কবি নীলমণি ফুকনৰ শিল্প এষণা


 

(ৰচনা কাল ঃ ২০১৬ ।। প্ৰকাশঃ সাতসৰীমাৰ্চ২০১৬)


নিসন্দেহে নীলমণি ফুকন আধুনিক অসমীয়া কবিতাৰ এক বলিষ্ঠ কণ্ঠ অসমীয়া কবিতাত আধুনিকতাৰ ধাৰাতো সাৰ্থকভাবে প্ৰসাৰিত কৰি কবি  নীলমনি ফুকনে অসমীয়া কবিতাৰ ইতিহাসক সমৃদ্ধ কৰিছে কবিতাৰ সৈতে চিত্ৰকলা, ভাস্কৰ্য, সংগীত, স্থাপত্য আদিৰ সম্পৰ্ক সন্দৰ্ভত অত্যন্ত সচেতন কবিগৰাকীৰ কবিতাত প্ৰত্যাশিতভাৱেই বিভিন্ন শিল্পকৰ্মৰ ছাপ পৰিছে এই সন্দৰ্ভত সমালোচক মৃদুল শমাৰ্ই কৈছে- সাম্প্ৰতিক কালৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া কবি নীলমণি ফুকনৰ কবিতাত বিভিন্ন কৌশল আৰুমাত্ৰাৰে দৃষ্টিবেদ্য কলাকৃতিৰ উপাদানৰ প্ৰকাশ ঘটিছে, কিন্তু এই প্ৰসংগটো আমাৰ সমালোচকসকলে প্ৰায়েই কৌশলেৰে এৰাই চলিব খোজে এই প্ৰসংগটোত চকু নিদিয়াকৈ তেওঁৰ কবিতা পঢ়াটো একপ্ৰকাৰৰ অন্যায় তেওঁৰ কবিতাবোৰ পঢ়ি যাওঁতে ঠায়ে ঠায়ে ভালেমান অনুষংগ পোৱা যায় যিবোৰৰ কাষ নচপাকৈয়ে আমি সেই কবিতাবোৰৰ তাৎপৰ্য উপলব্ধি কৰা বুলি ধৰি লওঁ আৰু নিজকে ফাঁকি দিয়াৰ লগতে কবিজনকো ভুলভাৱে অনুসৰণ কৰোঁ (পৃষ্ঠা- ৩৩, সাতসৰী, নৱেম্বৰ, ’১৫) এই সন্দৰ্ভত নীলমণি ফুকনৰ কবিতা আৰু সমালোচনা শীৰ্ষক এটা প্ৰবন্ধত দেৱভূষণ বৰাই লিখিছে- নীলমণি ফুকনৰ কাব্যিক সংবেদনাক অসমৰ স্থানীয় চিত্ৰকলা ভাস্কৰ্যই বিভিন্ন ধৰণে সমৃদ্ধ কৰাৰ উপৰি ইউৰোপীয় তথা ভাৰতীয় চিত্ৰকলা সম্পক¹য় অনেক পুথি প্ৰবন্ধই তেখেতৰ কবি-সত্তাক প্ৰভাৱিত কৰিছিল হাবাৰ্ট ৰীডৰ মিনিং অৱ আৰ্টৰ পৰা ৰবীন্দ্ৰনাথ, অমৃতা চেৰ-গীললৈকে বহুতৰ শিল্প-সম্পক¹য় বক্তব্য, বোধ, বৰ্ণ, ইমেজ, ঠাঁচৰ প্ৰভাৱ কবিৰ চিত্ৰকল্পত বিভিন্ন ধৰণে ভাস্বত হৈ আছে (প্ৰকাশ, মে’, ২০১৫) মৌচুমী কন্দলীৰ মতে- নীলমণি ফুকনৰ কবিতাবোৰ পাঠ কৰিলে অনুভূত হোৱা চিত্ৰময়তাৰ লগতে শিল্পকলাৰ কেতবোৰ প্ৰকৃত অনুষংগৰ সতে সংপৃক্তিৰ কথাও আমি অনুভৱ কৰো (পৃষ্ঠা, ৬৫ , প্ৰকাশ, মে’, ২০১৫) নীলমণি ফুকনৰ কবিতাৰ পঠন অভিজ্ঞতা আৰু সমালোচকসকলৰ এনে মন্তব্যৰ ভিত্তিত কবিৰ মাজত অন্তনিৰ্হিত হৈ থকা প্ৰবল শিল্পনুৰাগ সন্দৰ্ভত নিশ্চিত হব পাৰি ক্যব্য চচাৰ্ৰ সমান্তৰালভাৱে কবিজনে বহুসংখ্যক শিল্প সম্বন্ধীয় ৰচনাৰে তেখেতৰ এই শিল্পনুৰাগ আৰু শিল্পচেতনাৰ প্ৰকাশ কৰি আহিছে কবিজনৰ সাহিত্যকৰ্মৰ এই দিশটোৰ আলোচনাৰে কবিজনৰ শিল্প এষণাৰ এক পৰিচয়মূলক আলোচনাৰ লগতে প্ৰাসংগিক অন্যান্য বিষয়ৰ আলোচনা কৰাই হৈছে এই নিবন্ধৰ উদ্দেশ্য ১৮৮৭ চনৰ ডিচেম্বৰ মাহত নীলমণি ফুকনৰ লোক কল্পদৃষ্টি নামৰ গ্ৰন্থখন প্ৰকাশ পায়ত লেখকে অসমৰ লোকশিল্পকলা সম্পৰ্কে আলোকপাত কৰিছে শিল্পকলাৰ সমালোচনা গ্ৰন্থ ৰূপ বৰ্ণ আৰু বাক (১৯৮৮) প্ৰকাশ হোৱাৰ লগে লগে কবিজনে শিল্প সমালোচক ৰূপত এক নতুন পৰিচয় লাভ কৰে লেখকে বিভিন্ন সময়ত লিখা শিল্প সম্বন্ধীয় লেখাসমূহক একত্ৰিত কৰি অন্বেষা প্ৰকাশনে শিল্প কলাৰ উপলব্ধি আৰু আনন্দ নামেৰে গ্ৰন্থখন ২০১৩ চনত প্ৰকাশ কৰিছেত লেখকৰ পয়ত্ৰিছটা শিল্প সম্পৰ্কীয় প্ৰবন্ধ সন্নিৱিষ্ট হৈছে নিজৰ এই শ্ৰেণীৰ লেখাসমূহৰ সন্দৰ্ভত লেখকে মন্তব্য কৰিছে এনেদৰে- কোনো শিল্পবস্তু- চিত্ৰ, ভাস্কৰ্য, মৃৎপাত্ৰ, স্থাপত্যও হব পাৰে,- দেখি চাই স্পৰ্শ কৰি, মুগ্ধ হৈ,- সেই শিল্পবস্তুটিক- মন, দৃশ্যগত(visual) কল্পনা ভাৱনা- সংবেদনৰ মাজত লৈ হোৱা অনুভূতি অভিজ্ঞতাই দিয়া আনন্দই কেতিয়াবা কিবা এটা লিখিবলৈ প্ৰেৰণা দিয়ে মোৰ শিল্পকলা বিষয়ৰ ৰচনাখিনি তেনে এক অনিৰ্বচনীয় আনন্দতে, তেনে এক বোধ- অনুভূতি- অভিজ্ঞতাৰ ঢৌ- খলকনি, ছাঁ পোহৰ আৰু বাঙ্ময় নীৰৱতাৰ মাজত লিখা বোধহয় সেইকাৰণে মোৰ লেখাবোৰ হয়তো শিল্প ইতিহাস নহয়, শিল্প- সমালোচনাও নহয় কিন্তু আন একো নহলেও- এই লেখাবোৰ মনে প্ৰাণে ভালপোৱা সংবেদনশীল এজন শিল্পদৰ্শকৰ লেখা, নিয়ত শিল্পকলাৰ সৌন্দৰ্য আৰু সত্যানুসন্ধানী এজন কবিৰ লেখা কবিৰ শিল্পকলা বিষয়ক সম্পূৰ্ণ ৰচনাৰ একত্ৰ সংকলন শিল্পকলাৰ উপলব্ধি আৰু আনন্দ শীৰ্ষক ইতিমধ্যে উল্লেখ কৰি অহা গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা প্ৰবন্ধবোৰৰপৰা কবিজনৰ গভীৰ শিল্প এষণাৰ পৰিচয় লাভ কৰিব পাৰি

