলৈ(ecosphere) ব্যাপ্ত কৰিব খোজে৷ (Ecocriticism can be further characterized by
distinguishing it from other critical approaches. Literary theory, in general,
examines the relations between writers, texts, and the world. In most literary
theory 'the world' is synonymous with society-the social sphere. Ecocriticism
expands the notion of ক্স'the world'ক্স to include the entire ecosphere.) ৫
পাৰিপািৰ্শ্বক দৃষ্টিভংগীৰ
পৰা নিৰ্দিষ্ট সাহিত্য-পাঠ এটাৰ অধ্যয়নত বিভিন্ন বিষয় বা প্ৰসংগৰ অৱধাৰণা আহি
পৰাটো স্বাভাৱিক আৰু প্ৰয়োজনীয়৷ Environmental
Reader ৰ পাতনিত গ্লটফেল্টিয়ে পৰিপাৰ্শ্ব-সমালোচনাৰ
দৃষ্টিভংগীয়ে উত্থাপন কৰা কিছুমান প্ৰশ্নৰ উল্লেখ কৰিছে৷ সেইসমূহ হ’ল–
How
is nature represented in this sonnet? what role does the physical setting play
in the plot of this novel? Are the values expressed in play consistent with
ecological wisdom? How do our metaphors of the land influence the way we treat
it? How can we characterize nature writing as genre? In addition to race,
class, gender, should place become a new critical category? do men write about
nature differently than women do? In what ways has literacy itself affected
humankind’s relationship to the nature
world? How has the concept of wilderness changed over time? In what ways and to
what effect is the environmental criticism seeping into contemporary literature
and popular culture?৬
–অৰ্থাৎ কিছুমান প্ৰশ্নৰ আধাৰত
সাহিত্য-পাঠৰ মূল্যায়ন কৰাতো হ’ল
পৰিপাৰ্শ্ব-সমালোচনাৰ প্ৰধান লক্ষ্য৷
গ্ল’টফেল্টিয়ে এইক্ষেত্ৰত
উল্লিখিত প্ৰশ্নসমূহৰ অৱতাৰণা কৰিছে, যিসমূহ প্ৰশ্নৰ আধাৰত
পৰিপাৰ্শ্ব-সমালোচনাই সাহিত্য-পাঠ এটাৰ মূল্যায়ন কৰে৷ অৰ্থাৎ সাহিত্য পাঠ এটাক
বিষয়বস্তুৰ পৰ্যায়তে নহয়, পাঠটোত ব্যৱহৃত ভাষা, ৰূপক, কায়িক পটভূমি তথা
ইয়াৰ অন্তৰালত নিহিত হৈ থকা মতাদৰ্শ আৰু প্ৰকাশিত উপস্থাপনৰ ৰাজনীতিৰ বিভিন্ন
স্তৰসমূহৰ উল্লিখনৰ লগতে বিচাৰ কৰাত এই সমালোচনাই গুৰুত্ব আৰোপ কৰি আহিছে৷
The Ecocriticism Reader গ্ৰন্থত অন্তৰ্ভূক্ত হোৱা বিষয়সমূহৰ পৰাও
পৰিপাৰ্শ্ব-সমালোচনাৰ পৰিধিয়ে সামৰি লোৱা ক্ষেত্ৰসমূহৰ এক ধাৰণা লাভ কৰিব পাৰি৷ মুঠ পঁচিশটা প্ৰবন্ধ সংকলিত
হোৱা এই গ্ৰন্থখনৰ বিষয়সমূহ আছিল–
