একবিংশ শতিকাৰ পোহৰ, এখন চাইকেলৰ সপোন আৰু স্মৃতিকাতৰ সাতোটা বছৰ


        


        প্ৰাক্‌-প্ৰাথমিকৰ দুটামান দিন ঘৰৰে ওচৰৰ হুজগাঁও প্ৰাথমিক বিদ্যালয়লৈ গৈছিলো যদিও, মোৰ শৈক্ষিক যাত্ৰাৰ প্ৰকৃত আৰম্ভণি হৈছিল ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত৷ এই কথা ভাবিলে ভাল লাগে যে–একবিংশ শতিকাৰ দুৱাৰদলিয়েদি প্ৰৱেশ কৰি শৈক্ষিক শোভাযাত্ৰাৰ পথিক হোৱা আমিয়েই প্ৰথমটো প্ৰজন্ম৷ অৱশ্যে, এটি শতিকাৰ বেলিমাৰৰ এই সন্ধিক্ষণৰ বেলিকাতো ‘এন্ধাৰ কাতিৰ নিশা’ত আমাৰ জুপুৰী-গৃহৰ পোহৰৰ উৎস আছিল–কেৰাচিন-তেলৰ এটা হাত-লেম্প আৰু  ক’লাৰঙৰ এটি পুৰণি চাকি৷ যাৰ টলমল পোহৰত পঢ়িয়েই মই আয়ত্ত কৰিছিলোঃ অ-আ-ক-খ, এক-দুই-তিনি-চাৰি৷ হয়তো ৰিণিকি ৰিণিকি শুনিছিলোঁ–নতুন শতাব্দীৰ আৱাহনী সংগীত৷ একবিংশ শতিকাৰ প্ৰথমটো বৰ্ষৰ জানুৱাৰী মাহৰ কোনোবা এটা শীতৰ পুৱাত হাতত চিলট-পুথিলৈ ঐতিহ্যমণ্ডিত গভ্‌ট এম.ভি. স্কুলৰ ছাত্ৰ হৈছিলোগৈ৷