                        শিল্পকলাৰ উপলব্ধি আৰু আনন্দ শীৰ্ষক গ্ৰন্থখনত অন্তৰ্ভূক্ত হোৱা প্ৰথম চাৰিটা প্ৰবন্ধই শিল্পকলাৰ সন্দৰ্ভত কবিৰ দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰিছে শিল্পকলাৰ বৈশিষ্ট্য সম্পৰ্কে ইয়াত আলোচনা কৰা হৈছে লেখকে বিশ্বাস কৰে যে-  শিল্পকলাবোধ মানুহৰ দৈহিক প্ৰয়োজনৰ, সামাজিক, মানসিক অস্তিত্ব, প্ৰকৃতি আৰু মানুহৰ মাজত হোৱা সম্পৰ্ক আৰু মানৱীয় চেতনাৰ পৰা উৎপত্তি হৈ বিকশিত হৈছে কল্পনাশক্তি, সৃজনীশক্তি, বোধ-অনূভূতি, উপলব্ধি-ক্ষমতা, মমত্ব আৰু মনুষ্যত্ববোধৰ অধিকাৰী হোৱাৰ নিমিত্তেই মানুহ শিল্পী...........শিল্পকলা মানুহৰ জীয়াই থকাৰ আহিলা বা সঁজুলি, মানৱ অস্তিত্বৰ অন্যতম অপৰিহাৰ্য প্ৰয়োজন, সি সামাজিক আৰু আধ্যাত্মিকো মানুহক সঁজুলি সাজোঁতা বুলি কোৱা হয় এই সঁজুলি সাজোঁতাজনেই আদি পুৰুষ (লোক-কল্পদৃষ্টি, নীলমনি ফুকন ৰচনাৱলী, পৃষ্ঠাঃ ২৮১) এই বিশ্বাসক আধাৰ হিচাপে লৈ বিভিন্ন শিল্পৰসিক, শিল্পসমালোচক আৰু শিল্পীৰ মতামতৰ ভিত্তিত শিল্পৰ স্বৰূপ উৎঘাটনৰ প্ৰয়াস শিল্পকলাৰ উপলব্ধি আৰু আনন্দ শীৰ্ষক প্ৰথমটো প্ৰবন্ধত পৰিলক্ষিত হৈছে আধুনিক চিত্ৰকৰ্মসমূহ দুবোৰ্ধ্য বুলি সততে এটা অভিযোগ শুনিবলৈ পোৱা যায় এজন শিল্পীয়ে বাস্তৱক, বাস্তৱৰ বস্তুবোৰ যেনেকৈ নিৰীক্ষণ কৰে আমি তেনেকৈ নকৰো, তেওঁলোকৰ দৰে অন্তদৃৰ্ষ্টিৰে বিষয়বস্তুবোৰক উপলব্ধি কৰাৰ চেষ্টা নকৰা বাবেই সম্ভৱতঃ আমি ছবিবোৰ বুজি নাপাওঁ শিল্পক বুজিবলৈ এক অন্তদৃৰ্ষ্টি আমাক লাগিবই কাৰণ শিল্পকলা বাস্তৱৰ অনুকৃতি নহয় পঢ়িবলৈ পোৱা অনুসৰি ইউৰোপীয় ৰেনেছাঁ যুগতে বাস্তৱধৰ্মী ছবিৰ চৰ্চা শেষ হৈছে এতিয়া আমাৰ আগত ডাঙৰ প্ৰশ্নটো হল আমি ছবি এখন কেনেকৈ চাম? এই সন্দৰ্ভত  শিল্পকলাৰ উপলব্ধি আৰু আনন্দ শীৰ্ষক নিবন্ধটোত নীলমণি ফুকনে লিখিছে ছবি এখন, ভাস্কৰ্য এখন কেনেকৈ চাব লাগে, ছবিখনত, ভাস্কৰ্যটোত কি চাব লাগেঅন্ততঃ এতিয়াও সঠিককৈ কোৱা টান খুব বেছি ৰবীন্দ্ৰনাথৰ ভাষাত এটা কথা কব পাৰি–‘একটা নিয়ত অভ্যাস আৰু INSTINCTIVE দৃষ্টি থাকা চাই... আমি হয়তো ভবা নাই বা মন কৰা নাই যে আমাৰ মনটো ছবি, ভাস্কৰ্য, বৰ্ণ, ছাঁ-পোহৰেৰে ভৰা আমাৰ সন্মুখত সৰ্বক্ষণে এখন দৃশ্যমান পৃথিৱী আমি চকু মেলিলেই কিবা এটা বা একাধিক বস্তু দেখা পাওঁ, আনকি চকু মুদিও দেখোঁ (পৃষ্ঠা-১, শিল্পকলাৰ উপলব্ধি আৰু আনন্দ) তেখেতে বিষয় সন্দৰ্ভত কিছু বিতংভাৱে উল্লেখ কৰিছে এনেদৰে–‘ছবি বা ভাস্কৰ্য চোৱাৰ, উপলব্ধি কৰাৰ কোনো নিৰ্দিষ্ট বিধি বিধান নাই বুলিয়েই কব পাৰি এখন ছবি আপুনি যেনেদৰে চাইছে, তেওঁ তেনেকৈ চোৱা নাই তাতে প্ৰতিজন শিল্পীয়েই ভাষা, বিষয়বস্তু আৰু প্ৰকৰণ কৌশল একে নহয় বিশেষকৈ, এই শতাব্দীৰ শিল্পকলাৰ ভাষাগত, উপকৰণগত বিস্ময়কৰ বিপুল বৈচিত্ৰ, দ্ৰুত অভাৱিতপূৰ্ব সামাজিক-সাংস্কৃতিক পৰিৱৰ্তন, নানান ধৰণৰ পৰীক্ষা-নীৰিক্ষা, জটিলতাৰ মাজত ছবি চোৱাৰ, উপলব্ধি কৰাৰ কোনো সাধাৰণ সূত্ৰবিধি নিৰ্ণয় কৰা প্ৰায় অসম্ভৱ ...ছবি-ভাস্কৰ্য চাই থকাটোৱেই, চাই ভাল লগাটোৱেই, আনন্দ পোৱাটোৱেই প্ৰথম আৰু প্ৰধান কথা ছবি চাই থাকিলেই ছবিয়েই ছবিৰ কথা ক, কেনেকৈ চাব, উপলব্ধি কৰিব লাগে, তাকো শিকাবপ্ৰবন্ধটোৰ পঠনৰ জৰিয়তে শিল্পকলা সন্দৰ্ভত আমাৰ মনত সততে উদয় হোৱা বহুতো প্ৰশ্নৰ উত্তৰ লাভ কৰিবপৰা যাব কলা আৰু শিল্পৰ এক সন্মানবোধ জাগ্ৰত কৰাত প্ৰবন্ধটোৱে এক বিশেষ ভূমিকা লৈছে লেখকে কৈছে যে শিল্প বস্তু চোৱাটো এটা নিৰ্লিপ্ত দৰ্শন নহয় ই এক সজাগ, সক্ৰিয় অংশগ্ৰহণহে এই আগ্ৰহ, অনুসন্ধান, সক্ৰিয়তা আৰু সচেতনতাৰ অভাৱৰ বাবেই আমি চকু থাকিও বহুত বস্তু নেদেখো, বা দেখিলেও তাৰ মৰ্মস্থলত প্ৰৱেশ কৰাত অসুবিধা হয় ইয়াৰ পৰৱৰ্তী প্ৰবন্ধ শিল্প শিক্ষা আৰু ৰূপ ৰুচিত শিল্প শিক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত  লেখকে নিজৰ বক্তব্যৰ প্ৰকাশ কৰিছে চিত্ৰ-শিল্পক উপলব্ধি কৰিবৰ বাবে প্ৰশিক্ষণ বা আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তাকো আমি একেবাৰে নুই কৰিব নোৱাৰোঁ ভাৰতৰ এগৰাকী প্ৰখ্যাত কলা সমালোচক অ.