American Studies, Regionalism, Pastoralism, Frontier, Human ecology, Science
and literature, Nature in Literature, Landscape in literature৷ ইয়াৰে American Studies ক বাদ দি বাকী বিষয়বোৰ
পৃথিৱীৰ যিকোনো সাহিত্যৰ পাৰিপািৰ্শ্বক অধ্যয়নৰ ক্ষেত্ৰ হ’ব পাৰে৷
সম্প্ৰতি পৰিপাৰ্শ্ব-সমালোচনাই জৈৱজগতত মানুহৰ নৈতিক অৱস্থানৰ দিশটোৰ প্ৰতি বিশেষ
গুৰুত্ব প্ৰদান কৰিছে৷
আাচলতে, পৰিপাৰ্শ্ব-সমালোচনা শীৰ্ষক
ব্যাপক umbrella term টোৱে ইয়াৰ পৰিসৰত
পৰিবেশমূলক সাহিত্য(environmental
literature), প্ৰকৃতি লিখন(nature writing), গভীৰ পৰিবেশতন্ত্ৰ(deep ecology), নগৰ পৰিবেশতন্ত্ৰ(the ecology of cities), পাৰিবেশিক ন্যায়(environmental justice), জৈৱস্থানিকতাবাদ(bioregionalism), জীৱ-জন্তুৰ জীৱন, স্থানৰ নৱমূল্যায়ন,
আন্তঃবিৰ্দ্যাৱতী
পৰিপাৰ্শ্ব-তত্ত্ব আদিক সামৰি লয়৷৭
The Future of Environmental
Criticismঃ Environmental Crisis
and Literary Imagination (২০০৫) শীৰ্ষক গ্ৰন্থত লৰেন্স বোৱেলে পৰিবেশমূলক
সাহিত্য সমালোচনাক সাহিত্য তথা কলাৰ পাৰিপািৰ্শ্বক অধ্যয়ন বুলি অভিহিত কৰি
পৰিপাৰ্শ্ব-সমালোচনাক সাহিত্য অধ্যয়নৰ পৃথিৱীকেন্দ্ৰিক দৃষ্টিভংগী আৰু সাহিত্য
সমালোচনাৰ পাৰিপািৰ্শ্বক দৃষ্টিভংগী বুলি কৈছে৷ {the environmentally oriented study of literature
and (less often) the arts more
generally, and to the theories that underlie such critical practice”.
Ecocriticism “takes an earth centered ahproach to literature and an ecological
ahproach to literary criticism.}৮
গ্ৰন্থখনৰ পাতনিত পৰিপাৰ্শ্ব সমালোচনাই সামৰি
লোৱা তিনিটা দিশ তেখেতে উল্লেখ কৰিছে –
১) পৰিবেশৰ চিত্ৰণ আৰু উপস্থাপনৰ বিভিন্ন দিশসমূহ
(Issues of environmental imaging and
representation)
২) ‘স্থান’ক কলা আৰু জীৱিত অভিজ্ঞতাৰ মৌলিক মাত্ৰা হিচাপে পুনৰ ধাৰণা
কৰা (Re-conception of place as a
fundamental dimension of both art and lived experience )
৩) পৰিবেশৰ অনুষংগৰ সাহিত্যিক উপস্থাপনৰ
নৈতিকআৰুযনাইবা ৰাজনৈতিক উদ্দেশ্য (Strong
ethical and/or political commitment)
সাহিত্যৰ নান্দনিক, সামাজিক, সাংস্কৃতিক, বৈজ্ঞানিক–এই চাৰিওটা দিশৰ সৈতে
পৰিপাৰ্শ্ব-সমালোচনা জড়িত৷
যিহেতু ই এক সাহিত্য-সমালোচনাৰ পদ্ধতি,
গতিকে
সাহিত্যৰ নান্দনিক দিশৰ প্ৰতি ইয়াৰ দৃষ্টি থাকিবই৷ প্ৰকৃতিৰ সৌন্দৰ্য্যই মানুহক
