অসমৰ উচ্চ শিক্ষা আৰু নিবনুৱা সমস্যা

       aakhar.in
(সম্পাদকীয়ঃ অসমীয়া ই আলোচনী ‘আখৰ’- ৰঙালী বিহু বিশেষ ২য় সংখ্যা)
এখন দেশৰ সামগ্ৰিক বিকাশৰ বাবে সংশ্লিষ্ট দেশখনৰ মানৱ সম্পদৰ উন্নয়নৰ প্ৰয়োজন। এখন উন্নয়নশীল দেশ হিচাপে ভাৰতবৰ্ষৰ বাবে মানৱ সম্পদৰ উন্নয়ন সাম্প্ৰতিক সময়ত এক প্ৰত্যাহ্বান।এই প্ৰত্যাহ্বানক অতিক্ৰম কৰি দেশখনৰ সামগ্ৰিক বিকাশ সম্ভৱপৰ কৰি তুলিবলৈ বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও দেশখনে এইক্ষেত্ৰত সফলতা লাভ কৰিবলৈ এতিয়াও বহুত বাকী।সি যি কি নহওক দেশ এখনৰ মানৱ সম্পদৰ বিকাশত উচ্চ-শিক্ষাৰ ভূমিকাক অস্বীকাৰ কৰিব নোৱাৰি।উচ্চ শিক্ষাই উন্নত কাৰিকৰী জ্ঞান সম্পন্ন লোক,পৰিচালনা দক্ষতাৰ অধিকাৰী ব্যক্তি,উচ্চ পৰ্যায়ৰ গৱেষক,বিজ্ঞানী আদিৰ সৃষ্টি কৰে আৰু মানৱ সম্পদৰ বিকাশ বাস্তবায়িত কৰে।
দেশ এখনৰ সামগ্ৰিক বিকাশত উচ্চ শিক্ষাৰ এনে গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত ১৯৬৬ চনৰ কোঠাৰী আয়োগ (Kothari Commission,1964-66) এ উল্লেখ কৰিছিল আৰু মন্তব্য আগবঢ়াইছিল যে “One of the major programmes in reconstruction is the development of our human resources and in this there can be no limit to the education to be provided’’.  National Policy on Education NPE-1986)ও একেধৰণৰ মন্তব্য আগবঢ়াইছে আৰু কৈছে “Education develops manpower for different levels of the economy. It is also the substrate on which research and development flourish, being the ultimate guarantee of national self-reliance. In sum, Education is a unique investment in the present and the future. This cardinal principle is the key to the National Policy on Education”. তদুপৰি উল্লেখ কৰিছে যে,“Higher education provides people with an opportunity to reflect on the critical social, economic, cultural, moral and spiritual issues facing humanity. It contributes to national development through dissemination of specialized knowledge and skills. It is therefore a crucial factor for survival”. কিন্তু কিমানদূৰ অসমৰ উচ্চ শিক্ষাই অসমৰ মানৱ সম্পদৰ বিকাশ সাধন কৰিছে সেয়া সন্দেহজনক। অপ্ৰিয় সত্য যে অসমৰ তত্ত্বসৰ্বস্ব শিক্ষা ব্যৱস্থাই মানৱ সম্পদৰ বিকাশ সাধন কৰাতকৈ মানৱ সম্পদৰ অপচয় সাধন কৰা পৰিলক্ষিত হৈছে। ফলত আমি শিক্ষিত নিবনুৱা নামৰ এচাম মানৱ সম্পদ(?) লাভ কৰিছো।ইয়াৰ অন্তৰালত বহুতো সমস্যা আছে যিবোৰে অসমৰ পটভূমিত উচ্চ শিক্ষা প্ৰকৃত লক্ষ্যত উপনীত হোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে।


সমস্যাৰে জৰ্জৰিত অসমৰ উচ্চ-শিক্ষা:
