হাইকুৰ স্তৱকৰ দৰে নিমজ মেঘৰ টুকুৰাবোৰৰ মাজে মাজে
‘Wherever you go, go with all your heart’– Confucious
স্থান–গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমান বন্দৰ৷ তাৰিখ–১৩ জানুৱাৰী৷ সময়–আবেলি পাঁচ বাজিছিল৷ দিল্লী অভিমুখে যাবলগীয়া জেট এয়াৰৱেজৰ বিমানখন উৰণৰ বাবে সাজু হৈছিল৷ ঋষিকেশ দা (ডাঃ ঋষিকেশ কৌণ্ডিণ্য), অন্বেষা (অন্বেষা চেতিয়া), উত্তৰণ (উত্তৰণ গগৈ) আৰু মই আমাৰ নিৰ্দিষ্ট আসনত বহিছিলোঁ৷ দীঘলীয়া ৰাণ্ৱেটোত জোৰেৰে চলি কিছু সময়ৰ পাছত আমাৰ বিমান ওপৰলৈ উঠিল৷ কেইটামান কম্পনৰ সৃষ্টি কৰাৰ পাছত স্থিৰ হৈ বিমানখন আকাশমাৰ্গেৰে আগবাঢ়িল আৰু জীৱনৰ প্ৰথমটো বিমান যাত্ৰাকলৈ মোৰ মনত সৃষ্টি হোৱা উত্তেজনাও ক্ৰমশঃ অৱসান ঘটিল৷
তিনিঘণ্টাৰ যাত্ৰাৰ পাছত আমাৰ
বিমান নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী আন্তজাৰ্তিক বিমান বন্দৰত অৱতৰণ কৰিলে৷ হোৱাট্ছএপৰ
জৰিয়তে যদিও ইতিমধ্যে ‘চুৱাই-২৮(SWY-২৮)ৰ ভাৰতীয় ডেলিগেচনৰ(Indian Deligation) অন্যান্য সদস্যসকলৰ সৈতে চিনা-পৰিচয় আৰু আলোচনা হৈছিল
কিন্তু প্ৰত্যক্ষ সাক্ষাৎ কাৰো লগত হোৱা নাছিল৷ দিল্লী এয়াৰপৰ্টতেই আমাৰ
প্ৰথম সাক্ষাৎপৰ্ব আৰম্ভ হ’ল৷ প্ৰথমে লগ পালো নেচনেল
চচিয়েল চাৰ্ভিচৰ ৰাষ্ট্ৰপতি বঁটাপ্ৰাপক যুৱনেতা মহাৰাষ্ট্ৰৰ সপন (সপন শিৱাজী
মুণ্ডে) আৰু পণ্ডিচেৰীৰ অধিবক্তা তথা এন.এচ.এচ. কম¹ ভীৰা ( ভীৰা কালিকৰণ) ক৷
আমাৰ বাবে ৰৈ থকা দিল্লীস্থিত জাপান দূতাবাসৰ সাট’চি কিউব’ক লগ ধৰি আমাৰ ভিছা আৰু প্ৰয়োজনীয় পাৰ-পত্ৰসমূহ সংগ্ৰহ
কৰিলোঁ৷ সাট’চিৰ বিদায় পৰ্বৰ পাছত আৰম্ভ হৈছিল বাকী সদস্য সকলৰ সৈতে
বাতাৰ্লাপ৷
লগ পালো উত্তৰ প্ৰদেশৰ পৱন জী ( পৱন কুমাৰ সিং) , চুইটী দী(সুইটী পাণ্ডে)ক৷
দুয়োগৰাকী বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ পি. এইচ. ডি. স্কলাৰ৷ কিছু সময়ৰ পাছত সংস্কৃত
ভাষাৰ শিক্ষক, নেহৰু যুৱ কেন্দ্ৰৰ কম¹ হিমাচল প্ৰদেশৰ সন্দীপ জী (সন্দীপ শমাৰ্), সমাজ কৰ্মী তথা নেহৰু যুৱ
কেন্দ্ৰৰ কৰ্মী দিল্লীৰ তেহচিন জী (তেহচিন জেহ্ৰা) আৰু আমাৰ
দলপতি ডাঃ মনপ্ৰিত উপ্পলৰ সৈতেও সাক্ষাৎ হ’ল৷ কিছু সময়ৰ পাছতে আমি
আন্তৰিকতাপূৰ্ণ এটা পৰিয়াল হৈ পৰিছিলোঁ আৰু কাৰেঞ্চি এক্সচেঞ্জ চেণ্টাৰলৈ গৈ
ভাৰতীয় টকাক জাপানী য়েনলৈ সলনি কৰিছিলোঁ৷ যিহেতু আমাৰ ফ্লাইটৰ সময় আছিল নিশা ১.৪৫ ত গতিকে আমি আড্ডাৰ বাবে তথা খোৱাৰ
বাবে পযাৰ্প্ত সময় লাভ কৰিছিলোঁ৷
নিৰ্দিষ্ট সময় হোৱাৰ লগে লগে যাৱতীয় পাৰ-পত্ৰৰ পৰীক্ষনৰ বাবে থিয় হৈছিলো আৰু ‘নিপন এয়াৰৱেজ’ৰ আন্তজাৰ্তিক
বিমানখনত প্ৰৱেশ কৰিছিলোঁ৷
আমাৰ ইকন’মি ক্লাছৰ বিশাল কোঠাটোত
চাৰিগৰাকী এয়াৰ হোষ্টেছে বিমান যাত্ৰাৰ বাবে প্ৰয়োজনীয় সতৰ্কতাসমূহ আমাক অৱগত
কৰিছিল আৰু কিছু সময়ৰ পাছতেই ৰাণৱেত দ্ৰুতগতিৰে আগুৱাই যোৱা নিপন এয়াৰৱেজৰ NH০৮২৮ নম্বৰৰ উৰাজাহাজখনে আমাক বুকুৰ মাজত সুমুৱাই উৰা
মাৰিছিল সূৰ্য উঠাৰ দেশ জাপানলৈ৷
মোৰ জীৱনৰ প্ৰথমটো বিদেশ
যাত্ৰা আৰু সেইখন চেৰীফুলৰ দেশ জাপান৷ সূৰ্য উঠাৰ দেশ জাপান৷ আকিৰা কুৰুশ্বৱাৰ দেশ জাপান, হাইকুৰ দেশ জাপান৷ বিশ্বৰ অন্যতম শক্তিশালী আৰু সম্পদশালী দেশ জাপান৷ ইয়াতকৈ মোৰ বাবে আনন্দৰ কথা আৰু কি হ’ব পাৰে! যদিও মই নিপন এয়াৰৱেজৰ এটা চীটত বহিআছিলো কিন্তু
মনটো উৰি ফুৰিছিল অসমৰ চাহবাগান বোৰৰপৰা জাপানৰ চেৰীফুলৰ বাগিছাবোৰলৈ৷ ব্ৰহ্মপুত্ৰৰ বুকুৰপৰা
চিনানো(Shinano) নদীৰ সৰ্পিল
অৱবাহিকালৈ৷
কাঞ্চনজঙ্ঘাৰ উচ্চতাৰপৰা মাউণ্ট ফুজিৰ শিখৰলৈ৷ মাচু বাচু(Matsuo Basho)ৰ কবিতাৰপৰা নীলমণি ফুকনৰ
কবিতালৈ৷ ‘কুৰুশ্বুৱাৰ সপোন’ৰপৰা জাহ্নু বৰুৱাৰ
ছবিলৈ আৰু মোৰ চিন্তাত যতি পেলাই সুন্দৰী জাপানী এয়াৰ হোষ্টেচ গৰাকীয়েমোলৈ নিশাৰ
আহাৰ লৈ আহিছিল৷
৫৯০৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰমি নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যেৰে গড়ে
৭৯৫ কি.মি প্ৰতি ঘণ্টা দ্ৰুতিত আমাৰ উৰাজাহাজ চীন, ম্যানমাৰ, থাইলেণ্ডৰ আকাশীপথেৰে
আগবাঢ়িল৷
বিক্ষিপ্ত চিন্তাৰ মাজত উৰি-ফুৰা মনটো মই টোপনি যোৱাৰ পাছতো সক্ৰিয় হৈ আছিল৷ আকাশ মাৰ্গত কটোৱা প্ৰথমটো
নিশাৰ অগভীৰ নিদ্ৰাৰপৰা মই যেতিয়া সাৰ পাইছিলো তেতিয়া খিৰিকীৰ সিপাৰে দেখিছিলো
শুকুলা মেঘৰ পাৰাপাৰহীন বাগিছা৷
মেঘবোৰ যেন মাচু বাচুৰ হাইকুৰ একো একোটা টুকুৰা– From time to time /The clouds give rest / to the mooon-beholders৷
মায়াবী টকিঅৰ চঞ্চল মৌচুমী
সময় দিনৰ ১.০০ বাজিছিল৷ ইতিমধ্যে মই মোৰ হাতঘড়ীটো
জাপানৰ সময় অনুসৰি ৩ ঘণ্টা ৩০ মিনিট আগুৱাই লৈছিলোঁ৷ মোৰ ম’বাইল ফোনটোত তেতিয়া পুৱা ৯.৩০ বাজিছিল৷ সময়কলৈ যাতে বিভ্ৰান্তিৰ
সৃষ্টি নহয় তাৰ বাবে ম’বাইল ফোনটোৰ সময়
ভাৰতীয় সময় অনুসৰিয়েই ৰাখিছিলোঁ৷
আমাৰ বিমান তেতিয়া নাৰিটা বিমান বন্দৰত অৱতৰণৰ বাবে সাজু হৈছে৷ অথাৰ্ৎ দিল্লী-টকিঅ’ পথছোৱা অতিক্ৰমৰ বাবে আমাৰ NH-০৮২৮ নম্বৰৰ নিপ’ন এয়াৰৱেজৰ বিমানখনে
প্ৰায় আঠ ঘণ্টা সময় লৈছিল৷
নিপন এয়াৰৱেজৰ উৰাজাহাজখনৰ
পৰা নামি আমি প্ৰস্থানৰ দিশে আগবাঢ়িলোঁ৷ সুসজ্জিত হৰ্ডিংত লিখা আছিলঃ Welcome to Japan আৰু আমাক স্বাগত সম্ভাষণ
জনাবলৈ বাহিৰত ৰৈ আছিল চুৱাই-২৮ অনুষ্ঠানৰ কেইবাগৰাকী প্ৰশাসনীয় মুৰব্বী৷ হাতত ইণ্ডিয়া নামৰ এখন ফলকলৈ
ৰৈ থকা জিন ট’গোৱাই আমাৰ স্বাগতম জনালে৷ আমি তেওঁক অনুসৰণ কৰিলো আৰু
এটা নিৰ্দিষ্ট স্থানত সমৱেত হ’লো৷ যদিও জাপানত শীতকাল হৈ আছিল
কিন্তু ৰ’দ আছিল প্ৰখৰ৷ প্ৰখৰ ৰ’দত শীতৰ মাদকতা৷ আমাৰ বাবে ৰৈ থকা বাছখনৰ ভিতৰত আমি প্ৰৱেশ কৰাৰ পাছতেই
ইমানদিনে বাছ সম্পৰ্কে থকা ধাৰণাটো সলনি হৈ গ’ল৷ বিশেষকৈ তেতিয়া, যেতিয়া আমাক চীটবেল্টবোৰ পৰিধান কৰি ল’বলৈ বাছত থকা স্পীকাৰটোৰদ্বাৰা নিদেৰ্শ দিয়া হ’ল৷
জাপান বুলি কলে আমাৰ মনলৈ
তাৎক্ষণিকভাৱে অহা ধাৰণাসমূহৰ ভিতৰত দেশখনৰ উন্নত প্ৰযুক্তি অন্যতম৷ সেই উন্নত প্ৰযুক্তিক
প্ৰতিনিধিত্ব কৰা বহুতো উপাদানে মোৰ খিৰিকীৰ বাহিৰত ভিৰ কৰিছিল৷ এখন মহানগৰৰ চৰিত্ৰ বহন কৰি মোৰ খিৰিকীৰ চাৰিওফালে থিয় হৈ আছিল ওখ
ওখ কাঁচৰ অট্টালিকা৷ ক’ৰবাত ওলমি আছিল জাপানীভাষাত লিখা একো একোখন হৰ্ডিং৷ কেৱল যে মই কংক্ৰীটৰ অৰণ্যকে
দেখিছিলো তেনে নহয়, যাত্ৰাপথত থকা
কেইবাখনো সেউজীয়া উদ্যানে দুচকু শাঁত পেলাইছিল আৰু আমাৰ বাছ গন্তব্যস্থল ‘আনা ইণ্টাৰকণ্টিনেণ্টেল হোটেল’ৰ দিশে আগুৱাইছিল৷ টকিঅ’ৰ মিনাটো-কুৰ আকাচাকাস্থিত(ৰ-১২-৩৩
Akasaka, Minato-Ku, Tokyo, ১০৭-০০৫২ Japan)এই পঞ্চতাৰকাযুক্ত হোটেলখনেই আছিল টকিঅ’ মহানগৰীত আমাৰ প্ৰথম ঠিকনা৷ নাৰিটা বন্দৰৰপৰা প্ৰায়
সত্তৰ কিলোমিটাৰ পথ বাছেৰে অতিক্ৰম কৰাৰ পাছত আমি হোটেলত উপস্থিত হৈছিলো৷ সাতত্ৰিছ মহলীয়া হোটেলখনত
অত্যাধুনিক সকলো সুবিধা উপলব্ধ আছিল৷
আনা ইণ্টাৰকণ্টিনেণ্টেলৰ অষ্টম মহলাৰ ৮০৪ নম্বৰ কোঠাটোৰপৰাই মই ট’কিঅ’ৰ সৌন্দৰ্য উপভোগৰ
আয়োজন কৰিছিলোঁ৷
কৃত্ৰিম পোহৰেৰে উদ্ভাসিত হৈ
পৰিছিল মহানগৰখন৷
পোহৰৰ সেই উৎসৱৰ নান্দনিক সৌন্দৰ্য উপভোগৰ বাবে ট’কিঅ’ৰ ৰাজপথত খোজকঢ়াৰ বিকল্প
নাছিল আৰু মোৰ এই ইচ্ছা পূৰ হৈছিল৷
কাৰণ সেইদিনা আমাৰ কোনো অফিচিয়েল কাৰ্যসূচী নাছিল আৰু নিকটৱৰ্তী যিকোনো ৰেষ্টুৰাত
নিশাৰ আহাৰ গ্ৰহণৰ বাবে আমাক অনুমতি দিয়া হৈছিল৷ সুযোগৰ সদ্-ব্যৱহাৰ কৰি মই
আৰু উত্তৰণ বাহিৰলৈ ওলালোঁ৷
ইমান পৰে শীত-তাপ নিয়ন্ত্ৰিত অৱস্থাত থকাৰ বাবে বাহিৰলৈ ওলোৱাৰ লগে লগে জানুৱাৰীৰ
হাড়কপোৱা জাৰে আমাক স্পৰ্শ কৰিলে৷
সেইদিনা ট’কিঅ’ৰ সবোৰ্চ্চ তাপমান আছিল ১১
আৰু সৰ্বনিম্ন ০ চেণ্টিগ্ৰেড৷
টকিঅ’ৰ পদপথত আমি খোজকঢ়া আৰম্ভ
কৰিলোঁ৷ পদপথৰ গুল্মজাতীয় গছবোৰ আৰু কাষৰ ডাঙৰ গছবোৰে
জাপানীসকলৰ পৰিৱেশ সচেতনতাৰ পৰিচয় দাঙি ধৰিছিল৷ প্ৰায় এক কিলোমিটাৰ মান খোজ
কঢ়াৰ পাছত ‘য়’চিম’য়া’ নামৰ এখন সৰু ৰেষ্টুৰা আমি নিশাৰ আহাৰৰ বাবে নিবাৰ্চন কৰিলো৷ ৰেষ্টুৰাখনৰ এজন কৰ্মচাৰীয়ে
মূৰদোৱাই সম্ভাষণ জনালে আৰু এখন ম্যেনু আমাৰ হাতত দি গ’ল৷
জাপানীজ ভাষাৰ লগতে সৰুকৈ ইংৰাজীত লিখা খাদ্যৰ নামবোৰ চাই চাই উত্তৰণ আৰু মই গীল্ড
পৰ্ক বউল আৰু নুডল্ছ খোৱাৰ সিদ্ধান্ত লৈছিলো আৰু ইংৰাজী নজনা কৰ্মচাৰীজনক
ম্যেনুখনৰ সহায়ত অংগী ভংগীৰেই অৱগত কৰিলোঁ৷ সৰু ৰেষ্টুৰাখনত বিছজনমান জাপানী গ্ৰাহকে নিজৰ আহাৰ উপভোগ
কৰাত ব্যস্ত আছিল৷
কেইজনমানে সন্মুখত মদিৰাৰ গিলাচ লৈ নিশ্চুপ ভাৱে বহি আছিল৷ এগৰাকীয়ে সোঁহাতৰ
আঙুলিকেইটাৰে চ’পষ্ট্ৰিক দুডাল বিশেষ ভংগীমাত
ধৰি আচৰিতভাৱে সন্মুখৰ প্লেটখনৰপৰা এটা-দুটাকৈ খাই গৈছিল নানা তৰহৰ খাদ্য৷ উদৰ পূৰাই নহ’লেও ৪৫০ য়েন (প্ৰায় ২৮২ টকা)ৰ বিনিময়ত জাপানৰ প্ৰথমটো ডিনাৰ
তৃপ্তিৰেই কৰিলোঁ৷
প্ৰথম দিনাৰ অভিজ্ঞতাসমূহৰ
ভিতৰত বিশেষভাৱে মন স্পৰ্শা অভিজ্ঞতাটো আছিল ট’কিঅৰ ট্ৰেফিক নিয়ন্ত্ৰণ ব্যৱস্থা৷ পকী পথবোৰৰ জেব্ৰা ক্ৰছিঙৰ স্থানত থকা বিশেষ ট্ৰেফিক লাইটে
পদচাৰীসকলৰ আহ-যাহ নিয়ন্ত্ৰণ কৰিছিল৷
পদচাৰীসকলে পথ ক্ৰছ কৰাৰ সময়ত ট্ৰেফিকৰ নিৰ্দেশ মানি গাড়ীবোৰ ৰৈ গৈছিল৷ গাড়ীবোৰ চলি থকাৰ সময়ত
ট্ৰেফিকৰ নিদেৰ্শ মানি জেব্ৰা ক্ৰছিঙৰ দুয়োফালে পদচাৰীসকলে অৱস্থান কৰিছিল৷ বিলাসী গাড়ীবোৰ চোৱাৰ লগতে
ট্ৰেফিকৰ নিদেৰ্শৰ প্ৰতিও আমি সচেতন আছিলোঁ৷
বৰফফুলা দেশ ‘ফুকুই’ আৰু আৱাৰা চহৰৰ মৌচুমী
১৫ জানুৱাৰী, ২০১৬৷
টকিঅ’ৰ পৰা আমি সেইদিনা ‘ফুকুই’ নামৰ এখন নতুন ঠাইলৈ
যাত্ৰা কৰিছিলোঁ৷