কেনেদৰে মুগ্ধ কৰি আহিছে তাৰ চিত্ৰণ সাহিত্যৰ যোগেদি হৈ আহিছে৷ প্ৰকৃতি আৰু মানুহৰ এই
পাৰস্পৰিক প্ৰভাৱ আৰু আন্তৰিক সম্পৰ্কৰ সন্ধান পৰিপাৰ্শ্ব-সমালোচনাৰ এটা মূল কথা৷ মানুহে কেনেদৰে প্ৰকৃতিক
ব্যৱহাৰ কৰিছে, নিজৰ প্ৰয়োজনত ধ্বংস কৰিছে, নিজৰ প্ৰয়োজনত গঢ় দিছে–আদি সামাজিক দিশৰ প্ৰতি পৰিপাৰ্শ্ব-সমালোচনাই গুৰুত্ব দিয়ে৷ অন্যহাতে মানুহ আৰু প্ৰকৃতিৰ
সম্পৰ্কৰ অধ্যয়ন কৰিবলৈ যাওঁতে পৰিপাৰ্শ্ব-সমালোচনাই পৰিবেশ বিজ্ঞানৰ বৈজ্ঞানিক
দৃষ্টিৰ সহায় লয়৷
Beginning Theory : An
Introduction to literary and cultural theory (২০০২)ত পীটাৰ বেৰী(Peter Barry )এ পৰিপাৰ্শ্ব-সমালোচনাৰ
ব্যাপক পৰিসৰ আৰু স্থানিক বৈচিত্ৰ্যৰ কথা উল্লেখ কৰি কৈছে যে পৰিপাৰ্শ্ব-সমালোচনাৰ
কোনো গোলকীয় আৰ্হি(Universal Model) পোৱাটো কঠিন৷ তেখেতে পৰিপাৰ্শ্ব-সমালোচক
এজনে কেনেদৰে পাৰিপািৰ্শ্বক পৰিপ্ৰেক্ষাৰ পৰা প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰশংসা আৰু
পৰিবেশ-সচেতনভাৱে পাঠ(text) এটাৰ বিষয়ে আলোচনা
কৰে সেই সম্পৰ্কে উল্লেখ কৰিছে৷
Practical Ecocritism : Literature,
Biology and the environment (২০০৩) গ্ৰন্থত গ্লেন লভে ( Glen A. Love) লিখিছে– ‘‘তৃতীয় সহস্ৰাব্দৰ
আৰম্ভণিৰ প্ৰথমটো শতিকাক ‘পৰিবেশৰ শতিকা’ বুলি অভিহিত কৰিব পাৰি, যিসময়ত সাহিত্য আৰু পৰিবেশৰ সম্পৰ্কক কেন্দ্ৰ কৰি এটা সু-সংহত আৰু ব্যাপক
আন্দোলনৰ সূচনা হৈছে, যাক সাধাৰণভাৱে ‘পৰিপাৰ্শ্ব-সমালোচনা’
বুলি
কোৱা হয়....পৰিপাৰ্শ্ব-সমালোচনাই সাহিত্যৰ অন্যান্য দৃষ্টিভংগীৰ বিপৰীতে মানুহ আৰু
মানুহভিন্ন দুয়োবিধ প্ৰসংগ আৰু বিচাৰক সামৰি লয়৷ এই দিশৰ পৰা, ই উত্তৰ-আধুনিক সমালোচনাৰ বিবিধ পদ্ধতি আৰু প্ৰাচীন
সমালোচনা ধাৰাৰ বিপৰীত দিশত অৱস্থান কৰি নিজৰ ভেঁটি নিৰ্মাণ কৰিছে৷ (At the begining of the third millennium and of a
new century often heraded as 'the century of the environment', a coherent and
broadly based movement embracing literary environmental interconnections,
commonly termed 'ecocriticism' is emerging....Ecocriticism, unlike all other
forms of literary inquiry, encompasses non human as well as human contexts and
considerations. On this claim, ecocriticism bases its challange to much
postmodern critical discourse as well as to the critical systems of the past. ৯
বিকাশৰ চাৰি স্তৰ আৰু
ভিন্ন বাদ-মতবাদ
