এটা ঐনিতমৰ সৈতে এদিন




আলি আয়ে লৃগাং,২০১৫চন। আচলতে লৃগাং আহিলে বন্ধুমহলৰ পৰা বহুত আমন্ত্ৰণ আহে। মোৰ সৌভাগ্য যে মোৰ বন্ধুতালিকাৰ এক বৃহৎ অংশ মিচিং জনগোষ্ঠীৰ অন্তৰ্গত।এইবাৰ লৃগাঙৰ আগদিনা কেইবা ঠাইৰ পৰা আমন্ত্ৰণ আহিল। কলেজৰ পাংগিং দা অৰ্থাৎ প্ৰসেনজিত পাংগিং দায়েও ফোন এটা কৰিছিল। পাংগিং দাই ভাল কবিতা লিখে। মোৰ বন্ধু প্ৰিয় প্ৰতিম( প্ৰিয় প্ৰতিম মিলি)য়েও ফোনেৰে আমন্ত্ৰণ জনালে। কিন্তু সকলোৰে আমন্ত্ৰণ ৰক্ষা কৰাটো সম্ভৱপৰ নাছিল। কিন্তু লৃগাঙৰ দিনা মিচিং জনগোষ্ঠীয় এসাজ তৃপ্তিৰে খোৱাৰ এক প্ৰবল ইচ্ছা বহুদিনৰ পৰা আছিল। পুৰাং আপিনৰ নাম শুনি আছিলো।পুৰাং আপিনৰ সৈতে গাহৰি মাংস খোৱাটো মোৰ এক অপুৰ্ণ আশা আছিল। আপং আৰু পৰঅ আপং(চাইমদ) খোৱাৰ ইচ্ছাও নথকা নহয় কিন্তু ভয় এটা আছিল- কিজানি বেছিকৈ নিচা লাগি যায়।
আন বহুতৰ দৰে আমাৰ লগৰ হিমাদ্ৰী মানে হিমাদ্ৰী টাইদৰ ঘৰলৈও লৃগাং খাবলৈ কেইবাদিনৰ আগৰে পৰা নিমন্ত্ৰণ কৰি আছিল। হিমাদ্ৰীৰ ঘৰ গোগামূখত। ধেমাজি জিলাৰ এই অঞ্চলটো এটা মিছিং অধ্যুষিত অঞ্চল,অন্যহাতে মিছিং স্বায়ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যালয়ো ইয়াতে অৱস্থিত।সেই দিশৰ পৰা অঞ্চলটোৰ গুৰুত্ব যথেষ্ট পৰিমানে আছে। মই আৰু জিতু- আমি দুয়োটাই নিমন্ত্ৰণ ৰক্ষা কৰাৰ মনস্থ কৰিলো।ৰাতিপুৱা ন বজাতে জিতু আহি আমাৰ হোষ্টেল অৰ্থাৎ নৰ্থ লখিমপুৰ কলেজৰ নিউ বয়জ হোষ্টেলত পালেহি।সেইদিনা কলেজ বন্ধ আছিল। জিতুৰ হিৰ' স্কুটীখনত আমি দুয়োটাই হিমাদ্ৰীহঁতৰ ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ।দূৰত্ব প্ৰায় ৪০ কিলোমিটাৰ।