উদ্দেশ্য– Homstay visit.৷ গৃহবাসৰ বাবে কৰা বিশেষ ভ্ৰমণ৷
লগত অষ্ট্ৰেলিয়া ডেলিগেচন৷ ‘ফুকুই’ হৈছে জাপানৰ এটা
প্ৰিফেক্চাৰ৷
প্ৰিফেকছাৰৰ অৰ্থ হ’ল আমাৰ ৰাজ্যবোৰৰ দৰে
একো একোটা প্ৰশাসনিক গোট৷ ৬৮৫২ টা দ্বীপেৰে গঠিত জাপানদেশখন মুঠ
সাতচল্লিছটা প্ৰিফেক্ছাৰত বিভক্ত৷
টকিঅ’ ষ্টেচন৷
জাপানৰ আতাইতকৈ ব্যস্ত ট্ৰেইন ষ্টেচনটোৰ ব্যস্ততাত কিছু অৰিহনা যোগাই আমিও প্ৰৱেশ
কৰিলো ষ্টেচনৰ অন্তভাৰ্গত৷
জাপানৰ ট্ৰেইন বুলি ক’লে প্ৰথমেই আমাৰ মনলৈ
আহে ৩২০ কি.মি প্ৰতি ঘণ্টা পৰ্যন্ত গতিবেগেৰে চলা দ্ৰুতবেগী বুলেট ট্ৰেইনৰ কথা৷ তেনে এখন ট্ৰেইনৰ যাত্ৰী
হোৱাৰ সপোন কাৰ নাথাকে? জাপানৰ সুপ্ৰাচীন আৰু
জনপ্ৰিয় JR Tokaido Shinkansen লাইনৰ বিশেষ ট্ৰেইনখনত ফুকুই অভিমূখে যাবৰ বাবে যেতিয়া
উঠিছিলো তেতিয়া মোৰ মনটোৱেও অন্য এক দ্ৰুতি লাভ কৰিছিল৷ মাজতে মাইবাৰাত আমি ট্ৰেইন
সলনি কৰিব লগা হৈছিল আৰু আমি JR
Shiransagi Express ৰে ফুকুই অভিমুখে যাত্ৰা কৰিছিলো৷ খিৰিকীৰ কাষৰ চোফাৰ আৰামী
আসনখনতবহি মই বাহিৰৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিছিলোঁ৷ দূৰৈৰ মাউণ্ট ফুজিৰ
নয়নাভিৰাম দৃশ্যটো অপলকভাৱে চাই ৰওঁতে কেমেৰাৰে ক্লিক্ কৰিব পাহৰি গৈছিলো৷ মাউণ্ট ফুজিৰ জনপ্ৰিয় নাম হ’ল ফুজিয়ামা৷
জাপানীসকলৰ আদৰৰ ফুজি-চান৷ মোৰ খিৰিকীৰ বাহিৰৰ বৰফৰ বুটা-বছা এসাগৰ পাইন
গছৰ সেউজীয়াৰ সিপাৰে জাপানৰ সবোৰ্চ্চ শৃংগ,
‘থ্ৰী
হলি মাউণ্টেনছ’ৰ অন্যতম ফুজিচান সগৌৰৱেৰে
থিয় হৈ আছিল৷
ডাৱৰ নথকাত ‘তুষাৰ-শুভ্ৰ-শিৰ’ কাঞ্চনজংঘা হৈ জিলিকিছিল৷ ম্যাচু বাচুৰ ‘হাইকু’ৰ বিচনীখনতো প্ৰাচীন
টকিঅ’ৰ এজাক বতাহ হৈ বলিছিল ফুজি–The wind from ত্তt. Fuji/ I put it on the fan./Here, the souvenir
from Edo. পাইন গছবোৰৰ পাতবোৰতো বৰফে বুটা বাচিছিল আৰু জাপানী আৰ্হিৰ কাঠৰ ঘৰবোৰৰ
চালিবোৰত উবুৰি খাই পৰিছিল বৰফ৷
তেতিয়া বতৰ ডাৱৰীয়া আছিল৷ এজাক কিন্কিনীয়া বৰষুণ
আহিছিল৷ ৰাষ্ট্ৰাৰ কাষে কাষে
বগা বৰফৰ ডাঠ আস্বাদন৷
বৰফৰ বোকা৷
গচকি দিলে জোতাৰ অধিকাংশ সোমাই গৈছিল৷ তথাপিও মাজে মাজে বৰফবোৰ গচকি গচকি খোজকঢ়াৰ আমেজেই আছিল
সুকীয়া৷ লগতে এয়া আছিল
জোতাযোৰ নষ্ট কৰাৰ সহজ উপায়৷
চেঁচা বতাহজাকৰ সৈতে ফুকুই চহৰখনে আমাক স্বাগতম জনালে আৰু আমি আমাৰ বাবে নিৰ্দিষ্ট
কৰি থোৱা হোটেলখনলৈ বাট বুলিলো৷
অলপ সময়ৰ পাছতে ফুকুই প্ৰিফেক্চাৰৰ কৰ্মকতাৰ্সকলৰদ্বাৰা আমাৰ ৱেলকাম ৰিচেপচন
আৰম্ভ হ’ল৷ নানা তৰহৰ মিঠাই আৰুফলেৰে¸ সজাই থোৱা টেবুল দুখনে স্বাভাৱিকভাৱেই ভোকৰ মাত্ৰা বঢ়াই
দিছিল৷ আমাৰ হ’ষ্ট ফেমিলিবোৰে তাত আসন গ্ৰহণ কৰিছিল আৰু আমাৰ বাবে হ’ষ্ট ফেমিলিৰ লগত বহিব পৰাকৈ আসন ঠিক কৰি থোৱা আছিল৷ মই মোৰ আসনত বহিলোগৈ৷ মোৰ হ’ষ্ট ফেমিলি আছিল–
য়ামাকিছি
ফেমিলি৷ পঞ্চাছ উৰ্দ্ধৰ
এগৰাকী মহিলা মোৰ কাষৰ আসনত বহি আছিল৷ আমাৰ চিনাকি-পৰ্ব আৰম্ভ হ’ল৷ তেওঁৰ নাম- মাট্চুমি৷ আগন্তুক দুটা দিনৰ বাবে তেওঁ
মই তেওঁৰ ঘৰত অতিবাহিত কৰিব লাগিব৷
জিন-এই বিশ্ববিদ্যালয়ৰ নৃত্যদলটোৱে পৰিৱেশন কৰা পৰম্পৰাগত নৃত্যৰ ছন্দই মোৰ দেহৰ
অৱসাদ দূৰ কৰিলে, ফুকুই সম্পক¹য় তথ্যচিত্ৰৰ প্ৰদৰ্শনে ঠাইখনৰ প্ৰতি উৎসুকতা বঢ়াই তুলিলে আৰু অনুষ্ঠানৰ সমাপ্তিৰ পাছত সকলোৰে পৰা
বিদায় লৈ মই মাট্চুমি-চানৰ সৈতে ঘৰলৈ
বুলি ওলালো৷ ‘চান’ হৈছে জাপানী ভাষাত
সততে ব্যৱহৃত এটা honorifics, প্ৰায় ইংৰাজী মিষ্টাৰ, মিষ্টেচৰ সমাৰ্থক৷ উভয়লিংগবাচক আৰু সন্মানীয় অৰ্থ বহন কৰা শব্দটো অৱশ্যে জড়
বস্তু বুজাবলৈও প্ৰয়োগ হয়৷
ফুকুই প্ৰিফেক্চাৰৰ উত্তৰ
সীমান্তত অৱস্থিত আৱাৰা চহৰখনত থকা মোৰ জাপানী অকাচানৰ ঘৰ গৈ পাওঁতে সন্ধ্যা হৈছিল৷ জাপানী ভাষাত ‘অকাচান’ মানে ‘মা’৷ দুটা দিনৰ বাবে তেওঁ মোৰ মাৰ
দৰেই আছিল৷
সেয়ে মাট্চুমি-চানক মই অকাচান বুলিয়েই সম্বোধন কৰিছিলোঁ৷ তেওঁ কেইবাখনো দোকানৰ মালিক
আছিল৷ দোকান মানে আমাৰ
ইয়াৰ দৰে নহয়৷
একো একোখন মেগামাৰ্ট৷যাত্ৰাপথত
বজাৰ কৰিবৰ বাবে আমি এখন ডাঙৰ ফুড মাৰ্টলৈ গৈছিলো৷ সেয়া আছিল এক অপূৰ্ব
অভিজ্ঞতা৷
কেঁচা পাচলিৰপৰা আৰম্ভ কৰি কেঁচা মাছ-মাংসলৈ সকলো বস্তু পেকেট হিচাপে আছিল৷ বৃহত্তৰ ফুড মাৰ্টখনৰ ইমূৰৰ
পৰা সিমূৰলৈ মই ঘূৰিলো৷
চিনাকি কল, পিঁয়াজ, আলু, কমলা আদিৰ লগতে বহুতো
অচিনাকি শাক-পাচলি আৰু ফল-মূল পেকেটৰ ভিতৰত সোমাই আছিল৷
জোতাযোৰ খুলি মই অকাচানৰ
জাপানী আৰ্হিৰ ঘৰটোৰ ভিতৰলৈ সোমালো৷
বাহিৰৰ অংশত পকীবেৰৰ ওপৰত কাঠৰ তৰপ লগোৱা ঘৰটোৰ ভিতৰৰ অংশ মূলতঃ কাঠেৰে নিৰ্মিত৷ মটীয়া ৰঙৰ ‘টাইল’ৰ চালিৰ ঘৰটোত
সোমোৱাৰ পাছত অকাচানক অনুসৰণ কৰি কাঠৰ খট্খটি এডালেৰে ওপৰলৈ উঠি গলোঁ৷ মোৰ বাবে নিৰ্দিষ্ট কৰি থোৱা
ৰুমটো তেওঁ দেখুৱাই দিলে আৰু মই কোঠাটোত প্ৰৱেশ কৰিলোঁ৷ এটা ‘ৱাচিট-চু’ আৰ্হিৰ কোঠা৷ আচলতে ‘ৱাচিট-চু’ হৈছে ‘য়ুচিট-চু’ৰ বিপৰীত শব্দ৷ য়ুচিট-চু শব্দই পাশ্চাত্য
আৰ্হিৰ কোঠাক বুজায়৷
কোঠাৰ চাৰিওকাষে কিছুমান পৰম্পৰাগত পেইণ্টিংছ আৰু কাঠৰ-ভাস্কৰ্য সজাই থোৱা আছিল৷ কোঠাটোত আছিল একোখনকৈ জাপানী
আৰ্হিৰ বিচনা, চকী আৰু টেবুল৷ জাপানী আৰ্হিৰ পৰম্পৰাগত
বিচনাখনক ‘ফুটন’ বুলি কোৱা হয়৷
ফ্লৰত পাৰি থোৱা বেডিং চেটটো এটা মেট্ৰেছ
(জাপানী নামঃ shikibuton অথাৰ্ৎ spreading futon) আৰু এখন ডাভেটেৰে (জাপানী
নামঃ kakebuton অথাৰ্ৎ covering futon) গঠিত৷ ফ্লৰৰ বাবে জাপানীসকলে নৰাৰ
পৰা প্ৰস্তুত কৰা ‘টাটামি’ নামৰ পৰম্পৰাগত মেট
ব্যৱহাৰ কৰে৷নিজৰ
পৰম্পৰাগত সংস্কৃতিৰ সংৰক্ষণৰ প্ৰতি জাপানীসকলৰ এনেধৰণৰ সচেতনতা দেখি অনুপ্ৰাণিত হ’লো৷
তেওঁলোকে যে কেৱল নিজৰ পৰম্পৰাকেই সাৱটি জীয়াই আছে তেনে নহয়৷ মোৰ অকাচানৰ ঘৰখনেই আছিল
পৰম্পৰা আৰু প্ৰযুক্তিৰ সমন্বয়স্থল৷
ঘৰখনৰ সদস্য আছিল কেৱল দুজন– অকাচান আৰু অটচান৷ অটচান মানে দেউতা৷ তেওঁৰ নাম য়চিনবো-চান৷ অকাচানৰ দৰেই ষাঠিৰ উৰ্দ্ধৰ
জাপানী অটচানে ভালদৰে ইংৰাজী ক’ব পৰা নাছিল৷ মোক অংগী ভংগীৰেই তেওঁ কোঠাৰ
বস্তুবোৰ বুজাই দিছিল৷
মোৰ কোঠাটোৰ শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থা,
লাইট
জ্বলোৱা ব্যৱস্থা, ৱাই-ফাইৰ সুবিধাৰ
সম্পৰ্কত তেৱে মোক অৱগত কৰিছিল৷
মোৰ বিচনাখনৰো উত্তাপ কমোৱা-বহোৱাৰো সুবিধা আছিল৷ কোঠাৰ লাইটৰ পৰা বাৰ্থৰূমৰ
টয়লেট কভাৰলৈকে সকলোতে সুবিধাজনকভাৱে চেনচ’ৰ প্ৰযুক্তিৰ প্ৰয়োগ
কৰা হৈছিল৷
অটচান ‘য়চিনবো-চান’ আৰু অকাচান ‘মাটচুমি-চান’ৰ পুত্ৰসন্তান চাৰিটা৷ তেওঁলোক লগত নাথাকে৷ প্ৰত্যেকেই স্বাৱলম্বী আৰু
নিজ নিজ কৰ্মক্ষেত্ৰৰসৈতে জড়িত৷
অৱশ্যে সেই দিনা মই অহা হেতু ডাঙৰ দাদা নাউকী, বৌ এটচুকু তেওঁলোকৰ কণমানিকেইটাৰ সৈতে আহিছিল৷ আইতা ন’ব’কুও আহিছিল৷ ডাইনিং টেবুল অথাৰ্ৎ ডাঙৰ
চাবুদাইখনৰ চাৰিওফালে আমি বহিলো৷
নাউকী দাদাৰ পাঁচবছৰীয়া ছোৱালীজনীৰ নাম মিজুকী৷ তিনিবছৰীয়া ল’ৰাটোৰ নাম খাইছে আৰু বৌৰ কোচত থকা এঘাৰমহীয়া কণমানিটোৰ নাম
আছিল কুকি৷
মোৰ জাপানী পৰিয়ালটোলৈ বুলি মই দুটা তিল পিঠাৰ পেকেট, কেইটামান সৰু সৰু জাপি আৰু এখন গামোচা লৈ গৈছিলোঁ৷ অকাচান পাকঘৰত নৈশ আহাৰ
ৰন্ধা কামত ব্যস্ত হৈছিল আৰু আমি সহজ ইংৰাজী ভাষাত কথা পতা আৰম্ভ কৰিলোঁ৷ আইতাই আমাৰ কথাবোৰ একো বুজি
নোপোৱাৰ বাবে মৌনতা অৱলম্বন কৰিছিল৷
কথাৰ মাজতে অকাচাঙে আমাৰ টেবুলখনৰ ওপৰতে এটা সৰু আকাৰৰ গেছ জ্জ্বলালে৷ তাত কেৰাহীসদৃশ এবিধ পাত্ৰ
পানীৰে সৈতে বহাই দিলে৷
আৰু অলপ পাছত কুকুৰা মাংসৰ টুকুৰাবোৰ তাত দি দিলে৷ তেওঁ কোনো মছলা বা তেলৰ
ব্যৱহাৰ কৰা নাছিল৷
নিমখৰ পৰিমানো আছিল অতি কম৷
অৱশ্যে মই চিনি নোপোৱা কেইটামান উপাদান তাত দিছিল৷ মাংসৰ লগতে কেইটুকুৰামান
গৰীয়া আলুৰ টুকুৰা দিয়া হ’ল৷ লগত নাম নজনা অন্যান্য
পাচলিৰ কেইটামান টুকুৰা৷
মাংস আৰু পাচলিৰ টুকুৰাবোৰ উতলিবলৈ আৰম্ভ কৰিলে আৰু এসাজ ব্যতিক্ৰমী নৈশ আহাৰৰ
বাবে মই সাজু হ’লো৷ প্ৰেছাৰ কুকাৰত চাউলো ৰন্ধা
হৈছিল৷ চাউলৰ সৈতে কেঁচা
কণী মিহলাই তেওঁলোকে ‘গ’হাম’ প্ৰস্তুত কৰে৷ মোক সৰু বাতি এটাত কেইটামান ‘গ’হাম’ দিলে৷
লগত বইল কৰা শাকৰ আঞ্জা৷
এক প্লেট নুডলছ৷
এক গিলাছ ম্ফ্ৰুইট জ্যুচ আৰু খাবৰ বাবে দিয়া হ’ল দুডাল চ’প ষ্টিক৷ অৱশ্যে চ’প ষ্টিকেৰে খোৱাত অসুবিধা হোৱাত মোৰ বাবে এখন চামুচ এখন
দিয়া হ’ল৷ এক বিশেষ কৌশলেৰে চ’পষ্টিকৰ সহায়ত সকলোৱে আহাৰ গ্ৰহণ কৰাৰ বিপৰীতে মই হেতাৰে মাংসৰ টুকুৰা আৰু আলুৰ টুকুৰাবোৰ মোৰ
প্লেটলৈ আনি চামুচেৰে খোৱাৰ আৰম্ভ কৰিলোঁ৷
পিছদিনা ব্ৰেকফ্ৰাষ্ট কৰি
বেলকনিলৈ ওলাই গ’লো৷ তেওঁলোকৰ ঘৰৰ কাষেৰে টাকিডা
নৈখন বৈ গৈছে৷
অটচানে মোক নদীখনৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে সৌৰ শক্তি আহৰণ কৰিব পৰাকৈ
ফটোভলটেটিক কোষেৰে নিৰ্মিত তেওঁলোকৰ ঘৰৰ ছালখনৰ বিশেষত্বৰ কথাও মোক অৱগত কৰিলে৷ কিছু সময়ৰ পাছত আমি ফুকুইৰ
অন্যতম পৰ্যটনস্থল ফুকুই প্ৰিফেক্চাৰেল ডাইন’চৰ মিউজিয়াম দৰ্শনৰ বাবে যাবলৈ সাজু হ’লো৷ অকাচান-অটচানৰ ঘৰৰপৰা
মিউজিয়ামলৈ যোৱাৰ যাত্ৰাটো মোৰ জীৱনৰ এটা অবিস্মৰণীয় যাত্ৰা হৈ ৰ’ব৷
ঘৰৰপৰা কিছুদূৰ যোৱাৰ পাছতে চাৰিওফালে কেৱল বৰফ দেখিছিলোঁ৷ বৰফেৰে ঢকা ঘৰ, বৰফৰ পাহাৰ, বৰফৰ গছ৷ ৰাষ্ট্ৰাটোৰ বাহিৰে বাকী
সকলো আছিল বৰফ৷
হাইকুত কোৱাৰ দৰেই – “All Heaven and
Earth/Flowered white obliterate.../Snow...unceasing snow”৷
ফুকুই প্ৰিফেক্চাৰেল ডাইন’চৰ মিউজিয়ামৰ জাপানী নাম– Fukui Ken-ritsu Kyoryu Hakubutsukan ৷
