আংকল কেন (মূলঃ ৰাস্কিন বণ্ডৰ ‘Uncle Ken’)


 



আইতাৰ পাকঘৰ

  যদিও পাকঘৰতো আকাৰত শোৱা কোঠা বা থকা কোঠাটোতকৈ ডাঙৰ নাছিল, কিন্তু যথেষ্ট ডাঙৰেই আছিল৷ আৰু পাকঘৰটোৰ লগতে আছিল এটা সৰু কোঠা, য’ৰ পৰা ওলোৱা সুগন্ধি খাদ্যবোৰে পাকঘৰটোক কৰি তুলিছিল বিস্ময়কৰ৷ খাদ্যবোৰৰ ভিতৰত আছিল কেক্‌ আৰু কাৰী, চকলেটৰ কেণ্ডী আৰু চীনা বাদামৰ টফীচ জেলী আৰু জেমৰ বাতি, সিদ্ধ মাংসৰ টুকুৰাচ ব্ৰেড, বিলাহী, চাউলৰ গুড়িৰ সৈতে প্ৰস্তুত কৰা পেৰু চৰাই, মুগ¹, গাহৰিৰ মঙহ বা বেঙেনাৰ বিশেষ ব্যঞ্জন৷মই যিমানদূৰ জানো, আইতাই হৈছে সমগ্ৰ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰান্ধনী৷ ইতিমধ্যে ভাৰতবৰ্ষত তেওঁলোকৰ দুটা প্ৰজন্মই বাস কৰিছিল আৰু মোৰ মাৰফালৰ আইতাই ডেৰাডুন নামৰ সৰু চহৰখনতেই থিতাপি লৈছিল। অকলশৰে থকা আইতাই মোক লগ পালে নথৈ আনন্দিত হৈছিল৷ তেওঁ একেবাৰে অকলশৰীয়াও নাছিল বাৰু–তাত এজন মালী থাকিছিল, আৰু তেওঁৰ মোৰ সমবয়সৰ মোহন নামৰ এটা পুতেক আছিল৷ লগতে আইতাৰ ঘৰুৱা কামত সহায় কৰা আয়াও আছিল৷ আৰু আছিল নীলা দুচকুৰ এটা শ্যামদেশীয় মেকুৰী৷ লগত এটা বৰ্ণসংকৰ কুকুৰ৷ কুকুৰটোৰ নাম আছিল ‘ক্ৰেজী’, কাৰণ সি ঘৰটোৰ চাৰিওফালে দৌৰি ফুৰিছিল৷ অৱশ্যে তাত আইতাৰ ভতিজাক কেন আংকলো আছিল৷ আইতাই ৰন্ধা খাদ্যৰ জুতি লোৱাৰ ইচ্ছা হ’লে বা কোনো কামৰ পৰা তেওঁক অব্যাহতি দিলেই তেওঁ তাত থাকিবলৈ আহিছিল, যিটো প্ৰায়েই হৈছিল৷

.... .... .... ....

      ৰোষ্ট ডাক্‌৷ হাঁহৰ পূৰা মঙহ৷ এইটো আছিল আইতাৰ ৰন্ধনশালৰ বিশেষ আকৰ্ষণ৷ যেতিয়া আইতাৰ ঘৰত মোৰ  প্ৰথমবাৰ ৰোষ্ট ডাক্‌ৰ জুতি লোৱাৰ অভিজ্ঞতা হৈছিল, তেতিয়াও কেন আংকল তাত আছিল৷ তেওঁ কেইদিনমানৰ পূৰ্বে ৰেলৱে গাৰ্ডৰ চাকৰিটো হেৰুৱাইছিল আৰু নতুন চাকৰি এটা নোপোৱা পৰ্যন্ত আইতাৰ ঘৰত থাকিবলৈ আহিছিল৷ সাধাৰণতে তেওঁ যিমান দিন ইচ্ছা যায় সিমান দিনলৈ থাকিছিল৷ সেইবাৰ তেওঁ তেতিয়াহে গৈছিল, যেতিয়া আইতাই সৰুল’ৰা পঢ়া পাদ্ৰী লাল একাডেমীৰ সহকাৰী শিক্ষকৰ চাকৰিটোৰ ব্যৱস্থা তেওঁক কৰি দিছিল৷ কেন আংকলৰ পিছে সৰু ল’ৰাৰ লগত ৰাহি-জোৰা নিমিলিছিল৷ তেওঁ কৈছিল যে সিহঁতে তেওঁক ব্যতিব্যস্ত কৰি তুলিছিল৷ ময়ো তেওঁক ব্যতিব্যস্ত কৰিছিলোঁ, কিন্তু যেতিয়াই মই তেওঁক অশান্তি দিওঁ, ব্যতিব্যস্ত কৰোঁ আইতাই তেওঁক সুৰক্ষা প্ৰদান কৰে৷ উল্লেখযোগ্য যে পাদ্ৰী লাল একাডেমীত এশটাতকৈ বেছি সৰু ল’ৰা আছিল। যদিও কেন আংকল প্ৰচণ্ড ভোকত আছিল আৰু মোৰ সমানেই খাইছিল, কিন্তু আইতাৰ ৰন্ধন-কলাক প্ৰশংসা কৰা নাছিল৷ সম্ভৱতঃ মই তেওঁক বিৰক্ত কৰি থকাৰ বাবেই তেওঁ প্ৰতিক্ৰিয়াহীন হৈ আছিল৷ মই তেওঁক ব্যতিবস্ত কৰি বেচ আনন্দ লভিছিলোঁ৷         কেন আংকলে হাঁহৰ পূৰা মঙহৰ পাত্ৰটোলৈ দৃষ্টি নিক্ষেপ কৰিলে আৰু তেওঁৰ চচ্‌মাযোৰ পিচলি আহি তেওঁৰ নাকৰ সীমা স্পৰ্শ কৰিলেহি৷

‘ অহ্‌..........এলেন খুড়ী! আকৌ হাঁহ যে!’

‘ আকৌ হাঁহ! কি ক’ব বিচাৰিছা তুমি? তুমিতো যোৱা এমাহ সময় ইয়াত হাঁহৰ মাংস খোৱা নাই৷’

‘মানে...মই সেইটোৱেই ক’ব বিচাৰিছো আণ্টী৷’ আংকলে ক’লে৷–‘যি কি নহওক, আপোনাৰ পৰা সদায়েই অধিক¸ বৈচিত্ৰ্য আশা কৰা যায়৷’

            ইয়াৰ পাছতে তেওঁ  মই খাবলৈ পোৱাৰ আগতে সৰহখিনি মাংস নিজৰ কাঁহীলৈ আনি খাব ধৰিলে৷ ময়ো গোটেইখিনি আপেলৰ চচ্‌ মোৰ কাঁহীত লৈ প্ৰতিশোধ ল’লোঁ৷ আংকলে জানিছিল যে মই এনেকৈ ৰন্ধা মাংস খাই ভাল পাওঁ, আৰু ময়ো জানিছিলোঁ যে কেন আংকলৰ আইতাৰ আপেল চচ্‌ৰ প্ৰতি অভাৱনীয় দূৰ্বলতা আছে৷ গতিকে, খোৱাৰ যুঁজত আমি সমকক্ষ হৈ ৰ’লোঁ৷

‘তুমি কেতিয়া তোমাৰ ঘৰলৈ যাবা?’–তেওঁ গভীৰ আশাৰে জেমৰ বাতিটো হাতত লৈ মোক সুধিলে৷

‘মই এইবছৰ নাযামেই চাগে৷’ মই ক’লো আৰু সুধিলোঁ, ‘আংকল, আপুনি পিছে আন এটা চাকৰি কেতিয়া পাব?’

‘আচলতে মই কেইমাহমান জিৰণি লোৱাৰ কথাহে ভাবিছোঁ৷’ তেওঁ ক’লে৷ 

            তাৰ পাছত মই আইতা আৰু আয়াক বাচন-বৰ্তন ধোৱাত অলপ সহায় কৰি দিলো৷ যেতিয়া আমি কামত ব্যস্ত থাকো, আংকুলে বাৰাণ্ডাতে এঘূমটি মাৰি লয় বা ৰেডিঅ’টো অন কৰি সংগীত শুনে৷ গ্লেন মিলাৰ আৰু তেওঁৰ ব্ৰেণ্ডটো তেতিয়া বহু জনপ্ৰিয় আছিল৷

‘ তুমি কেন আংকলক ভাল পোৱানে?’ নিজৰ প্লেটখনৰ পৰা হাড়বোৰ কুকুৰটোৰ বাবে ৰখা পাত্ৰটোত দি থকা অৱস্থাত এদিন আইতাই মোক সুধিলে৷        

‘তেওঁ আন কাৰোবাৰহে আংকল হ’ব লাগিছিল৷’–মই ক’লো৷

‘তেওঁ ইমানো বেয়া নহয় অ’৷ মাত্ৰ অলপ অস্বাভাৱিক৷’

‘অস্বাভাৱিক মানে?’