        মফচলীয় চহৰখনৰ কেন্দ্ৰত অৱস্থিত, শতাব্দী-প্ৰাচীন আমাৰ স্কুলখনলৈ সেইসময়ত ঢকুৱাখনা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ পঢ়িবলৈ আহিছিল৷ স্কুলৰ পিছফালে কেইগৰাকীমান শিক্ষক-কৰ্মচাৰীৰ আবাসগৃহ আছিল, তাৰো পিছফালে দক্ষিণ দিশত দূৰৰ ছাত্ৰসকলে মেছ কৰি থাকিছিল৷ প্ৰায় সকলো ঘৰেই আছিল বাঁহ-বেত-খেৰৰ, দুই-এটাত ৰং যোৱা টিনপাত৷ মেছৰ সন্মুখতে থকা সৰু পথাৰখনতে খুটি তিনিটা পুতি কেতিয়াবা কেতিয়াবা টেণ্ডুলকাৰ-গাংগুলী হোৱাৰ আখৰা কৰা হৈছিল৷ অৱশ্যে খেলপথাৰৰ অভাৱ আমাৰ নাছিল–স্কুলৰ আগফালে বৃহত্তৰ ৰাজহুৱা খেলপথাৰ, পাছফালে আৰু এখন খেলপথাৰ৷ চহৰৰ মাজমজিয়াতে অৱস্থিত হোৱাৰ বাবে আমাৰ স্কুলখন হৈ পৰিছিল বিভিন্ন ভাষা-সম্প্ৰদায়, ধৰ্ম-সম্প্ৰদায় আৰু ভিন্ন জাতিগত পৰিচয়ৰ শিক্ষাথ¹ৰ সমন্বয়স্থলী৷ এই পৰিৱেশটো গাঁৱৰ স্কুলবোৰত সম্ভৱতঃ পোৱা নগৈছিল৷ মোৰ বন্ধুমহলৰ কোনোবা কেইগৰাকীমান আছিল ঢকুৱাখনা চাৰিআলিৰ বাংলা-ভাষী, বিহাৰী অথবা মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যৱসায়ী-পৰিয়ালৰ সন্তান, কোনোবা এজন মানিকপুৰৰ মুছলমান, কোনোবাজন মাতমৰাৰ মিচিং- বাঁহপৰাৰ আহোম৷ ঘৰুৱা আৰ্থিক অৱস্থাৰ ক্ষেত্ৰতো আমাৰ মাজত ভিন্নতা আছিল৷ লুইতৰ বলিয়া-বানত মাটি হেৰুৱা নৈপৰীয়া কৃষক, দিনহাজিৰা কৰা শ্ৰমিক, সাধাৰণ খেতিয়ক, কাঠমিস্ত্ৰী, মেকানিক, ভেন্সাৰ স্কুলৰ শিক্ষকৰ পৰা চৰকাৰী কৰ্মচাৰীচ–দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ কেইবা শতাধিক সন্তানৰ এক উমৈহতীয়া পৰিচয় আছিল–ঢকুৱাখনা গভ্‌ট এম.ভি. স্কুল৷ বগা চাৰ্ট আৰু নীলা ৰঙৰ হাফপেটো আছিল বৈচিত্ৰ্যৰ মাজত আমাৰ একতাৰ প্ৰতীক–জাৰৰ দিনত আমি ডাঠ ৰঙা ৰঙৰ চুৱেটাৰ পিন্ধিছিলো৷ স্কুলত লাভ কৰা এই বৰ্ণাঢ্য পৰিৱেশটোৱে,  আমাক নজনাকৈয়ে সমৃদ্ধ কৰিছিল বহুত–শিকাইছিল উদাৰতাৰ আদিপাঠ, কঢ়িয়াই আনিছিল সমন্বয়ৰ বাৰ্তা, দিছিল ভাতৃত্ববোধৰ শিক্ষা৷ ইতিমধ্যে ঢকুৱাখনাত ব্যক্তিগত খণ্ডৰ কেইবাখনো স্কুল প্ৰতিষ্ঠা হৈছিল৷ ভাল আৰ্থিক অৱস্থাৰ পৰিয়ালসমূহৰ অধিকাংশৰে পচন্দ আছিল এইকেইখন স্কুল৷ অৱশ্যে সেই সামৰ্থ আমাৰ ঘৰত নাছিল, হয়তো নাছিল আগ্ৰহো৷ ‘‘এইখন স্কুলতে হোমেন বৰগোহাঞি পঢ়িছিল, এইখন স্কুলতে চন্দ্ৰধৰ চমুৱা পঢ়িছিল, ইয়াত পঢ়িয়েই বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে৷’’–এনেদৰেই বহুতেই অনুপ্ৰাণিত কৰিছিল আমাক, উৎসাহিত কৰিছিল আমাৰ শিশু-মনটোক৷ পাছত প্ৰাক্তন ছাত্ৰ হোমেন বৰগোহাঞিৰ ৰচনাৰ বিভিন্ন ঠাইত আমাৰ স্কুলখনৰ বিষয়ে লিখা কথাবোৰ পঢ়ি গৌৰৱবোধ কৰিছিলো, আজিও কৰোঁ৷  [দ্ৰষ্টব্য ঃ ‘‘মই গোটেই জীৱন ধৰি অসমীয়া গদ্য লিখিবলৈ যি সাধনা কৰি আছো সেই সাধনাৰ দীক্ষাগুৰু আছিল ঢকুৱাখনা মজলীয়া স্কুলৰ মোৰ শিক্ষাগুৰুসকল৷ যি দুটা পুথিভঁৰালে মোৰ জীৱনৰ ওপৰত দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাইছে তাৰে এটা হ’ল ঢকুৱাখনা মজলীয়া স্কুলৰ ক্ষুদ্ৰ পুথিভঁৰালটো৷’’, ‘‘মই ঢকুৱাখনা মজলীয়া স্কুলত প্ৰবেশ কৰিছিলো কুৰি শতিকাৰ তৃতীয় দশকত, স্কুলখনৰ পৰা ওলাই আহিছিলো চতুৰ্থ দশকৰ মাজভাগত৷...মোৰ মানসপটত নজহা-নপমা হৈ জিলিকি আছে তাৰ ছবিখন৷ আমাৰ স্কুলৰ প্ৰকাণ্ড হাউলিটোত প্ৰধান শিক্ষকৰ চৰকাৰী ঘৰ, কেবাজনো প্ৰবসুৱা শিক্ষকে নিজে সাজি লোৱা পৰ্ণ-কুটিৰ আৰু দূৰ-দূৰণিৰপৰা পঢিবলৈ অহা ছাত্ৰসকলৰ জুপুৰি বৰ্ডিং ঘৰবোৰৰ উপৰি আছিল এখন ডাঙৰ ফুলনি৷’’ ‘ঢকুৱাখনা মজলীয়া স্কুলৰ স্মৃতি’, শতপঞ্চবিংশতিতম মহোৎসৱৰ স্মৃতিগ্ৰন্থ, পৃ.২২-২৩]            