ফুকুই প্ৰিফেক্চাৰৰ অন্তৰ্গত ক্যাটচ্যুয়ামা নগৰত অৱস্থিত এই সংগ্ৰহালয়টো জাপানৰ
এটা অন্যতম সংগ্ৰহালয় হোৱাৰ উপৰিও বিশ্বৰ তিনিটা সৰ্ববৃহৎ ডাইন’চ’ৰ মিউজিয়ামৰ অন্যতম৷ ক্যাটচ্যুয়ামা আৰু তাৰ
সমীপৱত¹ অঞ্চলটোত ডাইন’চ’ৰৰ জীৱাশ্মৰ বাবে
বিশ্ব বিখ্যাত আৰু অঞ্চলটোৰ এই গুৰুত্বক প্ৰতিনিধিত্ব কৰিয়ে উল্লিখিত মিউজিয়ামটো
গঢ় লৈ উঠিছে৷
মিউজিয়ামটোত প্ৰৱেশ কৰি জুৰাচিক যুগৰ বিস্ময়ৰ মাজত হেৰাই গৈছিলোঁ৷
অৱশেষত য়ামাকিচি দম্পতীৰ পৰা
বিদায় লোৱাৰ সময় আহিল৷
আন্তৰিকতাৰে তেওঁলোকে মোৰ হাতত কেইটামান উপহাৰ যাচিছিল আৰু তাৰ পাছত অকাচানৰ সৈতে
আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা হোটেলখনৰ অভিমুখে আগবাঢ়িলোঁ৷ হোটেলত গৈ উপস্থিত হোৱাৰ
পাছত অকাচানে সোঁহাতখন ওপৰলৈ দাঙি বিদায় সম্ভাষণ জনোৱা পৰত আমাৰ দুয়োৰে চলচলীয়া
চকু দুযোৰ হেৰুৱাৰ বেদনাত চট্ফটাইছিল৷ সৰি পৰা দুখৰ টোপাল কেইটা আজিও মোৰ মনত স্মৃতিৰ একো একোটা
উজ্জ্বল স্ফটিকৰ দৰে জিলিকি আছে৷
ৱাচি গাঁৱৰ কাগজেৰে সজা জিন-এই বিশ্ববিদ্যালয়ৰ বগলী
ফুকুইস্থিত আমাৰ হোটেলত ভাৰত আৰু অষ্ট্ৰেলীয়া ডেলিগেচনৰ
সদ্যসকল পুনৰ মিলিত হ’লো আৰু পৰৱৰ্তী কাৰ্যসূচীৰ বাবে আমি
সাজু হ’লো৷ কিছুসময়ৰ পাছত ফুকুইৰ
ইচ্চিজেন ৱাচি গাওঁ (Echizen Washi
Village) অভিমূখে আমাৰ যাত্ৰা আৰম্ভ হ’ল৷ এই বিশেষ গাওঁখনক The spiritual home of Japanese handmade washi বুলি জনা যায়৷ পৰিস্কাৰ-পৰিচন্ন চৌপাশ, উন্নত যাতায়ত ব্যৱস্থা, জাপানী আৰ্হিৰ ঘৰবোৰেৰে আটকধুনীয়া ইচ্চিজেন ৱাচি গাঁও গৈ পোৱাৰ পাছত জাপানী
আৰ্হিৰ একোটা বিশাল ঘৰৰ ভিতৰত আমি প্ৰৱেশ কৰিলো আৰু তাত অতি সহজ পন্থাৰে কাগজ
প্ৰস্তুত কৰা অভিনৱ পদ্ধতিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পালোঁ৷ যিসময়ত আমাৰ অসম তথা
ভাৰতবৰ্ষত বিভিন্ন কাৰকৰ প্ৰভাৱত পৰম্পৰাগত কুটীৰ শিল্পসমূহ সংকট আৰু বিলুপ্তিৰ
সন্মুখীন হৈছে, সেই সময়ত বিজ্ঞান-প্ৰযুক্তিৰ
উন্নয়ণৰ চৰম পযাৰ্য়ত উপনীত হৈও নিজৰ পৰম্পৰাৰ প্ৰতি অতি সচেতন জাপানীসকলে তেওঁলোকৰ
কাগজ প্ৰস্তুত কৰাৰ পৰম্পৰাগত এই পদ্ধতিটো অতি সচেতনভাৱে ধৰি ৰাখিছে৷ ইতিমধ্যে ট’কিঅ আৰু অন্য স্থানত ব্যতিক্ৰমী কাগজত প্ৰস্তুত কৰা কিছুমান
ব্যতিক্ৰম চিত্ৰকৰ্ম দেখি আহিছিলোঁ৷
ইচ্চিজেন ৱাচি গাৱঁত এই চিত্ৰ কৰ্মবোৰৰ আঁৰৰ ৰহস্যৰ সন্ধান পালোঁ৷
পৰৱৰ্তী কাৰ্যসূচী অনুসৰি
আমি উপস্থিত হ’লোগৈ জিন-এই বিশ্ববিদ্যালয় (Jin-ai University) চৌহদত৷ ইনড’ৰ ষ্টেডিয়ামত জাপানী ড্ৰামসংগতকাৰী ছাত্ৰ-ছাত্ৰীসকলে
তেওঁলোকৰ পৰম্পৰাগত টাইক’ পৰিৱেশনৰ বাবে সাজু হৈছিল৷ মুষ্টিবদ্ধ হাতত লোৱা
ড্ৰামষ্টিকবোৰেৰে বলিষ্ঠভাৱে ড্ৰামবোৰত মৰা প্ৰতিটো চাপৰ আৰু কাণ তাল মাৰি যোৱা ঘণ্টা-ধ্বনিৰ সমলয়ৰ
অভূতপূৰ্ব আৰু শক্তিশালী প্ৰদৰ্শন অপলক দৃষ্টিৰে চাই ৰ’লো আৰু কিছু সময়ৰ পিছত সভা গৃহত মই মোৰ বাবে নিৰ্দিষ্ট কৰি
থোৱা আসনত বহিলোঁ৷
লগত অষ্ট্ৰেলীয়াৰ ক্ৰিষ্টা আৰু বিশ্ববিদ্যালয়ৰ তিনিগৰাকী শিক্ষাৰ্থী৷ জাপানীসকলে কাগজেৰে ক্ৰেন
অথাৰ্ৎ বগলী সদৃশ চৰাই এবিধৰ প্ৰতিকৃতি প্ৰস্তুত কৰি ভাল পায়৷ আচলতে ইয়াৰ সৈতে জড়িত হৈ
আছে কিছুমান বিশ্বাস৷ কাগজৰ হাতৰ কামৰ কলাক জাপানী ভাষাত অৰিগামী
বুলি অভিহিত কৰা হয়৷
তেওঁলোকে বিশ্বাস কৰে যে এজন ব্যক্তিয়ে এহেজাৰটা অৰিগামী ক্ৰেণ প্ৰস্তুত কৰিলে
তেওঁৰ এটা মনোকামনা (wish) পূৰ্ণ হয়৷ কাইডে নামৰ মোৰ সমনীয়া জাপানী ছোৱালীজনীয়ে মোক
অৰিগামী ক্ৰেণ প্ৰস্তুত কৰিবলৈ শিকালে৷ মইও সিহঁতক কাগজৰ নাওঁ বনাবলৈ শিকালো৷ শিশুসুলভ কামবোৰৰ মাজেৰে লাভ
কৰা আনন্দবোৰ পাঁচখন মুখৰ পাঁচটা অকৃত্ৰিম হাঁহি হৈ টেবুলখনৰ চাৰিওফালে ওলমি ৰ’ল৷
ফুকুই প্ৰিফেক্চাৰৰ গৱৰ্ণৰ
ইচেই নিচিকাৱা (Issei Nishikawa)ৰ সৈতে এখন
আনুষ্ঠানিক সভাত অংশগ্ৰহণ কৰাৰ পাছত আমি কোচি হাইস্কুলৰ শিক্ষাৰ্থীসকলৰ সৈতে মত
বিনিময়ৰ উদ্দেশ্যে গ’লো৷ জাপানৰ স্কুলীয়া শিক্ষা
পদ্ধতি আমাতকৈ পৃথক৷ বিদ্যালয়খনত
দুটা শাখা আছে৷
এটা হ’ল কোচি হাইস্কুল আৰু আনখন
কোচি জুনিয়ৰ হাইস্কুল৷
প্ৰতিটো শাখাত তিনিটাকৈ বছৰ৷
সৰ্বশিক্ষাই ভাৰতবৰ্ষত শিক্ষক-ছাত্ৰৰ
অনুপাত ৰঃ৪০ হ’ব লাগে বুলি কোৱাৰ সময়ত
জাপানৰ সেই বিদ্যালয়খনত ১০৭৪ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষকৰ সংখ্যা আছিল ৯৩
গৰাকী৷ চৰকাৰী বিদ্যালয়খনত
ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় সকলোবোৰ উন্নত সুবিধাই উপলব্ধ আছে৷ স্মাৰ্ট শ্ৰেণী কোঠা, অনলাইন ক্লাছ কৰাৰ সুবিধা থকাৰ উপৰি ব্যৱহাৰিক শিক্ষাৰ বাবে
প্ৰয়োজনীয় উন্নত লেবৰটৰীৰ ব্যৱস্থাও আছিল৷ তদুপৰি নৃত্য-গীত আৰু ক্ৰীড়া-চচাৰ্ৰ সুবিধা আছিল অত্যন্ত
উচ্চ পযাৰ্য়ৰ৷
বিহংগম দৃষ্টিৰে বিদ্যালয়খনৰ চৌপাশলৈ দৃষ্টি নিক্ষেপ কৰিয়েই এই দিশবোৰৰ সন্দৰ্ভত
এটা সম্যক ধাৰণা কৰি ল’ব পাৰিছিলো৷
নিশা হোটেলৰ নিকটৱৰ্তী জাপানী ৰেষ্টুৰা
এখনত আহাৰ খাবৰ বাবে গ’লো৷ জাপানী ষ্টাইলৰ ‘ডীপ ফ্ৰাইড পৰ্ক কাটলেট’ অথাৰ্ৎ ‘টনকাটচু’ৰ সৈতে ৰাইচ বউল৷ পৰ্ক কাটলেট ৰাইচ বউলক ‘কাটচু ডন’ বুলিও জনা যায়৷ লগত অলপ জাপানী নুডলছ আৰু ‘মিচু চৌপ’৷ ‘মিচু চৌপ’ জাপানীসকলৰ খাদ্য
তালিকাৰ অন্যতম অংগ৷
চৌপৰ গোন্ধটো মোৰ পচন্দৰ নাছিল যদিও স্বাদটো ভালেই পাইছিলোঁ৷
আকৌ টকিঅ’ আৰু NYCৰ ব্যস্ততা
১৯ জানুৱাৰী৷ অৱশেষত ফুকুইৰ পৰা টকিঅ’লৈ উভতি যোৱাৰ নিৰ্দিষ্ট দিনটো আহি পালেহি৷ প্ৰতিকূল বতৰৰ বাবে নিদ্ধাৰ্ৰিত সময়তকৈ দুইঘণ্টামান পলমকৈ আমি ট’কিঅ অভিমুখে যাত্ৰা আৰম্ভ কৰিব লগা হৈছিল৷ চৌদিশে বৰফৰ মেলা৷ আকৌ ফুজি-চান৷ আকৌ বৰফ ফুলা পাইন গছৰ সাগৰ৷ আৰু পাইন গছৰ মাজে মাজে আমাৰ যাত্ৰা৷ লক্ষ্যস্থান–টকিঅ’৷ টকিঅ’ ষ্টেচনৰ পৰা বাছেৰে গৈ আমি উপস্থিত হ’লোগৈ টকিঅ’ৰ চিবুয়াস্থিত National Olympics Memorial Youth Centre ত৷ য’ত আমি এসপ্তাহ সময় আছিলো আৰু এই সাতটা দিন আছিল আমাৰ Onshore Training Session. নিজৰ লাগেজবোৰ লৈ আমি আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা কোঠালৈ গৈছিলো৷ সকলো ক্ষেত্ৰতে জাপানৰ অংশগ্ৰহণকাৰীসকলে সহায় কৰিছিল৷ ‘এ’ বিল্ডিঙৰ তৃতীয় মহলাত থকা মোৰ ৰূমটোৰ নম্বৰ আছিল ৩৩৮৷ NYCৰ সময়বোৰ খুউব ব্যস্ততাপূৰ্ণ আছিল৷ Onshore Training Session ৰ অংশ হিচাপে আমি বিভিন্ন কাৰ্যক্ৰমৰ সৈতে ব্যস্ত হৈ থাকিবলগীয়া হৈছিল৷ সেই সমূহৰ ভিতৰত–Course Discussion, Letter Group Meeting, NP Practice, PY Seminar, Leadership Seminar, Project Management Seminar আদি আছিল অন্যতম৷ NYট্ৰ তে আৰম্ভ হৈ এই কাৰ্যক্ৰমসমূহ পৰৱৰ্তীসময়তো অব্যাহত আছিল৷ Introductory Forum ৰ জৰিয়তে আমাক চুৱাই-২৮ প্ৰ’গামৰ সামগ্ৰিক কাৰ্যসূচীৰ আভাস প্ৰদান কৰা হৈছিল৷
টকিঅ’ৰ বজাৰ, আহাৰ আৰু ঐতিহ্যত এভুমুকি
এন.ৱাই.চিত থকা দিনবোৰৰ আটাইতকৈ আনন্দৰ দিন দুটা আছিল টকিঅ’ ট্যুৰৰ দিন দুটা৷ ২২ জানুৱাৰীৰ হাফ্ হলিডেৰ সুযোগ গ্ৰহণ কৰি মই আৰু ঋষি দাই
টকিঅ’ ফুৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ৷ আমাক সংগ দিলে জাপানৰ ৰিহ’ ইউকই আৰু ফুমিয়া
মাটচুকোৱে৷
প্ৰথমে আমি এখন কিতাপৰ দোকানলৈ গ’লো৷ প্ৰৱেশদ্বাৰৰ পৰা বহু দূৰলৈ
গৈ ইংৰাজী শাখাটোৰ কিতাপবোৰৰ ওচৰত ৰ’লো৷ জাপানী কিতাপৰ তুলনাত ইংৰাজী
কিতাপ নগণ্য আছিল যদিও আমাৰ প্ৰয়োজন পূৰাবৰ বাবে যথেষ্ট আছিল৷ স্বাভাৱিকতে কিতাপবোৰৰ মূল্য
ভাৰততকৈ বহুত বেছি আছিল৷
এশ য়েনতকৈ কম দামৰ কলম নাছিল (১.০০ টকা = ১.৮০ য়েন)৷ প্ৰায় চাৰি হাজাৰ য়েনৰ
বিনিময়ত মই তিনিখন কিতাপ লাভ কৰিলোঁ৷
ঋষি দাইও কেইবাখনো কিতাপ ক্ৰয় কৰিলে৷
ষ্ট্ৰৰখনৰ মেগামাৰ্টৰ দৰে বিশাল আকাৰ আৰু পৰিৱেশটোৱেই জাপানত গ্ৰন্থৰ আদৰ কিমান
তাৰ এক আভাস দিলে৷
ৰিহ’ আৰু ফুমিয়াৰ সৈতে কথা পাতিও
সিহঁতৰ গ্ৰন্থপ্ৰীতিৰ কথা জানিব পাৰিলোঁ৷ তাৰ পাছত টকিঅ’
মেট্ৰত
উঠি ‘চিবুৱা’ অঞ্চলটো ঘূৰিলো৷ মেট্ৰৰ টিকেট কটাৰ বাবে বহুসংখ্যক ‘অট’মেটিক টিকেট মেচিন’ উপলব্ধ হোৱা হেতু টিকট কটাৰ ক্ষেত্ৰত কোনোধৰণৰ সমস্যা হোৱা
নাছিল৷ মেট্ৰই হ’ল টকিঅ’ৰ মূখ্য ৰাজহুৱা
যাতায়ত ব্যৱস্থা৷
মেট্ৰত যাত্ৰা কৰা সময়ত বহুসংখ্যক যাত্ৰীৰ হাততো কিতাপ দেখি পাইছিলো৷ একান্ত মনে নিজৰ আসনত বঢ়ি
তেওঁলোকে কিতাপৰ পৃষ্ঠা লুটিয়াইছিল৷
অন্যহাতে টকিঅ’ৰ জাপানীলোকসকলৰ
পোছাক-পৰিচ্ছদ দেখি বিস্ময় মানিছিলো৷
যুৱকৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে প্ৰায় সকলো নাগৰিকে কোট-ট্ৰাইৰ সৈতে ফৰ্মেল পোছাক
পৰিধান কৰিছিল৷
কিছুসময়ৰ পাছত ৰিহ’ গ’ল আৰু আকাৰি আৰু সন্দীপ দা আমাৰ লগ হ’ল৷
আকাৰিৰ কথা বাতাৰ্ আৰু চাল-চলনৰ পৰা তাইক বহুত সৰু ছোৱালী এজনীৰ দৰে লাগে৷ কিন্তু তাইৰ বয়স বাইশ বছৰ৷ জাপানী মানুহৰ বয়স সম্পৰ্কে
ধাৰণা কৰাটো যে অত্যন্ত জটিল কাম সেই কথাটো আমি বিভিন্ন পৰিস্থিতিত উপলব্ধি কৰিছিলোঁ৷ বহুত বয়সীয়াল মানুহকো
উজ্জ্বল ৰঙা-বগা ছালৰ সৈতে সৰn ল’ৰা যেন লাগে৷
সেইদিনা ৰেষ্টুৰাত খাদ্যৰ জুতি লোৱাৰ ক্ষেত্ৰত সন্দীপ দা একপ্ৰকাৰৰ সমস্যা হৈ
পৰিছিল৷ কাৰণ তেওঁ হ’ল নিৰামিষভোজী৷ ৰেষ্টুৰাবোৰৰ সন্মুখত গৰু-গাহৰিৰ পৰা আৰম্ভ কৰি
স্কুইড-অক্টোপাচ পৰ্যন্ত বিভিন্ন মাংসৰ লগতে ভিন্ন প্ৰকাৰৰ মাছৰ ব্যঞ্জনৰ ফটোৰে
সৈতে থকা হৰ্ডিংবোৰ দেখি হিমাচলী ব্ৰাহ্মণ পৰিয়ালৰ ধাৰ্মিক সন্তান সন্দীপ দাই বিতৃষ্ণাত
নাক গুচোৱাৰ লগতে দৃষ্টি আঁতৰাইহে ৰক্ষা পাইছিল৷ টকিঅ’ত ৰেষ্টুৰেণ্টৰ
সংখ্যা বহুত আছে৷