‘মানে তেওঁ অলপ ক্ৰেজী৷’

‘ক্ৰেজীয়েটো ঘৰৰ চাৰিওফালে দৌৰি থাকে৷ আংকলকতো মই এনেদৰে দৌৰি ফুৰা দেখা নাই৷’–মই ক’লো৷

.... .... .... ....

 

            কিন্তু এদিন মই দেখিলোঁ৷

            সেইদিনা মোহন আৰু মই আম গছবোৰৰ ছাঁত মাৰ্বল খেলি আছিলোঁ৷ হঠাৎ আংকলক ঘৰৰ চাৰিওফালে দৌৰি থকা দেখিলোঁ, তেওঁৰ পিছে পিছে এপাল বৰল৷ আচলতে তেওঁ শিমলু গছজোপাৰ তলত চিগাৰেট হুপি আছিল আৰু চিগাৰেটৰ ধোৱাই তেওঁৰ মূৰৰ ওপৰতে থকা বৰলৰ বাহটোৰ বৰলবোৰৰ মাজত অশান্তিৰ সৃষ্টি কৰিলে৷ উৰি যোৱাদি গৈ তেওঁ ঠাণ্ডা পানীৰ টাবটোত জপিয়াই পৰিলেগৈ৷ তেওঁক কেইবাঠাইতো বৰলে দংশন কৰিলে আৰু সেয়ে আংকলে তিনিদিনৰ বাবে শয্যাগত হোৱাৰ কথা ভাবিলে৷ আয়াই ট্ৰে এখনতে তেওঁক দৈনিক খাদ্যৰ যোগান ধৰিব লগা হ’ল৷

‘আংকলে ইমান দ্ৰুত গতিৰে দৌৰিব পাৰে বুলি মই ভৱা নাছিলোঁ৷’ পিছদিনা মই আইতাক উদ্দেশ্যি ক’লো৷

‘এইটো বিপদৰ পৰা পৰিত্ৰাণ লাভৰ এটা স্বাভাৱিক-প্ৰবৃত্তি৷’ আইতাই ক’লে৷

‘স্বাভাৱিক-প্ৰবৃত্তি?’

‘প্ৰতিকূল পৰিস্থিতিত সম্ভৱ হৈ উঠে...এতিয়া নি(য় আংকলে এটা কথা অনুধাৱন কৰিব পাৰিছে যে তেওঁ বেগাইদৌৰিব পাৰে, সেইটোৱেই আচৰ্যৰ কথা নহয়নে?’

.... .... .... ....

 

‘তুমি নিবনুৱা হৈ থকা বহুদিনেই হ’ল’–এদিন আইতাই কেন আংকলক ক’লে৷

‘ডেৰাডুনত কৰিবলৈ কামেই নাই৷’–আংকলে অভিযোগ কৰিলে৷

‘তুমি কাম নাই বুলি কেনেকৈ ক’ব পাৰিলা? তুমি বিচৰাই নাই৷ যি কি নহওক, তুমি ইয়াতেই আজীৱন থাকিবলৈ নোপোৱা৷ তোমাৰ ভণ্টী এমিলি লক্ষ্ণৌৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী৷ তুমি তাইৰ ওচৰলৈ যাব পাৰা৷ তাই এদিন কৈছিল যে তাই তোমাক স্কুলৰ হোষ্টেলটোৰ দায়িত্ব দি ৰাখিব পাৰিব৷’

‘বাহ্‌!’ আংকলে ক’লে৷–‘ খুড়ী, সঁচাকৈয়ে কৈছে নে আপুনি? মই জানো চল্লিছ-পঞ্চাছটা উন্মাদ সৰু ল’ৰা থকা ঘৰ এটা চোৱা-চিতা কৰিব পাৰিম?’

‘উন্মাদ মানে?’, মই সুধিলোঁ৷

‘মনে মনে থাক৷’, আংকলে খঙেৰে ক’লে৷

‘তাৰ মানেও ক্ৰেজী’, আইতাই ক’লে৷

‘বহুত  শব্দৰ অৰ্থই ক্ৰেজী দেখোন’, মই অভিযোগৰ সুৰত ক’লো,‘ আমি কিয় কেৱল ক্ৰেজী বুলি ক’ব নোৱাৰো৷ আমাৰ এটা ক্ৰেজী কুকুৰ আছে আৰু আমাৰ আংকলো ক্ৰেজী৷’

            আংকলে মোৰ কাণৰ ওপৰত লাহেকৈ এথাপৰ দিলে, আৰু আইতাই ক’লে,

‘তোমাৰ আংকল ক্ৰেজী নহয়, তুমি তেওঁক অসন্মান নকৰিবা, তেওঁ মাত্ৰ লেজী৷’

‘আৰু অলপ !’ মই ক’লো–‘মই শুনিছো তেওঁ অলপ অস্বাভাৱিক মানে নৰ্মেল নহয় বুলি!’

‘কোনে মোক অস্বাভাৱিক বুলি কৈছে?’ আংকলে দাবী জনোৱাৰ সুৰেৰে সুধিলে৷

‘মিচ. লেশ্লীয়ে কৈছে৷’–মই মিছা মাতিলোঁ৷

            মই জানিছিলোঁ যে কেন আংকলৰ লেশ্লীৰ প্ৰতি অলপ দূৰ্বলতা আছে৷ লেশ্লীয়ে ডেৰাডুনৰ এষ্ট্‌লে হ’লৰ স্মাৰ্ট শ্বপিং চেণ্টাৰত এখন বিউটি পাৰ্লৰ পৰিচালনা কৰে৷

‘মই তোমাক বিশ্বাস নকৰোঁ৷’ আংকলে ক’লে৷–‘ যি কি নহওক তুমি লেশ্লীক কেতিয়া লগ পাইছিলা?’

‘যোৱা সপ্তাহত আমি তেওঁক এবটল পদিনাৰ চাট্‌নী বিক্ৰী কৰিছিলোঁ৷ মই তুমি যে পদিনা চাট্‌নী ভালপোৱা সেই কথা কৈছিলোঁ৷ কিন্তু তেওঁ কলে যে তেওঁ সেয়া মিষ্টাৰ ব্ৰাউনৰ বাবে কিনিছে, ব্ৰাউনে মিচ.লেশ্লীক পিছদিনা চিনেমা দেখাবলৈ নিব৷’

 

 

নিষ্কৰ্মা কেন আংকল

     আমাক আচম্বিত কৰি কেন আংকলে পৰ্যটকক ডেৰাডুনৰ আকৰ্ষণীয় স্থানবোৰ দেখুৱাবৰ বাবে ট্যুৰিষ্ট গাইডৰ এটা অংশকালীন চাকৰি লাভ কৰিলে৷

            এটা সু-প্ৰাচীন দূৰ্গ নদীখনৰ কাষতে আছিল, আৰু আছিল সোতৰ শতিকাৰ এটা মন্দিৰ৷ সেই জেলখনো আছে য’ত পণ্ডিত নেহৰুৱে ৰাজনৈতিক বন্দী হিচাপে জীৱনৰ এছোৱা সময় অতিবাহিত কৰিছিল৷ আৰু পৰ্বতৰ পাদদেশৰ ফালে দহ মাইল মান গ’লেই পোৱা যায়–হট্‌ চালফাৰ ষ্প্ৰিং, বিখ্যাত গৰম পানীৰ জুৰি৷

            আংকলে আমাক জনালে যে পতি-পত্নীসহ ছয়গৰাকী আমেৰিকান পৰ্যটকৰ এটা দলৰ সৈতে তেওঁ  জুৰিৰ দিশে যাব৷ আইতা আনন্দিত হ’ল৷ অৱশেষত আংকলে কামত ধৰিছে৷ আইতাই গাহৰি মাংসৰ চেণ্ডুইচ, ঘৰতে প্ৰস্তুত কৰা বিস্কুট আৰু একডজন কমলাৰে ভৰ্ত্তি এটা বাকচ কেন আংকলৰ হাতত তুলি দিলে৷–যিখিনি এদিনীয়া যাত্ৰা এটাৰ বাবে যথেষ্ট আছিল৷

            জুৰিটোৰ দূৰত্ব ডেৰাডুনৰ পৰা মাত্ৰ দহ মাইল৷ কিন্তু তিনি দিনলৈকে আংকল উভতি অহা নাছিল৷

            তেওঁ উভতি অহাৰ বিশেষ মুহূৰ্তটো চাবলগীয়া হৈছিল৷ পিন্ধা কাপোৰবোৰ আছিল লেতেৰা আৰু ফটা, ৰ’দে পূৰা ছাল, আৰু তেওঁৰ মূৰৰ টকৌৱে খোৱা তপা-অংশটো ৰঙাকৈ জিলিকিছিল৷