        হোমেন বৰগোঞি-কথিত স্কুলখন আমি একেৰূপত পোৱা নাছিলো যদিও, সেই ঐতিহ্যৰ পোহৰ স্কুলৰ সেউজীয়া পৰিৱেশ আৰু পুৰণি-ঘৰকেইটাত অৱশিষ্ট-ৰূপত কিছুপৰিমাণে আছিল৷ চৌহদৰ সন্মুখভাগৰ ফুলগছবোৰে আমাৰ স্কুলখনক প্ৰদান কৰিছিল অনন্য গাম্ভীৰ্য আৰু সৌন্দৰ্য৷ প্ৰধান-শিক্ষকৰ কাৰ্যালয়ৰ পিছফালে থকা ডাঙৰ আঁহত জোপাৰ তলত সভা-সমিতি বহিছিল, গৰমৰ দিনত প্ৰায়ে পাঠদান হৈছিল চৌহদৰ গছবোৰৰ সুশীতল ছাঁত৷ পাঠদান শেষ হোৱাৰ পাছত, সন্মুখৰ তেতেলীকেইজোপাৰ তলতে পাপালৈ বুলি ৰৈ থাকোঁ৷ তেতিয়াৰ ভেন্সাৰ স্কুলৰ প্ৰধান শিক্ষক মোৰ দেউতাও আছিল এই স্কুলৰে প্ৰাক্তন ছাত্ৰ৷ পাপাৰ পুৰণি ক’লাচানেকীয়া হিৰ’ চাইকেলখনৰ আগফালৰ ধামডালত মোৰ বাবে সংযোগ কৰি লোৱা সৰু গাৰুটোত বহিয়েই মোৰ পঢ়াশালি-যাত্ৰাৰ আৰম্ভ হৈছিল৷ যিহেতু স্কুলৰ পৰা মোৰ ঘৰৰ দূৰত্ব ইমানো বেছি নাছিল[প্ৰায় এক কিলোমিটাৰ], সেয়েহে পিছলৈ খোজেৰেই গৈছিলো৷ ওখোৰা মোখোৰা বাটটোৰে গৈ থাকোতেই এটা-দুটাকৈ লগ হৈ এজুম হৈ স্কুলৰ গেটত সোমাইছিলো৷ মাণিকপুৰৰ মছজিদটোৰ ওচৰতে ফুলচান ৰৈ থাকে, জৈন মন্দিৰটোৰ ওচৰতে অংগডৰ ঘৰ৷ নানা কথা-নানা চিন্তাৰে ভৰা আছিল সেই বাট৷ খেলৰ কথাৰ পৰা গানৰ কথা, ‘শক্তিমান’-‘জুনিয়ৰ জি’ৰ কথাৰ পৰা চাইকেলৰ কথা৷ স্কুলত পঢ়ি থকা সেই সময়ছোৱাত যিটো সপোনে মোক আটাইতকৈ বেছি খেদি ফুৰিছিল ঃ সেইটো আছিল এখন চাইকেলৰ সপোন৷ এখন চাইকেল পালেই যেন বতাহ-বেগেৰে মই অতিক্ৰম কৰি পেলাম সমগ্ৰ পৃথিৱী–চাৰিকড়ীয়াৰ দলঙত ৰৈ চাম আবেলিৰ বেলি৷ বিভিন্ন কাৰণত গভ্‌ট এম.ভি. স্কুলত পঢ়ি থকা সময়ছোৱাত চাইকেল এখন লোৱা নহ’ল৷ এখন চাইকেল থকা হ’লে স্মৃতিবোৰ চাগে আৰু কিছু বেলেগ হ’লহেঁতেন৷ 