ৰেষ্টুৰেণ্ট অনুসৰি গ্ৰাহকৰ সংখ্যাও কম নাছিল৷ খাদ্য পৰ্যটনৰ ক্ষেত্ৰত
জাপানৰ এক সু-নাম আছে আৰু ইয়াৰ স্বৰূপ আৰু প্ৰকৃতি আমি দেখিছিলোঁ৷ কিন্তু ভাল নিৰামিষ আহাৰ
পোৱা এখন ৰেষ্টুৰেণ্ট বিচাৰি নোপোৱাটো আছিল আমাৰ বাবে দূভাৰ্গ্য৷ ফুমিয়া আৰু আকাৰিক সন্দীপ
দাহঁতৰ দৰে মানুহৰ বাবে টকিঅ’ত নিৰামিষ
ৰেষ্টুৰেণ্ট দুখনমান খুলিবলৈ পৰামৰ্শ দিলো৷ সিহঁতে আমাক জনালে যে নিৰামিষভোজী জাপানী লোকৰ সংখ্যা
জাপানৰ মুঠ জনসংখ্যাৰ পাঁচ শতাংশকৈ কম৷
অৱশেষত আমি নিৰামিষ আহাৰ পোৱা
এখন ৰেষ্টুৰেণ্ট বিচাৰি পালোঁ৷
গ্ৰাহকৰ ভিৰৰ বাবে কিছু সময় অপেক্ষা কৰিব লগীয়া হ’ল৷ সন্দীপ দাই
বুট-গোমধান জাতীয় কিছুমান খাদ্যৰ লগতে জাপানী চাউলৰ কেইটামান ভাত অডাৰ্ৰ দিলে৷ তাৰ বিপৰীতে চিকেন উইংচ
ফ্ৰাই, এক প্লেট সৰু-সৰু ভজা মাছৰ
সৈতে আমি তিনিটাই বৰ তৃপ্তিৰে নিশাৰ সাজটো খালোঁ৷ আমাৰ বাহিৰে ৰেষ্টুৰাৰ বাকী
সকলো গ্ৰাহকৰেই খোৱাৰ টেবুল বিভিন্ন প্ৰকাৰৰ সুৰাৰে সজ্জিত হৈ আছিল৷ সেয়া আছিল টকিঅ’ চহৰ নিচাসক্ত হোৱাৰ সময়৷ আমিখাই থকাৰ সময়ত সন্দীপ দাৰ
মুখখন চাবলগীয়া হৈছিল৷
সেইসময়ত সমবেদনা জ্ঞাপনৰ বাহিৰে আমাৰ হাতত অন্য উপায়ো নাছিল৷
২৩ জানুৱাৰী৷ দিনটোৰ প্ৰধান কাৰ্যসূচী
আছিল– লেটাৰ গ্ৰুপৰ সৈতে টকিঅ’ চিটি টু্যৰ৷
গ্ৰুপৰ সকলো লগ হোৱাৰ পাছত এই বিশেষ কাৰ্যসুচীৰ বাবে আমি সাজু হ’লো৷
আমাৰ নেতৃত্ব প্ৰদান কৰিছিল আনা, আয়াকে ধৰি গ্ৰুপৰ
জে.পি.ৱাইসসকলে৷ নিকটৱৰ্তী ষ্টেচনলৈ খোজেৰে
যোৱাৰ পাছত আমি টকিঅ’ মেট্ৰৰে আচাকুচালৈ গ’লো৷
আমাৰ গন্তব্য স্থান আছিল টকিঅ’ৰ বিখ্যাত ‘চেন্চ’-জী’৷
চেনচ’-জী হৈছে টকিঅ’ৰ এটা প্ৰাচীনতম বৌদ্ধ মঠ৷ মেট্ৰৰ পৰা নমাৰ পাছত
সদাব্যস্ত নাকামাইচে পথটোৰে মঠটোৰ দিশে আমি খোজ কাঢ়িলো৷ নকামাইচে ষ্টীটত দৰ্শনাৰ্থীৰ
অজস্ৰ ভিৰ৷
পথৰ দুয়োকাষে পৰিকল্পিতভাৱে গঢ়ি উঠা ‘চউভিনিৰ চ’প’বোৰ আৰু জাপানী ফাষ্ট ফুডৰ দোকানবোৰে পৰিৱেশটো দৃষ্টিনন্দন
কৰি তুলিছিল৷
ভিৰৰ আগত গৌৰৱেৰে থিয় হৈ আছিল পৱিত্ৰ ‘চেন্চ’-জী’৷ মূল মঠৰ সন্মুখত ধূপ
জ্জ্বলোৱাৰ এক ব্যৱস্থা আছিল৷
সেই বিশেষ ইনচেন্চ বাৰনাৰটোৰ পৰা ওলোৱা ধোৱাক জাপানীসকলে পৱিত্ৰ-জ্ঞান কৰে আৰু
তাত হাত সেকে৷
চেনচ’-জীৰ প্ৰৱেশদ্বাৰ অথাৰ্ৎ ‘কামিনাৰিমন’ৰ ওপৰত ওলমি থকা
ধমীৰ্য় গুৰুত্ব থকা বেলুনাকাৰৰ বিশেষ বস্তুটো বহু দূৰৈৰ পৰা জিলিকি আছিল৷ দুয়োকাষে আছিল দুটা বিশেষ
মূৰ্ত্তি৷
অন্তৰ্ভাগত প্ৰৱেশ কৰি মঠটোৰ অভিনৱ স্থাপত্য কাৰু-কাৰ্যত অভিভূত হৈছিলো৷
জাপানৰ ইতিহাসৰ ১৬০৩ ৰপৰা
১৮৬৮ খ্ৰীষ্টাব্দৰ সময়ছোৱাক ইড’ যুগ বুলি কোৱা হয়৷ অৰ্থনৈতিক উন্নয়ন, কঠোৰ সামাজিক ৰীতি,
উন্নত
স্থাপত্য-ভাস্কৰ্য-চিত্ৰকলা আৰু বৈদেশিক সম্পৰ্কৰ জৰিয়তে এই যুগটো জাপানৰ ইতিহাসৰ
এটা সমৃদ্ধিশালী যুগ আছিল আৰু ইড’ টকিঅ’ মিউজিয়ামটোৰ জৰিয়তে এই সমৃদ্ধিশালী সময়ছোৱাক ধৰি ৰখাৰ
সাৰ্থক প্ৰয়াস কৰা হৈছে৷
ষষ্ঠ মহলাৰ কাৰু-কাৰ্যখচিত দলংখন পাৰ হৈ আমি জাপানৰ ইতিহাসৰ মাজত প্ৰৱেশ কৰিলোঁ৷ প্ৰায় দুঘণ্টা সময়ৰ
ইতিহাস-যাত্ৰাৰ পাছত আমি বাস্তৱলৈ ঘূৰি
আহিলো৷ শীত-তাপ নিয়ন্ত্ৰিত
কোঠাৰ পৰা প্ৰৱেশ কৰিলোঁ টকিঅ’ৰ হিমশীতল বতাহজাকৰ
মাজত৷
২৩ জানুৱাৰীৰ টকিঅ’ ট্যুৰৰ পাছত ২৬ জানুৱাৰীৰ দিনাহে এন.ৱাই.চিৰ বাহিৰলৈ যোৱাৰ
সুযোগ লাভ কৰিছিলোঁ৷
সেইদিনা আছিল কৰ্চ ডিচকাচনৰ Institutional
visit৷ আমাৰ Environment Course ৰ Institutional visit ৰ
স্থান আছিল Tokyo Metropolitan
Government Waste Landfield Site ৷ Tokyo Metropolitan Government Waste Landfield
Site ৰ পৰিদৰ্শনৰ উদ্দেশ্যেৰে আমি বাছত উঠিলো৷ কাষৰ চীটত ৰিহ’৷
স্বাভাৱিকতে আমাৰ আড্ডা আৰম্ভ হ’ল৷ প্ৰায় এঘণ্টাৰ যাত্ৰাৰ পাছত আমাৰবাছ আৱৰ্জনাৰ
স্তুপ কিছুমানৰ মাজত প্ৰৱেশ কৰিলে৷
ট্ৰাকৰদ্বাৰা কঢ়িয়াই অনা আৱৰ্জনাবোৰ তাত ৰখা হৈছিল আৰু বৃহৎ আকাৰৰ কিছুমান যন্ত্ৰৰ সহায়ত সেইবোৰ গুৰি
কৰা হৈছিল৷
পিছত অন্য ট্ৰাক আহি সেইবোৰ লৈ গৈছিলহি৷ সম্পূৰ্ণ নতুন অভিজ্ঞতা৷ আৱৰ্জনাক লৈ ডাঙৰ কাৰবাৰ৷ এই সমগ্ৰ প্ৰক্ৰিয়াৰ উত্তৰ
লাভ কৰিছিলো তেতিয়া যেতিয়া টকিঅ’ৰ লেণ্ডফিল্ড চাইটত
উপস্থিত হৈছিলোগৈ৷
জনপ্ৰাণীহীন এক বিশাল এলেকা৷
দূৰৈত টকিঅ’ মহানগৰৰ সুউচ্চ অট্টালিকাবোৰ
জিলিকি আছে৷
আনফালে সাগৰৰ নীলা৷
আমাক কোৱা হ’ল যে এই এলেকাটো টকিঅ’ৰ পৰা নিৰ্গত আৱৰ্জনাৰে সাগৰৰ একাংশ পুতি কৃত্ৰিমভাৱে
সৃষ্টি কৰা হৈছে৷
বিশ্বাস কৰিব টান হৈছিল৷
কিন্তু Tokyo Metropolitan Government
Bureau of Environment ৰ কাযাৰ্লয় এটাত উপস্থিত হৈ
কথাবোৰ স্পষ্টকৈ জনাৰ পাছতহে ৰহস্য আৰু বিস্ময়ৰ ওৰ পৰিল৷ টকিঅ’ৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ আঁৰৰ কাৰণ জানিব পাৰিলোঁ৷ ক্লিন অথ’ৰিটি অৱ টকিঅ’,
টকিঅ’ মেট্ৰপলিটান চৰকাৰ আৰু নিকটৱৰ্তী তেইছখন মহানগৰৰ
সহযোগিতাত এই প্ৰক্ৰিয়াৰ আৰম্ভ হৈছিল৷ বৰ্তমান পৰ্যন্ত জাপানৰ আতাইকেইটা চাইট মিলাই সৰ্বমুঠ
প্ৰায় ৫৩.৪০ মিলিয়ন টন আৱৰ্জনা (Clean
Authority of Tokyoৰ Waste Report ২০১৬ অনুসৰি) প্ৰয়োগ
হৈছে৷ এই লেণ্ডফিল্ড
অঞ্চলবোৰত আৱৰ্জনাবোৰৰ পৰা নিঃসৰণ হোৱা মিথেন গেছ সংগ্ৰহ কৰি গেছ টাবাৰ্ইনত দাহ
কৰি বিদু্যত শক্তি উৎপাদন কৰা জাপানৰ প্ৰযুক্তিক প্ৰশংসা নকৰি নোৱাৰি৷ তদুপৰি লেণ্ডফিল্ড চাইটসমূহত
বৃক্ষৰোপনৰ জৰিয়তে গঢ়ি তোলা হৈছে উদ্যান,
বিভিন্ন
উদ্যোগ আৰু আবাসগৃহ৷
প্ৰদূষিত পানীৰ বিশুদ্ধিকৰণৰ বাবেও Clean
Authority of Tokyoৰ পৃথক প্ৰকল্প আছে৷
উল্লেখযোগ্য যে জাপানৰ ডাস্তবিনবোৰ অত্যন্ত বিজ্ঞানসন্মত আৰু সহজলভ্য৷ আৱৰ্জনাৰ প্ৰকাৰ অনুসৰি
ডাস্তবিন পৃথক পৃথক৷
ডাস্তবিনৰ জৰিয়তেই উমান পোৱা যায় জাপানীসকলৰ শৃংখলাবদ্ধ আৰুপৰিচ্ছন্ন মনৰ৷
সাতাইছ জানুৱাৰীৰ দিনা আমি
এন.ৱাই.চি ত্যাগ কৰিছিলোঁ৷
কিছু সময়ৰ পাছত আমি টকিঅ’স্থিত ‘য়ুনাইটেড নেচন্ছ ইউনিভাৰ্চিটি’ত উপস্থিত হৈছিলোগৈ৷ ৰাষ্ট্ৰসংঘ বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীৰ পৰিসমাপ্তিৰ পাছত
আমি যাত্ৰা কৰিছিলো য়ক’হামালৈ৷ প্ৰায় পঞ্চলিছ মিনিটৰ বাছ
যাত্ৰাৰ পাছত আমি Osanbashi Yokohama
International Passenger Terminal ত প্ৰৱেশ কৰিলোঁ৷ ষ্টীলৰ টাৰমিনেলটোৰ নিমাৰ্ণ শৈলী আছিল দৃষ্টিনন্দন৷ কাষত সাগৰৰ নীলা জলৰাশি আৰু
সৰু ডাঙৰ কেইবাখনো জাহাজ৷
সাগৰৰ সৈতে এয়া আছিল মোৰ প্ৰথম সাক্ষাৎ৷ য়ক’হামা পৰ্টৰ উপকূলত ৰৈ
মই সাগৰখনৰ ফালে অপলকভাৱে চাইছিলো৷
সাগৰ দেখাৰ প্ৰথম অভিজ্ঞতা আৰু অনুভৱ কেনেকুৱা হ’ব পাৰে সেয়া সাগৰ দেখা প্ৰতিজন অনুভৱী মানুহে জানে৷ প্ৰথমবাৰৰ বাবে সাগৰ দেখা
আনবোৰ মানুহৰ দৰেই মোৰ অনুভৱবোৰো হৈ পৰিছিল সাগৰৰ দৰে নীলা, অভিজ্ঞতাবোৰে উৰ্মিমালা হৈ খুন্দা মাৰিছিল হৃদয় আৰু মনৰ
গভীৰতাত৷ পৰৱৰ্তী কাৰ্যসূচীৰ বাবে ‘নিপ্পন মাৰু’ জাহাজত প্ৰৱেশ কৰাৰ
পূৰ্বে লাভ কৰা আজৰি সময়ৰ সদ্ব্যৱহাৰ কৰাৰ উদ্দেশ্যেৰে লেটাৰ গ্ৰুপৰ সকলো লগ হৈ
পৰ্টৰ নিকটৱৰ্তী ঠাইবোৰত ফুৰিবলৈ
ওলালো৷ ওচৰৰ পাৰ্ক কেইখনৰ
সৌন্দৰ্যই বিমুগ্ধ কৰিলে৷
ইটাবৰণীয়া ঘৰবোৰ আছিল অন্যতম আকৰ্ষণ৷
য়ক’হামা ৱাটাৰফণ্ট এলেকাত আমি
উদ্দেশ্যবিহীনভাৱে ঘূৰিলোঁ৷
প্ৰায় এক কিলোমিটাৰ দূৰত্ব অতিক্ৰমী আমি দূৰৰ পৰা দেখি থকা Cosmo
Clock ২১
১ ওচৰ পালোগৈ৷
১৯৮৯-৯২ চনৰ সময়ছোৱাত ই বিশ্বৰ সবোৰ্চ্চ ferris
wheel আছিল৷
‘নিপ্পন মাৰু’
প্ৰথম দৃষ্টিতেই মই ‘নিপ্পন মাৰু জাহাজখন¸’ৰ প্ৰেমত পৰিছিলো৷ জাপানী ভাষাত ‘নিপ্পন’ৰ অৰ্থ সূযোৰ্দয় আৰু ‘মাৰু’ হৈছে জাপানৰ
জাহাজসমূহৰ নামৰ পিছত সততে ব্যৱহাৰ হোৱা এটা সৰ্গ৷ বগা আৰু ডাঠ নীলা ৰঙৰ নিপ্পন
মাৰু হ’ল জাপানৰ বিখ্যাত জাহাজ
কোম্পানী ‘মিটচুই অ’.এচ.কে.’ লাইন’ৰ অন্যতম ‘ক্যুইজ চ্যিপ’৷
১৯৯০ চনত নিৰ্মিত জাহাজখনৰ দৈৰ্ঘ ১৫৩ মিটাৰ আৰু প্ৰস্থ ২৪ মিটাৰ৷ সেই দিশৰ পৰা মধ্যমীয়া আকাৰৰ
আমাৰ নিপ্পন মাৰু জাহাজখনত আঠটা ফ্লৰ আছে আৰু এটা বিলাসী জীৱন নিবাৰ্হৰ বাবে
প্ৰয়োজনীয় সকলো সুবিধা জাহাজখনত উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ আমাৰ অনুষ্ঠানটোৰ বাবে
কিছুমান নতুন ব্যৱস্থাও জাহাজখনত কৰা হৈছিল৷ জাহাজখনৰ প্ৰথম মহলাত আছে নাৰ্চৰ ৰূম, ক্লিনিক আৰু লণ্ডী চাৰভিচচ দ্বিতীয় মহলাত আছে ডাইনিং ৰোম ‘মিজুহো’আৰু দুয়োকাষে আছে
মূখ্য প্ৰৱেশদ্বাৰ,
তৃতীয় মহলাত এডমিন কাউণ্টাৰ,পষ্ট অফিচ, প্ৰিণ্টিং ৰূম,
লণ্ড্ৰী
ৰূম, পাবলিক গ্ৰেণ্ড ব্ৰাথৰ
ব্যৱস্থা, সৰ্বধৰ্মীয় প্ৰাৰ্থনা গৃহ,
চতুৰ্থ মহলাত ‘ভিষ্টা’ স্পট আৰু ‘ডলফিন’ প্ৰেক্ষাগৃহচ পঞ্চম মহলাত কাৰ্ড ৰূম, লাইব্ৰেৰী, চ’প আৰু ‘ডলফিন’ লঞ্জচ ষষ্ঠ মহলাত লঞ্জ ‘উমি’, ‘মিডচিপ’ বাৰ আৰু থিয়েটাৰ হলচ সপ্তম মহলাত ষ্টুডিঅ’, লিড’ টেৰেচ, চ্যুইমিং পুল, পুল-চাইট, স্পৰ্টছ ডেক আৰু স্পৰ্টছ বাৰাণ্ডা৷ সপ্তম মহলাক বাদ দি বাকী
সকলোতে কেবিন আছিল আৰু অষ্টম মহলালৈ যোৱাৰ অনুমতি নাছিল৷
পাৰ-পত্ৰ, ভিছা আদিৰ যাৱতীয় কাম সম্পাদন কৰাৰ পাছত Onboard Traning Sessionৰ বাবে আমি প্ৰৱেশ কৰিলো ‘নিপ্পন মাৰু’¸ত৷ নিপ্পন মাৰুৰ¸ দ্বিতীয় মহলাৰ মূখ্য প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰি এলিভেটৰেৰে
তৃতীয় মহলালৈ গ’লো আৰু কীটোৰে মোৰ ৩৪৬ নম্বৰৰ
কেবিনৰ দজাৰ্খনৰ নিৰ্দিষ্ট অংশত স্পৰ্শ কৰি দজাৰ্খন মৃদুভাৱে ঠেলি দিয়াৰ লগে লগে
দজাৰ্খন খোল খালে৷
ভিতৰত টাকুমি বহি আছিল৷
সম্পূৰ্ণ নাম টাকুমি মিউৱা৷
ইতিমধ্যে আমি চিনাকি হৈছিলোঁ৷
সি জাপানৰ অগ্ৰণী শিক্ষানুষ্ঠান ইউনিভাৰ্চিটি অৱ টকিঅ’ৰ ছাত্ৰ৷
