নিৰ্জনতাৰ কোলাহল






আন্ধাৰ নিশা ! মই মোৰ চাৰিওফালে আন্ধাৰ দেখিছো | 
চকু দুটা মুদি দিলো |
এতিয়াও মই মোৰ চাৰিওফালে কেৱল আন্ধাৰেই দেখিছো | 

আন্ধাৰ কণাবোৰ মোৰ দুচকুত জিকমিকাইছে..... ­.


জিলিৰ মাতবোৰ ভাহি আহিছে আৰু মই শুনিছো |
শুনি মোৰ ভাল লগা নাই ,
সেয়ে মোৰ দুহাতৰ তৰ্জনী আঙুলি দুটাৰে মোৰ কান দুখন বন্ধ কৰি দিলো | 
তথাপিও মই শুনিআছো নিৰৱতা |




এদিন মই অকলে খোজেৰে গৈ অছিলো | 
আচলতে মই অকলেযোৱানাছিলো| 
মোৰ লগত গৈছিল মোৰ পোছাকযোৰ, চেণ্ডেলযোৰ,ম'বা ­ইল ফোনটো আৰু চছমাযোৰ.....

মই জানো ,মই অকলেও যাব পাৰিম কিন্তু সিহঁত যাব নোৱাৰে । 
সিহঁতৰ কথা ভাৱি মোৰ হাঁহি উঠি গ'ল...

Published in Janasandharan ,an Assamese daily, 2013


No comments:

Post a Comment