        শৈশৱ-কৈশোৰৰ এছোৱা গুৰুত্বপূৰ্ণ সময় স্কুলখনত অতিবাহিত কৰিছিলো৷ অবুজ শিশু হৈ গৈছিলো, উভতি আহিছিলো বয়ঃসন্ধিৰ বহুত প্ৰশ্ন লৈ৷ জীৱনৰ এই গুৰুত্বপূৰ্ণ সময়ছোৱাত প্ৰত্যেকগৰাকী ছাৰ-বাইদেৱে আমাক যেনেকৈ উৎসাহিত আৰু অনুপ্ৰাণিত কৰিছিল, পঢ়া-শুনাৰ ক্ষেত্ৰত যেনেকৈ যত্ন লৈছিল, বৰ্তমানৰ দৰে ‘চৰকাৰী বিদ্যালয়’ত পঢ়াৰ হীনমন্যতা কেতিয়াও আমাৰ মনত গা কৰি উঠা নাছিল৷ বৃত্তি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আমাক ছুটীৰ শেষত অতিৰিক্ত ক্লাছো কৰা হৈছিল৷ প্ৰধান শিক্ষক হিচাপে আমি পাইছিলো–আমাৰ গাঁৱৰে নবীনচন্দ্ৰ দাস ছাৰক, জ্যেষ্ঠ শিক্ষক ভূধৰ দাস ছাৰ [সম্পৰ্কত মোৰ ককা] আছিল মোৰ বাবে সাহস৷ খগেন বৰুৱা ছাৰ, দেব কুমাৰ গগৈ ছাৰ, মিণ বৰুৱা ছাৰ আদি জ্যেষ্ঠ শিক্ষকে তেওঁলোকৰ প্ৰজ্ঞা আৰু অভিজ্ঞতাৰে আমাক সমৃদ্ধ কৰিছিল৷ ডিম্বেশ্বৰ চাংমাই ছাৰ, অৰুণ গগৈ ছাৰ, ৰমনী দত্ত ছাৰ, ৰুণু বাইদেউ, স্বৰ্ণ বাইদেউ, অমিয়া বাইদেউ, পদ্মা বাইদেউ[বৰ্তমানৰ প্ৰধান শিক্ষক], বীণা বাইদেউ, নৰেন শইকীয়া ছাৰ, জীৱন গগৈ ছাৰ, সুনীল ছাৰ, অঞ্জু বাইদেউ, ৰুমী বাইদেউ, লিপিকা বাইদেউ আদিয়ে গঢ়ি দিছিল আমাৰ শৈক্ষিক যাত্ৰাৰ মজবুত ভেটি৷ ডিম্বেশ্বৰ জেঠু আৰু হীৰা কাই আছিল মোৰ অভিভাৱকৰ দৰে৷ নিয়মীয়া পাঠদানৰ লগতে বিভিন্ন কাৰ্যসূচীৰে এটা সুস্থ শৈক্ষিক-বৌদ্ধিক-সাংস্কৃতিক বাতাবৰণ গঢ়ি তুলিবলৈ শিক্ষাগুৰুসকলে অহোপুৰুষাৰ্থ কৰিছিল৷ পুৱাৰ প্ৰাৰ্থনাসভাত দৈনিক বাতৰিকাকতৰ শিৰোনাম, মহৎলোকৰ বাণী পঢ়িবলৈ দিয়া হৈছিল৷ স্কুলৰ সমীপৰ গগৈ কমাৰ্চিয়েল অথবা গগৈ ব্ৰাডাৰ্ছৰ পৰা বাতৰি কাকত-আলোচনী কিনি পঢ়িছিলো৷ আমি পঞ্চমমানত থাকোতে নতুনকৈ ‘ৰংমন’ ওলাইছিল–‘ৰংমন’ৰ আৰ্হিৰে তেতিয়া কাৰ্টুন অঁকাৰ চেষ্টা এটাও কৰিছিলো৷ গীত-কবিতা-বক্তৃতা আদি বিভিন্ন অনুষ্ঠানেৰে আমাৰ স্কুলৰ শনিবৰীয়া আবেলিবোৰ মুখৰিত হৈছিল৷ বাৰ্ষিক অধিৱেশনত কবিতা-আবৃতি, গীত-পৰিৱেশন কৰাটো সকলোৰে বাবে আছিল বাধ্যতামূলক৷ বিশেষকৈ জ্যোতি সংগীত, ৰাভা সংগীত আৰু পাৰ্বতি প্ৰসাদৰ গীত৷ নিজৰ বেসুৰীয়া কণ্ঠৰে মঞ্চত থিয় হৈ ‘বনৰীয়া আমি বনৰ চৰাই, বনে বনে ফুৰো অনাই বনাই’ গাইছিলো৷ সংগীতৰ প্ৰতি জয়ন্তৰ তেতিয়া সাংঘাতিক ৰাপ আছিল–গানৰ কথাবোৰ সুকীয়া বহী এখনত সি লিখি ৰাখিছিল৷ এনেকুৱা আটকীয়া বহী এখন অৱশ্যে মোৰো আছিল–য’ত বাতৰিকাকতৰ পৰা কাটি ফিল্ম-ষ্টাৰ আৰু ক্ৰিকেটাৰৰ ছবিবোৰ ভাতৰ আঠাৰে লগাই ৰাখিছিলো৷  বহী-কিতাপত জিল লগাবলৈ গগৈ কমাৰ্চিয়েলৰ পৰা কিনি অনা ‘স্পৰ্টছ্‌-ষ্টাৰ’ৰ ষ্টাৰসকলে এই বহীতে স্থান লাভ কৰিছিল৷ আমাৰ জুনিয়ৰ এজনে খুউব ভাল গান গাইছিল তেতিয়া–সভা-সমিতিবোৰত সি প্ৰায়ে পুলক বেণাজ¹ৰ ‘ফুলৰে এই মেলাতে’ গাইছিল৷ আমিও তাৰ লগতে সুৰ মিলাই গাইছিলো–গা পা পা পা...গা পা ধা নি ধা পা মা গা মা..৷ ইতিমধ্যে জুবিনৰ হাৱা গাঁৱে-ভূঞে ভালকৈ বলিছিল৷ দূপৰীয়া দুই-এঘৰৰ ডেক্‌ত উচ্ছস্বৰে বাজিছিলঃ ‘চিনাকি মন’, ‘লাজুকী মন’ৰ গান৷ তেতিয়া মোৰ সংগীত-তৃষ্ণা নিবাৰণৰ একমাত্ৰ মাধ্যম আছিল–‘আকাশবাণী ডিব্ৰুগড়’৷ ‘আজিৰ দিনটো’ৰে আৰম্ভ হোৱা দিনবোৰ তেতিয়া শেষ হৈছিল ‘জংগম’ৰ এটা খণ্ড অথবা ‘এটা নিৰ্জন দ্বীপত’ বা আন কোনো নাটকৰ শিহৰণকাৰী কোনো এক অধ্যায়ত৷ স্কুলত আমি নাটকো কৰিছিলো–পৰীক্ষাৰ অংশ হিচাপে ঘৰত কৰি অনা হাতৰ কাম জমা দিছিলো ঃ খৰাহী-বিচনি অথবা বাঢ়নী৷ স্কুলৰ এই পৰিৱেশে আমাক লিখা-মেলা কৰিবলৈও অনুপ্ৰাণিত কৰিছিল৷ সৰু আঁচ টনা বহী এখনত অলেখজনৰ দৰে এই অভাজনেও প্ৰাথমিক-স্তৰতেই কবিতা লিখাৰ আখৰা কৰিছিলো৷ ফুল-চৰাই আৰু নদীৰ কবিতা ঃ গধূলি-গোপাল, ঘৰচিৰিকা অথবা চাৰিকড়ীয়াৰ কবিতা৷ মই দ্বিতীয় শ্ৰেণীত লিখা কবিতা এটাৰ প্ৰথম পাঠক আছিল ডিম্বেশ্বৰ চাংমাই ছাৰ৷ ছাৰে মোক উৎসাহিত কৰিছিল তেতিয়া৷ জীৱন-ছাৰকলৈও কবিতা এটা লিখিছিলো৷ হাইস্কুল-হায়াৰ চেকেণ্ডাৰীত পঢ়ি থাকোতে বহুত কবিতা লিখিছিলো যদিও ‘কবি’ হ’বগৈ অৱশ্যে নোৱাৰিলো৷ স্কুলৰ বাওঁফালে থকা ডাকঘৰটোৰ পৰা পোষ্টকাৰ্ড কিনি তেতিয়া  আমি ‘ওমলা ঘৰ’লৈ চুটি-চুটি লেখা পঠিয়াইছিলো–কবিতা, সাঁথৰ অথবা মহৎ-লোকৰ বাণী৷ জয়ন্তৰো লেখা ওমলা-ঘৰত ওলাইছিল৷ বাতৰি-কাকতৰ ছপা-আখৰত নিজৰ নামটো দেখি আনন্দত আত্মহাৰা হোৱাৰ সময় আছিল সেয়া৷ তেতিয়া ঢকুৱাখনাৰ মাজমজিয়াত অৱস্থিত ‘ধৰমশালা’ত মাজে-সময়ে ক্ষুদ্ৰ গ্ৰন্থমেলা আৰু মুকলি-কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ ‘তাৰজান’ৰ কাহিনী বিচাৰি মই গ্ৰন্থমেলা চলাথ কৰিছিলো আৰু মুকলি-কুইজত উত্তৰ দি চকলেট বুটলিছিলো৷ পাঠ্য-পুথিৰ বাহিৰত থকা জ্ঞান-চৰ্চা আৰু সৃষ্টিশীলতাৰ মুকলি পথাৰখনত বিচৰণ কৰাৰ এই পৰিৱেশ আমি আমাৰ স্কুলখনৰ পৰাই পাইছিলো৷