ঢকুৱাখনাৰ ল'ৰা হোৱা হেতু সৰুৰে মিচিং জনগোষ্ঠীয় সৰলচিতীয়া বৰতা-খুৰা-খুৰী তথা দাদা-বাইদেউ আৰু বন্ধুমহলৰ সংস্পৰ্শ লাভ কৰিছিলো। হাইস্কুলত পঢ়ি থাকোতে লগৰবোৰৰ সৈতে চাইকেল মাৰি মাজেসময়ে মাতমৰালৈ গৈছিলো আৰু দেখিছিলো বানপানীত বিধস্ত হোৱা নৈ-পৰীয়া মানুহবোৰৰ দূৰ্বিসহ জীৱন পৰিক্ৰমা।ভাবিছিলো ইমান দুখৰ মাজত থাকিও তেওঁলোকে কেনেকৈ হাঁহিব পাৰে। তেওঁলোকৰ জীৱনবোৰ মোৰ বাবে সদায় অফুৰন্ত প্ৰেৰণাৰ উৎস।তেওঁলোকৰ সংস্কৃতিও অনন্য। ফাটবিহুৰ বাকৰি ম'হঘুলি চাপৰিত শুনা ঐনিতমৰ মনমতলীয়া কৰা সুৰে আমাৰ মনবোৰ ব্যাকুল কৰি তোলে।ঐনিতম শুনিলে মোৰ স্কুলৰ বন্ধু থানেশ্বৰ পাংগিঙলৈ মনত পৰে,সি খুউব ভাল বাঁহী বজাইছিল। ফাটবিহুত চাৰিকড়ীয়াৰ পাৰৰ গুমৰাগ নৃত্যই ৰঙীন কৰি তোলে মনবোৰ। ৰি:বি গাচৰ পিন্ধা কনেঙবোৰৰ সৌন্দৰ্যক এনেদৰে শব্দৰে প্ৰকাশ কৰিবলৈ যোৱাটো সম্ভৱেই নহয়।আমি একেষাৰে এটা সিদ্ধান্তত উপনীত হ'ব পাৰো যে মিচিং সমাজৰ বৰ্ণাঢ্য কৃষ্টি নিশ্চিতভাৱে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ আটাইতকৈ উজ্জ্বলতৰ দৃষ্টান্ত। মিচিং জনগোষ্ঠীয় সংস্কৃতিৰ প্ৰতিটো উপাদানতে নিজস্বতা,স্বকীয়তা তথা মৌলিকতা বিৰাজমান । সেয়া পোছাকতেই হওক বা  উৎসৱ-পাৰ্বনতেই হওক,সাজ-পাৰতেই হওক বা ভাষাতেই হওক- এক বৰ্নিল সংস্কৃতিৰ অধিকাৰী তেওঁলোক।মিচিং সমাজ- এখন সৰল সমাজ, এখন নিভাজ সমাজ।

জিতুৱে স্কুটী চলাইছে আৰু মই বহি গৈছো। সোৱনশিৰি নদীখনক সদায় নতুনকৈ আৱিস্কাৰ কৰাৰ দৰে সেইদিনাও নতুন ৰূপত আৱিস্কাৰ কৰিলো।ৰোমান্টিক বতাহজাকৰ স্পৰ্শ লাভ কৰিলো। দূৰৈৰ পাহাৰখনলৈ অপলকভাৱে কিছু সময় চাই অনুভৱ কৰিলো প্ৰকৃতিৰ উমাল সান্নিধ্য।কিছুসময়ৰ বাবে জংকী-পানৈ আহি মোৰ মনটোত বিচৰণ কৰি গ'লহি। সোৱনশিৰিয়ে বুকুৰ মাজেৰে প্ৰবাহিত কৰি আছে সেই প্ৰেম-বিৰহৰ কাহিনীক। ঘুণাসূঁতি কোনফালে আছে? জিতুক সুধিলো। সি নিৰুত্তৰ। বোধহয় নাজানে,মইয়ো নাজানো। কিন্তু যোৱাৰ এক অফুৰন্ত হেপাহ আছে। প্ৰায় ৫০ কিমি প্ৰতি ঘন্টা দ্ৰুতিত আমি আগবাঢ়িলোঁ।