লৰেন্স বোৱেলে তেওঁৰ The Future of Environmental Criticism গ্ৰন্থত পৰিপাৰ্শ্ব-সমালোচনাৰ দুটা ধাৰা(wave)ৰ কথা উল্লেখ কৰিছিল৷ স্কট শ্লভিকে তেওঁৰ ‘‘Seasick Among the Waves of Ecocriticism’’ প্ৰবন্ধত বোৱেলৰ দুই
স্তৰৰ সৈতে আৰু দুটা স্তৰৰ যোগ দিয়ে৷
গতিকে পৰিপাৰ্শ্ব-সমালোচনাৰ আলোচনা প্ৰসংগত ইয়াৰ চাৰিটা স্তৰ বা ধাৰাৰ বিষয়ে
উল্লেখ কৰাৰ প্ৰয়োজন৷
স্বৰ্ণলতা ৰংগাৰাজনে তেওঁৰ Ecocriticism গ্ৰন্থত এই চাৰিটা স্তৰৰ বিষয়ে তলত দিয়াৰ দৰে আলোচনা কৰিছে৷১০
প্ৰথম স্তৰ ঃ এই স্তৰৰ
আৰম্ভণি ১৯৮০ চনৰ পৰা হৈছে বুলি ধৰা হৈছে,
য’ত প্ৰকৃতিকেই ‘প্ৰাকৃতিক পৰিবেশ’ হিচাপে বুজোৱা হৈছিল৷ এই স্তৰত মূলতঃ কাহিনী বিযুক্ত গদ্য তথা ব্ৰিটিছ আৰু
আমেৰিকাৰ সাহিত্যত মানুহ-ভিন্ন পৰিবেশ-প্ৰকৃতি আৰু বন্যতাৰ উপস্থাপনৰ আলোচনাৰ
প্ৰতি গুৰুত্ব দিয়া হৈছিল, আৰু মানুহৰ প্ৰকৃতি
বিদ্বেষী স্থিতিৰ পৰা প্ৰাকৃতিক পৰিবেশৰ ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰতি সজাগতা আৰু
সচেতনতা সৃষ্টিৰ প্ৰয়াস এই স্তৰত লক্ষ্যণীয়৷ পৰিপাৰ্শ্ব-নাৰীবাদ আছিল এই সময়ছোৱাত এই ক্ষেত্ৰখনত
সংযোজিত হোৱা আটাইতকৈ ৰাজনৈতিকভাৱে সু-সংবদ্ধ এক উপ-আন্দোলন(Sub-Movement)৷
দ্বিতীয় স্তৰ ঃ ১৯৯০ চনৰ
মধ্যভাগৰ পৰা পৰিপাৰ্শ্ব-সমালোচনাৰ চিন্তা-চৰ্চাৰ ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন
লক্ষ্য কৰা যায়৷
প্ৰকৃতি-লিখন(Nature Writing)ৰ সীমাবদ্ধতাৰ পৰা
আঁতৰি আহি পৰিপাৰ্শ্ব-সমালোচনাই ইয়াৰ পৰিসৰ বিভিন্ন ক্ষেত্ৰলৈ পৰিব্যাপ্ত কৰে৷ বহু-সাংস্কৃতিক কণ্ঠ (Multicultural voice) আৰু বহু বিষয়ৰ সৈতে
সম্পৰ্কযুক্ত হৈ পৰিপাৰ্শ্ব-সমালোচনাই ইয়াৰ নতুন পৰিসৰ নিৰ্মাণ কৰে৷ জনি আডামচন (Joni Adamson), মেই মেই ইভান(Mei Mei Evans) আৰু ৰাচেল ষ্টেইন (Rachel Stein)ৰ The Environmental Justice Reader : Politics,
Poetics and Pedagogy(২০০২)ৰ প্ৰকাশে পৰিপাৰ্শ্ব-সমালোচনাক পাৰিবেশিক ন্যায়ৰ
চিন্তা-চৰ্চাৰ সৈতে সংযোজিত কৰে৷
তৃতীয় স্তৰ ঃ জনি আডামচন আৰু স্কট শ্লভিকৰদ্বাৰা ২০০৯ চনত
প্ৰকাশিত বিশেষ সংখ্যাৰ MELUS :
Multiethnic Literatures of the United States পত্ৰিকাই পৰিপাৰ্শ্ব-সমালোচনাৰ তৃতীয়টো 'wave'ৰ কথা অৱতাৰণা কৰে, যি মানুহৰ সকলো কাৰ্যক্ৰম(all faces of human experience)ক পাৰিবেশিক দৃষ্টিকোণ(Environmental view point)ৰ পৰা আলোচনা কৰাৰ পোষকতা
কৰাৰ লগতে সামগ্ৰিকভাৱে মানৱ সমাজৰ পৃথিৱী নামৰ গ্ৰহটোৰ সৈতে পাৰস্পৰিক সম্পৰ্কক