        ‘বৰগছ নথকা ঠাইত এৰাগছেই বৰ গছ’ হোৱাৰ দৰে শ্ৰেণীৰ প্ৰথম দুটা স্থানৰ ভিতৰত এটা মই নিজৰ দখলত ৰাখিব পাৰিছিলো৷ প্ৰথম বেঞ্চত বহাৰ সুবাদতে পাৰিলে প্ৰশংসা আৰু নোৱাৰিলে লাভ কৰিছিলো ‘চেকনিৰ আগৰ বিদ্যা’৷ দুবাৰমান প্ৰথম স্থানটো জ্ঞানদ্বীপে অধিকাৰ কৰিছিল [জ্ঞানদ্বীপ বৰুৱা, বৰ্তমান শিক্ষকতা বৃত্তিৰে জড়িত]৷ স্কুলত এটা নিয়ম আছিল ঃ প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰিলে আৰু কোনো বিষয়ত সবোৰ্চ্ছ নম্বৰ লাভ কৰিলে একোখনকৈ কিতাপ উপহাৰ হিচাপে দিয়া হয়৷ ‘বাহিৰা কিতাপ’ৰ প্ৰতি সৰুৰে পৰা মোৰ সাংঘাতিক আগ্ৰহ৷ উপহাৰ হিচাপে কিতাপ পোৱাটো সেয়েহে মোৰ বাবে আছিল এক বিশেষ প্ৰাপ্তি৷ ‘ৱিনচাং পেনে’ৰে কিতাপৰ বিভিন্ন পৃষ্ঠাত নিজৰ নামটো ডাঠকৈ লিখি থৈছিলো৷ মোৰ যিমান দূৰ মনত আছে–উপহাৰ হিচাপে পোৱা প্ৰথমখন কিতাপ আছিল ‘জ্যোতিপ্ৰসাদৰ গীত’৷ যদিও উচ্ছ-শিক্ষাত গণিত পঢ়া নহ’লগৈ, কিন্তু স্কুলীয়া জীৱনত গণিতৰ প্ৰতি আছিল মোৰ অগাধ প্ৰীতি–অংক মোৰ বাবে কেতিয়াও আতংক নাছিল৷ দ্বিতীয় শ্ৰেণীত অংকত এশ শতাংশ নম্বৰ পোৱাৰ বাবেই এই কিতাপখন পাইছিলো৷ মই আৰু জ্ঞানদ্বীপ যেতিয়া এল.পি. বৃত্তি পৰীক্ষাত উৰ্ত্তীণ হৈছিলো, তেতিয়া অভিনন্দন-অনুষ্ঠান পাতি আমাক কেইবাখনো কিতাপ উপহাৰ দিয়া হৈছিল৷ এনেদৰে গোট খোৱা কিতাপবোৰ আমি ভগাই পঢ়িছিলো৷ দেৱজিতৰ পৰা প্ৰায়ে সাধু কিতাপবোৰ নিছিলো আৰু দুদিনমানতে পঢ়ি শেষ কৰি ঘূৰাই দিছিলো৷ কিতাপৰ নিৰ্বাচনত আমাৰ সচেতনতা যদিও নাছিল, স্কুলত গঢ় লৈ উঠা এই অভ্যাসটোৱে কিতাপ ভাল পাবলৈ শিকাইছিল৷

