আবেলিৰ এখন ছবি




ট্টেফিক্ ৰ ৰেড্ ছিগ্ নেলত
কিছুসময়ৰ বাবে
আবেলিটো ৰৈ গ'ল,
গৰুকেইটা আনিবৰ সময় হ'ল |

ৰৈ যা আবেলি
ৰৈ যা,
পথাৰত পুতি লোৱা
তিনিটা খুটিৰে
আবেলিক বাধা দিয়াৰ চেষ্টা |

কিন্তু আবেলিয়েটো নামানে কাৰো বাধা |

গাঁৱৰ কোনোবা পাহুৱাল ডেকাৰ
বলিষ্ঠ এটা ক'ভাৰ ড্ৰাইভ্ত,
ধুপুচ্ কৈ আবেলিটো সৰিল
পাহাৰখনৰ সিপাৰত |


Published in SOMBHAR(Asomiya Pratidin)20th July.2014
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhBJ2Yj6Aa_jgcrqBLxiO9qYtBDCUyo0OJLgL-yuWgyGp91SW4iRpiXoVhxp9FyJZ7zo1v19zi4kVht8bjhs0_FE2CfTfzKcca3FcljHMj9eFovSsRHjn9o6i9245Jw8TRTul1txaX-q8Q/s1600/DSCN6868.JPG


No comments:

Post a Comment