চি. গাংগুলিৰ ভাষ্য দাঙি ধৰি লেখকে প্ৰবন্ধটো আৰম্ভ কৰিছে এখন ইংৰাজী কলা পত্ৰিকাত তেওঁ ক্ষোভেৰে লিখিছিল–‘মাত্ৰ কেইখনমান বিশ্ববিদ্যালয়ৰ বাদে বৰ্তমান ভাৰতৰ প্ৰায় আটাইবোৰ বিশ্ববিদ্যালয়তেই ভাৰতীয় শিল্পচৰ্চা, গৱেষণাৰ কোনো স্থান নাইপশ্চিমীয়া আধুনিক শিল্পকলাৰ কথাটো বাদেই, নিজৰ দেশৰ-ৰাজ্যৰ শিল্পকলাৰ সৈতে পৰিচিত নোহোৱাকৈয়ে ভাৰতবৰ্ষৰ পৰা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী বিভিন্ন স্তৰত উত্তীৰ্ণ হয় আৰু এটা ইতিহাসসমৃদ্ধ জাতিৰ বাবে ই অত্যন্ত দুখৰ বিষয় এই পৰিস্থিতিৰ প্ৰতি বিষোদগাৰ প্ৰদৰ্শন কৰি কবিয়ে কৈছে যে অনুভূতিক শিক্ষা আৰু অনুভূতিক জীৱনৰ প্ৰতি আমাৰ এই অৱজ্ঞা আৰু অৱহেলা কোনোপ্ৰকাৰেই ভাল লক্ষণ নহয় আচলতে শিল্পশিক্ষাৰ অবিহনে শিল্পৰ প্ৰকৃত ৰসাস্বাদন অসম্ভৱপৰ এখন ছবি বুজিবলৈ, এটা ভাস্কৰ্যৰ নান্দনিক সৌন্দৰ্যৰ সৈতে একাত্ম হবলৈ আমাক প্ৰয়োজন হব এযোৰ প্ৰশিক্ষণপ্ৰাপ্ত চকুৰ সৌন্দৰ্যবোধক পৰিকল্পিত প্ৰশিক্ষণৰ মাধ্যমেৰেহে পৰিশিলীত স্তৰলৈ উন্নীত কৰিব পাৰি কিন্তু প্ৰশিক্ষণ তথা শিক্ষাৰ অনুকূল এটা পৰিৱেশৰ অনুপস্থিতি বহুতো সৃজনীশীল প্ৰতিভাৰ অপমৃত্যুৰ বাবে দায়ী লেখকে শিক্ষাব্যৱস্থাত শিল্পকলাৰ সাধাৰণ শিক্ষা প্ৰৱৰ্তনৰ হেতু প্ৰবন্ধটোত চৈধ্যটা পৰামৰ্শ আগবঢ়াইছে শিশুকলা আৰু শিশুকলা-শিক্ষাৰ সম্পৰ্কে কিছু কথা প্ৰবন্ধটোৰ উদ্দেশ্য সন্দৰ্ভত লেখকে কৈছে শিশুকলা-শিক্ষাসম্পৰ্কীয় কেইটামান কথাৰ প্ৰতি আমাৰ শিল্পৰসিক, শিক্ষাবিদ, কলাৰসিক আৰু অভিভাৱকসকলৰ দৃষ্টি আকৰ্ষণ কৰাই এই চমু আলোচনাটিৰ প্ৰধান উদ্দেশ্য অভিভাৱকৰ শিশুৰ শিল্প-শিক্ষা সম্পৰ্কে সচেতনতা, ক্ৰমবৰ্ধমান আৰ্ট স্কুলৰ পৰিসংখ্যাৰপৰা অসমৰ সাম্প্ৰতিক শিশুৰ শিল্প-শিক্ষাৰ পৰিৱেশ সন্তোষজনক বুলি সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যে নাযায় তাক লেখকে স্পষ্ট কৰিছে এটা শিশু চিত্ৰশিল্পী প্ৰদৰ্শনীৰ পৰা লাভ কৰা অভিজ্ঞতাৰপৰা লেখকে  কৈছে- আমাৰ লৰা ছোৱালীয়ে অঁকা অধিকাংশ ছবিতেই শিশুকলাৰ প্ৰকৃত চৰিত্ৰ বা প্ৰকৃত শিশু শিল্পীৰ সত্যদৃষ্টি প্ৰতিভাত হোৱা নাই সিবোৰৰ অধিকাংশই কোনো প্ৰাপ্তবয়স্ক শিল্পীৰ বা পাঠ্যপুথিত ছপা হোৱা ছবিৰ স্থুল, বিফল অনুকৰণ মাথোন শিশু চিত্ৰও যে এবিধ শিল্প তাক স্পষ্ট কৰাৰ লগতে শিশুৰ শিল্পশিক্ষা কেনেধৰণৰ হব লাগে সেই প্ৰসংগত লেখাটোত লেখকে আলোকপাত কৰিছে কবিৰ বাবে শিল্পচচাৰ্ দৰ্শন বা চচাৰ্ বিনোদন বিলাসৰ বস্তু নহয়, দেখাক দেখি কৰা কামো নহয়, কবিতাৰ দৰেই সিবোৰ জীৱনৰ প্ৰতিকল্প, শিল্পচচাৰ্ জীৱনচচাৰ্, মনুষ্যত্ব চচাৰ্ৰেই নামান্তৰ নিৰন্তৰ কাব্যচৰ্চা আৰু শিল্প-প্ৰেমৰ জৰিয়তে লাভ কৰা অভিজ্ঞতা আৰু উপলব্ধিৰ আধাৰত কবিতা আৰু শিল্পৰ মাজৰ সম্পৰ্কৰ বিশ্লেষণেৰে লিখা কবিতা, চিত্ৰ, কবি আৰু চিত্ৰকৰ শীৰ্ষক প্ৰবন্ধটো নিসন্দেহে লেখকৰ এটা উল্লেখযোগ্য প্ৰবন্ধ প্ৰাচীন কালৰেপৰা কেনেদৰে চিত্ৰ কবিৰ বাবে আৰু কবিতা শিল্পীৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হৈ আহিছে তাৰ বিস্তৃত আলোকপাত প্ৰবন্ধটোত কৰা হৈছে নীলমণি ফুকনৰ কাব্যচচাৰ্ৰ অন্তৰালতো যে শিল্পৰ প্ৰেৰণা অন্তৰ্নিহিত হৈ আছে সেই প্ৰসংগটো ইতিমধ্যে উল্লেখ কৰি অহা হৈছে কবিতাৰ ভাষাক চিত্ৰশিল্প আৰু ভাস্কৰ্যশিল্পৰ বিশেষত্বৰে মণ্ডিত কৰিবলৈ কৰা এক সযত্ন প্ৰয়াস তেখেতৰ কবিতাত সততে পৰিলক্ষিত হয় ভাস্কৰ্যশিল্পৰ মূৰ্ত্ততাক তেওঁ দক্ষতাৰে কাব্যভাষাৰ মূৰ্ত্ততালৈ পৰিৱৰ্তিত কৰে শিল্পক গভীৰভাৱে হৃদয়ংগম কৰা এজন কবিৰদ্বাৰা চিত্ৰ আৰু কবিতাৰ নিবিড়তাৰ কথা প্ৰকাশ কৰা কবিতা, চিত্ৰ আৰু চিত্ৰকৰ শীৰ্ষক প্ৰবন্ধটোৱে ৰসগ্ৰাহী পাঠকক প্ৰদত্ত বিষয় সম্পক¹য় বহুতো প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি মানসিক পৰিপুষ্টি যোগান ধৰাতো নিশ্চিত চিত্ৰৰ প্ৰকাৰ শীৰ্ষক প্ৰবন্ধটোত লেখকে চিত্ৰশিল্প সম্পৰ্কে এক পৰিচয়মূলক আলোচনা আগবঢ়াইছে 