যদিও অসমৰ তিনিচুকীয়া,ডিব্ৰুগড়,শিৱসাগৰ,যোৰহাট,গোলাঘাট আৰু শোনিতপুৰ জিলাটো মিচিং জনবসতি আছে কিন্তু মূলতঃ লখিমপুৰ-ধেমাজি জিলাদুখনেই মিচিঙসকলৰ মুখ্য বাসস্থান। অসমৰ অতি পিচপৰা এই অঞ্চলটোত বসবাস কৰা মিচিঙসকল আৰ্থসামাজিক ভাৱে যথেষ্ট পিচপৰা যদিও সাংস্কৃতিকভাৱে যথেষ্ট চহকী। লখিমপুৰৰ যথেষ্টসংখ্যক মিচিং জনগোষ্ঠীৰ লোকে অসমীয়া জাতি,সংস্কৃতি,সমাজ,শিক্ষা আদি  বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়াই অহা অৱদানক আমি স্বীকাৰ কৰিবলৈ বাধ্য। ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত লখিমপুৰৰ সন্তান টাবুৰাম টাইদ,কবি যোগেন টাইদ আদিৰ নাম আমি গৌৰৱেৰে উল্লেখ কৰো।মিচিং সংস্কৃতিৰ প্ৰতিটো উপাদানেই মোক আকৰ্ষণ কৰে যদিও সেই মুহূৰ্তত মই কেৱল পুৰাং আৰু গাহৰি মাংসৰ কথাই ভাবি আছিলো। জিতুৱে কি ভাবিছিল নাজানো।

অৱশেষত সপোনটো সাৰ্থক হ'ল। আমি হিমাদ্ৰীৰ ঘৰ পালোগৈ।হিমাদ্ৰীৰ সৰলচিতীয়া মাকে আমাক কৰা আপ্যায়ন পাহৰিব নোৱাৰো।বৌয়েকে আমালৈ পুৰাং আৰু গাহৰি মাংসৰ আঞ্জা লৈ আহিল,যিটো আমাৰ বাবে প্ৰত্যাশিতই আছিল,লগত দুগিলাচ চাইমদ।কি কৰা যায়! চাইমদ খোৱাৰ ইচ্ছা এটা আছে কিন্তু ভয়টোও সমান্তৰালভাৱে আছে। অৱশেষত ভয়ে ভয়ে আধাগিলাচমান খালো, মিঠা স্বাদটো এতিয়াও মুখত লাগি আছে। হিমাদ্ৰীয়ে কলে- "যিকনহে খাইছ' ; নিচা লাগিব নেকি?'ভাগ্য ভাল নিচা অৱশ্যে নালাগিল। উদৰ পুৰাই গাহৰি আৰু পুৰাং খালো।তাৰ পাছত আৰু একো খোৱাৰ বাবে সক্ষম অৱস্থাত নাছিলো যদিও মাকৰ মৰমৰ আদেশ মানি ভাতৰ পাতত বহিলোগৈ।ভজা মাছ,গাহৰিৰ মঙহৰ জোল,নামচিং আৰু ঘৰৰ চাউলৰ ভাত - এই তৃপ্তিৰ সাজটোৰ কথা সদায় মনত থাকিব। মিচিং সমাজৰ পৰম্পৰাগত আঞ্জাৰ বিষয়ে পিচত কৰবাত পঢ়িছিলো। তেনেধৰনৰ এসাজ খোৱাৰ ইচ্ছা এতিয়াও মনত পুহি ৰাখিছোঁ,যেনে- ভেকুৰী গুটি অথবা তিতা ফুলেৰে মাটি মাহৰ খাৰ;লেহেতীৰ লগত কণ মাছ,খুদ চাউল বা পিঠা গুৰিৰে খাৰ;পিঠা গুৰিৰ লগত কুকুৰাৰ মঙহ। অৱশ্যে এদিন এবিধ নজনা গছৰ পাতৰ সৈতে সিজোৱা গাহৰিৰ মঙহ খোৱাৰ অভিজ্ঞতা হৈছিল।

লৃগাঙৰ সেই দিনটোৰ অভিজ্ঞতা মোৰ মনৰ ডায়েৰীত সদায় সজীৱ হৈ থাকিব যি মোক অহা বছৰত আকৌ কাৰোবাৰ ঘৰত লৃগাং খাবলৈ যাবৰ বাবে উৎসাহিত কৰে।




No comments:

Post a Comment