অনুধাৱন কৰাৰ পক্ষপাতিত্ব কৰে৷
পৰিপাৰ্শ্ব-সমালোচনাৰ এই প্ৰেক্ষাপটক পৰিপাৰ্শ্ব-বিশ্ববাদৰ (Eco-Cosmopolitanism)দৰে ধাৰণাৰ দ্বাৰা সূচিত কৰিব
পাৰি যি ‘স্থান’(place)ৰ স্থানীয় (local) আৰু গোলকীয়(global) ধাৰণাৰ দ্বন্দ্বাত্মক
সমস্যাৰ বিষয়ে আলোকপাত কৰে৷
টম লিংক(Tom Lynch)ৰ Xerophila(২০০৮)ৰ দৰে গ্ৰন্থত নব্য-জৈৱস্থানিকতাবাদ (New-bioregionalism)ধাৰণাৰ সূত্ৰপাত হয়, য’ত বহুসাংস্কৃতিক
সাহিত্যক জৈৱস্থানিক(bioregionalism) দৃষ্টিকোণৰ পৰা
পদ্ধতিগত আলোচনাৰ বিষয়ে আলোচিত হৈছে৷
আলোচিত এই তৃতীয় স্তৰত পৰিপাৰ্শ্ব-সমালোচনাৰ থীম, দৃষ্টিভংগী(ahproach), জ্ঞানতত্ত্বিক(epistemological) দিশৰ পৰা বহুমুখী হৈ পৰে, এই প্ৰসংগত পৰিপাৰ্শ্ব-পুৰুষত্ববাদ(Eco-Masculism), ‘গ্ৰীণ-কুৱেৰ’বাদ(Green
queer theory),বস্তুবাদী পৰিপাৰ্শ্ব-নাৰীবাদ(Material
Ecofeminism), পশু-অধ্যয়ন আৰু উত্তৰ-মানৱতাবাদ(Post
humanism)ৰ দৰে ধাৰণাৰ কথা উল্লেখযোগ্য৷
চতুৰ্থ ‘ৱেভ’ৰ সম্পৰ্কে শ্লভিকে ISLE ১ ২০১২ চনৰ শাৰদীয় সংখ্যাৰ সম্পাদকৰ টোকাত প্ৰথম
উল্লেখ কৰে য’ত তেখেতে পৰিবেশৰ বিভিন্ন
উপাদান, স্থান, পদ্ধতি, শক্তি আৰু অভিজ্ঞতাৰ
মৌলিক জড়তা (Fundamental
materiality) সম্পৰ্কে উল্লেখ কৰে৷
এই প্ৰসংগত তেওঁ Stacy Alaimoৰ সম্পাদনাত প্ৰকাশিত
Material Feminisms(২০০৮) আৰু Serenella
Iovion আৰু Serpil Ohpermannৰ সম্পাদনাত প্ৰকাশিত
Material Ecocriticism(২০১৪গ্গৰ কথা উল্লেখ
কৰিছে৷ এই সময়
উত্তৰ-ঔপনিৱেশিক আৰু উত্তৰ-আধুনিক পৰিপাৰ্শ্ব-সমালোচনা ধাৰণাৰ বিকাশৰ সময়৷ উত্তৰ সংযুতিবাদী আৰু উত্তৰ
ঔপনিৱেশিকতাবাদী দৃষ্টিকোণৰ অনুৰণন পৰিপাৰ্শ্ব-সমালোচনাৰ পৰিক্ষেত্ৰত উপলব্ধ বুলি
মতামত আগবঢ়াই Abramsএ এইধৰণৰ সমালোচনাই
মানুহযপ্ৰকৃতি বা সংস্কৃতি প্ৰকৃতি জাতীয় দ্বিভাজমূলক বৈপৰীত্যসমূহক নস্যাৎ কৰাৰ
বিষয়টো উনুকিয়াইছে৷
লেখকৰ শ্ৰেণী, গোষ্ঠী, লিংগ ইত্যাদিবোৰেও পৰিবেশ সম্পৰ্কে লেখকৰ দৃষ্টিভংগী গঢ়
দিয়াতো প্ৰভাৱ পেলায় নেকি তাৰ বিশ্লেষণো পৰিপাৰ্শ্ব-সমালোচনাৰ ভিতৰুৱা৷ পৰিপাৰ্শ্ব-নাৰীবাদ(Ecofeminism)ৰ ধাৰণা এই প্ৰসংগত
প্ৰণিধানযোগ্য৷
নাৰীৰ অৱদমন আৰু পৰিবেশৰ ওপৰত চলা অত্যাচাৰৰ মাজত সমালোচনামূলক সামঞ্জস্য বিচাৰেই
হ’ল ইয়াৰ প্ৰধান উপজীৱিকা৷
পৰিপাৰ্শ্ব-সমালোচনাৰ
বিশেষভাৱে চৰ্চিত কেইটামান দিশ হৈছে–
গভীৰ পৰিবেশতন্ত্ৰ (Deep Ecology) ঃ অধিকাংশ পাশ্চাত্য
দাৰ্শনিকৰ দৃষ্টিভংগীয়ে জীৱকুলৰ ভিতৰত মানুহক শ্ৰেষ্ঠ হিচাপে ঘোষণা কৰিছে আৰু