                        শিল্পক উপলব্ধি কৰাৰ সমান্তৰালভাৱে তাৰ ৰসাস্বাদনৰ বাবে আমাৰ বিশ্বখ্যাত শিল্পীসকলৰ কৰ্মৰাজিৰ বিষয়ে জ্ঞান থকাটোও অত্যন্ত প্ৰয়োজনীয় আৰু যিসকল ব্যক্তি শিল্পৰ চৰ্চাত প্ৰবৃত্ত হয় তেওঁলোকে নিজকে এজন প্ৰকৃতাৰ্থত শিল্পীৰূপে নিৰ্মাণ কৰিবলৈ হলে আধুনিক শিল্পকলাক বিশেষভাৱে সমৃদ্ধ কৰা শিল্পীসকলৰ জীৱন আৰু কৰ্মক অধ্যয়ন কৰাৰ গত্যন্তৰ নাই ইয়াৰ মাধ্যমেৰে এজন শিল্পীৰ মাজত এক বিশ্বজনীন আৱেদনৰ সৃষ্টি হোৱাৰ লগতে তেওঁ গভীৰ কলাত্মক চেতনাৰ অধিকাৰী হ নীলমণি ফুকনে তেখেতৰ তিনিটা প্ৰবন্ধৰ জৰিয়তে তিনিজন মহান শিল্পীৰ সৈতে আমাৰ চিনাকি কৰাই দিছে আৰু সেই তিনিজন শিল্পী হল ক্ৰমে পল চেজান, ব্ৰাঁকুছি আৰু পিকাছো কবিৰ মতে বিশ্ববিশ্ৰুত ফৰাচী চিত্ৰশিল্পী পল চেজানেই হৈছে সম্ভৱতঃ ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ সৰ্বশ্ৰেষ্ঠ চিত্ৰকৰ শিল্পীজনৰ কিছুমান বিশেষ বস্তুৰ ছবি অঁকাৰ প্ৰতি থকা সহজাত দুৰ্বলতা কলাপ্ৰেমীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু তেওঁ ভালেমান স্নানৰত মানুহৰ ছবি আঁকিছিল আপেলৰ প্ৰতি আছিল তেওঁৰ বুজাব নোৱাৰা আকৰ্ষণ, তেওঁ আপেলৰ ছবি আঁকি খুউব ভাল পাইছিল চিত্ৰশিল্পীজনৰ গুৰুত্ব সন্দৰ্ভত পল চেজান প্ৰবন্ধত লেখকে কৈছেঃ এই শতিকাৰ এনে এজন চিত্ৰশিল্পী নাই, যি চেজানৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ঋণী নহয় চেজানৰ বৌদ্ধিক শৃঙ্খলাবোধ, বস্তুৰ জ্ঞান আৰু জগতৰ প্ৰতি থকা বস্তুধম¹ দৃষ্টিভংগীৰপৰাই আধুনিক চিত্ৰকলাৰ জন্ম শিল্পীজনৰ মডাৰ্ণ অলিম্পিয়া, দা হাংগ মেন, দা ছি এট লেষ্টাক আদি ছবিৰ মৰ্মস্থললৈ লৈ যোৱাত লেখকে সফলতা দাবী কৰিব পাৰে মডাৰ্ণ অলিম্পিয়া ছবিখনৰ সন্দৰ্ভত নীলমণি ফুকনে লিখিছেমেঘৰ মাজত ঈষৎ ৰক্তাভবৰ্ণা স্থলদেহী কোনো এক নাৰীক এগৰাকী অপদেৱীয়ে বিবসনা কৰিছে আৰু তপা মূৰৰ মানুহ এজনে কাষতে লাখুটিডাল থৈ সেই দৃশ্য চাই আছে আৰু ছাই থকা মানুহজন পাছফালৰ পৰা দেখিবলৈ থিক চেজানৰ নিচিনা চিত্ৰখন যেন এখন উত্তাল কামোন্মত্ত, উশৃংখল কল্পলোক চেজান সম্পৰ্কত লেখকে কৈছেঃ আধুনিক শিল্পৰ ইতিহাসত তেওঁ কৰা সবেই অভাৱনীয়, অভূতপূৰ্ব, বিস্ময়কৰ আৰু ক্ৰান্তিকাৰী পাৰ্থিৱ, বৰ্ণময় দ্যুতিৰে জ্যোতিষ্মান কৰি গল তেওঁ আমাৰ মনুষ্যত্ব, আমাৰ আধ্যাত্মিক জীৱন ব্ৰাঁকুছি শীৰ্ষক লেখাটোত ভাস্কৰ্য শিল্পীজনৰ জীৱনৰ বিভিন্ন দিশৰ প্ৰতিফলন হৈছে লেখকৰ ভাষাতঃ ব্ৰাঁকুছিৰ আদিম সাৰল্যবাদ, বিশেষকৈ মূলৰ বা মূল বস্তুৰ অন্তৰংগ নৈব্যৰ্ক্তিক ৰূপৰ অন্বেষণ, আৱিস্কাৰ অভিব্যক্তিৰ ভেঁটিতেই গঢ়ি উঠিছে কুৰি শতিকাৰ ভাস্কৰ্য কলাৰ নন্দনতত্ত্ব সৰলতাৰ শিল্পীজনৰ শিল্পসাধনাৰ গভীৰতাৰ সৈতে পাঠকক পৰিচয় কৰাই দিয়াৰ সমান্তৰালভাৱে লেখকে প্ৰাসংগিকভাৱে অন্যান্য ভাস্কৰ্য শিল্পীৰ কৰ্ম আৰু ভাস্কৰ্য শিল্পৰ সম্পৰ্কে প্ৰবন্ধটোত আলোকপাত কৰিছে উপকৰণ আৰু ভাস্কৰৰ সম্পৰ্ক সন্দৰ্ভত লেখকে লিখিছেঃ শিল এডোখৰত বা কাঠ এডোখৰত কিবা এটা মূৰ্ত্তি কাটিবলৈ লোৱাৰ লগে লগেই সেই শিল বা কাঠডোখৰৰ লগত শিল্পীৰ এটা নীৰৱ সংলাপ আৰম্ভ হয় শিল বা কাঠডোখৰ তেওঁ যিমানেই কাটি গৈ থাকিব, সিমানেই সেই সংলাপ অধিক অন্তৰংগ, অধিক গভীৰ হৈ গৈ থাকিব যেতিয়াই উপকৰণৰ লগত শিল্পীৰ এটা আন্তৰিক সম্পৰ্ক গঢ়ি উঠিব, তেতিয়াই মূৰ্তিটোৰ গঢ়নত বা সৃষ্টিত উপকৰণো তাৰ নিজস্ব ভূমিকাত ক্ৰিয়াশীল হৈ পৰিব আৰু নিষ্প্ৰাণ কাঠ বা শিলডোখৰ প্ৰাণ ছন্দৰে চঞ্চল হৈ উঠিব এইদৰে শিলটোৰ ভিতৰৰপৰা শিল্পীৰ ভাবনা-কল্পনাৰ মাজৰপৰা মূৰ্তিটোৱে ধীৰে ধীৰে আত্মপ্ৰকাশ কৰিব প্ৰবন্ধটোত ব্ৰাঁকুছিৰ শ্লিপিং ম্যুজ, কিছ্‌, বাৰ্ড ইন স্পেছ আদি ভাস্কৰ্যৰ তাৎপৰ্য সন্দৰ্ভত লেখকে সূক্ষ্মভাৱে বিশ্লেষণ আগবঢ়াইছে এই প্ৰবন্ধটোৰ পাছতেই সন্নিবিষ্ট হৈছে পাব্‌লো ৰুইথ ঈ পিকাছো শীৰ্ষক প্ৰবন্ধটো চিত্ৰ শিল্পৰ ইতিহাসত ভিন্সিৰ পাছত পিকাছোৱেই সম্ভৱতঃ আটাইতকৈ খ্যাতিসম্পন্ন শিল্পী বহুসংখ্যক অমৰ চিত্ৰশিল্পৰ সৃষ্টিৰে পাবলো ৰুইথ ঈ পিকাছো জীৱন্ত কালতে এক কিংবদন্তিত পৰিণত হৈছিল জীৱনৰ অধিকাংশ সময় পেৰিছত কটোৱা বিংশ শতিকাৰ প্ৰথম স্তৰৰ এই স্পেনিছ শিল্পীগৰাকীক পল চেজান, ভান গঘ, টুলোজ লোট্ৰেক আদি শিল্পীৰ শিল্পকৰ্মই বিশেষভাৱে প্ৰভাৱিত কৰিছিল তেওঁ উল্লেখযোগ্য চিত্ৰকৰ্মবোৰৰ ভিতৰত গাৰ্টুন ষ্টেইনৰ প্ৰতিকৃতিখনক অন্যতম শ্ৰেষ্ঠ বুলি অভিহিত কৰিব পৰা যায় মাৰ্কিন লেখিকা গাৰ্টুন ষ্টেইনৰ সৈতে পিকাছোৰ বন্ধুত্ব গঢ়ি উঠিছিল পিকাছোৱে অঁকা ষ্টেইনৰ প্ৰতিকৃতিখনে একপ্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ১৯০৬ চনৰ গোটেই শীতকালটো অঁকা