‘কি কৰিলা তুমি এইবোৰ?’ আইতাই প্ৰশ্ন কৰিলে৷

            আংকল বাৰাণ্ডাত থকা আৰামী চকীখনতেই ঢলি পৰিল আৰু ক’লে,–

‘ মোৰ ভােক লাগিছে৷ মোক কিবা খাবলৈ দিয়া৷’

‘তুমি লগত নিয়া খোৱাবস্তুবোৰ কি কৰিলা৷’

‘আমি সাতজন আছিলোঁ, সকলো খোৱা বস্তু প্ৰথমদিনাই শেষ হৈ গ’ল৷’

‘ঠিক আছে বাৰু, কিন্তু তালৈতো এদিনহে লাগে৷ তুমিতো চালফাৰ স্প্ৰিংলৈ যোৱা কথাহে কৈছিলা৷’

‘আমি তালৈকে গৈছিলোঁ৷’ আংকুলে ক’লে৷–‘কিন্তু আমি গৈ নাপালোগৈ৷ পাহাৰৰ মাজত আমি বাট হেৰুৱালোঁ৷’

‘সেইটো কেনেকৈ সম্ভৱ হ’ব পাৰে? নদীৰ পাৰে পাৰে ওপৰলৈ গৈ থাকিলেই হ’ল...এজন গাইড হিচাপে তুমি সেই কথাজনা উচিত, আৰু মোৰ তেখেত জীয়াই থাকোতে তুমিতো তালৈ গৈছা!’

‘হয়৷ মই জানো৷’, বিমৰ্ষ দৃষ্টিৰে চাই আংকলে ক’লে৷–‘ কিন্তু মই পথটো পাহৰি গ’লোঁ৷ মই উপত্যকাটোও পাহৰি থাকিলোঁ৷ অথাৰ্ৎ, মই ভুলতে বেলেগ এটা উপত্যকালৈয়ে তেওঁলোকক লৈ গ’লোঁ৷ তাৰ পাছত মই ভাবিলোঁ, জুৰিটোতো একেখন নদীতেই পৰিছিল, কিন্তু এইখন সেইখন নদী নহয়...ভুল ধৰিব পাৰি আমি পাহাৰৰ দিশে কিছুদূৰ খোজকাঢ়িলোঁ আৰু তাৰ পাছত তললৈ প্ৰত্যক্ষ কৰি আৱিষ্কাৰ কৰিলোঁ যে আমি ভুলতে বেলেগ এটা উপত্যকা পালোহি৷ সেই নিশাটো আমি মুকলি আকাশৰ তলতেই অতিবাহিত কৰিব লগা হ’ল৷ অসহ্য ঠাণ্ডা৷ আৰু পিছদিনা মই ভাবিলোঁ যে মৌচুৰী হৈ আমি সোনকালে উভতি আহিব পাৰিম৷ কিন্তু আকৌ ৰাষ্টা ভুল হ’ল আৰু আমি কেপ্টী পালোগৈ৷....আৰু তাৰ পাছত আমি খোজকাঢ়ি তললৈ আহিলোঁ আৰু বাছত উঠিলোহি৷’

            মই আইতাক আংকলক বিচনালৈ অনাত সহায় কৰি দিলোঁ, আৰু আংকলৰ বাবে পিয়াজৰ শক্তিবৰ্ধক চ্যুপ প্ৰস্তুত কৰাতো সহায় কৰিলোঁ৷ মই ট্ৰে এখনত চ্যুপখিনি আংকললৈ বুলি আনিলোঁ৷ খাই থাকোতে মোৰফালে চাই তেওঁ আৰু অলপ বিচাৰিলে৷ তেওঁ দুদিন শয্যাশায়ী হৈ থাকোতে মই আৰু আয়াই খাদ্য যোগান দি থাকিলোঁ৷ তেওঁ নিষ্প্ৰভ আৰু প্ৰতিক্ৰিয়াহীন হৈ ৰ’ল৷

            এদিন চুলি সৰাকলৈ দুখ প্ৰকাশ কৰি যেতিয়া আংকলে তেওঁৰ মূৰৰ টকৌৱে খোৱা তপা অংশৰ আকাৰ বাঢ়ি অহাৰ কথা ব্যক্ত কৰিছিল আইতাই তেওঁৰ পুৰণি ৰেচিপিৰ কিতাপখনত সমাধান-সূত্ৰৰ সন্ধান কৰি ক’লে যে এটা উপায় আছে, যিটো অৱলম্বন কৰি ককাদেউতাই এই সমস্যাৰ পৰা ৰক্ষা পাইছিল৷ ব্ৰাণ্ডি নামৰ বিশেষ সুৰাবিধত জালি তিয়হ ডুবাই দৰৱবিধ প্ৰস্তুত কৰাৰ কথাও ক’লে ৷ আৰু কেন আংকুলে ব্যৱহাৰ কৰি চোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে৷

            আইতাই কেইটামান জালি তিয়হৰ টুকুৰা ব্ৰাণ্ডিত এসপ্তাহ ডুবাই ৰাখিলে আৰু তাৰপিছত বটলটো আংকলক দি ৰাতিপুৱা আৰু আবেলি মূৰত সানিবলৈ পৰামৰ্শ দিলে৷

            পিছ দিনা আইতাই যেতিয়া আংকলৰ ৰূমৰফালে দৃষ্টি নিক্ষেপ কৰিলে, তেওঁ আৱিস্কাৰ কৰিলে যে তিয়হৰ টুকুৰা কেইটাহে বটলটোত অৱশিষ্ট ৰূপত আছে৷ ইতিমধ্যে আংকলে ব্ৰাণ্ডিখিনি সেৱন কৰিছে৷

.... .... ....

 

কেন আংকলে সুহুৰিয়াই ভাল পাইছিল৷

            পকেটত হাত ভৰাই থকা নিষ্কৰ্মা আংকলে ঘৰখনৰ চাৰিওফালে, বাগিছাৰ কাষে কাষে, ৰাষ্টাৰ আগলৈ-পাছলৈ এনেয়েই টহল দি ঘূৰি ফুৰে, মাজে মাজে একোটা নিষ্প্ৰাণ সুহুৰি৷

            সদায়েই একেটা সুহুৰি, সকলোৰে বাবে বেসুৰা, কিন্তু তেওঁ তাৰ মাজতে মজি থাকে৷

‘আজি কি সুহুৰিয়াই আছে আংকল?’–মই সুধিলোঁ৷

‘অল্ড মেন ৰিভাৰ, ধৰিব  পৰা নাই নেকি?’’

            আৰু তেওঁ যদি পুনৰ একেদৰেই সুহুৰিয়াই থাকে আৰু মই সুধো,

‘ এতিয়াও অল্ড মেন ৰিভাৰে ই গাই আছে নেকি আংকল?’

‘নহয়, এইটো ডেন্নী বয়৷ তুমি পাৰ্থক্যটো ধৰিব পৰা নাই?’

            আৰু তাৰ পাছত তেওঁ অলসভাৱে খোজ কাঢ়ে আৰু বেসুৰীয়াকৈ সুহুৰিয়ায়৷

কেতিয়াবা এইবোৰে আইতাক বিৰক্ত কৰে৷

‘তুমি এই সুহুৰিয়াই থকাটো বন্ধ কৰিব নোৱাৰানে, কেন?, মোৰ অশান্তি লাগে৷ তুমি কিয় গান গাবলৈ চেষ্টা কৰিব নোৱাৰা?’

‘নোৱাৰি অ’৷ এইটো হ’ল ব্লো ডানিয়ুব৷ ইয়াত একো শব্দই নাই গাবলৈ৷’–আৰু তেওঁ পাকঘৰৰ কাষে কাষে নাচি নাচি সুহুৰিয়ায়৷

‘ঠিক আছে৷ তুমি তোমাৰ নৃত্য-গীত বাৰাণ্ডাত কৰাগৈ৷’ আইতাই কয়৷–‘মোৰ পাক্‌ঘৰত তোমাৰ নৃত্য-গীতৰ প্ৰয়োজন নাই৷’

.... .... .... ....

