শিল






কেতিয়াবা এনেয়ে শিল এটা বুটলি
দূৰলৈ দলিয়াই ভাল লাগে |

লক্ষ্যস্থানত স্পৰ্শ কৰক বা নকৰক |

ভাল লাগে
বাটত অকলশৰে পৰি থকা শিল এটা
'চটিয়াই চটিয়াই'
বহুদূৰ গুছি যোৱা সময়বোৰ...

একেদৰে ভাল লাগে কেতিয়াবা
শব্দৰে খেলি
শব্দৰে ওমলি

তোমাক ভাল লাগে বাবে কেতিয়াবা
তোমাৰ খিৰিকীখনলৈ চাওঁ
আৰু বাৰে বাৰে শিলটোত উজুটি খাওঁ |


No comments:

Post a Comment