অসমৰ শিক্ষাব্যৱস্থা আৰু নিবনুৱা সমস্যাৰ সম্পৰ্কত সামগ্ৰিক ভাৱে আলোচনা কৰাৰ পূৰ্বে অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ সন্দৰ্ভত আলোচনাৰ প্ৰয়োজনীয়তা আছে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বিগত দশকটোত কিছুমান নতুন সমস্যাৰ অন্তৰ্ভূক্তিয়ে অসমৰ সমগ্ৰ শিক্ষাব্যৱস্থাটোকে এক ভয়াবহ সংকটৰ দিশে লৈ গৈছেসম্প্ৰতি ‘নামভৰ্ত্তিৰ সমস্যা’টো অসমৰ উচ্চশিক্ষাৰ এটা অন্যতম সমস্যাবিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে যে প্ৰতিবছৰে অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সংখ্যাৰ অনুপাতে সকলোৱে নামভৰ্ত্তি কৰিব পৰাকৈ অসমত উচ্চ শিক্ষানুষ্ঠান নাই, যি এক বুজন সংখ্যক ছাত্ৰ-ছাত্ৰীক এক অনিশ্চিত ভৱিষ্যতৰ দিশে ঠেলি দিছে ফলত এক গুৰুতৰ শৈক্ষিক আৰু সামাজিক সমস্যাৰ উদ্ভৱ হৈছে স্নাতকোত্তৰ শ্ৰেনীত নামভৰ্ত্তিকৰণৰ বিষয়টো ইয়াতকৈ গুৰুতৰ হিচাপে চিহ্নিত হৈছে।বিশ্ববিদ্যালয়সমূহৰ অন্তৰ্গত কলেজসমূহৰ পৰা স্নাতক ডিগ্ৰীধাৰী হৈ প্ৰতি বছৰে যিমানসংখ্যক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় সেইসকলৰ ভিতৰত প্ৰথম বিভাগ লাভ কৰা সকলৰ বাবেও পৰ্যাপ্ত আসন সংশিষ্ট বিশ্ববিদ্যালয়সমূহত উপলব্ধ নহয়। এটা প্ৰশ্ন উদ্ভৱ হোৱাটো স্বাভাৱিক যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছত উচ্চতৰ মাধ্যমিক,উচ্চতৰ মাধ্যমিকৰ পাছত স্নাতক আৰু স্নাতকৰ পাছত স্নাতকোত্তৰ পঢ়িবই লাগিব বুলিও কোনো অলংঘনীয় নিয়ম নাই। কিন্তু এই সুযোগটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ হোৱাৰ প্ৰয়োজন।কাৰণ অসমত অন্যান্য কাৰিকৰী শিক্ষানুষ্ঠানৰ অৱস্থিতি অত্যন্ত কম।এখন দেশৰ ওঠৰৰ পৰা তেইশ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ কিমান শতাংশই উচ্চ শিক্ষা গ্ৰহণ কৰে তাৰ ওপৰত ভিত্তি কৰি Gross Enrollment Ratio(G.E.R) অৰ্থাৎ মুঠ নামভৰ্ত্তিৰ অনুপাত নিৰ্ণয় কৰা হয়। পৃথিৱীৰ উন্নত দেশসমূহৰ তুলনাত উন্নয়নশীল দেশসমূহত এই হাৰ অত্যন্ত কম । আমেৰিকা যুক্তৰাষ্ট্ৰ,কানাডা,ছুইডেন,নৰৱে,ডেনমাৰ্ক আদি দেশত এই হাৰ সত্তৰ শতাংশতকৈ অধিক হোৱাৰ বিপৰীতে ভাৰতবৰ্ষৰ এই হাৰ মাত্ৰ এঘাৰ শতাংশ। অৰ্থাৎ ভাৰতবৰ্ষত ওঠৰৰ পৰা তেইশ বছৰৰ ভিতৰৰ যিমান সংখ্যক ছাত্ৰ-ছাত্ৰী আছে তাৰ কেৱল এঘাৰ শতাংশইহে উচ্চ শিক্ষাৰ সুযোগ লাভ কৰিছে।এই আপাহতে ভাৰতৰ উচ্চ শিক্ষাৰ মান সম্পৰ্কত ‘টাইমছ হায়াৰ এড্যুকেশ্বন ৰেংকিংছ’ নামৰ অনুষ্ঠানটোৰ প্ৰতিবেদনৰ ফলাফল উল্লেখ কৰাৰ প্ৰয়োজন অনুভৱ কৰিলো।বিশ্বৰ উন্নত শিক্ষানুষ্ঠানসমূহৰ গুণগত স্থিতিৰ বিষয়ে শিক্ষক,ছাত্ৰ,শিক্ষাবিদ আৰু সচেতন নাগৰিকক অৱগত কৰোৱাৰ লগতে সংশ্লিষ্ট দেশবোৰৰ দৃষ্টি আকৰ্ষণ কৰাটো হ’ল ‘টাইমছ’ৰ অধ্যয়নৰ মূল উদ্দেশ্য।উল্লেখযোগ্য যে ‘টাইমছে’ প্ৰকাশ কৰা বিশ্বৰ দুশখন উৎকৃষ্ট বিশ্ববিদ্যালয়ৰ তালিকাত ভাৰতৰ এখনেও আজিকোপতি স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হয় যে আন্তৰ্জাতিক পৰ্যায়ত ভাৰতৰেই উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ অৱস্থিতি তথৈবচ।