 

            যেতিয়া আমাৰ দন্তচিকিৎসক ডাঃ কাপাডিয়াই আংকলৰ ক্ষয়যোৱা দাঁতটো উঘালি পেলালে, তেতিয়া আমি ভাৱিলোঁ যে এতিয়া নিশ্চয় সুহুৰি মৰাটো বন্ধ হ’ব৷ কিন্তু সুহুৰিটো ক্ৰমাৎ বিকট আৰু অশান্তিকৰ হৈহে পৰিল৷ 

            এদিন যেতিয়া পকেটত হাত ভৰাই নিবনুৱা আংকুলে ৰাষ্টাত উচ্চস্বৰে সুহুৰিয়াই সুহুৰিয়াই ঘূৰি ফুৰিছিল, হঠাৎ ছোৱালী এজনী চাইকেল চলাই তেওঁৰ কাষেৰে পাৰ হৈ গ’ল৷ অলপ পাছত, আকস্মিকভাৱে তাই ৰ’ল, চাইকেলৰ পৰা নামিল আৰু আংকলক আগভেটি ধৰিলে৷

‘যদি আপুনি সদায় এনেকৈ মই যোৱা সময়ত সুহুৰি বজাই থাকে তেেন্তু মই আপোনাক চৰিয়াবলৈ বাধ্য হ’ম৷’ ছোৱালীজনীয়ে ক’লে৷

            আংকলৰ মুখখন ৰঙা পৰি গ’ল আৰু ক’লে–

‘ মই তোমাক জোকোৱা নাছিলোঁ ভণ্টী৷’

‘হয় নেকি? মইতো ৰাষ্টাত বেলেগ কাৰোবাক দেখা নাই৷’

‘আচলতে মই গড চেভ দ্য কিং টোহে সুঁহুৰিয়াই আছিলোঁ৷ তুমি ধৰিবই নোৱাৰিলা?’

.... .... ....

 

চাকৰিত কেন আংকল

 

‘আমি কেনৰ কিবা এটা গতি লগাব লাগিব৷’–আইতাই ডাঙৰকৈ ক’লে৷

            তেতিয়া মই আইতাৰ সৈতে পাকঘৰত বাদামৰ বাকলি গুচাই আছিলোঁ আৰু মাজে মাজে দুই এটা মুখলৈ দলিয়াই আছিলোঁ৷ চ্যুজী নামৰ শ্যামদেশীয় মেকুৰীটোৱে আলমাৰিটোৰ ওপৰত বহি মনোযোগেৰে আইতাই আইৰিশ্ব ষ্ট্ৰ’ প্ৰস্তুত কৰা নীৰিক্ষণ কৰি আছিল৷ চ্যুজীয়ে আইৰিশ্ব ষ্ট্ৰ’ বৰ ভাল পায়৷

‘ মই এইটো ক’ব বিচৰা নাই যে সি থকাৰ বাবে মই অসুবিধা পাইছোঁ৷’ আইতাই ক’লে৷–‘আৰু মই তাৰ পৰা পইচাও বিচৰা নাই৷ কিন্তু তাৰ দৰে এটা ডেকাল’ৰা এনেদৰে ধোদৰ পচলা হৈ থাকিলে ভাল নেদেখি৷’

‘কেন আংকল ডেকা ল’ৰা নেকি আইতা?’

‘তাৰ চল্লিছ বছৰ হৈছে৷ সকলোৱে কয়–ডাঙৰ হ’লে হেনো সি ভাল হ’ব৷’

‘তেওঁ দেখোন মাবেল আণ্টীৰ তাত থাকিবগৈ পাৰে৷’

‘সি গৈছিল আৰু মাবেল আণ্টীৰ লগত থাকিছিলোঁ৷ তদুপৰি সি এমিলি আন্টী আৰু বেৰিল আণ্টীৰ ঘৰতো আছিল–তাৰ যে কেইবাজনীও ভনীয়েক আৰু বায়েক আছে, সেইটোৱেই তাৰ সমস্যা৷ সিঁহতে সি গ’লে ৰাখেই...সিহঁতৰ গিৰিয়েকবোৰো ভদ্ৰ আৰু তাক মাজে-সময়ে ৰাখিব পৰাকৈ সক্ষম৷  সেয়েহে কেনে তিনিমাহ মাবেলৰ ঘৰত থাকে, তিনিমাহ বেৰিলৰ ঘৰত থাকে আৰু তিনিমাহ মোৰ লগত৷ এনেদৰে গোটেই বছৰটো সি সকলোৰে আলহীহৈ অতিবাহিত কৰে আৰু কিবা এটা কৰাৰ প্ৰয়োজনবোধ নকৰে৷’

‘এফালৰ পৰা চাবলৈ গ’লে তেওঁ বৰ লাকী৷’–মই ক’লো৷

‘কিন্তু এই ভাগ্য চিৰযুগমীয়া নহয়৷ ইতিমধ্যে মাবেলে নিউজিলেণ্ডলৈ যোৱাৰ কথা কৈছে৷ আৰু অহা এবছৰ বা দুবছৰৰ ভিতৰত ভাৰতবৰ্ষ স্বাধীন হ’লে এমিলি আৰু বেৰিলো সম্ভৱতঃ ইংলেণ্ডলৈ যাবগৈ৷ কাৰণ সিঁহতৰ গিৰিহঁতে সৈন্যবাহিনীৰ চাকৰি কৰে আৰু তেতিয়া সকলো ব্ৰিটিছ বিষয়াই ভাৰতৰ পৰা যাবগৈ৷’

‘কেন আংকল ইংলেণ্ডলৈ যাব নোৱাৰিব নেকি?’

‘সি জানে যে যদি সি ইংলেণ্ডলৈ যায়, তাত কাম কৰাৰ গত্যন্তৰ নাই৷ যেতিয়া আণ্টীহঁতে গম পাব যে তাত নিজেই নিজৰ সকলো কাম কৰিব লাগিব, কোনো ভৃত্য ৰাখিব নোৱাৰে৷ তেতিয়া তেওঁলোকে কেনক অধিক সময়ৰ বাবে নাৰাখিব৷ তদুপৰি, সি ইংলেণ্ডলৈ যোৱাৰ ব্যয় কোনে বহন কৰিব?’

‘যদি তেওঁ যাব নোৱাৰে, তোমাৰ লগতে থাকিব৷ আইতা, তুমিতো ইয়াতে থাকিবা৷ নহয় জানো?’

‘সদায় নহয়, যেতিয়ালৈকে জীয়াই থাকো৷’

‘তুমি ইংলেণ্ডলৈ নোযোৱা?’

‘নাযাওঁ৷ মই ইয়াতে সৰুৰ পৰা ডাঙৰ হৈছোঁ৷ ইয়াৰ গছবোৰ মোৰ আপোন৷ ইয়াৰ মাটিতে মোৰ জন্ম৷ গতিকে মই ক’লৈও যাব নিবিচাৰোঁ৷ – কেতিয়াও আৰু পাত নগজা এজোপা বৃদ্ধ বৃক্ষৰ দৰে মই ইয়াতে থাকিম...কিন্তু যেতিয়া তুমি ডাঙৰ হ’বা তেতিয়া তুমি যাব লাগিব৷ সম্ভৱতঃ তুমি উচ্চশিক্ষা বিদেশতেই গ্ৰহণ কৰিব লাগিব৷’

‘মই ইয়াতেই শেষ কৰাৰ কথা ভাবিছোঁ৷ মই মোৰ বন্ধদিনবোৰ তোমাৰ সৈতে অতিবাহিত কৰিব খোজো৷ যদি মই গুচি যাওঁ , তুমি বুঢ়ী হ’লে তোমাৰ যত্ন কোনে ল’ব?’

‘মইতো বুঢ়ী হ’লোৱেই৷ ষাঠি বছৰ পাৰেই হৈ গ’ল৷’

‘এইটো বহুত বেছি বয়স নেকি? কেন আংকলতকৈ কেইবছৰমানহে বেছি৷ আৰু তুমি কেনেকৈ তেওঁৰ যত্ন ল’বা যদি তুমি আৰু বুঢ়ী হৈ যোৱা?’

‘যদি সি চেষ্টা কৰে নিজৰ যত্ন নিজে ল’ব পাৰিব৷ আৰু এয়াই সময, সি আত্মনিৰ্ভৰশীল হোৱাৰ৷ এটা চাকৰিৰ যোগাৰ কৰাৰ সময়ো এয়াই৷’

            সমস্যাটোৰ কথা ময়ো চিন্তা কৰিলোঁ৷ কিন্তু আংকলৰ বাবে উপযোগী কোনো চাকৰিৰ সন্ধান নাপালোঁ, আচলতে মই ভাবোঁ তেনেকুৱা কোনো নাই চাগে যি আংকলক কোনো কামৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিব৷ এইখিনিতে আয়াই এটা পৰামৰ্শ আগবঢ়ালে–

‘জেটপুৰৰ মহাৰাণীৰ সন্তানকেইটাৰ কাৰণে এজন ঘৰুৱা শিক্ষকৰ প্ৰয়োজন৷’ তেওঁ কলে৷ ‘কেৱল এটা ল’ৰা আৰু এজনী ছোৱালী আছে৷’

‘তুমি কেনেকৈ জানিলা?’ আইতাই আয়াক সুধিলে৷

‘মই তেওঁলোকৰ আয়া এগৰাকীৰ পৰা গম পালোঁ৷ মাহে দুশটকাকৈ দিব আৰু কামো বিশেষ নাই–সদায় ৰাতিপুৱা দুঘণ্টাকৈ পঢ়ালেই হ’ল৷’

‘আংকল এই কামৰ বাবে উপযুক্ত৷’ মই ক’লো৷

‘নিশ্চয়৷ এইটো এটা ভাল খবৰ৷’ আইতাই ক’লে৷–‘আমি তাক আবেদন কৰিবলৈ ক’ব লাগিব৷ সি তালৈ গৈ এবাৰ দেখা কৰি অহা উচিত৷ মহাৰাণী এগৰাকী সৎ মহিলা৷’

            কেন আংকলে চাকৰিটোৰ বিষয়ে খবৰ ল’বৰ বাবে যাবলৈ সন্মত হ’ল৷ তেওঁ যেতিয়া গৈছিল তেয়িা মহাৰাণী নাছিল৷ মহাৰাজাই তেওঁক সাক্ষাৎ কৰিলে৷–

‘তুমি টেনিচ খেলিব জানানে?’ মহাৰাজাই সুধিলে৷

‘জানো মহাৰাজ৷’ আংকুলে উত্তৰ দিলে৷ কোনেনো জানে স্কুলত পঢ়ি থাকোতেই যে কেইবাৰমান খেলা!