ছবিখনৰ বাবে পিকাছোৰ সন্মুখত ষ্টেইন আশীবাৰ বহিবলগীয়া হৈছিল কিন্তু পিকাছো সন্তুষ্ট নহল আৰু ছবিখন নষ্ট কৰি পেলালে এইবাৰ তেওঁ ষ্টেইনক সন্মুখত নোলোৱাকৈয়ে নতুনকৈ ছবিখন আঁকিলে কিন্তু সেইখন ষ্টেইনৰ দৰে নাছিল এক প্ৰকাৰৰ বিতৰ্কৰ সূত্ৰপাত হল আৰু সেইসময়ত পিকাছোৱে কলে যে জীৱনৰ শেষৰ ফালে ষ্টেইন ছবিখনৰ দৰেই হ পিকাছোৰ এই মন্তব্য পিছত সত্যত পৰিগণিত হ কেইবছৰমানৰ পাছত ষ্টেইনেও সেইখনেই যে তেওঁৰ বিশ্বাসযোগ্য প্ৰতিকৃতি তাক স্বীকাৰ কৰিছিল শিল্পীজনৰ শিল্পীজীৱনৰ এটা অন্যতম কীৰ্তিস্তম্ভ হল লা ডেমোৱাজেম অৱ ডাভিনিয়ঁ নামৰ যুগান্তকাৰী চিত্ৰখন ছবিখনৰ প্ৰসংগত নীলমণি ফুকনে প্ৰবন্ধটোত উল্লেখ কৰিছে এনেদৰেতেওঁ হেনো আঁকিব খুজিছিল বেশ্যালয়ৰ এটা প্ৰলোভনৰ দৃশ্য, আঁকিলেগৈ পাঁচগৰাকী গাভৰু আৰু এখন স্থিৰ চিত্ৰ ইয়াৰ আগতে সম্ভৱতঃ পৃথিৱীৰ কোনো শিল্পীয়েই যুৱতী নাৰীৰ গঠনক ইমান নৃশংসভাৱে ভঙা বা বিকৃত কৰা নাছিল চিত্ৰখনত কোনো সাংগাঠনিক ঐক্য বিচাৰি পোৱা নাযায়, ফিগাৰ বা আকাৰসমূহৰ কোনো পৰিমাণ, প্ৰমাণ নাই ছবিখন দেখি জৰ্জ ব্ৰাকে মন্তব্য কৰিছিলজুইত থুৱাবলৈহে যেন কোনোবাই পেট্ৰল খাইছে এগৰাকী শিল্পী-ঐতিহাসিকে ছবিখনক টুকুৰা কাঁচৰ পথাৰ বুলি বৰ্ণনা কৰিছে (পৃষ্ঠা-৬৭, শিল্পকলাৰ উ¸পলব্ধি আৰু আনন্দ) পিকাছোৰ গোৱাৰ্নিকা সৰ্বকালৰে এখন শ্ৰেষ্ঠ চিত্ৰ হিচাপে স্বীকৃত নাৎসী আক্ৰমণত বিধ্বস্ত হোৱা স্পেইনৰ গোৱাৰ্নিকা চহৰখনৰ ধবংসযজ্ঞই শিল্পীগৰাকীক বিহ্বল কৰি তুলিছিল আৰু তাৰেই পৰিণতিত এই বিশ্বখ্যাত ছবিখনৰ সৃষ্টি হৈছিল গোটেই ছবিখনত এক যন্ত্ৰণাকাতৰ কৰুণ অভিব্যক্তি প্ৰতিফলিত হৈছে ছবিখনৰ আলোচনা প্ৰসংগত ৰুডলভ আৰ্নহাইমে লিখিছে–In Guernika there is no blood, no difference between fire and light between the complexion of the dead and those of the living. The image is reduced to express shapes, which are interpretative but they do not burn. নীলমণি ফুকনৰ মতেগোৱাৰ্নিকা আমাৰ এই বিশৃংখল জগতৰ যন্ত্ৰণাকাতৰ আত্মাৰ বিহ্বল এক অভিব্যক্তি গোৱাৰ্নিকাৰ ষাড়-যুঁজৰ ছবিবোৰ কলাপ্ৰেমিক বা অন্তহীন বিস্ময়, উন্মুক্ত আৱেগৰ প্ৰতীক  উপৰোক্ত চিত্ৰকৰ্মবোৰৰ উপৰিও পিকাছোৰ অন্যান্য বহুসংখ্যক চিত্ৰকৰ্মৰ সন্দৰ্ভত ফুকনৰ ব্যাখা থকা প্ৰবন্ধটোৰ জৰিয়তে শিল্পী পিকাছোৰ শিল্প দৰ্শনৰ পৰিচয় লাভ কৰাৰ লগতে তেখেতৰ চিত্ৰকৰ্মসমূহৰ মৰ্ম উপলব্ধি কৰাত সহায় হ    




                                    পাশ্চাত্যৰ শিল্পৰ দৰে ভাৰতীয় শিল্পৰো এক স্বকীয় আৰু ঐতিহ্যমণ্ডিত ইতিহাস আছে আৰু নীলমণি ফুকনেও ভাৰতীয় শিল্পকলাৰ ঐতিহ্য সন্দৰ্ভত কেইবাটাও প্ৰবন্ধ লিখিছে ইয়াৰ ভিতৰত সিংহলৰ বৌদ্ধ চিত্ৰকলাৰ সন্দৰ্ভত লিখা সিংহলৰ বৌদ্ধ চিত্ৰকলা শীৰ্ষক প্ৰবন্ধটো অন্যতম দুহেজাৰ বছৰজোৰা সিংহলী শিল্পকলাৰ ইতিহাস বৌদ্ধ ধৰ্মৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আৰু এই শিল্পকলা প্ৰাচীন ভাৰতীয় শিল্পকলাৰ উজ্জ্বল নিদৰ্শন সিংহলৰ প্ৰতিটো মঠ, মন্দিৰ আৰু বিহাৰেই প্ৰকৃতাৰ্থত একো একোটা চিত্ৰশালা প্ৰবন্ধটোত লেখকে সিংহলী শিল্পকলা ইতিহাস, বৈশিষ্ট আৰু গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰিছে ভাৰতীয় ভাস্কৰ্যত যক্ষ আৰু যক্ষী ভাৰতীয় শিল্পকলা বিষয়ক আন এটা গুৰুত্বপূৰ্ণ নিবন্ধ কিষাণগড়ৰ ৰাধা শীৰ্ষক লেখাটোত আমাৰ সকলোৰে পৰিচিত একে নামৰ চিত্ৰখনৰ কাব্যিক বৰ্ণনা নিসন্দেহে চমকপ্ৰদ লেখকৰ বৰ্ণনাৰ আধাৰত প্ৰত্যেকেই নিভাজ ৰূপত ছবিখন আঁকি লব পাৰিব বিখ্যাত ভাস্কৰ ৰামকিংকৰ বেইজৰ স্মৃতিচাৰণ কৰি লিখা ৰামকিংকৰ বেইজলৈ শ্ৰদ্ধাঞ্জলি নামৰ প্ৰবন্ধটোত শিল্পীজনৰ ব্যক্তিত্বৰ আলোকপাত কৰা হৈছে আধুনিক ভাৰতীয় ভাস্কৰ্যৰ পথিকৃৎ বিমূৰ্ত্তবাদী শিল্পীজনৰ বিভিন্ন ভাস্কৰ্য আৰু মূৰ্ত্তিৰ সন্দৰ্ভত আলোচনা কৰি লেখকে আধুনিক ভাৰতীয় ভাস্কৰ্যৰ স্বৰূপ সম্বন্ধীয় বহুবোৰ কথা প্ৰবন্ধটোত উল্লেখ কৰিছে ৰামকিংকৰ বেইজৰদ্বাৰা নিৰ্মিত দা মিল কল, দা চান্থাল, লেম্পষ্টেণ্ড, স্পিড, কম্পোজিচন, পোয়েটছ্‌ হেড আদি মূৰ্ত্তিৰ প্ৰসংগ উপস্থাপনেৰে শিল্পীজনৰ শিল্প প্ৰতিভাৰ মূল্যায়ণ প্ৰদত্ত প্ৰবন্ধটোত পৰিলক্ষিত হৈছে আধুনিক