বৰশীৰে লিখিছিলো পানীত
সেউজীয়া মাছৰ কবিতা,
নদীৰ পাৰত বহি চিলা উৰুৱাওঁতে
প্ৰেমত পৰিছিলো আকাশৰ ,
চিলাৰ ভাঁজত আলফুলে গাঁঠি দিছিলো উৰণীয়া মন...
বৰদৈচালাই লঠঙা কৰা সৰাপাতবোৰত আজি
সন্ধান কৰিছো সোঁৱৰণি
পথাৰৰ মাজত কিজানি
আকৌ দেখা পাওঁ গৰু এটাৰ পিঠিত বহি এটা বগলী.
Published in SADIN,31 Oct, 2014

No comments:
Post a Comment