‘তেনেহ’লে চাকৰি তোমাৰ৷ আচলতে মই ডাবল্‌চ খেলাৰ বাবে চাৰি নম্বৰ খেলুৱৈ গৰাকীৰ সন্ধানত আছিলোঁ৷...বাৰু, তুমি কেম্ব্ৰিজৰ আছিলা নে?’

‘নহয়৷ মই অক্সফৰ্ডতহে আছিলোঁ৷’

            মহাৰাজা সন্তুষ্ট হ’ল৷ অক্সফৰ্ডত পঢ়া আৰু টেনিছ খেলিব জনা এজন ব্যক্তি তেওঁৰ সন্তানৰ ঘৰুৱা শিক্ষক৷

            যেতিয়া কেন আংকলে আইতাক মহাৰাজাৰ সাক্ষাৎকাৰৰ বিষয়ে বিৱৰি ক’লে, তেতিয়া তেওঁ ক’লে,

‘কিন্তু তুমিতো অক্সফৰ্ডত পঢ়া নাছিলা৷ তেনেকৈ কিয় ক’লা?’

‘অৱশ্যে মই অক্সফৰ্ডত আছিলোঁ৷ আপোনাৰ মনত নাই নেকি? মই আপোনাৰ ভাইটি জীমৰ লগত যে তাত দুবছৰ আছিলোঁ৷’

‘আছিলা৷ কিন্তু তুমি তাৰ দোকানত সহায় কৰিবলৈহে আছিলা৷ ইউনিভাৰ্চিটিততো পঢ়া নাই৷’

‘সেইটোৱে৷ মহাৰাজায়ো মোক ইউনিভাৰ্চিটিত পঢ়িছিলোঁ নাই সোধা নাই৷ তেওঁ মোক সুধিছে যে মই কেম্ব্ৰ‍িজত আছিলোঁ নেকি, আৰু মই নাই বুলি ক’লো, মই ক’লো মই অক্সফৰ্ডতহে আছিলোঁ৷ যিটো এশ শতাংশই সঁচা৷ তেওঁ মোক মই অক্সফৰ্ডত কি কৰিছিলোঁ সেইটোতো সোধা নাই৷ গতিকে ময়ো ভুল কৰা নাই?..........

            আৰু তেওঁ বেপেৰোৱাকৈ খোজ কাঢ়িলে, মুখত  এটা সুহুৰি৷

.... .... ....  ....

 

আমাক আচৰিত কৰি, কেন আংকুলে নিজৰ কামত সাফল্য লাভ কৰিছিল৷ বিশেষকৈ আৰম্ভণি‍ৰ সময়ছোৱাত৷

            মহাৰাজা ইমানেই বেয়া টেনিছ খেলুৱৈ আছিল যে আংকুলে তেওঁতকৈ বেয়া কোনো খেলুৱৈ আছে বুলি আৱিষ্কাৰ কৰি পৰম আহ্লাদিত হৈ পৰিল৷ গতিকে, মহাৰাজাৰ সৈতে ডাবল্‌চ পাৰ্টনাৰ হোৱা সলনি তেওঁ মহাৰাজাৰ প্ৰিয় বিপক্ষ হৈ খেলাটোহে পচন্দ কৰিলে৷ তেওঁ অনুধাৱন কৰিলে যে যেতিয়ালৈকে তেওঁ মহাৰাজাৰ বিপক্ষে পৰাজয় স্বীকাৰ কৰি থাকিব তেতিয়ালৈকে তেওঁৰ চাকৰিটোও নিষ্কণ্টক হৈ থাকিব৷

            টেনিচ খেল আৰু হাঁহ-চিকাৰত মহাৰাজাৰ সহায়কসকলক সংগ দিয়াৰ মাজতে কেন আংকলে ল’ৰা-ছোৱালী দুটাক পঢ়িবলৈ, লিখিবলৈ আৰু অংক কৰিবলৈ শিকাইছিল৷ কেতিয়াবা তেওঁ মোকো লগত লৈ গৈছিল, যাতে সিহঁতৰ অংক কৰাত ভুল হ’লে মই ক’ব পাৰো৷ আংকল বিয়োগ অংগত পাৰ্গত নাছিল, অৱশ্যে যোগ অংক তেওঁ ভালদৰে জানিছিল৷

            মহাৰাজাৰ সন্তানদুটা বয়সত মোতকৈ সৰু আছিল৷ কেন আংকলে মোক সিহঁতৰ লগত এৰি থৈ যায় আৰু কয়,‘ৰাস্কিন, সিহঁতে অংকবোৰ শুদ্ধকৈ কৰিব পাৰিছে নাই চাই থাকিবা৷’ তাৰ পাছতে তেওঁ টেনিচ কৰ্টত অলপ সময় টহল দিব৷ পকেটত হাত আৰু বেসুৰীয়া এটা সুহুৰি৷

            যদি দুয়োটাই একেটা অংকৰে ভিন্ন উত্তৰ লাভ কৰে, তেতিয়া দুয়োটাকে তেওঁ পিঠিত চপৰিয়াই উৎসাহিত কৰে আৰু কয়,‘বঢ়িয়া৷ তোমালোকে যে ইমান কষ্ট কৰিছা মই সঁচাই আনন্দিত হৈছোঁ৷ তোমালোকৰ এগৰাকীৰ শুদ্ধ হৈছে আৰু আনগৰাকীৰ ভুল হৈছে, কিন্তু মই কাকো নিৰুৎসাহিত কৰিব বিচৰা নাই, সেয়ে মই কোনটো শুদ্ধ আৰু কোনটো ভুল নকওঁ৷’

            কিন্তু তাৰ পাছত, ঘৰলৈ যোৱাৰ পথত তেওঁ মোক সোধে,‘ ৰাস্কিন, শুদ্ধ উত্তৰ কোনটো আছিল?’

.... .... ....

 

কেন আংকুলে ভাৱিছিল যে যদি মহাৰাজৰ হাতত তেওঁ পৰাজিত নহয় তেন্তে তেওঁ চাকৰিটো হেৰুৱাৰো কোনো শংকা নাথাকে, গতিকে এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ তেওঁ চেষ্টা অব্য়াহত ৰাখিছিল৷

            যদিও আংকলৰ বিজয়ী হোৱাৰ কোনো আকাংক্ষা নাছিল, কিন্তু মহাৰাজাৰ ব্যক্তিগত সচিব আৰু অতিথিসকলৰ সৈতে প্ৰায়ে খেলি থকা হেতু তেওঁৰ ক্ৰীড়া-শৈলীৰ উন্নতি হৈছিল আৰু গতিকে পৰাজিত হ’বৰ বাবেও তেওঁ কষ্ট স্বীকাৰ কৰিব লগা হৈছিল, আৰু এদিন তেওঁ মহাৰাজাৰ জয় হোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ গৈও তেওঁ অপাৰগ হ’ল৷

            মহাৰাজাৰ খঙে চুলিৰ আগ পালেগৈ৷

  ‘মিষ্টাৰ ক্লাৰ্ক,’ তেওঁ উগ্ৰভাৱে মাতিলে, ‘মই নাভাবো যে তুমি পৰাজয়ৰ গুৰুত্ব নুবুজা৷ তুমি জানা, আমি প্ৰত্যেকেই কেতিয়াও জয়ী হ’ব নোৱাৰো৷ বিফল মানুহবোৰৰ বাবেইতো পৃথিৱীখন সন্তুলিত হৈ আছে?