        স্কুলত পঢ়ি থকা কালত শাৰিৰীকভাৱে মই কিছু দুৰ্বল আছিলো–তুলনামূলকভাৱে ক্ষীণ৷ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ আছিল যদিও খেলা-ধূলাৰ প্ৰতি আগ্ৰহ আছিল কম৷ খেলত পাৰদৰ্শিতা দেখুৱাব নোৱাৰাটোৱে আছিল তাৰ অন্যতম কাৰণ৷ তথাপিও জিৰণি-পিৰিয়দত কাবাডী, ক্ৰিকেট, ফুটবল খেলত সক্ৰিয় অংশগ্ৰহণ কৰিছিলো৷ খেলা-ধূলাত পাৰদৰ্শিতা নথকা মোক যেতিয়া দেৱ গগৈ ছাৰে ‘তই অসম টীমৰ এজন কাব [cub] হিচাপে অহা মাহৰ দুই তাৰিখে মিজোৰামৰ আইজললৈ যাব লাগিব৷’ বুলি কৈছিল, তেতিয়া মই আচৰিতেই হৈছিলো৷ স্কুলত আমাৰ স্কাউট-গাইড বিষয়ক পাঠ এটা আছিল৷ পাঠটো পঢ়ি কাব-বুলবুল, স্কাউট-গাইড, ৰ’ভাৰ-ৰেঞ্জাৰ শব্দকেইটাৰে পৰিচিত হৈছিলো যদিও কৰিবলগীয়া কাম সম্পৰ্কে বিশেষ ধাৰণা নাছিল৷ ব্যৱহাৰিক জ্ঞান আৰু শাৰিৰীক অনুশীলনেৰে অতি কম দিনৰ ভিতৰতে প্ৰস্তুত হৈ প্ৰথম ঘৰৰ পৰা ইমান দূৰলৈ গৈছিলো৷ ম’বাইল ফোন নথকাৰ সময় সেয়া–ঘৰৰ সৈতে যোগাযোগ বিছিন্ন৷ প্ৰথম গুৱাহাটী দেখিছিলো, মেঘাছন্ন শ্বিলং দেখি আচম্বিত হৈছিলো, মিজোৰামৰ বাটত চুই চাব পৰা দূৰত্বত মেঘবোৰে আহি মেলা পাতিছিলহি৷ আইজলৰ সুদৃশ্য পাহাৰ এটাত আমাৰ বাবে সাজি থোৱা কেম্প এটাত নদিন থাকিছিলো৷ অসম টীমৰ হৈ ফুটবল খেলিছিলো, কাবাদী খেলিছিলো, নাচিছিলো, হিন্দীত কথা পাতিছিলো, গান গাইছিলো–‘হম হে চোটে চোটে বাল, হমাৰি লেনা টু চম্ভাল৷’ উত্তৰ-পূবৰ সকলো ৰাজ্যৰ দলবোৰৰ সৈতে মত বিনিময় আৰু সাংস্কৃতিক বিনিময়ৰ এয়া আছিল এক বিৰল সুযোগ, এক অনন্য অভিজ্ঞতা৷ আমাৰ এই অনুষ্ঠানৰ তত্ত্বাৱধায়ক হিচাপে আছিল প্ৰয়াত দেৱ গগৈ ছাৰ৷ কলেজত পঢ়ি থাকোতে যেতিয়া জাপানলৈ আন্তৰ্জাতিক সন্মিলন এখনৰ ভাৰতীয় প্ৰতিনিধি হৈ যোৱাৰ সুযোগ লাভ কৰিছিলো, স্কুলৰ সেই অভিজ্ঞতাইও মোক সহায় নকৰাকৈ নাছিল৷ 