অসমৰ অৱস্থান বহু নিলগত। Planning Commission of India India Human Development Report (2011) অনুসৰি অসম হ’ল ভাৰতবৰ্ষৰ অৰ্থনৈতিকভাৱে অতি পিছপৰা ৰাজ্যসমূহৰ এখন।অপ্ৰিয় সত্য যে অতি কম পৰিমানৰ Net State Domestic Product (NSDP) আৰু Per Capita NSDP Growth Rate ৰে বিগত দশকটোত অসমে এক অভিলেখৰে সৃষ্টি কৰিছে,যিটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতকৈ বহুত তলত।২০০৭-০৮ চনৰ এক তথ্য অনুসৰি ভাৰতবৰ্ষৰ Human Development Index (HDI) .৪৬৭ ৰ বিপৰীতে অসমে ০.৪৪৪ সূচাংকৰে ১৬তম স্থানহে লাভ কৰিছে।২০১১ৰ Census অনুসৰি সাক্ষৰতাৰ হাৰৰ ক্ষেত্ৰত অসমে ৭৩.২%ৰে ভাৰতৰ ভিতৰত ১৯তম স্থানহে লাভ কৰিছে। অন্যহাতে সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ সাক্ষৰতাৰ হাৰ হ’ল ৭৪.০৪%,কেৰেলাৰ৯৩.৯%,মিজোৰামৰ৯১.৬%।অসমৰ উচ্চশিক্ষাৰ Gross Enrolment Ratio (GER) হ’ল ৮.৮% অন্যহাতে সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ এই হাৰ ১০.৮ শতাংশ(পৃথিৱীৰ ২৬ % আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৮৩%)।১৯%ৰে নাগালেণ্ডে ভাৰতবৰ্ষৰ ভিতৰত এই তালিকাত প্ৰথম স্থান লাভ কৰিছে(UGC Report on Higher Education in India, 2008)।ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত অসমৰ অৱস্থান যথেষ্ট তলত।ইয়াৰ অন্তৰালত থকা প্ৰধান কাৰণ হ’ল শৈক্ষিক ব্যৱস্থাটোত থকা কেৰোণ।আলোচনাৰ আৰম্ভনিতে অসমৰ উচ্চ শিক্ষানুষ্ঠানৰ নামভৰ্ত্তিৰ সমস্যা সন্দৰ্ভত আলোচনা কৰোতে GER সম্পৰ্কে উল্লেখ কৰা হৈছিল।ধৰা হ’ল, অসমত GER যথেষ্ট বৃদ্ধি হ’ল আৰু অসমৰ নামভৰ্ত্তিৰ সমস্যাটো সমাধান সম্ভৱপৰ হৈ উঠিল কিন্তু ইয়াৰ সমাধানে আন এটা সমস্যাক অধিক ভয়াবহ কৰি তুলিব। সেইটো হ’ল অসমৰ নিবনুৱা সমস্যা,যিটো আমাৰ আলোচনাৰ প্ৰধান বিষয়।সি যি কি নহওক অসমৰ শিক্ষা ব্যৱস্থাৰ কেইটামান আন সমস্যা এইক্ষেত্ৰত সংক্ষিপ্তভাৱে হ’লেও উল্লেখ কৰাৰ প্ৰয়োজন।উল্লেখযোগ্য যে অসমৰ শিক্ষাৰ ক্ষেত্ৰখনক কেন্দ্ৰ কৰি মাধ্যমকেন্দ্ৰিক বিতৰ্ক এটাৰ সূত্ৰপাত হৈ থকা পৰিলক্ষিত হয়।আচলতে শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াত মাধ্যম কেতিয়াও অন্তৰায় হ’ব নোৱাৰে।অন্যহাতে অসমৰ উচ্চ শিক্ষাৰ মানদণ্ড উন্নত নহয় বুলি যিটো অভিযোগ শুনিবলৈ পোৱা যায় তাৰ সত্যতাক সহজে নুই কৰিব নোৱাৰি।অন্যান্য পিছপৰা জাতি,অনুসূচীত জাতি-জনজাতিৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত থকা সংৰক্ষণ ব্যৱস্থাই কিমান দূৰ এই নিৰ্দিষ্ট জাতিসমূহৰ বিকাশ বাস্তবায়িত কৰিছে সেইটো সন্দেহজনক।ব্যয়বহুল উচ্চ শিক্ষা,মানদণ্ডসম্পন্ন(qualified) শিক্ষকৰ অভাৱ আদিবোৰো অসমৰ উচ্চ শিক্ষাৰ একো একোটা প্ৰধান সমস্যা।

শিক্ষিত নিবনুৱা আৰু অসমৰ উচ্চ শিক্ষা.