‘মই অতিশয় দুঃখিত’, আংকলে  ক’লে৷ ‘আচলতে এয়া এক অপ্ৰত্যাশিত সৌভাগ্য, মহাৰাজ৷’

            মহাৰাজাই কেন আংকলৰ ক্ষমা প্ৰাৰ্থনাত সন্তুষ্ট হ’ল৷ কিন্তু এসপ্তাহৰ পাছত ইয়াৰ পুনৰাবৃতি হ’ল৷ কেনেথ ক্লাৰ্ক জয়ী হ’ল আৰু মহাৰাজাই এটা শব্দও উচ্চাৰণ নকৰি ধুমুহাৰ গতিৰে কৰ্ট ত্যাগ কৰিলে৷ সেইদিনাও নিৰ্দিষ্ট সময়ত আংকল গৈ পঢ়াবৰ বাবে উপস্থিত হ’লগৈ৷ সদায় খেলাৰ দৰে সেইদিনাও আংকল কেন আৰু তেওঁৰ ছাত্ৰদুগৰাকীয়ে ক্ৰছ খেল খেলিব ধৰিলে৷

‘মিষ্টাৰ ক্লাৰ্ক, আমাক কাইলৈৰ পৰা আৰু তোমাৰ সেৱাৰ প্ৰয়োজন নাই৷ মই মোৰ চেক্ৰেটাৰীক তোমাৰ এমাহৰ দৰমহা সূচনা অনুসৰি দিবলৈ নিৰ্দেশ দিছোঁ৷’

            পকেটত হাত দুখন ভৰাই মহা আনন্দেৰে সুহুৰিয়াই সুহুৰিয়াই তেওঁ উভতি আহিল৷

‘আজি সোনকালে আহিলা দেখোন’, আইতাই ক’লে৷

‘তেওঁলোকক মোৰ আৰু প্ৰয়োজন নাই৷’ আংকুলে উত্তৰ দিলে৷

‘অহ্‌, একো নাই দিয়া৷ ভিতৰলৈ আহা, চাহ খোৱাহি৷’ আইতাই সম্ভৱতঃ জানিছিল যে আংকলৰ চাকৰিটো দীৰ্ঘম্যাদী নহয়৷ আইতাই আৰু তেওঁক কামৰ কথা ক’ব নুখুজিলে৷ তেওঁ পাছত কৈছিল,‘অৱশেষত সি ক্লান্ত হৈছে৷ এইটোৱেইটো তাৰ আটাইতকৈ দীৰ্ঘসময় থকা চাকৰি–দুমাহ৷’

 

গাড়ী চালকৰ আসনত কেন আংকল

            মই পিছৰবাৰ ডেৰাডুনলৈ আহোতে মোহনে মোক ষ্টেচনতে লগ কৰিলে৷ আমি মোৰ বয়-বস্তুসহ টাংগা এখনত উঠিলোঁ আৰু ডেৰাডুনৰ নিৰিবিলি পৰিৱেশৰ মাজেৰে খট্‌ খট্‌, জুনুক্‌-জানাক্‌ শব্দ কৰি আমাৰ টাংগা আইতাৰ ঘৰৰ অভিমুখে আগবাঢ়িল৷

‘খবৰ কোৱা মোহন?’

‘বিশেষ একো নাই৷ একাংশ চাহিবে তেওঁলোকৰ ঘৰবোৰ বিক্ৰী কৰি বেলেগ ঠাইলৈ গৈছেগৈ৷ আৰু চ্যুজীৰ পোৱালী জন্ম হ’ল৷’

            আইতাই জানিছিল মই দুনিশা ধৰি ট্ৰেইনেৰে আহি আছোঁ, গতিকে তেওঁ মোৰ বাবে এটা গধুৰ ব্ৰেকফাষ্ট সাজু কৰি থৈছিল৷ পায়স, পাউৰুটিৰ সৈতে ভজা কণী, ভজা বিলাহীৰে শুকুৱাই ৰখা গাহৰিৰ মঙহ, টেঙাফলৰ জু্যচ আৰু এপিয়লা মিঠা গাখীৰ চাহ৷

            তেওঁ মোক ক’লে যে কেন আংকলৰ পৰা এখন চিঠি আহিছিল৷

‘সি কৈছে সি হেনো চিমলাৰ ফিৰপ’চ হোটেলৰ সহকাৰী পৰিচালক৷ দৰমহা ভাল হেনো, আৰু থকা-খোৱাও বিনামূলীয়া৷ মই ভাৱিছো এইটো স্থায়ী চাকৰি হ’ব, আশা কৰিছোঁ সি চাকৰিটো ধৰি ৰাখক আৰু ভালে থাকক৷’ আইতাই ক’লে৷

            কিন্তু তিনিদিনৰ পাছত বেডিং ৰোল আৰু পুৰণি চ্যুটকেচটোৰ সৈতে কেন আংকলক বাৰাণ্ডাত দেখা গ’ল৷

‘তুমি হোটেলৰ চাকৰিটো এৰি দিলা নেকি?’ আইতাই সুধিলে৷

‘নাই৷ হোটেলখনেই বন্ধ হ’ল৷’ আংকুলে উত্তৰ দিলে৷

‘তোমাৰ বাবেই নহয়তো?’

‘নহয় আণ্টী৷ হিল ষ্টেচনটোৰ ডাঙৰ হোটেলবোৰ বন্ধই হৈ গৈছে৷’

‘ঠিক আছে৷ একো নাই৷ লান্স কৰি লোৱা৷ আজি কফ্‌টা কাৰী ৰান্ধিছোঁ৷ ৰাস্কিনৰ প্ৰিয়৷’

‘অহ্‌, সিও আছে নেকি ইয়াত? মোৰ বহুসংখ্যক ভতিজা আৰু ভাগিন আছে৷ কিন্তু ই মাবেল আণ্টীৰ ছোৱালীদুজনীৰ সৈতে একে৷ মই চিমলাত থকা সময়ত সিহঁতে মোৰ জীৱনটো যন্ত্ৰণাপূৰ্ণ কৰি তুলিছিল৷’

            লান্সৰ সময়ত কেন আংকুলে জীৱনৰ তাৎপৰ্য আৰু জীৱন-নিৰ্বাহৰ প্ৰণালী সম্পৰ্কত এটা সাৰগৰ্ভ বক্তৃতা দিলে৷

‘সমগ্ৰ ডেৰাডুন চহৰত মাত্ৰ এখনহে টেক্সী আছে৷ নিশ্চিতভাৱে ইয়াত আনৰ বাবে ব্যৱসায়ৰ এটা বাট মুকলি হৈ আছে৷’ তেওঁ উৎসাহিত হৈ ক’লে৷

‘নিশ্চয় আছে৷’ আইতাই ক’লে৷–‘কিন্তু তুমি টেক্সী ক’ত পাবা, আৰু দ্বিতীয়তে তুমি গাড়ী চলাবও নাজানা৷’

‘মই সোনকালেই শিকিম৷ টাউনত ড্ৰাইভিং স্কুল এখন আছে৷ আৰু মই দেখোন আংকলৰ পুৰণি গাড়ীখনকেই  ব্যৱহাৰ কৰিব পাৰো৷ বহু বছৰ ধৰি গাড়ীখন গেৰেজত ধূলিৰে পোত খাই পৰি আছে৷’ ( তেওঁ ককাদেউতাৰ ভিণ্টেজ হিলমেন ৰ’ডষ্টাৰ খনৰ প্ৰসংগ উত্থাপন কৰিছিল৷ ১৯২৬ চনৰ গাড়ীখন বিছ বছৰ পুৰণি৷)

‘মই কিন্তু সেইখন এতিয়া আকৌ চলাব পৰা হ’ব বুলি নাভাবো৷’ আইতাই ক’লে৷

‘নিঃসন্দেহে পৰা যাব আণ্টী, কেৱল তেল আৰু গ্ৰীছ দিয়াৰ লগতে অলপ ৰং কৰিব লাগিব৷’

‘ঠিক আছে৷ চলাবলৈ শিকি লোৱা৷ তাৰ পাছত আমি ৰ’ডষ্টাৰৰ কথা ভাবিম৷’

            তাৰ পাছত আংকল ড্ৰাইভিং স্কুললৈ যাব ধৰিলে৷ তেওঁ নিয়মীয়াকৈ আবেলি এঘণ্টাৰ বাবে ড্ৰাইভিং শিকিবলৈ যায়৷ আইতায়েই মাচুল পৰিশোধ কৰিছিল৷

            এমাহৰ পাছত কেন আংকুলে আনন্দেৰে ঘোষণা কৰিলে যে তেওঁ এতিয়া গাড়ী চলাবলৈ সক্ষম আৰু ৰ’ডষ্টাৰখন এপাক চলাই আহিবলৈ মনস্থ কৰিলে৷৷

‘তুমি লাইচেন্স পোৱা নাই নহয়৷’ আইতাই আপত্তি কৰিলে৷

‘মই বেছি দূৰলৈ নাযাওঁ নহয়৷ ৰাষ্টালৈ ওলাই যাম আৰু ঘূৰিয়ে আহিম৷’ আংকলে ক’লে৷

            সেইদিনা গোটেই ৰাতিপুৱাটো তেওঁ গাড়ীখন ধুই-মচি চাফা কৰিলে, আইতাই পেট্ৰলৰ বাবে প্ৰয়োজনীয় টকা দিলে৷