কিছু সময়ৰ পিছত আমাৰ কেবিনৰ অন্যজন অংশীদাৰ মুইজ আহি কেবিনত প্ৰৱেশ কৰিলে৷ কিংডম অৱ বাহৰেইনৰ বেংকৰ
চাকৰীয়াল মুইজৰ সম্পূৰ্ণ নাম আছিল মুইজ আবদুলাবি মহম্মদ আলি আলৰাবি৷ মুইজৰ প্ৰৱেশৰ লগে লগে আমাৰ
কেবিনটো তিনিগৰাকী ভিন্নভাষী, ভিন্ন ধমাৰ্ৱলম্বী
আৰু ভিন্ন দেশৰ প্ৰতিনিধিৰ সম্প্ৰীতিৰ স্থললৈ ৰূপান্তৰিত হ’ল৷
আমাৰ লেটাৰ গ্ৰুপ আৰু কৰ্চ ডিচকাচনো পৃথক আছিল৷ পৰস্পৰৰ সৈতে কথা পাতি আমি
পৰস্পৰক জনাৰ প্ৰয়াস কৰিছিল৷
২৭জানুৱাৰীৰ পৰা ২৮ফেব্ৰুৱাৰী পৰ্যন্ত
ত্ৰেত্ৰিছ দিন সময় আমি একেলগে একেটা কেবিনত আছিলো৷ আমাৰ বন্ধুত্ব, আন্তৰিকতা আড্ডাবোৰৰ সাক্ষী হৈ ৰৈছিল কেবিন নম্বৰ ৩৪৬৷
২৮ জানুৱাৰী, ২০১৬ ৷
এই নিৰ্দিষ্ট দিনটোতেই আমাৰ সমুদ্ৰ যাত্ৰাৰ আৰম্ভণি হৈছিল৷ সেইদিনা নিপ্পন মাৰুৰ
কতৃৰ্পক্ষই আমাক সাম্ভাৱ্য বিপদৰবাবে ল’ব লগা সাৱধানতাৰ
বিষয়ে আমাক অৱগত কৰিছিল আৰু এক নিৰ্দিষ্ট সময়ত জৰুৰীকালীন ঘণ্টাধ্বনিটো বাজি
উঠিছিল৷ কোঠাত থকা লাইভ
জাকেটটো পৰিধান কৰি আমি জাহাজৰ ডেকলৈ দৌৰিছিলো আৰু জৰুৰীকালীন অৱস্থাৰ আখৰা
কৰিছিলোঁ৷ লান্স
ব্ৰেকৰ পাছত ‘অপেন ছীপ’ কাৰ্যক্ৰমৰ আৰম্ভ হৈছিল৷ এই অনুষ্ঠানত অংশগ্ৰহণকাৰী, চুৱাই কতৃপৰ্ক্ষ আৰু জাহাজ কতৃৰ্পক্ষৰ উপৰি অন্যান্য লোকৰ
বাবেও জাহাজৰ দ্বাৰ মুকলি ৰখা হৈছিল৷
ইয়াৰ পাছত আৰম্ভ হৈছিল বহু প্ৰত্যাশিত ‘ডিপাৰচাৰ চেয়াৰমনি’ৰ৷
প্ৰস্থানৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাছত¸
‘নিপ্পন
মাৰু’ যাত্ৰাৰ বাবে সাজু হৈছিল৷ সন্ধ্যা ছয় বাজো বাজো৷ আমি ডেকত অৱস্থান কৰিলো আৰু
সন্মুখৰ শ শ মানুহৰ শুভেচ্ছা গ্ৰহণ কৰিলোঁ৷ আমাক বিদায় সম্ভাষণ জনোৱাৰ উদ্দেশ্যে য়ক’হামা পৰ্টত অংশগ্ৰহণকাৰীসকলৰ অভিভাৱক, বিভিন্ন দেশৰ দূতাবাসসমূহৰ কৰ্মকতা আৰু বহুসংখ্যক জাপানী
নাগৰিক উপস্থিত হৈছিলহি৷
কিছু সময়ৰ পাছত আমাৰ সমুদ্ৰ যাত্ৰাৰ আৰম্ভ হৈছিল৷ টকিঅ’ সাগৰ আৰু চাগামী গাল্ফ সংযোগী উৰাগা চেনেলেৰে নিপ্পন
মেৰুৱে যাত্ৰা আৰম্ভ কৰিছিল৷
মই ইতিমধ্যে উল্লেখ কৰি আহিছে
যে NYCৰ
সময়বোৰ আমাৰ বাবে খুউব ব্যস্ততাপূৰ্ণ আছিল৷ Onshore
Training Session ৰ অংশ হিচাপে আমি বিভিন্ন
কাৰ্যক্ৰমৰ সৈতে ব্যস্ত হৈ থাকিবলগীয়া হৈছিল৷ NYC তে আৰম্ভ হোৱা এই
কাৰ্যক্ৰমসমূহ নিপ্পন মাৰুৰ Onboard
Training Session তো অব্যাহত আছিল৷ Onboard Training Session ৰ আন কেইটামান উল্লেখযোগ্য কাৰ্যসূচী আছিল– Morning
Assembly, Club Activity, Committee Meeting, Delegation Meeting, National
Presentation ইত্যাদি৷
সমগ্ৰ প্ৰ’গামটোৰ আতাইতকৈ আকৰ্ষণীয়¸ কাৰ্যসূচী আছিল– National Presentation ৷ প্ৰতিখন দেশেই পঞ্চলিছ মিনিটৰ ভিতৰত নিজৰ দেশৰ সংস্কৃতি, ৰাজনীতি, সমাজব্যৱস্থা, অৰ্থনীতি, সমস্যা আদি প্ৰতিফলিত হোৱাকৈ ইয়াত উপস্থাপন কৰাৰ সুবিধা লাভ কৰিছিল আৰু আমাৰ বাবে ই আছিল এটা ডাঙৰ প্ৰত্যাহবান৷ যদিও এই সম্পৰ্কে অৱগত আছিলো কিন্তু ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি চলোৱাৰ বাবে সুযোগ আৰু সুবিধা লাভ কৰা নাছিলো৷ আমি ইণ্ডিয়ান ডেলিগেচনৰ সদস্যসকল প্ৰথমবাৰৰ বাবে দিল্লী এয়াৰপৰ্টতহে মিলিত হৈছিলো৷ পূবেৰ্ হোৱাটছ্এপগ্ৰুপত এই সন্দৰ্ভত আলোচনা কৰিছিলো যদিও চূড.ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নাছিলোঁ৷ সেয়েহে আমি এৰাব নোৱাৰা ব্যস্ততাৰ মাজতো নেচনেল প্ৰেচেণ্টেচনৰ আখৰাৰ বাবে মিলিত হৈছিলোঁ৷ Onshore
Training Session ৰ সময়ত NYCৰ ‘চি’ বিল্ডিঙৰ তলৰ এটা অংশ আৰু Onboard
Training Session ৰ সময়ত ‘নিপ্পন মাৰু’ৰ সপ্তম মহলাৰ লিড’ টেৰেচ তথা চ্যুইমিং প’লৰ বাওঁফালৰ প্ৰৱেশদ্বাৰৰ সন্মুখভাগ আছিল আমাৰ আখৰা স্থলী৷
২৯ জানুৱাৰীৰ পৰা National Presentation কাৰ্যসূচীৰ আৰম্ভ হৈছিল৷ প্ৰথম দিনা এশ বাইশগৰাকী সদস্যৰ সক্ৰিয় অংশগ্ৰহণেৰে কৰা জাপান ডেলিগেচনৰ NP মন্ত্ৰমুগ্ধ হৈ চাইছিলোঁ৷ বিজ্ঞান-প্ৰযুক্তি, ইতিহাস আৰু বিশ্বাস, অৰ্থনীতি আৰু সমাজ, বাদ্যযন্ত্ৰ আৰু সংগীত, সমৰকলা আৰু শিল্পকলাৰ সু-পৰিকল্পিত উপস্থাপন৷ NP শেষত জাপান ডেলিগেচনৰ সদস্যসকলে চ’ৰান বুচি নৃত্য প্ৰদৰ্শন কৰিছিল৷ মূলতঃ চ’ৰান বুচি হৈছে একপ্ৰকাৰৰ সাগৰকেন্দ্ৰিক কৰ্মসংগীত৷ এই পৰম্পৰাগত গীতক আধাৰ হিচাপে লৈয়ে চ’ৰান বুচি নৃত্যৰ জন্ম হয়৷ গানটোৰ অন্তৰে অন্তৰে সকলোৱে সমস্বৰে আৰু শক্তিশালী কণ্ঠেৰে চিঞৰি চিঞৰি গাইছিল–
DOKKOISHO, DOKKOISHO, SORAN, SORAN
নিপ্পন মাৰুৰ কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম আছিল–Delegation Event ৷ ৰাতি অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত আয়োজক ডেলিগেচনে নিজৰ দেশীয় সংস্কৃতিক প্ৰতিনিধিত্ব কৰাকৈ সকলোকে এটা পাটীৰ্ দিব লগা হৈছিল৷ পাটীৰ্ৰ লগত সংগতি ৰাখি খাদ্য সামগ্ৰী আৰু বিভিন্ন তৰহৰ সামগ্ৰীৰে ষষ্ঠ বা সপ্তম মহলা উভৈনদী হৈ পৰিছিল৷ ৩০ জানুৱাৰীত অনুষ্ঠিত হোৱা জাপানৰ ডেলিগেচন ইভেণ্টেৰে এই কাৰ্যসূচীৰ আৰম্ভ হৈছিল৷ ৭.৩০ ত মই গৈ লিড’ টেৰেচ আৰু প’ল চাইটত অনুষ্ঠিত হোৱা জাপান পাটীৰ্ত উপস্থিত হ’লোগৈ৷ জাপানীজ ড্ৰামৰ বলিষ্ঠ শব্দ আৰু চ’ৰান বুচি নৃত্যৰ মাজত জাপানী স্নেক্ছৰ জুতিৰ লগতে ‘চাকে’ৰ( জাপানী সুৰা) সোৱাদ লৈ সকলো আপোনপাহৰা হৈ পৰিছিল৷
৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ প্ৰতিদিনাই দুটাকৈ ডেলিগেচনৰ National Presentation আছিল৷ ৩১ জানুৱাৰীৰ দিনা আছিল বাহৰেইন আৰু নিউজিলেণ্ডৰ NP৷ দুয়োখন দেশৰ ডেলিগেচনে অভিনয়ৰ জৰিয়তে নিজৰ দেশৰ ইতিহাস আৰু সাম্প্ৰতিক স্থিতিক অতি সাৰ্থকভাৱে উপস্থাপন কৰিছিল৷ নিউজিলেণ্ড ডেলিগেচনৰ ‘কাপা হাকা’ প্ৰদৰ্শনে আমাৰ সকলোকে আমোদ দিছিল৷ ‘কাপা হাকা’ হৈছে ‘মাৱৰী’ নামৰ খিলঞ্জীয়া পলিনেছীয় অধিবাসীসকলৰ এটা আকৰ্ষণীয়¸ পৰিৱেশ্য কলা৷ ক্ৰমশঃ আমাৰ নিপ্পন মাৰু জাহাজখন সাংস্কৃতিক বিনিময়ৰ আন্তজাৰ্তিক দৰবাৰ হৈ পৰিছিল৷ এইক্ষেত্ৰত ‘ক্লাৱ এক্টিভিটি’সমূহৰ কথা উল্লেখযোগ্য৷ ক্লাৱ এক্টিভিটিসমূহৰ জৰিয়তে একোটা ডেলিগেচনে অংশগ্ৰহণকাৰী অন্যান্য ডেলিগেচনসমূহক স্বকীয় সংস্কৃতিৰ সৈতে জডি.ত নৃত্য, গীত, শিল্প-কলা, সমৰ-কলা আদি শিকোৱাৰ সুযোগ লাভ কৰিছিল৷ মোৰ বাবে দূভাৰ্গ্যজনক কথাটো আছিল ইচ্ছা থকা স্বত্বেও কোনো এটা বিদেশী ক্লাৱত অংশগ্ৰহণ কৰিব নোৱাৰাটো৷ প্ৰথমৰ পৰাই মই যোগ ক্লাৱৰহৈ কাম কৰিব লগা হৈছিল৷ মই আছিলো যোগ ক্লাৱৰ ‘অডিঅ’ ভিজুৱেল’ দিশটোৰ দায়িত্বত৷ সন্দীপ দা, সপন আৰু ভীৰাৰ নেতৃত্বত গঠন হোৱা আমাৰ যোগ ক্লাৱটোৰ প্ৰতি অংশগ্ৰহণকাৰীসকলৰ সঁহাৰিও আশাপ্ৰদ আছিল৷ আমাৰ ক্লাৱত প্ৰ’গামৰ উপদেষ্টা নাউমি অ’কাডাৰ অংশগ্ৰহণে আমাক অনুপ্ৰাণিত কৰিছিল৷
ইউনাইটেড আৰব এমিৰেটছ্, চিলি, মেক্সিকো, তানজেনিয়াৰ National
Presentation ৰ পাছত আমাৰ National
Presentation ৰ দিনটো আহি পাইছিলহি৷ ভাৰতবৰ্ষৰ গৌৰৱ, ঐতিহ্য আৰু সাম্প্ৰতিক স্থিতিক প্ৰতিনিধিত্ব কৰা এটা ভিডিঅ’ৰে আমাৰ National
Presentationআৰম্ভ হ’ল৷ এংকৰিঙৰ দায়িত্বত থকা মনপ্ৰিত দিয়ে আৰম্ভ কৰিলে–‘সাৰে জহাঁ সে অচ্চা হিন্দুস্থান হমাৰা, হম বুলবুলে হে ইচ্কী য়ে গুলসিতা হমাৰা, There is no place on earth like India, It is
the garden in which we blossom....’৷ মনপ্ৰিত দীৰ আৰম্ভণি দু-আষাৰৰ পাছত মঞ্চত বহি থকা চুইটী দীৰ ওপৰত পোহৰ নিক্ষেপ কৰা হ’ল, বাজি উঠিল ভক্তি-সংগীতৰ সুৰধ্বনি, ‘ঔম জয় লক্ষ্মী মাতা....’৷ মঞ্চৰ পাছফালে দিয়া হ’ল গংগাত স্নানৰত এজাক ধৰ্মপ্ৰেমীৰ এখন ফটোগ্ৰাফ৷ আধা মিনিটৰ পাছত বাজি উঠিল নামাজৰ সুৰ৷ পোহৰ পৰিল তেহচীন দীৰ ওপৰত৷ তাৰ পাছত সপন (শিখ), সন্দীপ দা (খ্ৰীষ্টান) আৰু তাৰ পাছত বুদ্ধৰূপী মোৰ ওপৰত৷ সমান্তৰালকৈ মনপ্ৰিত দীয়ে বৰ্ণনা দি গ’ল আৰু বাজি থাকিল ধৰ্মীয় সুৰধ্বনি¸, সলনি হৈ গৈ থাকিল বেক্গ্ৰাউণ্ডৰ ছবি৷ নিজকে বুদ্ধৰূপে সজাবৰ বাবে ফুমিয়াৰ পৰা অনা য়ুকাটাযোৰ মই পিন্ধি লৈছিলোঁ৷ যি কি নহওক অৱশেষত সন্মুখত বহি থকা অন্বেষাৰ ওপৰত পোহৰ পৰিল৷ মুগাৰ মেখেলা-চাদৰ পিন্ধি থকা অন্বেষাৰ সন্মুখত এটা যঁতৰ৷ নানাৰঙী সূতা কাটি তাই যেন বব খুজিছে ‘ভাৰত’ নামৰ চাদৰ৷ হঠাৎ সন্মুখত হুলস্থুল৷ এফালে উত্তৰণ আৰু আনফালে ভীৰা৷ পৰস্পৰৰ মাজত সংঘাত৷ অন্বেষা আগবাঢ়ি গ’ল৷ অহিংসাৰ বতাহ এজাকে যেন সংঘাতৰ ওৰ পেলালে৷ একেলগে থিয় হৈ আমি সমস্বৰে গালো– ‘বন্দে মাতৰম’৷ ‘অনৈক্যৰ মাজৰ ঐক্য’ৰ মহান ভাৰতীয় আদৰ্শক উপস্থাপনেৰে আমি এনেদৰেই আমাৰ আৰম্ভ কৰিলো আমাৰ প্ৰেজেণ্টেচন৷ জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰে উপস্থিতসকলে আমাক উৎসাহিত কৰিলে৷ তাৰ পাছত আমি ভাৰতৰ বণাৰ্ঢ্য সংস্কৃতি প্ৰদৰ্শনৰ বাবে সাজু হ’লো৷
প্ৰথমতে–‘বিহু’৷ যদিও ব্যক্তিগতভাৱে মই বিহু-নাচৰ সৈতে বিশেষভাৱে জড়িত নাছিলো কিন্তু অৰবিন্দ ৰাজখোৱা ছাৰৰ পৰামৰ্শ আৰু NP ৰ নেতৃত্বত থকা অন্বেষাৰ উৎসাহৰ বাবে ‘চুৱাই’ৰ দৰে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানটোৰ মঞ্চত এপাক বিহু নচাৰ সুযোগটো হেৰুৱাব নিবিচাৰিলো৷ NYCত থকাৰ পৰাই আমাৰ অথাৰ্ৎ উত্তৰণ, অন্বেষা আৰু মোৰ বিহুৰ অনুশীলন আৰম্ভ হৈছিল৷ মঞ্চত বিহু নচাৰ শূণ্য অভিজ্ঞতাৰে মই সাজু হৈছিলোঁ৷ অৱশ্যে অন্বেষা যিহেতু ভাল বিহুৱতী সেয়ে মোৰ আৰু উত্তৰণৰ অসুবিধা হোৱা নাছিল৷ বাদ্যযন্ত্ৰ নথকাৰ বাবে অন্বেষাৰদ্বাৰা নিৰ্বাচিত বিহু গান এটাই বজোৱা হ’ল আৰু আমি ‘নিপ্পন মাৰু’ৰ ড’লফিন হ’লৰ মঞ্চত, প্ৰশান্ত মহাসাগৰৰ মাজত, এঘাৰখন দেশৰ মানুহৰ সন্মুখত বিহু নাচিলোঁ৷ চুৱাই অনুষ্ঠানত এইটো আছিল মোৰ বাবে আতাইতকৈ আনন্দকৰ অভিজ্ঞতা৷ বিহুৰ পাছত ‘হিমাচলী নাটী’, ‘কথক’ আৰু ‘কাৰিগট্টম নৃত্য’৷ শেষত বলিউদ গান আৰু বলিউদ নৃত্যৰে NPৰ যৱনিকা পৰিল৷