অসমৰ নিবনুৱা সমস্যা ইতিমধ্যে অসমৰ এটা অত্যন্ত ভয়াবহ আৰু জ্জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে।অত্যন্ত দূৰ্ভাগ্যজনক ভাৱে বিশ্ববিদ্যালয়ৰ ডিগ্ৰীলৈও এচাম যুৱক যুৱতী তথাকথিত শিক্ষিত নিৱনুৱাৰ তালিকাখন শুৱনি কৰিব লগা হৈছে।ইয়াৰ মূল কাৰণ হ’ল অসমৰ শিক্ষাব্যৱস্থাত প্ৰায়োগিক শিক্ষাৰ পাঠ্যক্ৰমৰ অভাৱ। প্ৰায়োগিক শিক্ষাৰ পাঠ্যক্ৰমৰ এই অনুপস্থিতিক অসমৰ শিক্ষা ব্যবস্থাৰ চৰম দূৰ্বলতা তথা নেতিবাচক দিশ বুলি অভিহিত কৰিব পাৰি।দূৰ্ভাগ্যজনকভাৱে তত্ত্বসৰ্বস্ব অসমৰ শিক্ষাব্যৱস্থাত ভাল ফলাফল লাভ কৰিবলৈ এক প্ৰকাৰৰ যুদ্ধত অৱত্তীৰ্ণ হৈ সংগ্ৰাম কৰি থাকোতে ছাত্ৰ-ছাত্ৰীসকলে বাস্তৱ পৃথিৱীখনৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হয়। কিছুমান কামৰ কৰ্মপদ্ধতি আৰু কৌশল শিকি নোথোৱাৰ বাবে বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে স্ব-নিয়োজনৰ প্ৰচুৰ সম্ভাৱনা থকা সহজলভ্য ক্ষেত্ৰ একোখনো হেৰুৱাই পেলায়। অৱধাৰিতভাৱে অসমৰ শিক্ষা ব্যৱস্থাৰ ফচল হিচাপে আমি লাখ লাখ কৰ্মসংস্থানহীন শিক্ষিত যুৱক-যুৱতীক লাভ কৰো।অৰ্থাৎ নিবনুৱা সমস্যাৰ সৃষ্টিৰ ক্ষেত্ৰত আমাৰ দেশ তথা আমাৰ ৰাজ্যৰ শিক্ষা নীতি বহু পৰিমাণে দায়ী।আমাৰ দেশে স্বাধীনতাৰ ষাঠীবছৰ পাছতো এক সুদঢ় জাতীয় শিক্ষানীতি গ্ৰহণ কৰিব পৰা নাই।ফলশ্ৰুতিত নিবনুৱা সমস্যা সাম্প্ৰতিক অসমৰ অন্যতম ভয়াবহ সমস্যা হিচাপে ধৰা দিছে যি অসমৰ বিপুল সম্ভাৱনাৰ অপমৃত্যু ঘটাইছে।এই নিবনুৱাসকলৰ এক বৃহত অংশ হ’ল শিক্ষিত নিবনুৱা। চৰকাৰী তথ্য অনুসৰি অসমৰ মুঠ ৩১২ লাখ জনসংখ্যাৰ ভিতৰত প্ৰায় ২৪ লাখেই শিক্ষিত নিবনুৱা।নিয়োগ বিনিময় কেন্দ্ৰৰ ২০১০ চনৰ এক তথ্য অনুসৰি অসমৰ মুঠ চাকৰি প্ৰত্যাশীৰ( job seekers) ৭৫% হ’ল শিক্ষিত নিবনুৱা। মুঠ ১৪,৩৩,২১৮ গৰাকী শিক্ষিত নিবনুৱাৰ ভিতৰত ২,৮৩,৪৭১ গৰাকী হ’ল স্নাতক(মুঠ শিক্ষিত নিবনুৱাৰ ২০%),২১,৩৫২ গৰাকী হ’ল স্নাতকোত্তৰ ডিগ্ৰীৰ অধিকাৰী আৰু ২,৮৩৯ জন হ’ল ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ অধিকাৰী।