চাহ খোৱাৰ পাছত, কেন আংকুলে ক’লে,‘ ৰাস্কিন গাড়ীৰ ভিতৰলৈ আহা৷ তোমাক এপাক ফুৰাই আনো, মোহনকো মাতি দিয়া৷’

মোহন আৰু মোৰ আপত্তি কৰিবলগীয়া একো নাছিল৷ আংকলৰ কাষতে আমি বহিলোগৈ৷

‘বেছি জোৰেৰে নাযাবা, কেন৷ তুমি গাড়ী চলোৱাত অভ্যস্ত হোৱা নাই৷’ উদ্বিগ্নতাৰে আইতাই কলে৷ 

            কেন আংকুলে মূৰ দূপিয়াই হাঁহিলে আৰু হৰ্ণটো ডাঙৰকৈ দুবাৰ বজালে৷ তেওঁক আনন্দত আত্মহাৰা হৈ পৰা দেখা গ’ল৷ গেটখন পাৰ হোৱা পাছত, তেওঁ তীব্ৰ গতিৰে গাডীখন আগুৱাই নিলে৷

            মিষ্টাৰ কেল্‌নাৰ তেতিয়া ৰিক্সা-ভ্ৰমণৰ বাবে ওলাই আহিছিল৷ আংকল আৰু ৰ’ডষ্টাৰৰ বেগ দেখি তেওঁ পুনৰ ভিতৰলৈ সোমাই গ’ল৷

            আংকলে এবাৰো ব্ৰেক নমৰাকৈ দ্ৰুত গতিৰে সৰলৰৈখিক ভাৱে গাড়ীখন সন্মুখলৈ দৌৰালে৷ পথটোৰ শেষত এটা বৃৃত্তাকাৰ টাৰ্ণিং পইণ্ট আছিল৷

‘আমি ইয়াতে টাৰ্ণ ল’ম আৰু ঘূৰি যাম৷’ কেন আংকুলে ক’লে৷

            তেওঁ দিক্‌ নিয়ন্ত্ৰণকাৰী ষ্টেয়াৰিং চকাটো ঘূৰালে, আমি টাৰ্ণিংটোৰ ফালে ঘূৰিলোঁ, কিন্তু অসম্পূৰ্ণকৈ, কেন আংকলৰ বাবে যিমানদূৰ সম্ভৱ আছিল৷ গতিকে, বৃত্তাকাৰে ঘূৰাৰ সলনি আমি সোঁফালে ঘূৰি সমূখলৈ আগবাঢ়িলো আৰু জেটপুৰৰ মহাৰাজাৰ বাগিছাৰ দেৱালত খুন্দিয়ালোগৈ৷

            দেৱালখন আছিল এটা ইটাৰ ক্ষীণ দেৱাল৷ ৰ’ডষ্টাৰে দেৱালখনত খুন্দা মাৰিলে আৰু কোনো হানি-বিঘিনি নঘটাকৈ দেৱাল পাৰহৈ সিফাল পালেগৈ৷ কেন আংকুলে মহাৰাজাৰ উপ-বনৰ মাজৰ যান-বাহন ৰখোৱা ঠাই ডোখৰতে গাড়ীখন ৰখালে৷

            বাগিছাৰ ডাঠ বননিৰ মাজৰ পৰা মহাৰাজা নিজে ওলাই আহিল, তেওঁক তেওঁৰ ব্যক্তিগত সচিব আৰু সহযোগীসকলে আগুৰি আছিল৷  যেতিয়া তেওঁ গাড়ীত কেন আংকলক দেখা পালে, আনন্দত মিচিকিয়াই হাঁহি এটা মাৰি ক’লে–

‘হেৰা পুৰণি বন্ধু, আকৌ সাক্ষাৎ লাভ কৰি পুলকিত হ’লো৷ নথৈ আনন্দিত হ’লো৷ বাকী টেনিচ খেলি আছানে?’

.... .... .... ....

 

উইকেটত কেন আংকল

           

            মহাৰাজাৰ আন্তৰিকতা পুনৰ ঘূৰাই পালেও কেন আংকল তেতিয়াও নিবনুৱা হৈয়ে থাকিল৷

            আইতাই হিলমেনখন পুনৰ নিয়াৰ ক্ষেত্ৰত আপত্তি দশাৰ্লে আৰু আংকল হৈ পৰিল উপায়হীন ৷ তেওঁ ক’লে যে এয়া ককাদেউতাৰহে ভুল আছিল, দহ বছৰৰ আগতে তেওঁ জীয়াই থাকোতে ষ্টেয়াৰিং হোয়িলটো পৰীক্ষা কৰাব লাগিছিল৷ কেন আংকল দুঘণ্টাৰ বাবে অনশনত বহিল (লান্সৰ পৰা আবেলিৰ চাহ পৰ্যন্ত), আৰু আমি তেওঁৰ সুহুৰি বহুদিন নুশুনা হ’লো৷

আইতাৰ ভাষাত সেয়া আছিল–‘দূভাৰ্গ্যজনক নিৰৱতা৷’ 

            আৰু তাৰ পাছত তেওঁ ঘোষণা কৰিলে যে তেওঁ এমিলি আন্টীৰ লগত থাকিবলৈ লক্ষ্ণৌলৈ যাব৷

‘তাইৰ তিনিটা সন্তান আছে আৰু এখন স্কুল আছে৷ বেছি দিন তাত নাথাকিবা৷’ আইতাই ক’লে৷

‘মই যিমান দিন থাকো তেওঁ কেতিয়াও বেয়া নাপায়৷’ কেন আংকল যাবলৈ ওলাল৷

 

.... .... .... ....

            তেওঁৰ লক্ষ্ণৌ যাত্ৰাটো আছিল চিৰস্মৰণীয়, আমি বহু দিনৰ পাছতহে সেই বিষয়ে জানিছিলোঁ৷

            যেতিয়া কেন আংকল লক্ষ্ণৌ ষ্টেচনত নামিছিল, তেওঁ নিজকে এটা বৃহৎ জনসমাগমৰ মাজত আৱিষ্কাৰ কৰিলে, সকলোৱে তেওঁক সম্ভাষণ জনালে৷ হিন্দী, উৰ্দু আৰু ইংৰাজীত চিঞৰি চিঞৰি অভিবাদন জনালে৷ কি হৈছে গম পোৱাৰ আগতে তেওঁক নাৰ্জী ফুলৰ মালা পিন্ধোৱা হ’ল৷ এজন যুৱক আগবাঢ়ি আহিল আৰু ঘোষণা কৰিলে,‘গুম্‌তি ক্ৰিকেট এচ’ছিয়েচনৰ তৰফৰ পৰা আপোনাক ঐতিহাসিক লক্ষ্ণৌ চহৰলৈ স্বাগতম জনাইছোঁ৷’ আৰু তৎপৰকৈ তেওঁক ষ্টেচনত ৰৈ থকা গাড়ীখনত উঠোৱা হ’ল৷

            যেতিয়া গাড়ীখন ষ্টেডিয়ামটোৰ ফালে গতি কৰিলে তেতিয়াহে আংকুলে উপলব্ধি কৰিলে যে তেওঁ এখন ক্ৰিকেট খেল খেলিবলৈ ৰাওনা হৈছে৷

            আচলতে ঘটনাটো এনেকুৱা আছিল৷

            বিখ্যাত ইংৰাজ ক্ৰিকেটাৰ ব্ৰুচ হালামে তেতিয়া ভাৰতবৰ্ষ ভ্ৰমণ কৰি আছিল আৰু তেওঁ লক্ষ্ণৌত এখন চেৰিটি ক্ৰিকেট্‌ মেটচ্‌ খেলাৰ বাবে সন্মতি প্ৰদান কৰিছিল৷ কিন্তু দূৰ্ভাগ্যবশতঃ আগদিনাৰ আবেলি দিল্লীত তেওঁ পেটৰ বিষক্ৰিয়াত ভূগিল যাৰবাৰে ৰাতিপুৱা লক্ষ্ণৌলৈ যোৱা ট্ৰেইনখন সময়ত ধৰিবগৈ নোৱাৰিলে৷ খেলৰ আয়োজক সংস্থাটোলৈ এখন টেলিগ্ৰাম পঠিওৱা হৈছিল যদিও আন বহু টেলিগ্ৰামৰ দৰে এইখনো গৈ নাপালে৷ মহান ক্ৰিকেটাৰজনক আদৰি আনিবলৈ লক্ষ্ণৌৰ ক্ৰীড়াপ্ৰেমী ৰাইজ আহি ষ্টেচনত হাজিৰ হ’ল৷ আৰু আচৰ্যজনক কাকতালীয় সংযোগটো আছিল, সেই সময়ত কেন আংকল আহি তাত উপস্থিত হৈছিল আৰু ব্ৰুচ হালামৰ চেহেৰাৰ সৈতে তেওঁৰ সাদৃশ্য আছিল, আচৰিতভাৱে আংকলৰ মূৰৰ তপা অংশটোও ব্ৰুচ হালামৰ দৰেই আছিল৷ সেয়েহে সেই ভুলটোৰ সৃষ্টি হ’ল৷ অৱশ্যে কেন খুৰাই এনে পৰিঘটনাৰ মুখামুখি হৈ ভালেই পাইছিল৷