প্ৰকৃতি জগতৰ ওপৰত মানুহৰ অবাধ অধিকাৰক নায্যতা প্ৰদান কৰিছে৷ প্ৰকৃতি সংৰক্ষণৰ
দৃষ্টিভংগীকো বহুসময়ত এই নৃকেন্দ্ৰিকতাই পৰিচালিত কৰে৷বহুসময়ত মানুহৰ ন্যস্ত
স্বাৰ্থ ৰক্ষাৰ বাবেই পৰিবেশ সংৰক্ষণ,
জৈৱবৈচিত্ৰ্য
ৰক্ষাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, যাতে ভৱিষ্যতে মানুহৰ
কামত আহে৷
জৈৱবৈচিত্ৰ্য ৰক্ষাৰ এনে দৃষ্টিভংগীক গভীৰ পৰিবেশবিদসকলে ‘ফোঁপোলা পৰিবেশতন্ত্ৰ’(Shallow
Ecology) বুলি সমালোচনা কৰে৷
গভীৰ পৰিবেশতন্ত্ৰৰ ধাৰণাই প্ৰকৃতিৰ প্ৰতিটো জীৱ-প্ৰতিটো উপাদানৰ স্বকীয় মূল্যৰ
প্ৰসংগ উত্থাপন কৰে৷
পৃথিৱীত বসবাস কৰা প্ৰত্যেকটো জীৱৰে স্বতন্ত্ৰভাৱে, প্ৰদূষণ মুক্তভাৱে জীয়াই থকাৰ অধিকাৰ আছে৷ প্ৰকৃতি আৰু
পাৰিপািৰ্শ্বকতাৰ প্ৰতি মানুহে কৰি অহা অন্যায় আৰু অবিচাৰৰ বিপৰীতে গভীৰ
পৰিবেশতন্ত্ৰৰ আন্দোলনে মানুহৰ প্ৰকৃতিৰ প্ৰতি থাকিবলগীয়া দায়বদ্ধতাৰ বিষয়ে সজাগতা
সৃষ্টিত গুৰুত্ব দিয়ে৷
এই দৃষ্টিভংগীয়ে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে তিনিটা কথাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে–ক) জৈৱ-বৈচিত্ৰ্যৰ অক্ষত সংৰক্ষণ, খ) জনসংখ্যা বৃদ্ধি ৰোধ, গ) সাধাৰণ জীৱন যাপন৷
অন্যহাতে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক উন্নত কৰাৰ স্বাৰ্থত গভীৰ পৰিবেশবিদসকলে
পাৰিবেশিক সত্তা (eco self) উত্থানৰ প্ৰয়োজনীয়তাৰ
ওপৰত গুৰুত্ব প্ৰদান কৰে৷
নৃকেন্দ্ৰিক বিচাৰধাৰাই মানুহক নিয়ন্তা হিচাপে গণ্য কৰি প্ৰকৃতিৰ মাত্ৰ অৱনমিত
স্থান আৰু ব্যৱহাৰিক মূল্যৰ ওপৰত গুৰুত্ব দিয়ে তেনে বিচাৰধাৰাক সমালোচনা কৰি এক
বিকল্প পাৰিবেশিক বিচাৰধাৰাৰ নিৰ্মাণৰ পোষকতা কৰে৷ গভীৰ পৰিবেশবিদসকলে মানৱ
সত্তাই প্ৰকৃতি জগতকো সাঙুৰি ল’ব পৰাকৈ মানৱ সত্তাৰ
বিবৰ্ধন পোষকতা কৰে৷
সামাজিক পৰিবেশতন্ত্ৰ (Social Ecology)ঃ সামাজিক পৰিবেশতন্ত্ৰই
বিশ্বাস কৰে যে সামাজিক সমস্যা আৰু পৰিবেশতান্ত্ৰিক সমস্যাসমূহ পৰস্পৰ
আন্তঃসম্পৰ্কিত৷
সামাজিক সমস্যাই পৰিবেশতান্ত্ৰিক সমস্যাৰ মূল৷ সামাজিক সমস্যা তথা সামাজিক
দিশক অনুধাৱন নকৰাকৈ পৰিবেশতান্ত্ৰিক সমস্যাৰ সমাধান সম্ভৱপৰ নহয়৷
পৰিবেশতান্ত্ৰিক আধিপত্যবাদ (Ecological Imperialism)ঃ ঔপনিৱেশিক শক্তিয়ে
উপনিৱেশসমূহৰ পৰিবেশতন্ত্ৰৰ ওপৰত কেনেদৰে আধিপত্য বিস্তাৰ কৰে সেই প্ৰসংগক
পৰিবেশতান্ত্ৰিক আধিপত্যবাদে উত্থাপন কৰে৷ পৰিবেশতান্ত্ৰিক আধিপত্যবাদৰ লগত জড়িত আন এটা ধাৰণা হ’ল–‘জৈৱঔপনিৱেশিকতা’(Biocolonialism)৷