চিংগাপুৰৰ ফুল, বাগিছা আৰু চিকেন বিৰিয়াণি
আঠদিনৰ সামুদ্ৰিক যাত্ৰাত মাটি আৰু উদ্ভিদৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ৷ যাত্ৰাপথত ৰিণিকি ৰিণিকি দেখা ফিলিপাইন্ছ দ্বীপপুঞ্জটোলৈ ৰ লাগি চাইছিলোঁ৷ সেয়েহে পূৰ্বনিদ্ধাৰিত কাৰ্যসূচী অনুসৰি ইন্ধনৰ বাবে চিংগাপুৰ পৰ্টত ‘নিপ্পন মাৰু’ যেতিয়া ৰৈছিল আমাৰ¸ মনবোৰ নীলাৰ পৰা ক্ৰমাৎ সেউজীয়া আৰু মটীয়া বৰণৰ হৈছিল৷ সু-উচ্চ বিল্ডিঙবোৰে আমাক সিংহবিহীন সিংহৰ চহৰলৈ স্বাগতম জনাইছিল৷ কতৃৰ্পক্ষৰ পৰা পাচপৰ্টবোৰ হাতত লৈ আমি জাহাজৰ পৰা নামিছিলোঁ আৰুকিছুদূৰ ভূ-পৃষ্ঠ সংযোগী নলিকাৰে যোৱাৰ পাছত সো-ভৰিটো কাপেৰ্টেৰে ঢকা ভূ-পৃষ্ঠত লাহেকৈ থৈছিলোঁ৷ সেই খোজটো মোৰ জীৱনৰ বাবে এটা স্মৰণীয় আৰু তাৎপৰ্যপূৰ্ণ খোজ৷ কাৰণ সেই খোজটো আছিল– আঠ দিন সমুদ্ৰ পৃষ্ঠত অতিবাহিত কৰাৰ পাছত ভূ-পৃষ্ঠত দিয়া প্ৰথমটো খোজ৷ তদুপৰি, জাপানৰ পাছত দ্বিতীয়খন বিদেশী ৰাষ্ট্ৰত দিয়া মোৰ প্ৰথমটো খোজ৷
খোজটো ক্ৰমাৎ খৰ হৈছিল আৰু এটা বিন্দুত ৰৈছিলগৈ৷ আৰম্ভ হৈছিল আমাৰ ইমিগ্ৰেছন প্ৰচেচ৷ নিয়মানুবৰ্তিতাৰে শাৰী পাতি গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হোৱাৰ পাছত বিষয়া গৰাকীয়ে পাৰ্চপটত মাৰি দিছিল ‘ৰিপাবলিক্ অৱ চিংগাপুৰৰ মোহৰ’৷ চাউথ ইণ্ডিয়ান আৰু বলিউদৰ ছবিসমূহত প্ৰায়ে আমি এই নগৰ ৰাষ্ট্ৰখনৰ বিলাসী জীৱন-যাত্ৰাক দেখা পাইছিলোঁ আৰু মুখ মেলি চাইছিলো দেশখনৰ আভিজাত্যক৷ প্ৰায় তিৰাশী হাজাৰ ডলাৰ GDP ৰে বিশ্বৰ তৃতীয়খন অভিজাত দেশৰ গৌৰৱেৰে থিয় হৈ থকা চিংগাপুৰত উপস্থিত হৈ ময়ো যেন কিছু পৰিমাণে অভিজাত হৈ পৰিছিলোঁ৷ ইমিগ্ৰেচনৰ কাম সমাপ্ত কৰি সেয়ে পাঁচ ডলাৰ(চিংগাপুৰ) দি কিনি আনিছিলো এপেকেট চীপ্চ্৷ ভাৰতীয় হোৱাৰ কি যে দুখ! আমাৰ পঞ্চাছ টকাৰ সৈতে চিংগাপুৰৰ এক ডলাৰ সমান৷ চিংগাপুৰ পৰ্টত বিনামূলীয়া অ’পেন ৱাই-ফাইৰ সুবিধা গ্ৰহণ কৰি ঘৰৰ লগতে আপোনজনৰ সৈতে দুই-এষাৰ কথা পতাৰ সুযোগটো কোনেও হেৰুৱাব নুখুজিলে যি য’ত পাৰে তাতে বহি লৈ স্মাৰ্টফোনৰ পদাৰ্ত দৃষ্টি নিবদ্ধ কৰি প্ৰৱেশ কৰিলে আধুনিক মানুহৰ সহচৰ ইণ্টাৰনেটৰ কোলাত৷ আমাৰ দীৰ্ঘদিনীয়া ইণ্টাৰনেট-তৃষ্ণা নিবাৰণ কৰাৰ বাবে চিংগাপুৰ পৰ্টৰ কতৃৰ্পক্ষক ধন্যবাদ৷
এ.চি.ৰ ভিতৰত থকাৰ বাবে বাহিৰৰ উষ্ণতা সম্পৰ্কে ধাৰণা কৰিব পৰা নাছিলোঁ৷ বাহিৰলৈ ওলোৱাৰ লগে লগে মূৰৰ ওপৰতে সূৰ্যটো বহিলেহি৷ পাছতহে ফ্ৰেব্ৰুৱাৰী মাহতেই চিংগাপুৰৰ তাপমান আতাইতকৈ বেছি হয় বুলি জানিব পাৰিলোঁ৷ যি কি নহওক বছৰৰ আতাইতকৈ উষ্ণ মাহটোতেই চিংগাপুৰ দৰ্শন কৰি উষ্ণ অভিজ্ঞতা লাভ কৰাৰ মানসেৰে আমি(ইণ্ডিয়ান ডেলিগেচন)খোজকাঢ়িলোঁ৷ গৈ থাকোতে অনুভৱ কৰিলো যে চিংগাপুৰক এনেয়ে গাৰ্ডেন চিটি বুলি নকয়৷ সকলোতে বাগিছা, বাগিছা আৰু বাগিছা৷ ফুটপাথত, ৰাষ্টাৰ মাজত, ৰাষ্টাৰ কোণত, ঘৰৰ ওপৰত৷ বাগিছাৰ লগতে সুউচ্চ বিল্ডিঙবোৰৰ সহৱস্থান৷ ৰাষ্ট্ৰাত বিলাসী গাড়ীৰ আহ-যাহ৷ সু-নিয়ন্ত্ৰিত আৰু বিজ্ঞানসন্মত ট্ৰেফিকব্যৱস্থা৷ ফু মাৰি ভাত খাব পৰা ফুটপাথটোৰে নয়নাভিৰাম দৃশ্যবোৰৰ চাই চাই আমি হাবাৰ্ৰফ্ৰণ্ট MRTষ্টেচনৰ দিশে আগবাঢ়িলো৷ MRTৰ সম্পূৰ্ণ অৰ্থ হৈছে–Mass Rapid Transit ৷ এই মেট্ৰ ৰেলৱে ব্যৱস্থাই নগৰ-ৰাষ্ট্ৰখনৰ সকলো ঠাই সংযোগ কৰিছে৷
চুৱাই কতৃৰ্পক্ষই আমাৰ প্ৰত্যেককে চিংগাপুৰ MRTৰ এখন মেপ দিয়াৰ লগতে কিছুমান নিদেৰ্শনা থকা এখন কাগজ দিছিল৷ য’ত চিংগাপুৰত ল’বলগীয়া কেইবাটাও সাৱধানতাৰ বিষয়ে উল্লেখ কৰা আছিল আৰু সেইকেইটাৰ ভিতৰত যিকোনোধৰণৰ ‘চেৱিং গাম’ লৈ চিংগাপুৰত প্ৰৱেশৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা আৰু MRTৰ ভিতৰত আৰু ষ্টেচনসমূহত পানীকে ধৰি যিকোনো পানীয় আৰু খাদ্যসামগ্ৰী খোৱাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা আছিল উল্লেখযোগ্য৷ এই নিষেধাজ্ঞাবোৰ অমান্য কৰিলে দিবলগা জৰিমনাৰ পৰিমান দেখি চকু কপালত উঠিছিল৷ হাবাৰ্ৰফ্ৰণ্ট গৈ পোৱাৰ পাছত আমি General Ticketing Machineত খুচুৰা চিংগাপুৰ ডলাৰ আৰু চেণ্ট সুমুৱাই দি ব’টানিক গাৰ্ডেনলৈ যোৱাৰ টিকট ক্ৰয় কৰিলোঁ৷ তাৰ পাছত ষ্টেচনৰ ভিতৰত প্ৰৱেশ কৰিলো আৰু উপলব্ধ নিৰ্দেশনাৰ আধাৰত নিৰ্দিষ্ট মেট্ৰত প্ৰৱেশ কৰিলোঁ৷ চিংগাপুৰ MRTৰ আসনত বহি আৰম্ভ হ’ল আমাৰ যাত্ৰা৷ মেট্ৰত যাত্ৰীৰ ভিৰ যথেষ্ট হৈছিল আৰু এই ভিৰে নগৰ-ৰাষ্ট্ৰখনৰ ব্যস্ততাৰ কথাই কৈ গ’ল৷ মই চাৰিওকাষৰ যাত্ৰীসকলৰ মুখবোৰ চাই চিংগাপুৰৰ জনগাঁথনিৰ সম্পৰ্কে এটা ধাৰণা কৰিবলৈ চেষ্টা কৰিলোঁ৷ বেছিভাগ মুখেই আছিল চাইনিজ৷ অৱশ্যে ভাৰতীয় মুখৰ সংখ্যাও কম নাছিল৷ প্ৰায় ৭৪.৬ শতাংশ চাইনীজমূলীয় মানুহৰ বসতিস্থল চিংগাপুৰত ১৩.৩ শতাংশ মালয়মূলীয় আৰু ৯.১ শতাংশ ভাৰতীয়মূলীয় জনসংখ্যা আছে৷ উল্লেখযোগ্য যে চিংগাপুৰত চাৰিটা ভাষা চৰকাৰী ভাষা হিচাপে স্বীকৃত৷ সেইকেইটা হ’ল–ইংৰাজী, চাইনীজ, মালয় আৰু তামিল৷ MRT সংক্ৰান্তীয় বিভিন্ন ঘোষণাবোৰ তামিল ভাষাতো দিয়াত পৰিৱেশটো আপোন আপোন লাগিছিল৷
বিশ মিনিটৰ মেট্ৰ যাত্ৰাৰ পাছত আমি চিংগাপুৰৰ ব’টানিক গাৰ্ডেন পালোগৈ৷ দিনটোৰ অৱসৰ বিনোদনৰ বাবে ব’টানিক গাৰ্ডেনখনক নিবাৰ্চন কৰি লোৱাৰ আঁৰত কেইবাটাও কাৰণ আছিল৷ প্ৰথম কাৰণটো আছিল যোৱা দিনকেইটা প্ৰকৃতিৰ সেউজ আস্বাদনৰ পৰা আঁতৰি থকাৰ পাছত অলপ সময়ৰ বাবে সেউজীয়াৰ মাজত অতিবাহিত কৰা, দ্বিতীয়তে ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ হিচাপে আৰু ‘এচিয়াৰ টপ পাৰ্ক এট্ৰেকচন’ হিচাপে থকা গাৰ্ডেনখনৰ স্বীকৃতি, তৃতীয়তে সূৰ্যৰ প্ৰখৰ উত্তাপৰ পৰা তাত আমি কিছু পৰিত্ৰাণ লাভ কৰিম বুলি ভাৱিছিলোঁ, চতুৰ্থতে গাৰ্ডেন চিটিলৈ গৈ এখন গাৰ্ডেনত অতিবাহিত কৰাৰ অভিজ্ঞতা অৰ্জন কৰা, পঞ্চমতে গাৰ্ডেনৰ নিকট অৱস্থান আৰু আমাৰ সময়ৰ অভাৱ৷
ট্যুৰিষ্ট-চিটি চিংগাপুৰৰ অন্যতম আকৰ্ষণীয় পৰ্যটন স্থলীটো হ’ল– ‘মেৰিণা বে’৷ মেৰিণা বে আৰু তাৰ চাৰিওকাষৰ পৰিৱেশৰ সৌন্দৰ্যই চকু জাপ খাব নিদিয়ে৷ সৰু সৰু বাগিছাবোৰ, ওখ ওখ নাৰিকল গছবোৰৰ পৰা আৰম্ভ কৰি ওখ ওখ হোটেলবোৰ-নানা তৰহৰ খাদ্য সম্ভাৰেৰে ভৰপূৰ বিলাসী ৰেষ্টুৰাবোৰেৰে ‘মেৰিণা বে’ পৰ্যটকৰ স্বৰ্গভূমি৷ ব’টানিক গাৰ্ডেনৰ পৰা আহি আমি মেৰিণা বে’ৰ চাৰিওকাষে খোজ কঢ়া আৰম্ভ কৰিলোঁ৷
চিংগাপুৰত সেইদিনা আমি বেছি সময় অতিবাহিত কৰিব নাপালোঁ৷ আচলতে চিংগাপুৰ দৰ্শন কৰাটো আমাৰ অফিচিয়েল কাৰ্যসূচীৰ অন্তৰ্গতও নাছিল৷ সেয়া আছিল আমাৰ অতিৰিক্ত প্ৰাপ্তি৷ কিন্তু চিংগাপুৰত কটোৱা সময়খিনিৰ ভিত্তিত চিংগাপুৰখনৰ বিষয়ে এটা সম্যক ধাৰণা কৰি ল’ব পাৰিছিলো৷ চিংগাপুৰ এখন বাণিজ্যিক চিটি, চাৰিওফালে ডাঙৰ ডাঙৰ শ্বপিং মল আৰু বিলাসী ৰেষ্টুৰা৷ আন্তৰাষ্ট্ৰীয় বাণিজ্যত বিশেষ গুৰুত্ব লাভ কৰা এই সৰু নগৰ-ৰাষ্ট্ৰখনৰ প্ৰশাসনে দেশখনক আটকধুনীয়াকৈ সজোৱাত ক্ৰুটি কৰা নাই৷ যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ এটা অন্যতম লক্ষ্যস্থান–চিংগাপুৰ৷
আমাৰ বাবে সৌভাগ্যৰ কথাটো আছিল চিংগাপুৰলৈ আকৌ আহিবলৈ পোৱাটো৷ উভতি অহাৰ পথত ২১ ফেব্ৰুৱাৰী তাৰিখে আমি পুণৰ চিংগাপুৰত ৰৈছিলোঁ৷ আকৌ আৰম্ভ হৈছিল MRT যাত্ৰা৷ চিংগাপুৰত থকা দুখন উল্লেখযোগ্য Ethnic District হ’ল– লিট’ল ইণ্ডিয়া আৰু চাইনা টাউন৷ অঞ্চলদুটাত সংশ্লিষ্ট দেশদুখনৰ সংস্কৃতি বিদ্যমান৷ সেয়ে আমাৰ ভাৰতীয় মনবোৰে লিট’ল ইণ্ডিয়ালৈ যোৱাৰ মনস্থ কৰিলোঁ৷
লিট’ল ইণ্ডিয়া সঁচাকৈয়ে ভাৰতীয় নগৰৰ এক ক্ষুদ্ৰ সংস্কৰণ৷ ভাৰতীয় খাদ্যৰ ৰেষ্টুৰা, ভাৰতীয় আৰ্হিৰ দোকান-বজাৰ, মন্দিৰ আৰু ভাৰতীয়মূলীয় মানুহৰ বাসভূমি লিট’ল ইণ্ডিয়াৰ পৰিৱেশটোত আত্মীয়তা বিচাৰি পালোঁ৷ দক্ষিণ ভাৰতীয় চহৰ এখনৰ সৈতে লিট’ল ইণ্ডিয়াৰ কোনো পাৰ্থক্য নাছিল৷ অৱশ্যে বাট-পথ আৰু ট্ৰেফিক ব্যৱস্থা উন্নত আছিল৷ জনসংখ্যাও তুলনামূলকভাৱে কম ৷ আমি(মই, সপন ,উত্তৰণ, ভীৰা আৰু পৱন জী) পোনেই গৈ প্ৰৱেশ কৰিলোঁ এখন ভাৰতীয় ৰেষ্টুৰাত৷ লিট’ল ইণ্ডিয়ালৈ অহাৰ এইটোও এটা প্ৰধান উদ্দেশ্য আছিল৷ বিদেশত হেঁপাহ পলুৱাই এসাজ ভাৰতীয় খাদ্য খাবলৈ পোৱাটো যে কিমান আনন্দকৰ কথা হ’ব পাৰে সেইটো ইতিমধ্যে অনুভৱ কৰিছোঁ৷ ৰেষ্টুৰাত দেশী বিদেশী বহুসংখ্যক পৰ্যটকে ভাৰতীয় খাদ্যৰ জুতি লোৱাত ব্যস্ত আছিল৷ আচৰিত কথাটো আছিল বিৰিয়াণি, ভাত আদি খাবলৈ দিয়া হৈছিল কলপাতত৷ শ্বেতকায় ওখ ব্যক্তি এজনে কলপাতত হাতেৰে ভাত খাই থকাৰ দৃশ্য দেখি গৰমকালি ঘৰত কেতিয়াবা এনেকৈ ভাতখোৱাৰ দৃশ্য মনত পৰি গ’ল৷ লিট’ল ইণ্ডিয়াৰ ভাৰতীয়সকলৰ সংস্কৃতি-সচেতনতাক ধন্যবাদ নিদি নোৱাৰিলো আৰুৰেষ্টুৰাৰ একোণত আসন গ্ৰহণ কৰি¸ চিকেন বিৰিয়াণিৰ অডাৰ্ৰ দিলোঁ৷
লেটাৰ গ্ৰুপ মিটিঙত ‘চিংগাপুৰ’ৰ প্ৰসংগত সকলোৱে ‘চেণ্টোচা আইলেণ্ড’(Sentosa
Island)ৰ কথা কৈছিল৷ চেণ্টোচা হৈছে চিংগাপুৰত অৱস্থিত এটা বিশ্বখ্যাত আইলেণ্ড ৰিজৰ্ট৷ সংস্কৃত ‘সন্তোষ’ শব্দৰ পৰা ‘চেণ্টোচা’ শব্দটো ব্যুৎপত্তি হৈছে৷ এক সমীক্ষা অনুসৰি প্ৰতিবছৰে বিছ মিলিয়ন মানুহে এই আইলেণ্ডটো ভ্ৰমণ কৰে৷ ২০১৬ চনৰ এই বিশ মিলিয়ন মানুহৰ এজন হৈ ময়ো সপন,ভীৰা আৰু পৱন জীৰ সৈতে চেণ্টোচা আইলেণ্ডত প্ৰৱেশ কৰিছিলো৷ প্ৰৱেশ কৰিয়েই বুৰ গৈছিলো এখন কল্পনা-ৰাজ্যত৷ প্ৰতিটো অংশই, প্ৰতিটো বস্তুৱেই এখন ছবিৰ দৰে লাগিছিল, নিখুঁত হাতৰভাস্কৰ্য হৈ জিলিকিছিল৷ সুউচ্চ মেৰলায়নটোৰ সন্মুখত আমি ফটো উঠিছিলোঁ৷