কিন্তু এই সংখ্যাই চৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰত নামভৰ্ত্তি কৰা নিবনুৱাসকলকহে প্ৰতিনিধিত্ব কৰিছে। তদুপৰি যথেষ্ট সংখ্যক নিবনুৱা আছে যিসকলে নিয়োগ বিনিময় কেন্দ্ৰত নামভৰ্ত্তি কৰা নাই।

শিক্ষাব্যৱস্থাৰ সংস্কাৰ সাধনেৰে নিবনুৱা সমস্যাৰ সমাধান:
সঠিক শিক্ষা হৈছে এজন মানুহৰ এনে এটা অপৰিহাৰ্য অংগ যি তেওঁক বিচাৰ-বিবেচনা আৰু কাৰ্যক্ষমতাৰে সৎ পথত আগবঢ়াই নিয়াত সহায় কৰে। আমাৰ সমাজৰ নামমাত্ৰ এটা অংশৰ বাহিৰে প্ৰায় সকলো স্তৰ অৰ্থনৈতিক অসমতা,জনসংখ্যাৰ বিষ্ফোৰণ,নিবনুৱা সমস্যা আদিৰে ভাৰাক্ৰান্ত।ইয়াৰ মূলত হৈছে প্ৰকৃত শিক্ষাৰ অভাৱ।অসমৰ শিক্ষাব্যৱস্থাই যে নিবনুৱা সমস্যা সৃষ্টিত অৰিহনা আগবঢ়াইছে সেইটো ওপৰত কৰি অহা আলোচনাৰ পৰা স্পষ্ট হয়। এই দিশৰ পৰা অসমৰ নিবনুৱা সমস্যা নিৰ্মূলৰ বাবে সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰ এক আমূল পৰিবৰ্তনৰ প্ৰয়োজন হ’ব। অসমৰ উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত প্ৰায়োগিক শিক্ষাৰ পাঠ্যক্ৰমৰ সংযোজন কৰিব লাগিব।পৰীক্ষা ব্যৱস্থাৰো আমূল পৰিবৰ্তনৰ প্ৰয়োজন। আচলতে শিক্ষা ব্যৱস্থাটো শিক্ষাৰ্থীৰ মানসিক আৰু বৌদ্ধিক প্ৰৱণতা অনুসৰি হ’ব লাগে।কাৰিকৰী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে কিছুমান বিশেষ পদক্ষেপ ল’ব লাগিব।কাৰিকৰী শিক্ষাৰ এটা বিশেষ গুণ যে কোনো চাকৰিত নিয়োজিত নোহোৱাকৈয়ে এজন মানুহে এনে শিক্ষাৰ জৰিয়তে নিজৰ বৃত্তিৰ সহায়ত স্বাধীনভাৱে উপাৰ্জন কৰিবলৈ সক্ষম হয়।কাৰিকৰী শিক্ষা লাভৰ বাবে এটা উপযুক্ত পৰিবেশ অসমত গঢ়ি তুলিবলৈ হ’লে প্ৰথমে অসমত বিভিন্ন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰিব লাগিব।এইক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।