পৰিপাৰ্শ্ব-মাক্সৰ্বাদ (Eco-Marxism)ঃ পৰিপাৰ্শ্ব-মাক্সৰ্বাদে
সকলো পাৰিবেশিক সমস্যাৰ কাৰণ হিচাপে পুঁজিবাদী প্ৰযুক্তিক জগৰীয়া কৰে৷ বৃহৎ উদ্যোগ, পৰিবেশ ধ্বংসী প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পুঁজিবাদী অৰ্থনীতিৰ
আগ্ৰাসনেই পৰিবেশতান্ত্ৰিক সমস্যাৰ মূল হিচাপে গণ্য কৰা পৰিপাৰ্শ্ব-মাক্সৰ্বাদে
সমাজবাদী অৰ্থনীতিতহে বহনক্ষম উন্নয়ণ সম্ভৱপৰ বুলি বিবেচনা কৰে৷
পৰিপাৰ্শ্ব-মনোবিজ্ঞান(Eco-psychology) ঃ পৰিবেশতন্ত্ৰ আৰু
মনস্তত্ত্বৰ মাজত থকা আন্তঃসম্পৰ্কৰ বিচাৰ কৰে৷ মানুহৰ মানসিকতা সামাজিক
জগতৰ ওপৰত যেনেদৰে নিৰ্ভৰশীল, একেদৰে প্ৰাকৃতিক
জগতৰ ওপৰতো নিৰ্ভৰশীল৷
পৰিপাৰ্শ্ব-মনোবিজ্ঞানে এই প্ৰসংগবোৰৰ বিষয়ে আলোকপাত কৰে৷
পৰিপাৰ্শ্ব-নাৰীবাদ(Ecofeminism) ঃ নাৰীৰ অৱদমন আৰু পৰিবেশৰ
ওপৰত চলা অত্যাচাৰৰ মাজত সমালোচনামূলক সামঞ্জস্য বিচাৰেই হ’ল ইয়াৰ প্ৰধান উপজীৱিকা৷ নাৰীবাদে পুৰুষতান্ত্ৰিক
ব্যৱস্থা(Patriarchal system)ৰ বিৰোধিতা কৰে৷ এই পুৰুষতান্ত্ৰিক ব্যৱস্থাই
পৰিবেশ আৰু নাৰী দুয়োৰে ওপৰত অত্যাচাৰ কৰি আহিছে বুলি ইক’ফেমিনিষ্টসকলে মন্তব্য দিব বিচাৰে৷ নাৰীৰ প্ৰতি আৰু পৰিবেশতন্ত্ৰৰ
প্ৰতি কৰি অহা অবিচাৰ আৰু অত্যাচাৰৰ পাৰস্পৰিক সম্পৰ্ক আছে বুলি তেওঁলোকে ক’ব বিচাৰে৷
পৰিবেশিক-বৰ্ণবাদ(Environment Racism)ঃ নিৰ্দিষ্ট কোনো জাতি-বৰ্ণৰ
ক্ষতি সাধন কৰিব পৰাকৈ কাৰ্যকৰী কৰা পাৰিবেশিক নীতি, আঁচনি আদিক পৰিপাৰ্শ্ব-বৰ্ণবাদে নিদেৰ্শ কৰে৷
মোখনি
এই সংক্ষিপ্ত আলোচনাটোত
পৰিপাৰ্শ্ব-সমালোচনাৰ উৎপত্তি আৰু বিকাশৰ পটভূমি, পৰিসৰ আৰু তাত্ত্বিক গাঁথনিৰ এক পৰিচয়জ্ঞাপক আলোকপাত কৰা হ’ল৷
সাহিত্য পাঠ এটাক মূল্যায়ন কৰোতে পৰিপাৰ্শ্ব-সমালোচনাই পাঠটোৰ সৈতে জড়িত
পাৰিপািৰ্শ্বক প্ৰেক্ষাপটক আধাৰ হিচাপে গ্ৰহণ কৰে৷ পৰিবেশৰ শতিকা হিচাপে অভিহিত
এই একবিংশ শতিকাত পৰিপাৰ্শ্ব-সমালোচনাই সাহিত্য অধ্যয়নক এক নতুন দৃষ্টিকোণ প্ৰদান
কৰিছে৷
পৰিপাৰ্শ্ব-সমালোচনাই সাহিত্যৰ জৰিয়তে প্ৰকাশিত প্ৰকৃতি তথা পৰিপাৰ্শ্বৰ সৈতে থকা
মানুহৰ সম্পৰ্কক পুনঃব্যাখা কৰে৷
পৰিপাৰ্শ্ব-সমালোচনাই সমাজৰ সৈতে পৰিপাৰ্শ্বৰ সম্পৰ্কৰ সন্ধান আৰু সমাজৰ অন্তৰ্হিত
গাঁথনিৰ আধাৰত পাৰিপািৰ্শ্বক সমস্যাৰাজিৰ মূলৰো সন্ধান কৰে৷ যাৰ আধাৰত অসমীয়া সাহিত্যকো
নতুন ধৰণেৰে অধ্যয়নৰ কৰাৰ অৱকাশ আছে৷
সমালোচনা-পদ্ধতি হিচাপে পৰিপাৰ্শ্ব-সমালোচনাৰ বিকাশৰ সমান্তৰালভাৱে পাৰিপািৰ্শ্বক
