/কবিতা//দুটা স্তৱক,অতীন্দ্ৰি­য়



(১)
মেজিৰ জুই
সেওঁতাৰ জুই
পাৰ্থক্য উষ্ণতা আৰু যন্ত্ৰণাৰ...

একুৰা জ্বলে
একুৰাই জ্বলায় |


(২)


অনাৱিষ্কৃত এখন খিৰিকী

একেই জুই
এফালে মই
আনফালে মোৰ ছাঁ
মই তালৈ চাইছোঁ
সিও মোলৈ
সি গুচি গ'ল
খিৰিকীৰ সিপাৰৰ আন্ধাৰবোৰ পোহৰ হ'ল
এইপাৰৰ পোহৰবোৰ আন্ধাৰ
এয়াই ৰূঢ় বাস্তৱ
চিৰন্তন সত্য|




Published in NATUNAR KAVITA_a collection of poems written by the students of N.L. College edited by Dr. Arabinda Rajkhowa
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgIP9s_3QKGWZsgRuB6NJ0D3jDteqWlIZXEjtv_vR_HT91deulkuXxFBUP4k-6g4QDJkO7-dzf2E7B1gXIzC6DjuP0GheiOojIgJdERxj9oiNg-E3tVsjrxXIFFtJI4W017CdeUWE3kaVM/s1600/DSCN6850.JPG


No comments:

Post a Comment