পঁচিছ দিন বিদেশৰ মাটিত, বিশাল সমুদ্ৰৰ নিৰ্জনতাত অতিবাহিত কৰি নিজৰ দেশৰ মাটিৰ প্ৰতি এটা বুজাব নোৱাৰা টান অনুভৱ কৰিছিলোঁ৷ স্বদেশৰ পৰা আঁতৰি থাকি আমি উপলব্ধি কৰিছিলো আমাৰ হৃদয়ত সঞ্চিত হৈ থকা স্বদেশ প্ৰেমৰ গভীৰতাক৷ মোৰ দেশৰ মাটি, মোৰ দেশৰ সমাজ, মোৰ দেশৰ সংস্কৃতি আৰু মোৰ দেশৰ মানুহ মোৰ বাবে কিমান আপুৰুগীয়া সেয়া অনুভৱ কৰিছিলোঁ৷ ‘নিপ্পন মাৰু’ৰ ডেকত থিয় হৈ যেতিয়া জগজীৎ সিঙৰ কণ্ঠৰ ‘হম ট’ হ্যে পৰদেশ ম্যেযদেশ ম্যে নিক্লা হোগা চান্দ’ শুনিছিলো আৱেগত হৃদয় উথলি উঠিছিল৷ ‘নিপ্পন মাৰু’ৰ¸ ৪৩৮ নম্বৰ কোঠাটোত আমি হিন্দী চিনেমা চাইছিলো, ভাৰতীয় ডেলিগেচনৰ সকলো লগ হৈ কথা পাতিছিলোঁ, আড্ডা দিছিলো আৰু সৰুকৈ হ’লেও আমাৰ বাবে এখন ভাৰতবৰ্ষ নিমাৰ্ণ কৰি লৈছিলোঁ৷ সেয়েহে ৯ ফেব্ৰুৱাৰীৰ দিনা ‘নিপ্পন মাৰু’ গৈ চেন্নাই বন্দৰত উপস্থিত হোৱাক লৈ আমাৰ উৎকণ্ঠা আৰু আনন্দৰ সীমা নোহোৱা হৈছিল৷ ৫ ফেব্ৰুৱাৰীৰ দিনা চিংগাপুৰ বটানিক গাৰ্ডেন আৰু মেৰিণা বেত অৱসৰ বিনোদনৰ পাছত যদিও আমি পুনৰ ব্যস্ত কাৰ্যসূচীৰ মাজত সোমাই পৰিব লগা হৈছিল কিন্তু তিনিদিনৰ পাছতেই চেন্নাই গৈ পোৱাৰ আনন্দই মনটোক সজীৱ কৰি ৰাখিছিল৷
অৱশেষত আকাংক্ষিত দিনটো আহি পাইছিলহি৷ দৌৰি গৈ জাহাজৰ ডেক পাইছিলোগৈ৷ দূৰৈত চেন্নাই বন্দৰ৷ ম’বাইলৰ নেটৱৰ্ক আহিছিল৷ ভডাফোন আৰু এয়াৰটেলে চেন্নাইলৈ মোৰ স্বাগতম জনাইছিল৷ দুচকুৰে নিগৰি আহিছিল দুটোপাল লোটক৷ ভাৰতীয় ডেলিগেচনৰ ইজনে সিজনক আনন্দত সাৱটি ধৰিছিলো৷ আমাৰ সাহস, শক্তি, উদ্যম, আনন্দ সকলো তেতিয়া তুংগত৷ ফোন কৰিছিলো আত্মীয় স্বজনলৈ৷ সেই সন্ধিক্ষণত অনুভৱ কৰিছিলো ভাৰতীয় হোৱাৰ আৱেগ আৰু আনন্দ৷ পিছদিনাৰ পৰা Port of Call Activitiesৰ আৰম্ভ হৈছিল৷ ১০ ফেব্ৰুৱাৰীৰ দিনা এক ঘণ্টাৰ বাছ যাত্ৰাৰ পাছত আমি উপস্থিত হ’লোগৈ চেন্নাইৰ ‘কলাক্ষেত্ৰ’ত৷ চেন্নাইস্থিত ‘কলাক্ষেত্ৰ’ হৈছে ভাৰতবৰ্ষৰ পৰম্পৰাগত কলা আৰু সংস্কৃতি সংৰক্ষণৰ উদ্দেশ্যেৰে গঢ়ি উঠা এখন একাডেমী য’ত পৰম্পৰাগত তথা ধ্ৰুপদী নৃত্য, গীত, বাদ্য, অভিনয়, চিত্ৰশিল্প, ভাস্কৰ্যশিল্প আদিৰ শিক্ষা দিয়া হয়৷ অসমৰ সত্ৰৰ পৰিৱেশৰ সৈতে ‘কলাক্ষেত্ৰ’ৰ পৰিৱেশৰ সাদৃশ্য মনকৰিবলগীয়া৷ সম্পূৰ্ণ এক প্ৰাকৃতিক পৰিৱেশৰ সেউজ বাতাবৰণৰ মাজত অৱস্থিত আশ্ৰমসদৃশ ‘কলাক্ষেত্ৰ’ত গছৰ তলত ‘ভাৰতনাট্যম’ নাচি থকা দলটো বিদেশী অংশগ্ৰহণকাৰীসকলে একান্তমনে অপলক দৃষ্টিৰে চাই থকাৰ দৃশ্য চাবলগীয়া আছিল৷ ইমান সুন্দৰভাৱে তেওঁলোকে নৃত্য প্ৰদৰ্শন যে আমি প্ৰায় আধাঘণ্টা সময় একেস্থানতে থিয় হৈ চাই আছিলোঁ৷ নৃত্যৰ পাছত সংগীত, সংগীতৰ পাছত নাটক৷ ভাৰতীয় ধ্ৰপদী সংগীত-নৃত্যাভিনয়ৰ মায়াজালত মোহাছন্ন হৈ পেটৰ ভোক পাহৰি যোৱা আমাক দক্ষিণ ভাৰতীয় খাদ্যৰে আপ্যায়ণ কৰা হৈছিল৷ আমি তৃপ্তিৰে মটৰ ভাজি, নান, বিৰিয়াণিৰ এসাজ খাইছিলোঁ৷ তাৰ পাছত আমি কৰ্চ ডিচকাচন গ্ৰুপ অনুযায়ীInstitutional
Visitৰ বাবে গৈছিলোঁ৷ আমি Environment Course ৰ সদস্যসকলে মাদ্ৰাজস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT)ত Transition
Town আৰু Sustainable Development সম্পৰ্কীয় এলানি বক্তৃতা শুনাৰ লগতে Indo-German Centre for Sustainability Science পৰিদৰ্শন কৰি তাৰ কামবোৰৰ আভাস লোৱাৰ সুযোগ লাভ কৰিছিলোঁ৷ মাদ্ৰাজ আই.আই.টি.ৰ প্ৰাকৃতিক পৰিৱেশ ভাল লাগিছিল৷ মুক্ত পৰিৱেশত হৰিণাও চৰি থকা দেখিছিলোঁ৷ অৱশ্যে দুই-এঠাইত পৰিলক্ষিত হোৱা জাৱৰৰ দমৰ বাবে য়ুকিৰ প্ৰশ্নৰো সন্মুখীন হ’ব লগা হৈছিল৷ পাছত অৱশ্যে সিহঁতে এনে দৃশ্যৰ সৈতে পৰিচিত হৈ পৰিছিল আৰু মই লজ্জিত হৈছিলোঁ৷
চেন্নাইৰ পৰ্ট অৱ কল আয়োজনৰ দায়িত্ব ন্যস্ত আছিল ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ শিক্ষানুষ্ঠান Rajiv
Gandhi National Institute of Youth Development ৰওপৰত৷ প্ৰতি মুহূৰ্ততে RGNIYDৰ শিক্ষাৰ্থীসকল আমাৰ সৈতে স্বেচ্ছাসেৱক হিচাপে আছিল আৰু ১১ ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠানটোত আমাক স্বাগত সম্ভাষণ জনোৱাৰ উদ্দেশ্যেৰে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ দক্ষিণ ভাৰতীয় পৰম্পৰাৰে আমাক আদৰণি জনোৱা উক্ত অনুষ্ঠানত আমি প্ৰতিখন দেশেই National Presentation ৰ এক অংশ (Mini NP) প্ৰদৰ্শন কৰিছিলোঁ৷ সাংস্কৃতিক অনুষ্ঠান শেষ হোৱা পাছত RGNIYDৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কৰ্চ ডিচকাচনৰ সৈতে সংগতি থকা বিষয় সন্দৰ্ভত মত বিনিময় কৰি নিশা আমি চেন্নাইৰ এখন হোটেলত এক নৈশভোজত অংশ লৈছিলোঁ৷ য’ত জাপান দূতাবাসৰ ৰাষ্ট্ৰদূতেও অংশগ্ৰহণ কৰিছিল৷ পোলাও, নান আৰু বাটাৰ চিকেনেৰে খোৱা সেই সাজটো মনত থাকিব৷ নিশা ডলফিন হ’লত আয়োজন কৰা হিন্দী গীতৰ বিশেষ অনুষ্ঠানত Alumni
Association(India)ৰ সদস্যসকলৰ লগতে শ্ৰীলংকান ডেলিগেচনেও সহযোগ কৰিছিল৷
অৱশেষত চেন্নাইৰ শেষৰটো দিন আহি পালেহি৷ সেইদিনা কোনো অফিচিয়েল কাৰ্যসূচী নাছিল৷ আমাক বজাৰ কৰিবৰ বাবে Phoenix Market City লৈ যোৱা হৈছিল যদিও আমি সকলোৱে চেন্নাইৰ অলিয়ে-গলিয়ে ঘূৰিবলৈ আৰম্ভ কৰিছিলোঁ৷ লগতে ‘ইণ্ডিয়া পাৰ্টী’ ৰ বাবে বজাৰ কৰিবলৈও আছিল৷ সপন আৰু মোৰ লগত ওলাল টাট্চুয়া আৰু এইৰী৷ সিহঁতৰ বাবে চেন্নাইৰ প্ৰতিটো দিশেই আচহুৱা আছিল৷ অট’ৰিক্সাত উঠিবলৈ পাই সিহঁতে খুউব স্ফূৰ্তি পাইছিল৷ অট’ৰিক্সাৰ সৈতে চেল্ফি মাৰিছিল৷ চেন্নাইৰ ট্ৰেফিক জাম আৰু জনবহুল পথবোৰ দেখি আচৰিত হৈছিল৷ কেমেৰাত বন্দী কৰিছিল৷ জাবৰৰ দমবোৰ দেখি হয়তো অশান্তি পাইছিল৷ মই সিহঁতক পানাগানস্থিত চাৰভানা ষ্ট’ৰলৈ লৈ গৈছিলোঁ৷ টাট্চুয়াই নিজৰ বাবে এটা কূতাৰ্ কিনিছিল, এইৰী কিনিছিল শাৰী, মইয়ো মোৰ বাবে প্ৰয়োজনীয় দুই-এপদ বস্তু কিনিছিলোঁ৷ চেন্নাইত কাপোৰৰ দাম কম আছিল সেয়েহে বিদেশৰ বহুতেই কাপোৰ কিনিছিল, বিশেষকৈ শাৰী৷ ‘ইণ্ডিয়া পাট¹’ৰ বাবে প্ৰয়োজনীয় বস্তুবোৰৰ বজাৰ শেষ কৰি সকলো লগ হৈ উপস্থিত হৈছিলোগৈ Phoenix
Market Cityত আৰু তাৰ পৰা বিষন্ন এটা মন লৈ উভতিছিলো ‘নিপ্পন মাৰু’লৈ৷ সেইদিনা সন্ধিয়াই ‘কলম্বো’ অভিমুখে আমাৰ যাত্ৰা আৰম্ভ হৈছিল৷
চুবুৰীয়াৰ উমাল সান্নিধ্যৰে জীপাল ‘কলম্বো’
সন্ধ্যা ছয় বজাত চেন্নাইৰপৰা কলম্বো অভিমুখে নিপ্পন মাৰুৰ যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে মনত এটা দুঃখবোধে ক্ৰিয়া কৰিছিল৷ ঘৰৰ সৈতে সংযোগ বিছিন্ন হৈছিল৷ কিন্তু সেই দুঃখবোধৰ মাজত আনন্দৰ ছাঁও আছিল৷ আচলতে স্বদেশৰ পৰা পুনৰ আঁতৰি যোৱাৰ যন্ত্ৰণা আৰু এখন নতুন দেশলৈ যোৱাৰ আনন্দৰ সংমিশ্ৰিত অনুভৱৰ মাজেৰে মোৰ যাত্ৰা আৰম্ভ হৈছিল৷ ভাৰত মহাসাগৰৰ মাজেৰে দুদিনৰ যাত্ৰাৰ পাছত ১৪ ফেব্ৰুৱাৰী তাৰিখে আমাৰ জাহাজ কলম্বোত উপস্থিত হৈছিলগৈ৷ সেইদিনা এক বজাৰ পাঁচ বজালৈ আমাৰ হাতত আজৰি সময় আছিল৷ কিছু সময়ৰ পাছত আমাৰ বাবে ৰৈ থকা বাছখনত উঠি ‘হাউছ অৱ ফেন’ শীৰ্ষক শ্বপিং মলটোত উপস্থিত হলোগৈ৷ শ্ৰীলংকান ৰূপীৰ মূল্যমান ভাৰতৰ টকাৰ প্ৰায় আধা হোৱা বাবে সামগ্ৰীবোৰৰ মূল্য ভাৰতৰ তুলনাত বহুত কম আছিল৷ সেয়ে আমি যথেষ্ট আনন্দিত হৈছিলোঁ ৷ সেইদিনা সন্ধ্যা ৬.৪৫ বজাৰ পৰা নিপ্পন মাৰুত বিশেষ নৈশ ভোজৰ আৰম্ভ হৈছিল৷ শ্ৰীলংকাস্থিত জাপান মন্ত্ৰণালয়ৰ লগতে বিভিন্ন অনুষ্ঠানৰ কৰ্মকতাসকলৰ অভিবাদন আছিল অনুষ্ঠানৰ অন্যতম মুখ্য আকৰ্ষণ৷ অনুষ্ঠানটোত কিছু সময়ৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ উপস্থিতি আছিল আমাৰ বাবে আতাইতকৈ সৌভাগ্যৰ কথা৷ দ্বীপ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি এম. শ্ৰীসেনাক ওচৰৰ পৰা দেখাৰ লগতে মত বিনিময়ৰ সুযোগ প্ৰদান কৰাৰ বাবে নিশ্চিতভাৱে আয়োজকসকল ধন্যবাদৰ পাত্ৰ৷
কলম্বোত দ্বিতীয় দিনৰ কাৰ্যসূচীৰ প্ৰথমতে আছিল শৈক্ষিক অনুষ্ঠান পৰিদৰ্শন৷ অংশগ্ৰহণকাৰীসকল নিজৰ কৰ্চ ডিচকাচন গ্ৰূপ অনুসৰি নিৰ্দিষ্ট কৰি থোৱা বাছেৰে নিৰ্দিষ্ট স্থানলৈ গৈছিল৷ সেই অনুসৰি আমাৰ এনভাইৰনমেণ্ট কৰ্চৰ অংশগ্ৰহণকাৰীসকল কলম্বোস্থিত ‘আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান’লৈ গৈছিলো৷ পাণসদৃশ এখিলা ব’প গছৰ পাতেৰে আমাক স্বাগতম জনোৱা হৈছিল৷ আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰি অনুষ্ঠানটোৰ পৰিচালক মহোদয়ৰ পৰা অনুষ্ঠানটোৰ কাৰ্যপন্থা সন্দৰ্ভত কিছু আভাস লাভ কৰিছিলো৷ আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ আতাইতকৈ আনন্দৰ মুহূৰ্তটো আছিল প্ৰতিষ্ঠানৰ চৌহদত গছপুলি ৰোপন কৰাটো৷ প্ৰতিখন অংশগ্ৰহণকাৰী দেশৰ একোজন সদস্যই এই সুযোগটো লাভ কৰিছিল আৰু ভাৰতবৰ্ষৰ হৈ মই এটা Indian Beach ৰ পুলি ৰুইছিলো৷ শ্ৰীলংকাৰ মাটিত এটা গছ পুলি ৰোৱাৰ সেই মুহূৰ্তটো সদায় মনত সজীৱ হৈ ৰব৷ আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ সেউজ পৰিৱেশৰ মাজত থাকি ভাল লাগিছিল যদিও ই দীৰ্ঘম্যাদী নহ’ল৷ কাৰণ প্ৰধানমন্ত্ৰীৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিশেষ আমন্ত্ৰণ আছিল৷ সেয়েহে বিলম্ব নকৰি আমি প্ৰধানমন্ত্ৰীৰ বাসগৃহ Temple Tress লৈ যাত্ৰা আৰম্ভ কৰিছিলো৷ কলম্বোত গৰম যথেষ্ট বেছি৷ শ্ৰীলংকান সতীৰ্থ চেহানৰ মতে ফেব্ৰুৱাৰী মাহটোতেই শ্ৰীলংকাত উষ্ণতা আতাইতকৈ বেছি হয়৷ ইতিমধ্যে এটা বিশাল সুসজ্জিত প্ৰেক্ষাগৃহত আমাৰ বাবে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা হৈছিল৷ বাসগৃহৰ সৈতে সংলগ্ন উদ্যানত আমি কিছুসময় অতিবাহিত কৰিলো৷ খোৱা সমাপ্ত হোৱাৰ লগে লগে আমাৰ বাছ শ্ৰীলংকাৰ Nation Youth Service Council ১ মুখ্য কাযাৰ্লয় অভিমুখে ৰাওনা হৈছিল৷ অলপ সময়ৰ পাছতে NYSC ৰ কাৰ্যক্ৰম আৰম্ভ হ’ল৷ মুকলি ক্ৰীড়াংগনৰ কাষত আমি বহিলো৷ আৰম্ভ হ’ল শ্ৰীলংকান সমৰ কলাৰ প্ৰদৰ্শন৷ তাৰ পাছতেই জাপানৰ অংশগ্ৰহণকাৰীসকলৰদ্বাৰা প্ৰদৰ্শিত হৈছিল জাপানীজ সমৰ কলাৰ বিভিন্ন কৌশল৷ বৰষুণৰ বাবে NYSC ৰ ফুটবল দল আৰু SWYৰ ফুটবল দলৰ প্ৰীতি ফুটবল বাধাপ্ৰাপ্ত হৈছিল৷ NYSCৰ কাযাৰ্লয় চৌহদত অনুষ্ঠিত হোৱা সাংস্কৃতিক কাৰ্যসূচীৰ অন্যতম অংশ আছিল অংশগ্ৰহণকাৰী দেশসমূহৰ Mini National