প্ৰসংগক গুৰুত্ব সহকাৰে লৈ সাহিত্য-সৃষ্টিৰ এক শক্তিশালী প্ৰয়াসো বিংশ শতিকাৰ
দ্বিতীয়াৰ্ধৰ পৰা বিশ্বসাহিত্যত পৰিলক্ষিত হৈছে৷ যিসমূহক বিভিন্ন আলোচকে ইক’ফিক্যশ্যন (Ecofiction)
হিচাপে
অভিহিত কৰিছে৷ পৃথিৱীলৈ অহা পাৰিপািৰ্শ্বক সংকটৰ প্ৰতি
দায়বদ্ধ হৈ পাশ্চাত্য সাহিত্য(মূলতঃ ইংৰাজী ভাষাত)ত সূচনা হোৱা ইক’ফিকশ্যন বা ইক’ফিকশ্যন-ধৰ্মী
সাহিত্যৰ ৰচনা সম্প্ৰতি বিশ্বৰ প্ৰায়বোৰ উন্নত ভাষাৰ সাহিত্যতেই পৰিলক্ষিত হৈছে৷ Further
A field in the study of Nature oriented literature(২০০০) শীৰ্ষক গ্ৰন্থত পেট্ৰিক
মাৰ্ফি(Patrick Murphy)এ ইক’ফিকশ্যনৰ সংজ্ঞা আগবঢ়াই লিখিছে– ‘‘ইক’ফিকশ্যন হৈছে
সাহিত্যৰ সেই শাখা য’ত প্ৰকৃতিমুখী তথা
পৰিবেশমুখী কাল্পনিক কিম্বা বাস্তৱধৰ্মী আখ্যান উপস্থাপিত হয়৷’’ {Ecofiction is the branch of literature that encompasses
nature-oriented (non-human) or environment-oriented (human impacts on nature)
work of fiction.}১১ সৌভাগ্যৰ কথা যে
একবিংশ শতিকাত অসমীয়া ভাষাতো ইক’ফিকশ্যনধৰ্মী
সাহিত্যৰ ৰচনা হৈছে৷
যিসমূহে পৰিপাৰ্শ্ব-সমালোচনাৰেই গুৰুত্ব প্ৰতিপাদিত কৰিছে৷
প্ৰসঙ্গ-সূত্ৰঃ
১. Cheryll Glotfelty and Harold Fromm. ed. The
Ecocritism Reader : Landmarks in Literary Ecology, University of Georgia, 1996. p.xviii.
২. ibid, p.107.
৩. H.D.Thoreau, Walden, Maple Press, 2017. p.1.
৪. Cheryll Glotfelty and Harold Fromm, ed.,
op.cit, p.xix.
৫. ibid, p.xix
৬. ibid,p.xviii.
৭. U. Sumathy. Ecocriticism in Practice, Sarup Publishers, New
Delhi, 2009 . p.3.
৮. Lawrence Buell. The Future of Environmental Criticism: Environmental Crisis and Literary Imagination. John Wiley & Sons, 2০০9. p.xviii.
৯. Glen A. Love, Practical Ecocritism : Literature, Biology and the
environment, University of Virginia , 2003. P.3.
১০. Swarnalatha
Rangarajan, Ecocrticism.The Orient Blackswan, 2018 , p.10-11.
১১. Patrick D. Murphy, Further A field in the study of Nature
oriented literature, University of Virginia Press, ২০০০, p.১.
.........................................................................
জ্যোতিষ্মান দাস, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়,
নপাম-৭৮৪০২৮
ফোন- ৮৬৩৮৫৫৯০৭৪
ই-মেইল ঃ jyotishmandas০০১ঞ্ঝgmail.com
No comments:
Post a Comment