            গুম্‌টি ক্ৰিকেট এচ’চিয়েয়নৰ পৰা উষ্ণ আদৰণি আৰু সুস্বাদু ব্ৰেকফাষ্ট লাভ কৰাৰ পাছত তেওঁ ভাবিলে যে যদি এই মুহূৰ্তত তেওঁ খেলিবলৈ অস্বীকাৰ কৰে তেন্তে কথাটো বৰ ভাল নহ’ব৷ ‘যিহেতু মই টেনিচ খেলিব পাৰো, গতিকে ক্ৰিকেটো খেলিব পাৰিম৷’–কথাটো ভাৱি তেওঁ উৎসাহিত হ’ল৷–‘মই ক্ৰিকেট বল খেলিব পাৰিবই লাগিব৷’ আৰু সৌভাগ্যৰ কথাটো আছিল তেওঁৰ চ্যুটকেচটোত এটা ব্লেজাৰ আৰু এযোৰ বগা পোছাক আছিলেই৷

            গুম্‌টি টীম টছত জিকিল আৰু প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল’লে৷ ব্ৰুচ হালামৰ দৰেই কেন আংকুলে তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ গ’ল৷ যেতিয়া তেওঁ পেডযোৰ পিন্ধি উইকেটৰ দিশে খোজ কাঢ়িলে, তেতিয়া তেওঁ আজিলৈকে এই পৃথিৱীত কোনেও  ইয়াতকৈ অলপ আৰামদায়ক আৰু সুবিধাজনক পেড কিয় নিমাৰ্ণ কৰিব পৰা নাই বুলি আক্ষেপ কৰিলে৷

            তেওঁ মুখামুখি হোৱা প্ৰথম বলটো আছিল এটা চৰ্ট পিট্‌চ বল, টেনিচ খেলাৰ কায়দাৰে তেওঁ বলটো মিড-উইকেট বাউণ্ডাৰীৰ দিশে মাৰি পঠালে৷ তেওঁ কোনো ৰাণ লাভ নকৰিলে যদিও দৰ্শকৰ উল্লাস পৰিলক্ষিত হ’ল৷

            পাছৰ বলটো কেন আংকলৰ পেডত লাগিল৷ তেওঁ ষ্টাম্পৰ প্ৰায় সমূখতে আছিল, সেয়ে এল.বি.ডব্লিউ আউট ঘোষণা কৰিব পৰা গ’লহেঁতেন৷ কিন্তু আম্পায়ৰজনে সোঁহাতৰ তৰ্জনী আঙুলীটো দাঙিবলৈ কুণ্ঠাবোধ কৰিলে৷ কিয়নো শতাধিক মানুহে ব্ৰুচ হালামৰ খেল চাবৰ বাবেই উচ্চ হাৰত টকা দিছে আৰু তেওঁলোকক হতাশ কৰাটো সেই মুহূৰ্তত উচিত নাছিল৷ ‘নট আউট৷’–আম্পায়াৰে ক’লে৷

            তৃতীয়টো বলে আংকলৰ বেটৰ সীমা স্পৰ্শ কৰি জোৰেৰে শ্লিপৰ দিশে গতি কৰিলে৷

‘লভ্‌লী শ্বট৷’ পেভিলিয়নৰ পৰা বৃদ্ধ ভদ্ৰ মানুহজনে চিঞৰিলে৷

‘এ ক্লাছিক্‌ লেট কাট্‌৷’ আন এজনে ক’লে৷

            বলটোৱে গৈ বাউণ্ডাৰী স্পৰ্শ কৰিলে আৰু কেন আংকুলে চাৰি ৰাণ অৰ্জন কৰিলে৷ তাৰ পাছত অ’ভাৰ শেষ হ’ল আৰু আনজন বেট্‌ছমেন ব’লাৰৰ সমূখলৈ আহিল৷ তেওঁ প্ৰথম বলটোতেই এক ৰাণ ল’লে আৰু আকৌ এক ৰাণ ল’বৰ বাবে আংকলক আমন্ত্ৰণ কৰিলে৷ কেন আংকুলে আৱিছিল এক ৰাণেই যথেষ্ট, পাগলৰ দৰে মিছাতে দৌৰি উইকেটতো হেৰুৱাবনো কিয় লাগে! কিন্তু তেওঁ ৰাণ নোলোৱাকৈও থাকিব নোৱাৰিলে আৰু তেওঁ পিটছ্‌ৰ মাজত পাওঁতেই ফিল্ডাৰে উইকেটৰ দিশে বলটো দলিয়ালে৷ কেই হাত মানৰ ব্যৱধানত কেন আংকল ৰাণ-আউট হ’ল৷

            তেওঁ পেভিলিয়নৰ দিশে উভতি গ’ল আৰু দৰ্শকেও সমব্যথাৰে প্ৰশংসাৰ হাত-চাপৰি বজালে৷

‘তেওঁৰ ভুল নহয়৷’ বৃদ্ধ ভদ্ৰ মানুহজনে ক’লে,‘ আনজনে তেওঁক ৰাণৰ বাবে মাতিব নালাগিছিল৷ যি কি নহওক, কাণপুৰৰ পৰা আহি যে সেই অভাৱনীয় লেট কাট্‌ শ্বটটো দেখিলো সেইটোৱেই ডাঙৰ কথা৷’

.... .... .... ....

 

            দূপৰীয়া প্ৰায় বাৰ বজাৰ সময়ত কেন আংকুলে লান্স কৰিলে৷ তাৰ পাছত তেওঁ গুম্‌টি টিমে গোটেই আবেলিটো বেট ধৰি থকাৰ সম্ভাৱনা দেখিলে আৰু সেয়ে পেভিলিয়নৰ পৰা নামি, ষ্টেডিয়ামৰ বাহিৰলৈ গৈ টাংগা এখনত উঠি স্থায়ী সৈন্য শিবিৰটোত থকা এমিলি আণ্টীৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে৷

            এমিলী আণ্টীৰ ঘৰত আণ্টীৰ পৰিয়ালৰ সৈতে তেওঁ দ্বিতীয়বাৰৰ বাবে লান্স কৰিলে (প্ৰায় এক বজাত)৷ আৰু ষ্টেডিয়ামৰ সকলোৱে ব্ৰুচ হালামে এলাহাবাদৰ ট্ৰেইন ধৰিবৰ বাবে সোনকালে যাব লগা হ’ল বুলি অনুমান কৰিলে, য’ত তেওঁ আৰু এখন চেৰিটি মেট্‌ছ খেলাৰ কথা আছিল৷

            সম্পদশালী এমিলি আণ্টীয়ে আংকলক এসপ্তাহৰ কাৰণে আপ্যায়ন কৰিলে আৰু তাৰ পাছত তেওঁক আণ্টীৰ স্কুলৰ ল’ৰাৰ হোষ্টেলটোৰ কামত লগাই দিলে৷ এইটো আছিল  আংকুলে আইতাৰ ঘৰলৈ যাবৰ বাবে সক্ষম হোৱাকৈ অৰ্থ উপাৰ্জন কৰাৰ কেইবা মাহৰো আগৰ কথা৷

            কিন্তু তেওঁ এটা কথা উপলব্ধি কৰি সন্তুষ্ট হ’ল যে মহান ক্ৰিকেটাৰ ব্ৰুচ হালামৰ ৰাণৰ তালিকাত তেওঁ আৰু চাৰি ৰাণ যোগ দিবলৈ সক্ষম হ’ল৷ গুম্‌টি ক্ৰিকেট এচ’ছিয়েচনৰ স্কৰবৰ্ডখনত তেওঁৰ এই দুৰ্লভ অৱদান চিৰযুগমীয়া হৈ ৰ’ব৷

            ‘বি. হালাম, ৰাণ আউট-৪’

            গুম্‌টি টীম খেলখনত পৰাজিত হ’ল৷  কিন্তু কেন আংকুলে কথাটো সহজেই গ্ৰহণ কৰিলে, বিফল মানুহবোৰ আছে বাবেইতো সমাজখন সন্তুলিত হৈ আছে!

 

 

......................

 

             

‘ 

  

 

 

 

 

 

 

 

 

        

 

           

 

 

No comments:

Post a Comment