ক্রমবৰ্দ্ধমান শিক্ষিতৰ হাৰ, বিভিন্ন পৰীক্ষাত উন্নত ফলাফল, গধুৰ মার্কশ্বীটবোৰৰ ভিত্তিত আমাৰ অসমখনক জ্ঞানীলোকৰ বাসস্থান বুলি অভিহিত কৰিবলৈ যোৱাটো হয়তো কোনোপধ্যেই যুক্তিসংগত নহ’ব। ‘শিক্ষিত’ আৰু ‘জ্ঞানী’ শব্দ দুটাৰ মাজত যে বিৰাট প্ৰভেদ আছে সেইটো বিহংগম দৃষ্টিৰে আমাৰ সমাজখন পৰ্যবেক্ষণ কৰিলেই স্পষ্ট হৈ পৰে। এইখন সমাজত ডাইনী সন্দেহত নাৰীক অমানুষিক অত্যাচাৰ কৰি হত্যা কৰা হয়, যৌতুকৰ বাবে পুৰি পেলোৱা হয় সদ্যবিবাহিতপত্নীক, একবিংশ শতিকাৰ সাম্প্ৰতিক প্ৰেক্ষাপটতো যিখন সমাজত তৃণমূল পৰ্যায়লৈকে শিপাই আছে কু-সংস্কাৰ, ‘নাৰী স্বাধীনতা’ যিখন সমাজত আজিও এটা সপোন। ‘শিক্ষিত’ আৰু ‘জ্ঞানী’ এই শব্দ দুটা আমি পৰষ্পৰ পৰিপূৰক অৰ্থত ব্যৱহাৰ কৰিব পৰিলোহেঁতেন যদিহে অসমৰ শিক্ষাব্যৱস্থাই প্ৰকৃতাৰ্থত জ্ঞানীলোকৰ জন্ম দিব পাৰিলেহেঁতেন কিন্তু এই আশাটো ‘হেঁতেন’ শব্দটোৰ মাজতে সীমাবদ্ধ।
সেয়ে হয়তো মোৰ ৰূমমেটে কোঠাৰ বেৰত ডাঙৰকৈ লিখি থৈছে - “Many Genius cannot do well in exam but many
donkeys can do well.” নিশ্চিতভাৱে এক লক্ষ্য অভিমুখী শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তনেৰে প্ৰচলিত তত্ত্বসৰ্বস্ব শিক্ষাব্যৱস্থাৰ এক আমূল সংস্কাৰৰ প্ৰয়োজন। অসমৰ দুৰ্বল অৰ্থনীতি, কলংকিত ৰাজনীতি আৰু অনুন্নত সমাজৰ মূলতে আছে এই দুৰ্বল শিক্ষাব্যৱস্থা। এনে পৰিস্থিতিত আমাৰ দায়িত্ব হ’ল তথাকথিত শিক্ষিত ৰূপে নিজক পৰিগণিত নকৰি প্ৰকৃতাৰ্থত শিক্ষিত তথা জ্ঞানী ৰূপে নিজক পৰিশোধিত কৰাৰ প্ৰয়াস কৰা। প্ৰতিবৰে বহুসংখ্যক মেধাৱী ছাত্ৰ-ছাত্ৰী আমাৰ শিক্ষাব্যৱস্থাই উৎপাদন কৰে আৰু সমাজখনে তেওঁলোকৰ পৰা বহুত আশা কৰে। ব্যক্তিগত পৰ্যায়ত সাফল্য অৰ্জনেৰে একোটা ভাল সংস্থাপনো তেওঁলোকে লাভ কৰে আৰু অধিকাংশই পৰৱৰ্তী জীৱনত সমাজক অৱহেলা কৰি কেৱল ব্যক্তিৰ্গত পাৰ্থিব উন্নতিত মনোনিৱেশ কৰি চৰম অকৃতজ্ঞতাৰ পৰিচয় দাঙি ধৰে। বহুসংখ্যক সমাজৰ শোষক আৰু নিষ্পেষক শ্ৰেণীটোৰ একোজন সদস্যলৈ পৰিগণিত হয়। এয়া আমাৰ সমাজখনৰ বাবে অত্যন্ত দুঃখজনক কথা। শিক্ষিত যুৱপ্ৰজন্মৰ পৰা যদি সমাজত প্ৰতি দায়িত্বশীল লোকৰ জন্ম নহয় তেন্তে সেই সমাজখনৰ উন্নতিও নহয় । আমাৰ নতুন প্ৰজন্মৰ যিসকলে বিভিন্ন পৰ্যায়ত সফলতা অৰ্জন কৰে তেওঁলোকৰ প্ৰতি আস্থাশীল হৈ সমাজৰ অন্যান্যসকলে এখনে সমৃদ্ধিশালী সমাজৰ স্বত বিভোৰ হয়। নতুন প্ৰজন্মৰ প্ৰতিজন সদস্যই এই কথা অনুধাৱন কৰাৰ প্ৰয়োজন যে আমি সমাজৰ পৰা যিমানখিনি লাভ কৰিো তাৰ বিনিময়ত সমাজৰ প্ৰতি কিবা এটা দিব পাৰিলেহে প্ৰকৃতাৰ্থত আমি সুখী হম। মানৱতাৰ সেৱাতেই জীয়াই থকাৰ আনন্দ অন্তৰ্নিহিত হৈ আছে। সদ্যপ্ৰয়াত এ. পি. জে আব্দুল কালামৰ‘ভাৰতৰ আত্মা’ শীৰ্ষক গ্ৰন্থখনেও এনে এক বাৰ্তা বলিষ্ঠ ৰূপত বহন কৰিছে। আদৰ্শবাদী চেতনাৰে উদ্বুদ্ধ অথচ বাস্তৱতাৰ ভেটিত নিৰ্মিত গ্ৰন্থখনৰ মেচেজ হ’ল - আমি যদি এই কথা মানি লওঁ যে ‘ব্যক্তি অথবা সংগঠনতকৈ দেশ ডাঙৰ’ আৰু এই সত্য যদি উপলব্ধি কৰিব পাৰো ‘কেৱল সীমাবৰ্জিত মন বা মানসিকতাইহে সীমাহীন সমাজ নিৰ্মাণ কৰিব পাৰে’- তেনেহলে আমাৰ ব্যক্তিৰ্গত আৰু ৰাষ্টীয় স্তৰত উন্নতি অৱশ্যম্ভাৱী।’’( গ্ৰন্থখনৰ অসমীয়া অনুবাদৰ পৃষ্টপটৰ পৰা উদ্ধৃত)
No comments:
Post a Comment