ভাৰতীয় শিল্পৰ আন এজন অগ্ৰণী শিল্পী ভবেশ স্যান্যালৰ চিত্ৰ সন্দৰ্ভত লেখকে এটা অচিন পখীৰ সৈতে এজন বুঢ়া মানুহ শীৰ্ষক প্ৰবন্ধটোত লিখিছে চিত্ৰকলাক ভাৰতৰ মাটিত আৰু ভাৰতীয় মানসত সুপ্ৰতিষ্ঠিত কৰা শিল্পীজনৰ চিত্ৰকৰ্মত পৰিলক্ষিত হোৱা সংগ্ৰহণ, প্ৰভাৱ আদি সম্পৰ্কতো লেখকে আলোচনা কৰিছে  মূলতঃ স্যানালৰ দুখন ছবিক লেখকে আলোচনাৰ বাবে গ্ৰহণ কৰিছে আৰু সেই দুখন হশৃংগাৰ আৰু  এন অল্ড মেন উইথ এন আননউন বাৰ্ড লেখকে ছবিদুখনৰ সন্দৰ্ভত আগবঢ়োৱা বিশ্লেষণৰ আধাৰত বিখ্যাত ভাৰতীয় চিত্ৰকৰজনৰ শিল্পকীৰ্তিৰ আভাস লাভ কৰিব পাৰি শিল্পী স্যানাল কেৱল এজন চিত্ৰশিল্পীয়েই নাছিল, সমান্তৰালভাৱে তেওঁ আছিল এজন প্ৰতিভাশালী ভাস্কৰ শিল্পীজনৰ ভাস্কৰ্য কৰ্মৰো চমু আভাস বন্ধ প্ৰবন্ধটোত দাঙি ধৰাৰ যত্ন কৰা হৈছে আনন্দ কুমাৰস্বামী শীৰ্ষক প্ৰবন্ধটোত ভাৰতৰ বিশিষ্ট শিল্প-গৱেষক তথা সমালোচকজনৰ কৃতি সম্পৰ্কে লিখিছে 

                                    অসমৰ লোকশিল্প অধ্যয়নৰ ভূমিকা শীৰ্ষক প্ৰবন্ধটোত লেখকে বিষয় সন্দৰ্ভত আগবঢ়োৱা বিশ্লেষণ অসমৰ লোকশিল্পৰ অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰখনত সদায় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ ৰ শিল্পকলাৰ উপলব্ধি আৰু আনন্দ শীৰ্ষক গ্ৰন্থখনৰ নিবেদন অংশত লেখকে অসমৰ সকলো জনগোষ্ঠীৰ শিল্পকৃতি সামৰি অসমৰ লোকশিল্প কলাৰ বিষয়ে এখন সচিত্ৰ গ্ৰন্থ ৰচনা কৰাৰ পৰিকল্পনাৰ বিষয়ে কৈছে কিন্তু আৰ্থিক অসুবিধাৰ হেতু প্ৰয়োজনীয় ক্ষেত্ৰ অনুসন্ধান কৰিব নোৱাৰাত লেখকেলোককল্প দৃষ্টি  নামেৰে অসমৰ লোকশিল্পকলা অধ্যয়নৰ এটা ভূমিকা লিখি উলিয়ায় এই ভূমিকাটোৱেই লেখকৰ লোককল্প দৃষ্টি গ্ৰন্থত লোককল্প দৃষ্টি নামেৰে আৰু শিল্পকলা উপলব্ধি আৰু আনন্দ সংকলনত অসমৰ লোকশিল্প অধ্যয়নৰ ভূমিকা হিচাপে অন্তৰ্ভূক্ত হৈছে সি যি কি নহওক, এই লেখাটোৰ গুৰুত্ব অনস্বীকাৰ্য অসমৰ লোকশিল্পৰ ইতিহাস, বিভিন্ন প্ৰকাৰ, বৈশিষ্ট ইত্যাদি সম্পৰ্কত লেখকে লেখাটোত আলোকপাত কৰিছে সুদীৰ্ঘ প্ৰবন্ধটোত অসমীয়া লোকশিল্প যে অসমীয়া সংস্কৃতিৰ আধাৰ তাক লেখকে স্পষ্ট কৰিছে অসমৰ লোকশিল্পত কেনেদৰে নিকটৱৰ্তী ৰাজ্য আৰু দেশবোৰৰ  বিভিন্ন উপাদান মিশ্ৰিত হৈ আছে তাকো লেখকে ফঁহিয়াই দেখুৱাইছে অন্যহাতে গংগা যমুনাৰ সৌন্দৰ্য আৰু পৃথিৱীৰ প্ৰকৃত প্ৰতিমা ৰচনাদুখনত অসমৰ ভাস্কৰ্য শিল্পৰ উজ্জ্বল নিদৰ্শন স্বৰূপ দ-পৰ্বতীয়া আৰু কামাখ্যাৰ ভাস্কৰ্যৰ কাব্যিক বৰ্ণনা অভিনৱ ঐতিহ্যৰ ঐশ্বৰ্যত অসমৰ কেইবাগৰাকী লোকশিল্পীৰ পৰিচয়ৰ লগতে লেখকৰ সৈতে কাঠৰ মূৰ্তি আৰু মুখাশিল্প সম্পৰ্কীয় বাতাৰ্লাপৰ একাংশ সন্নিৱিষ্ট হৈছে প্ৰাপ্য স্বীকৃতি লাভ নকৰাকৈয়ে এই শিল্পীসকলে শিল্পচৰ্চা কৰি আহিছে আৰু অসমৰ লোকশিল্পক সমৃদ্ধ কৰিছে হে আলোকিত বৰ্তমান নামৰ ৰচনাখনিত শিল্পৰ প্ৰদৰ্শন আৰু সুৰক্ষাৰ ক্ষেত্ৰত মিউজিয়ামৰ ভূমিকাৰ কথা চমুকৈ উল্লেখ কৰাৰ লগতে এনেধৰণৰ অনুষ্ঠানসমূহে গ্ৰহণ কৰা ভূমিকা সন্দৰ্ভত লেখকৰ ব্যক্তিগত বক্তব্য প্ৰকাশ পাইছে সংগ্ৰহালয়সমূহে আয়োজন কৰা বিভিন্ন প্ৰদৰ্শনীৰ জৰিয়তে শিল্পকলাৰ প্ৰদৰ্শন হোৱাৰ পৰিৱেশটো প্ৰত্যক্ষ কৰি লেখক ভৱিষ্যতৰ প্ৰতি অধিক আশাবাদী হৈছে উল্লেখযোগ্য যে লেখাটো আশীৰ দশকতে লিখা গতিকে বৰ্ণনাত তদানীন্তন সময়ৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে জ্য়োতিপ্ৰসাদৰ শিল্প চিন্তা লেখকৰ এটা অন্যতম উল্লেখযোগ্য প্ৰবন্ধ জ্যোতি-মনীষাত অসমৰ শিল্পৰ বিভিন্ন উপাদানৰ প্ৰেৰণা প্ৰৱাহিত হৈ আছিল জয়মতী বোলছবিত অসমৰ লোকশিল্প কলাৰ বিভিন্ন অনুষংগ সাৰ্থক ৰূপত প্ৰয়োগ হৈছিল, ছবিখনৰ জৰিয়তে জ্যোতিপ্ৰসাদে অসমৰ স্থাপত্যিক পৰম্পৰাৰ নিদৰ্শনটো দাঙি ধৰিবলৈ চেষ্টা কৰিছিল প্ৰবন্ধটোত লেখকে মূলতঃ জ্যোতিপ্ৰসাদৰ অসমীয়া স্থাপত্যৰ নৱৰূপ নামৰ ৰচনাখনৰ সন্দৰ্ভত আলোচনা কৰিছে লেখাটোৰ জৰিয়তে শিল্পী জ্যোতিপ্ৰসাদৰ শিল্পকলা-চেতনাক নতুন ৰূপত আৱিস্কাৰ কৰা হৈছে লেখক নীলমণি ফুকনে লিখিছেঃ জ্যোতিপ্ৰসাদ ইঞ্জিনিয়াৰ নাছিল, পেছাদাৰী স্থপতিও নাছিল, মানুহ আৰু শিল্পকলা সম্পৰ্কে তেখেতৰ এটা সামগ্ৰিক visionআছিল অসমীয়া স্থাপত্যৰ নৱৰূপ সম্পৰ্কে কোনো অসমীয়াই আগতে ইমানখিনি চিন্তা কৰা নাছিল আৰু পাছত কোনোৱে কৰিছে বুলি নাজানো জ্যোতিপ্ৰসাদে অঁকা গুৱাহাটী বিশ্ববিদ্যালয় নামটোৱেই তেখেতৰ আধুনিক শিল্পবোধ, বিশেষকৈ আধুনিক স্থাপত্য ভাবনা আৰু চেতনাৰ পৰিচয় দিয়ে সাৰ্থক স্থপতিজন কেৱল এজন ইঞ্জিনিয়াৰেই নহয়, তেওঁ এজন চিত্ৰকৰ, ভাস্কৰো, কেতিয়াবা এজন সুৰকাৰো অসমৰ লোক শিল্প স্থাপত্যৰ সন্দৰ্ভত জনমানসত সজাগতা সৃষ্টিৰ লগতে লোক শিল্পকলাৰ প্ৰচুৰ সম্ভাৱনাৰ সৈতে আমাক পৰিচয় কৰাই দিয়া শিল্পী জ্যোতিপ্ৰসাদৰ শিল্প চেতনাৰ বিভিন্ন দিশক এই লেখাটোৰ জৰিয়তে লেখকে আলোচনা কৰিছে