        মই ষষ্ঠ নে সপ্তমত থাকোতে স্কুলৰ সাধাৰণ সম্পাদকো হৈছিলো৷ আঁহত গছজোপাৰ তলতে নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ ক’লা-বৰ্ড এখনত কোনোবা এজনে প্ৰাথ¹ৰ নাম আৰু প্ৰাপ্ত ভোটৰ সংখ্যা লিখি গৈছিল৷ যিমান দূৰ মনত পৰে, গৰিষ্ঠ সংখ্যকে হাত দাঙি ভোট দিছিল মোক৷ সাধাৰণ সম্পাদক হিচাপে সীমিত জ্ঞানেৰে বিভিন্ন সৃষ্টিশীল কামৰ উদ্যোগ লৈছিলো–সামাজিক নেতৃত্ব দিয়াৰ আদিপাঠ শিকিছিলো৷ পৰৱৰ্তী সময়তো ছাত্ৰ-ৰাজনীতিৰ সৈতে বিভিন্ন পৰ্যায়ত মই সক্ৰিয়ভাৱে জড়িত হৈছো৷ নৰ্থ লখিমপুৰ কলেজৰ সাহিত্য আৰু আলোচনী সম্পাদক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আলোচনী সম্পাদক হৈ যিখিনি সৃষ্টিশীল কাম কৰাৰ চেষ্টা কৰিছিলো, তাৰো আৰম্ভণি-বিন্দু ঢকুৱাখনা গভ্‌ট এম.ভি স্কুল৷

        আমি আছিলো সৰ্বশিক্ষা অভিযানৰ প্ৰথমটো বেট্‌ছ আৰু মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত শেষৰটো প্ৰজন্ম৷ আমাৰ পিছৰ বছৰটোৰ পৰা স্কুলত মধ্যাহ্ন ভোজন আৰম্ভ হৈছিল৷ কিন্তু আমি সুযোগ এৰা বিধৰ নাছিলো–মই, জয়ন্ত আৰু দুটা মানে বিদ্যালয়ৰ পিছফালে থকা স্মৃতিপ্ৰিয়াহঁতৰ ঘৰৰ পৰা কাঁহী আনি ভোজনৰ শাৰীত প্ৰায়ে বহিছিলো৷ স্কুলৰ পৰা অহাৰ বাটত  সুবিখ্যাত ‘ধীৰেন দত্তৰ দোকান’ৰ পৰা দুটকাৰ মিক্সাৰ কিনি খাই খাই অহাটো একপ্ৰকাৰৰ অভ্যাসত পৰিগণিত হৈছিল৷ 