Presentation ৷ কলম্বো বন্দৰৰ অস্থায়ী সেৱা কেন্দ্ৰৰ পৰা সেইদিনা ৰাতিপুৱা ক্ৰয় কৰা মবিটেল চিমখনৰ সৌজন্যত নিশা ইণ্টাৰনেট সেৱা উপভোগ কৰিলো৷
তৃতীয় দিনা শুই উঠাৰ পৰাই এক উৎকণ্ঠাৰ সৃষ্টি হ’ল কাৰণ সেইদিনা আছিল Homestay
Visit৷ আমি কলম্বো চহৰ এৰি মাডালাপাঠা নামৰ অঞ্চলটোৰ অভিমুখে যাত্ৰা কৰিলো৷ গ্ৰাম্য প্ৰাকৃতিক পৰিৱেশে মোহিত কৰিছিল৷ অসমৰ গ্ৰাম্য প্ৰাকৃতিক পৰিৱেশৰ সৈতে বিশেষ পাৰ্থক্য বিচাৰি পোৱা নাছিলো৷ ৰাষ্ট্ৰাবোৰো মসৃণ নাছিল৷ শ্ৰী শৈলহলৰামায় নামৰ বৌদ্ধ মঠটোৰ সমীপত আমি নামিলোঁ ৷ আমাৰ পৰিয়ালবোৰে হাতত আমাৰ নামথকা একোখন ফলকলৈ ইতিমধ্যে তাত অৱস্থান কৰিছিল৷ মই চাৰিওফালে চকু ফুৰাই মোৰ নামটোৰ সন্ধান কৰিলো৷ অলপ সময়ৰ পাছত মই মোৰ নামযুক্ত ফলকখন দেখা পালো৷ লাল হৰিচন্দ্ৰ পৰিয়ালৰ আন এজন সদস্য হিচাপে আছিল জাপানৰ ইউ্ঈ৷ হাতত ফলকখন লৈ ৰৈ আছিল ৰাছি ওৰফে ফ্ৰেংক আৰু তাৰ গাৰ্লফ্ৰেণ্ড তথা ভাৱী পত্নী গাছি৷ এডাল মালাৰে তেওঁলোকে আমাক স্বাগতম জনালে৷ ফ্ৰেংকৰ ‘টুক টুক’(অট’ৰিক্সা)খনত উঠি আমি সিহঁতৰ ঘৰলৈ বুলি যাত্ৰা কৰিলো৷ ঘৰ গৈ পোৱাৰ লগে লগে আপ্যায়ন আৰম্ভ হ’ল৷ তাতা হৰি(ন্দ্ৰ, আম্মা প্ৰেমাৱতী, বাইদেউ গায়ত্ৰী আৰু ফ্ৰেংকৰ সৈতে এটা সৰু আৰু সুখী পৰিয়ালৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিলো৷ দোভাষীৰ ভূমিকা ললে ঘৰখনৰ হ’বলগীয়া বোৱাৰী ৰাছিয়ে৷ ইংৰাজী ভাষাত ৰাছিৰ দখল দেখি আমি অভিভূত হৈছিলো৷ ঘৰখনৰ পৰিৱেশটো মোৰ বাবে আচহুৱা নাছিল৷ সন্মুখৰ দজাৰ্খনৰ বাওঁফালে থকা বৌদ্ধ মূৰ্ত্তিটোৰ বাহিৰে বাকী সকলোবোৰ এখন অসমীয়া ঘৰৰ দৰেই৷ মাত্ৰ প্ৰভেদ আছিল ভাষাৰ৷ তেওঁলোকৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা পৰ্বতো মোৰ বাবে আনন্দকৰ হোৱাৰ¸ বিপৰীতে ইউঈৰ বাবে আছিল বেদনাদায়ক৷ মছলা দি ৰন্ধা কুকুৰা মাংস, আলুৰ আঞ্জা, চালাডেৰে দিয়া ভাতসাজ মই জানুৱাৰী তেৰ তাৰিখৰ পাছত খালী হাতেৰে কোনোধৰণৰ সৰঞ্জাম প্ৰয়োগ নকৰাকৈ প্ৰথমবাৰৰ বাবে খাইছিলো৷ অন্যহাতে সকলোৱে হাতেৰে ভাত খোৱা দেখি ইউয়া অলপ অপ্ৰস্তুত হৈছিল৷ চামুচেৰে কেইটামান ভাত খোৱাৰ পাছত তাৰ মুখখন বিকৃত হোৱা দেখিলো৷ কাৰণ কি? আমি ইউয়াক সুধিলো৷ অলপ সময়ৰ পাছত আমি আৱিস্কাৰ কৰিলো যে চালাডত থকা জলকীয়া টুকুৰাটোৰ বাবেই তাৰ এই দশা হ’ল৷
নিকটৱৰ্তী বজাৰলৈ গৈ দুই এটা বজাৰ কৰি আমি শ্ৰীলংকাৰ মন্ত্ৰী এজনৰ ঘৰত আয়োজিত বিশেষ অনুষ্ঠানত অংশ ল’লো৷ উভতি আহি তাতা, আম্মাৰ ভৰি চুই আশ¹বাদ ল’লো৷ আম্মাৰ অশ্ৰুসিক্ত নয়নজুৰিয়ে সেই মুহূৰ্তত মোকো আৱেগিক কৰি তুলিছিল৷ অতি কম সময়ৰ ভিতৰতে গঢ়ি উঠা আমাৰ সম্পৰ্কটোক যুগমীয়া কৰি ৰখাৰ বাবে মনতে প্ৰতিজ্ঞাবদ্ধ হৈ আমি শ্ৰী শৈলহলৰামায বৌদ্ধ মঠটোলৈ যাত্ৰা কৰিলো৷ লগত ফ্ৰেংক আৰু গাছি৷ বৌদ্ধ মঠটোত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন চলিছিল৷ শ্ৰীলংকাৰ পৰম্পৰাগত নৃত্য উপভোগেৰে আমি তাত প্ৰায় দুই ঘণ্টা সময় অতিবাহিত কৰিলো৷ জ্জ্বলন্ত অগ্নিশিখাত চুম্বন কৰি দুজন ডেকাই কৰা অদ্ভূত নৃত্যৰ ছন্দ এতিয়াও মনত বাজি আছে৷ মঠৰ সমীপৰ ভোজন গৃহত নৈশ আহাৰ গ্ৰহণ কৰি আমি বাছলৈ বুলি খোজ দিলো৷ ফ্ৰেংক আৰু গাছিক বিদায় জনোৱাৰ বাহিৰে তেতিয়া আমাৰ হাতত একো উপায় নাছিল৷
ওভতনি যাত্ৰা
১৭ ফেব্ৰুৱাৰীৰ পৰা ‘নিপ্পন মাৰু’ৰ উভতনি যাত্ৰাৰ আৰম্ভ হৈছিল৷ পুনৰ কলম্বোৰ পৰা টকিঅ’লৈ৷ পুনৰ ব্যস্ততা ৷ ব্যস্ততাৰ মাজতো কিন্তু আমি উপভোগ কৰিবলৈ এৰা নাছিলোঁ৷ সোতৰ ফেব্ৰুৱাৰীৰ নিশাৰ ‘ইণ্ডিয়ান নাইট’ৰ কথা এই প্ৰসংগত বিশেষভাৱে উল্লেখযোগ্য৷ ভাৰতীয় ডেলিগেচনে ‘ডেলিগেচন ইভেণ্ট’ আয়োজন কৰাৰ কথা কাৰ্যসূচীত নাছিল যদিও আমি নিজৰ পইচা খৰচ কৰিয়েই এটা নিশা ‘ইণ্ডিয়ান নাইট’ৰ বাবে পৰিকল্পনা কৰিছিলোঁ আৰু আমাৰ পৰিকল্পনাৰ প্ৰতি কতৃৰ্পক্ষৰ সঁহাৰি লাভ কৰাৰ পাছত চেন্নাইত প্ৰয়োজনীয় বস্তুবোৰ কিনিছিলোঁ৷ সেইদিনা নিশা লিড’ টেৰেচত বাজিছিল জুবিনৰ অসমীয়া গানৰ পৰা বলিউদী গান৷ পদাৰ্ত হিন্দী গানৰ ভিডিঅ’৷ তেহচীন জী ব্যস্ত আছিল মেহেন্দী লগোৱাত৷ চুইটী দী, অন্বেষাই পিন্ধাইছিল শাৰী৷ ভুজিয়া-বুনিয়া-মিঠাই-চাহেৰে অতিথি আপ্যায়ণৰ দায়িত্বত আছিল ঋষিকেশ দা আৰু পৱন দা৷ সামগ্ৰিক পৰিকল্পনাত আছিল মনপ্ৰিত দী-সপন দা৷ মিউজিকত মই৷ চেন্নাইৰ পৰা কিনি অনা কূতাৰ্ আৰু শাৰী পিন্ধি লিট’ টেৰেচত উপস্থিত হৈছিলহি অন্য দেশৰ অংশগ্ৰহণকাৰীসকল৷ তানজেনিয়া, শ্ৰীলংকা আৰু বাইৰেইনৰ পৰা আহিছিল ভিন্ন হিন্দী গানৰ ৰিক্যুৱেষ্ট৷ আমি একেলগে নাচিছিলোঁ৷
ৰাতিৰ স্ফূৰ্তি আৰু দিনৰ ব্যস্ততা৷ শ্ৰীলংকাৰ ‘শ্ৰীলংকা ডে’, চিলি-মেক্সিকোৰ ‘লেটিন পাৰ্টি’, বাহৰেইন-আৰৱ এমিৰেট্ছৰ ‘লেডিজ নাইট’, তানজেনিয়াৰ ‘আফ্ৰিকান নাইট’, ৰাছিয়াৰ ‘ৰাছিয়া পাৰ্টি’ৰ আনন্দৰ মাজত অতিবাহিত কৰিছিলো প্ৰতিটো নিশা৷ ইভেণ্ট কমিটিৰ উদ্যোগত আয়োজিত SWY Got talent প্ৰতিযোগিতা উপভোগ কৰিছিলো আৰু অন্বেষাৰ বাবে প্ৰচাৰ চলাইছিলোঁ৷ সবাৰ্ধিক ভোট লাভ কৰি অন্বেষাই আজুৰি আনিছিল শ্ৰেষ্ঠতাৰ খিতাপ৷মাজে মাজে আহিছিল শিহৰণ সৃষ্টিকাৰী দিনবোৰ৷ Piracy Prone Area বোৰত বন্ধ কৰি দিয়া হৈছিল ডেকলৈ যোৱাৰ দুৱাৰ৷ ঘোষণা কৰা হৈছিল সাৱধান বানী৷ তীব্ৰ বতাহ, সু-উচ্চ ঢৌৰে লাভ কৰিছিলো গৰ্জন মুখৰ চল্লিছৰ পৰোক্ষ অভিজ্ঞতা৷ বতাহৰ তীব্ৰতা কেতিয়াবা ইমানেই বেছি হৈছিল যে ডেকত সন্মুখলৈ খোজ কাঢ়ি যাব পৰা নাছিলোঁ৷ সাগৰীয় ঢৌৱে কেতিয়াবা সপ্তম মহলা পৰ্যন্ত স্পৰ্শ কৰি গৈছিলহি৷ বিস্ময়েৰে আমি নিৰাপদ দূৰত্বৰ পৰা ঢৌবোৰ চাইছিলো আৰু শিহৰিত হৈ পৰিছিলোঁ৷ বতাহ আৰু ঢৌৱে নিপ্পন মাৰুত সৃষ্টি কৰা ভূমিকম্প (নে জলকম্প)ই বহি থকা চকীবোৰ চুচৰাই নিছিল কাষলৈ৷ পুনৰ লৈ আনিছিল আগৰ অৱস্থানলৈ৷ লৰি থকা বিচনাখনতে শুইছিলো৷ সুৰাসক্ত মানুহৰ দৰে খোজ কঢ়িছিলোঁ৷ চী-চিক্নেচৰ টেবলেট খাই সকাহ পোৱাৰ বৃথা প্ৰয়াসো কৰিছিলোঁ৷ উভতনি যাত্ৰাত তিনিদিনমান একেৰাহে এনেকুৱা পৰিস্থিতি হোৱাৰ বাবে ডলফিন হ’লত অনুষ্ঠান আয়োজনত বহুত অসুবিধা হৈছিল৷ কাৰোবাৰ নৃত্য বিকৃত হৈছিল, কাৰোবাৰ সংগীত৷ এই পৰিস্থিতিয়ে মাজে মাজে হাঁহিৰো খোৰাক যোগাইছিল৷
সাগৰ শান্ত হৈছিল আৰু চেমিনাৰৰ, কৰ্চ ডিচকাচন আদিবোৰো অন্তিম পযাৰ্য়ত উপনীত হৈছিল৷ Summary Forumত উপস্থাপন কৰা হৈছিল সিদ্ধান্তবোৰ আৰু এখন সমৃদ্ধিশালী আৰু ঐক্যবদ্ধ পৃথিৱীৰ বাবে একেলগে কাম কৰি যোৱাৰ বাবে অংগীকাৰবদ্ধ হৈ, কেতিয়াও যোগাযোগ বিছিন্ন নকৰাৰ সংকল্প লৈ SWY-২৮১ পতাকাখনৰ সৈতে আমি স্পৰ্টছ ডেকত একেলগে ফটো উঠিছিলোঁ৷ আৰু এদিন টকিঅ’ বন্দৰত নিপ্পন মাৰু ৰৈছিলহি৷ সাগৰৰ মাজত কেতিয়া এটুকুৰা মাটিৰ বাবে, অলপ সেউজীয়াৰ বাবে উদ্বাউল হৈ থকা মনবোৰ কিন্তু তেতিয়া ‘নিপ্পন মাৰু’ৰ পৰা নামি আহিব খোজা নাছিল৷ Farewell Dinner ত যেতিয়া আলিংগনবদ্ধ হৈ প্ৰতিজনে কান্দিছিলো তেতিয়া উপলব্ধি কৰিছিলো বিশ্ব-প্ৰেমৰ মাহাত্ম্য৷ বেগবোৰ লৈ ৰৈ থকা বাছখনৰ ওচৰলৈ গৈ থাকোতে দূৰৈৰ পৰা দৌৰি আহি কেবিনমেট টাকুমিয়ে যেতিয়া মোক সাৱটি ধৰিছিল, মোৰ সোঁহাতখনত ধৰি অ’চাকাই যেতিয়া ফেঁকুৰিছিল আমাৰ বন্ধুত্বৰ স্থায়ীত্ব কামনাৰে মোৰ দুচকুৰ পৰাও লোটক সৰিছিল৷ ২৯ফেব্ৰুৱাৰীৰ দিনা নিপন এয়াৰৱেজৰ NH০৮৩৭ নম্বৰৰ বিমানখনত আমি উঠি উভতি আহিছিলো স্বদেশলৈ৷
চুৱাই-২৮ এ আমাৰ মনবোৰক নতুনকৈ নিমাৰ্ণ কৰিলে৷ আমাৰ মনবোৰক প্ৰদান কৰিলে আকাশৰ বিশালতা আৰু সাগৰৰ গভীৰতা৷ শিকালে বিশ্বপ্ৰেম, গোলকীয় সচেতনতা আৰু উদাৰতাৰ পাঠ৷ দিলে মানৱ-কল্যাণৰ বাবে কাম কৰি যোৱাৰ অফুৰন্ত শক্তি৷ চুৱাই-২৮১ যোগেদি মই ‘জাপান’ নামৰ দেশখনৰ প্ৰেমত পৰিছিলোঁ আৰু আজিও পৰি আছো৷ তেওঁলোকৰ আতিথ্যত ধন্য হৈছিলোঁ৷ দিল্লী আহি পোৱাৰ পাছত গুৱাহাটীলৈ অহা ফ্লাইটখনৰ বাবে ৰ’ব লগীয়া সময়খিনি হোটেলত থাকিবৰ বাবেও তেওঁলোকে প্ৰয়োজনীয় ধন দি পঠাইছিল৷
প্ৰশান্ত মহাসাগৰৰ উৰ্মিমালাবোৰৰ মাজত দেশ-মহাদেশৰ সংকীৰ্ণ পৰিসীমাৰ পৰা মুক্ত হৈ, বিশ্বপ্ৰেম আৰু মানৱতাবাদৰ ব্যৱহাৰিক শিক্ষাৰে দীক্ষিত হোৱা সেই দিনবোৰৰ মাজলৈ মই পুনৰ উভতি যাব খোজো৷ পুনৰ সাগৰৰ বিশালতাৰ মাজত বুৰ গৈ আৱিস্কাৰ কৰিব খোজো নিজানত নিজক৷ John
Masefieldৰ দৰে আক্ৰান্ত হওঁ সাগৰীয় জ্বৰত–
I must down to
the seas again, to the lonely sea and the sky,
And all I ask
is a tall ship and a star to steer her by,
And the wheel's kick and the wind's song and the white sail's shaking,
And a grey mist
on the sea's face and a grey dawn
breaking.( Sea-Fever, ১৯০২)
No comments:
Post a Comment