                                    পৌৰাণিক সাক্ষ্যৰ ভিত্তিত অসমৰ প্ৰথমগৰাকী চিত্ৰকৰৰ যদি আমি সন্ধান কৰো তেন্তে নিঃসন্দেহে চিত্ৰলেখাতেই আমাৰ অনুসন্ধান শেষ কৰিব লাগিব কাৰণ তাৰ পূৰ্বৰ কোনো চিত্ৰকৰৰ নাম বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা কোনো উৎসতেই উপলব্ধ নহয় অসমৰ শিল্পকলাৰ এই কিংবদন্তি শিল্পীগৰাকীয়ে নিজৰ শিল্পকলাৰে সমগ্ৰ ভাৰতবৰ্ষতে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল বুলি পৌৰাণিক আখ্যানে কব খোজে সি যি কি নহওক, শিল্প-স্থাপত্য আৰু ভাস্কৰ্যৰ দিশৰ পৰা অসম যে দুখীয়া নহয় সেই কথা কোৱাতো বাহুল্য মাথোন অসমৰ লোক-কলা ইয়াৰ উজ্জ্বল নিদৰ্শন কিন্তু অপ্ৰিয় সত্য যে অসমত আধুনিক শিল্পকলাৰ পৰম্পৰাটো বৰ গৌৰৱোজ্জ্বল নহয় কিন্তু বহু শিল্পীয়ে শিল্প চচাৰ্ত যে ব্ৰতী হৈছে তাক উলাই কৰিব নোৱাৰি ঊনবিংশ শতিকাৰ তৃতীয় দশকতে আধুনিক অসমীয়া চিত্ৰকলাৰ সূত্ৰপাত হয় ভাৰতৰ প্ৰেক্ষাপটত গগনেন্দ্ৰ নাথ, ৰবীন্দ্ৰনাথ আৰু অমৃতা ছেৰ গীলৰ চিত্ৰত সূচনা হোৱা আধুনিকতা অসমত সূচনা কৰা প্ৰথম পৰ্যায়ৰ চিত্ৰকৰসকলৰ ভিতৰত  ৰত্নেশ্বৰ বৰুৱা, মুক্তানাথ বৰদলৈ, সুৰেণ বৰদলৈ, চিত্ৰসেন বৰুৱা, প্ৰতাপ বৰুৱা, জগৎ সিং কছাৰী, প্ৰজ্ঞা দাস, পিয়াৰী মোহন চৌধুৰী, জীৱেশ্বৰ বৰুৱা, হেমচন্দ্ৰ বৰুৱা, চিত্তৰঞ্জন বৰুৱা, প্ৰকাশ বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, যুগল দাস, শশীধৰ শইকীয়া, তৰুণ দুৱৰা, গজেন বৰুৱা, ৰবীন ভট্টাচাৰ্য, হেমন্ত মিশ্ৰ আদি অন্যতম অসমৰ চিত্ৰ শিল্পৰ ক্ষেত্ৰখনত আধুনিকতাৰ সূচনা কৰা এই শিল্পীসকলৰ পৰিচয় আৰু কৰ্মৰাজি সন্নিৱিষ্ট হোৱা আধুনিকতাৰ বাতাৰ্বাহী জনদিয়েক অসমীয়া চিত্ৰকৰ প্ৰবন্ধটো নিসন্দেহে এটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ প্ৰবন্ধটোত তদানীন্তন সময়ছোৱাৰ অসমৰ শিল্পচচাৰ্ৰ পৰিৱেশৰ এক আভাসো দিয়া হৈছে এই প্ৰথম পযাৰ্য়ৰ শিল্পীসকলৰ বিষয়ে চৰ্চা খুউব কম নীলমণি ফুকনে এই শিল্পীসকলক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত এক অনবদ্য ভূমিকা লৈছিল প্ৰতাপ বৰুৱা সম্পৰ্কে যৎকিঞ্চিত, “বিস্মৃতপ্ৰায় এজন অসমীয়া শিল্পশিক্ষাব্ৰতী শীৰ্ষক লেখা দুটাত চিত্ৰশিল্পী প্ৰতাপ বৰুৱা আৰু গুৱাহাটী স্কুল অৱ আৰ্টছ এণ্ড ক্ৰাফট্‌ছৰ প্ৰতিষ্ঠাতা জীৱেশ্বৰ বৰুৱা বিষয়ে লেখকে ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত আলোচনা কৰিছে অন্তৰ্হিত প্ৰতিশ্ৰুতিত শিল্পী আশু দেৱ আৰু ৰাজেন হাজৰিকাৰ স্মৃতিচাৰণেৰে শিল্পী দুজনৰ কৃতিৰ চমু আলোকপাত কৰিছে

                                    গুৱাহাটী আৰ্টিছ গীল্ডৰ সচিব কিশোৰ কুমাৰ দাসে আমাৰ অসমৰ পাতত লিখিছিলঃ অসমৰ শিল্পীসকলৰ কাৰণে এটা জ্জ্বলন্ত সমস্যা হৈছেঅসমত কলা সমালোচকৰ অভাৱ শিল্পীৰ সৃষ্টিকৰ্ম ৰাইজৰ ওচৰলৈ নিবলৈ কলা সমালোচকৰ দৰকাৰ হয় সাধাৰণ মানুহে ছবি বুজি নোপোৱাৰ প্ৰধান কাৰণ হল সমালোচক অসমত যদি কেইজনমান সমালোচক থাকিলেহেঁতেন তেতিয়াহলে শিল্পীয়ে অঁকা ছবিখনৰ বিৱৰণ সমালোচকে জনসাধাৰণক দিব পাৰিলেহেঁতেন (আমাৰ অসম, ২২ ফেব্ৰুৱাৰী, ’১৫) বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ বক্তব্যও অনুৰূপ গৰীয়সীৰ অ-সম্পাদকীয়ত তেওঁ লিখিছেঃ অসমত চিত্ৰাংকন আৰু ভাস্কৰ্যৰ সাধনা কৰা ব্যক্তিৰ অভাৱ ঘটা নাই কেবাজনো গুণী  চিত্ৰশিল্পীৰ আমি থাউকতে নাম লব পাৰো শোভা ব্ৰহ্মই আমাৰ নান্দনিক হৃদয়ত সাঁচ বহুৱাই থৈ গৈছে সেইদৰে প্ৰণৱ বৰুৱায়ো আৰ্টিষ্ট গীল্ড আদি অনুষ্ঠানৰ কাযাৰ্ৱলীয়ে চাৰুকলাৰ প্ৰতি নৱ প্ৰজন্মক