দোকানৰ ওচৰতে থকা তিনিমহলীয়া ইউ. বি. আই. বেংকৰ বিল্ডিংটোৰ ওপৰ মহলালৈ গৈ ঢকুৱাখনা চাৰিআলিৰ পৰিসীমাৰ বুজ লৈছিলো৷ এইবোৰৰ মাজতে বিচাৰি পাইছিলো–পৰম সুখ আৰু জীৱনৰ আনন্দ৷ 

        স্কুলৰ দিনলৈ মনত পেলালে আৰু এটা ঘটনা পোনছাটেই মনলৈ আহে–ৰাজহুৱা খেলপথাৰত হোৱা বোমা বিস্ফোৰণৰ সেই মুহূৰ্তটো৷ ২০০৪ চনৰ ১৫ আগষ্টৰ কথা সেয়া৷ ধেমাজিৰ সেই নৃশংস বিস্ফোৰণৰ লগতে আমাৰ স্কুল ফিল্ডটো সেইদিনা বোমা ফুটিছিল৷ যি বিস্ফোৰণৰ আমি আছিলো প্ৰত্যক্ষ-সাক্ষী৷ কিছুসময়ৰ আগতে বিস্ফোৰণে উৰুৱাই নিয়া বেদীটোৰ ওচৰতে মই থিয় হৈ আছিলো৷ আমাৰ ভাগ্য ক’ৰবাত ভাল আছিল, সেইদিনা কোনো হতাহত নহ’ল৷ হোৱাহেঁতেনো চাগে পাহৰণিৰ গৰ্ভত সেয়া হেৰাই গ’লহেঁতেন, দোষী প্ৰমাণিত হ’লহেঁতেন–নিৰ্দোষী৷ তেতিয়া আমি একো বুজা নাছিলো–কিয় মাৰি পেলোৱা হৈছিল ধেমাজিৰ কণমানিকেইটাক, কিয় হত্যা কৰাৰ চেষ্টা কৰা হৈছিল আমাক৷ অগ্নিগৰ্ভা অসমৰ সমকালীন পৰিস্থিতিয়েও আমাৰ শিশুমনক বাৰুকৈয়ে জোকাৰি গৈছিল৷

        আৰু বহু কথা, বহু স্মৃতি জড়িত হৈ আছে সেই সাতোটা বছৰৰ সৈতে৷ আনন্দ-স্ফূৰ্তি, হাঁহি-দুষ্টামিৰে ভৰা ক’লা-বগা বহু ছবিৰ সমাহাৰ সেই দিন, সেই ৰাতি৷ আমাৰ জীৱনৰ ভেটি গঢেঁ.াতা মোৰ স্কুলখনলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা৷ ঢকুৱাখনাৰ বৌদ্ধিক ইতিহাসৰ কেন্দ্ৰস্থল ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয় আমাৰ সম্পদ, আমাৰ গৌৰৱ আৰু আমাৰ স্বাভিমান৷

 

[লেখাটো প্ৰস্তুত কৰাত স্কুলীয়া বন্ধু জয়ন্তই[জয়ন্ত মাধৱ গোহাঁই] বহুখিনি সহায় কৰিলে৷ জয়ন্ত বৰ্তমান দুলীয়াজানত এটি তৈল কোম্পানীৰ ভূ-বিশ্লেষক হিচাপে কৰ্মৰত৷ স্কুলৰ এই স্মৃতিকথা লিখাৰ সময়ত সহপাঠী তথা বন্ধু জ্ঞানদ্বীপ, ডেনিজ, দেৱজিৎ, মিলি, চিন্তু, অভিজিত, প্ৰণৱ, হৰিপ্ৰসাদ, মিথুন, ফুলচান, ৰাতুল, বিষ্ণু, ৰণজিৎ, ধনজিৎ, পাৰ্থ, দীপৰঞ্জন, লোহিত, অসীম, পংকজ, কন্দৰ্প আদি বহুতলৈয়ে মনত পৰিছে৷ সকলোলৈ মোৰ অশেষ শুভেচ্চা৷ ]

প্ৰকাশঃ ডেৰশ বছৰীয়া জয়ন্তীৰ স্মাৰকগ্ৰন্থ, ২০২৩

No comments:

Post a Comment