আকৰ্ষণ কৰাটো বেছ প্ৰশংসনীয় কাৰ্য হৈ পৰিছে অসমৰ শিল্পীৰ চিত্ৰাংকন আৰু ভাস্কৰ্যত আপুৰুগীয়া অৱদান থকাটো অনস্বীকাৰ্য কিন্তু ইয়াক জনসাধাৰণৰ মাজত সদৰী কৰিবলৈ অসমত নিপুণ সমালোচক মাত্ৰ চাৰিজনমানহে আছে আৰু কাকত-আলোচনীয়েও চিত্ৰাংকন আৰু ভাস্কৰ্যৰ সমালোচনাক আশানুৰূপ প্ৰাধান্য দিয়া দেখা নাযায় গতিকে আমাৰ চিত্ৰশিল্পী আৰু ভাস্কৰসকলৰ কৃতকাৰ্যতাৰ মূলতে সমাজে দিয়াৰ প্ৰেৰণাৰ সলনি স্বপ্ৰণোদিত শৈল্পিক তাড়না আৰু সৃষ্টি-কুশলতাতহে মাজে মাজে মোৰ ভাব হয় যে নীলপৱন বৰুৱা, ননী বৰপূজাৰী প্ৰভৃতি শিল্পী অধিক অভিলাষী হৈ অসমৰ বাহিৰত থাকি শিল্প-সাধনা কৰাহেঁতেন তেওঁলোকৰ প্ৰতিভা অধিক প্ৰসাৰিত হলহেঁতেন (গৰীয়সী, ফেব্ৰুৱাৰী, ’১৪) এনে এক প্ৰতিকূল পৰিৱেশৰ মাজতো কিছুসংখ্যক চিত্ৰ-ভাস্কৰ্য শিল্পীয়ে আন্তৰিকতাৰে শিল্পচৰ্চা কৰি থকাটোৱেই এটি আশাব্যঞ্জক কথা অন্যহাতে শিল্প-সমালোচনাৰ নিস্তেজ পৰিৱেশটোৰ মাজতে কিছুসংখ্যক সচেতন শিল্প-অনুৰাগীয়ে শিল্প-সমালোচনাৰ এটা সুস্থ বাতাৱৰণ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে সেইসকলৰ মাজত নীলমণি ফুকন অন্যতম পৰেশ মালাকাৰৰ ভাষাতঃ ....আচৰিত কথা যে আজিও অসমত শিল্পকলা-সমালোচনাৰ এটা পৰম্পৰা গঢ়ি উঠা নাই একমাত্ৰ ব্যতিক্ৰম হৈছে শ্ৰদ্ধেয় কবি নীলমণি ফুকনে কৰা শিল্পকলা সম্পকীৰ্য় আলোচনাখিনি অসমৰ বাহিৰে ভিতৰে যতে যেনেকৈ পাৰে, আজি পঞ্চাছ বছৰ ধৰি তেখেতে চিত্ৰ, ভাস্কৰ্য, স্থাপত্য নয়নভৰি চাইছে, সেই সম্পৰ্কে সন্ধানী দৃষ্টি লৈ অধ্যয়ন, গৱেষণা কৰিছে তেখেতৰ এই শিল্প-এষণাৰ প্ৰকাশ ঘটিছে শিল্পকলা সম্পৰ্কে লিখা ৰচনাসমূহত নীলমণি ফুকনে সমসাময়িক কেইবাজনো শিল্পীৰ শিল্প কৰ্মৰ সমালোচনামূলক আলোচনাৰে অসমৰ শিল্প সমালোচনাৰ দুৰ্বল ক্ষেত্ৰখনত কিছু অৱদান আগবঢ়াইছে এনেধৰণৰ লেখাসমূহ হলঃ এটা গানৰ প্ৰতিধ্বনি (হেমন্ত মিশ্ৰৰ ছবিৰ সন্দৰ্ভত), শোভা ব্ৰহ্মৰ ছবি, ছবি আৰু ছবি (নীলপৱন বৰুৱাৰ ছবিৰ সন্দৰ্ভত), বেণু মিশ্ৰঃ কিছু স্মৃতিকথা,কিছু ছবিৰ কথা, পুলক গগৈৰ কাৰ্টুন, হালধীয়াৰ আনন্দ (কন্দৰ্প শমাৰ্ৰ ছবিৰ সন্দৰ্ভত), এগৰাকী তিৰোতাৰ জুয়ে পোৰা সপোন (ননী বৰপূজাৰীৰ ছবিৰ সন্দৰ্ভত), দৃশ্যৰ সংবেদন আৰু স্পৰ্শৰ সত্য (ভাস্কৰ চালেহা আহমেদৰ ভাস্কৰ্য শিল্পৰ লগতে অন্যান্য প্ৰাসংগিক বিষয়ৰ আলোচনা কৰিছে), ঘোঁৰা চৱাৰী ( ভাস্কৰ্য শিল্পী দেৱীকা বৰুৱাৰ ভাস্কৰ্যৰ সন্দৰ্ভত), কলৰ জোপা আৰু কাঁচি-জোন ( সমিৰণ বৰুৱাৰ ছবিৰ সন্দৰ্ভত) আৰু দিলীপ তামুলীৰ ছবি আৰু ড্ৰয়িং কবি হিচাপেই নহয় শিল্প-সমালোচক হিচাপেও নীলমণি ফুকন নিসন্দেহে এগৰাকী অনুকৰণীয় ব্যক্তি শিল্পকৰ্মসমূহৰ গভীৰৰপৰা গভীৰলৈ গৈ সূক্ষ্মভাৱে নিমোৰ্হ বিশ্লেষণ আগবঢ়োৱাত লেখকৰ এক বিশেষ দক্ষতা আছে

            কবি নীলমণি ফুকন যে কেৱল কবি নীলমণি ফুকনেই নহয়, তেওঁ একাধাৰে এজন বুদ্ধিদীপ্ত নিবন্ধকাৰ, এজন সচেতন শিল্পসমালোচক সেয়া আলোচনাৰপৰা স্পষ্ট হৈছে শিল্পকলাক জীৱনৰ বাবে অপৰিহাৰ্য বুলি গণ্য কৰা শিল্পনুৰাগী কবিজনে এই প্ৰসংগত লিখিছেঃ মানুহৰ জীৱনত, জীৱনচযাৰ্ত শিল্পকলাৰ অপৰিহাৰ্যতাৰ প্ৰসংগত, জামাৰ্ন দাৰ্শনিক কনৰাড্‌ ফিল্ডাৰে কোন কাহানিতে কৈ যোৱা এফাঁকি কথা মাজে মাজে মনত পেলাই থাকো! ‘ ...absolutely essential if the human mind does not want to crihple itself..’ মনত পেলাওঁ একে প্ৰসংগতে, কন্‌ৰাড চাহাবৰ বহুকালৰ আগতে. আমাৰ পুৰণি শিল্পশাস্ত্ৰকাৰসকলে কৈ থৈ যোৱা কথা এই বিশাল দৃশ্যমান জগৎখনৰ আঁৰত তলত ওপৰত, অন্তৰ দেশত আৰু এখন ৰূপ বৰ্ণ ছাঁ পোহৰৰ ধ্বনিময় নীৰৱ বিস্ময়কৰ জগত আছে সেই জগতখনৰ সন্ধান আৰু উন্মোচন কৰাও মানুহৰ জীৱন ধাৰণৰ এটা মহৎ উদ্দেশ্য মানুহৰ হাজাৰ বছৰীয়া সাংস্কৃতিক বৌদ্ধিক ইতিহাসে বাৰে বাৰে তাকেই মৰণশীল মানুহক সোঁৱৰাই থাকে সভ্যতা- সংস্কৃতিৰ আৰম্ভণিৰেপৰা মানুহেই সৃষ্টি কৰা যাউতিযুগীয়া শিল্পকলা সম্পদসমূহ মানুহৰেই দুৰ্লভ মানৱিক নান্দনিক আধ্যাত্মিক ঐশ্বৰ্য, অন্য এক জীৱনবেদযিবোৰৰ চচাৰ্, গৱেষণা, প্ৰদৰ্শন, প্ৰচাৰ, সংৰক্ষণৰ কাৰণে আজি পৃথিৱীৰ দেশে দেশে নিত্য নতুন কি বিপুল আয়োজন!

(প্ৰকাশঃ সাতসৰী, মাৰ্চ, ২০১৬)

 

No comments:

Post a Comment