সমগ্ৰ শৈক্ষিক ব্যৱস্থাটোক বৃত্তিমূখী,বাস্তৱ আৰু বিজ্ঞানসন্মত কৰি গঢ়ি তোলাৰ স্বাৰ্থত দেশৰ শিক্ষানীতিৰ সংস্কাৰ সাধনৰ বাবে বিশেষ শিক্ষা আয়োগ গঠনৰ ব্যৱস্থা চৰকাৰে ল’ব লাগিব।তৃতীয় বিভাগত উত্তীৰ্ণ আৰু অনুত্তীৰ্ণসকলৰ বাবেও সঠিক যুৱনীতিৰ প্ৰয়োজন। শিক্ষাখণ্ডত এনেধৰণৰ সংস্কাৰৰ বাবে যদিও বিভিন্ন পদক্ষেপ মাজেসময়ে লোৱা পৰিলক্ষিত হয় কিন্তু সুস্থ নীতিৰ অভাৱে এইবোৰক বিফল কৰি আহিছে। সি যি কি নহওক অসমৰ শিক্ষাব্যৱস্থাত এনেধৰণৰ এক সংস্কাৰ সাধন আৰু যথেষ্ট পৰিমাণৰ কাৰিকৰী শিক্ষানুষ্ঠান স্থাপন হ’ব এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া আৰু ইয়াৰ সুফল ভৱিষ্যত প্ৰজন্মইহে লাভ কৰিব।কিন্তু যিসকলে ইতিমধ্যে এই শিক্ষাব্যৱস্থাটোৰ মাজেৰে অধ্যয়ণ কৰি আছে তেওঁলোকৰ মাজৰ খুউব কম সংখ্যকেহে সংস্থাপন লাভ কৰিব আৰু বাকীসকল শিক্ষিত নিবনুৱা শাৰীত অন্তৰ্ভূক্ত হ’ব লাগিব। এনে প্ৰেক্ষাপটত কিছুমান বিকল্পৰ প্ৰয়োজন।

বিকল্প কি?
অসমত চাকৰিৰ ক্ষেত্ৰখন যিহেতু অতি সীমিত গতিকে কৃষি,উদ্যোগ,ব্যৱসায়-বাণিজ্যৰ ওপৰত ভিত্তি কৰি স্বনিয়োজিত হোৱাৰ বাহিৰে আন বিকল্প দূৰ্লভ।অসমৰ প্ৰাকৃতিক সম্পদসমূহক ভিত্তি কৰি সৰু বৰ উদ্যোগ স্থাপন আৰু ব্যৱসায় স্ব-নিয়োজনৰ এক সম্ভাৱণাপূৰ্ণ পথ।বিভিন্ন সেৱাভিত্তিক উদ্যোগ যেনে- বিউটি পাৰ্লাৰ,ম’বাইল মেৰামতিৰ দোকান,কম্পিউটাৰ বা আই আই টি ভিত্তিক দোকান, কেটাৰিং ছাৰ্ভিছ,কাৰ ছাৰ্ভিছিং,টি ভি ছাৰ্ভিছিং,হোটেল,ৰেষ্টোৰাঁ আদি আৰম্ভ কৰি স্বাৱলম্বী হ’ব পাৰি।অসম পৰ্যটন উদ্যোগৰো এক প্ৰচূৰ সম্ভাৱণাপূৰ্ণ অঞ্চল। কিন্তু আচল কথাটো হ’ল অসমৰ শিক্ষিত নিবনুৱাসকলৰ স্বনিয়োজনৰ পৰিৱৰ্তে চাকৰিৰ প্ৰতি আগ্ৰহ বেছি। অসমৰ শিক্ষিত যুৱক-যুৱতীৰ চাকৰিমুখী স্বভাৱৰ বাৰে অন্যান্য ক্ষেত্ৰসমূহ ক্ৰমাৎ বহিৰাগতই দখল কৰিছেহি। অসমৰ যুৱক-যুৱতীয়ে সংস্থাপনৰ আশাত বহি:ৰাজ্যলৈ কৰা প্ৰব্ৰজন সাম্প্ৰতিক অসমৰ এক প্ৰধান আৰ্থ-সামাজিক সমস্যা হিচাপে চিহ্নিত হৈছে। যদিও নিবনুৱাৰ উৎপত্তিৰ বাবে বহু পৰিমানে অসমৰ শিক্ষা ব্যৱস্থাটো দায়ী কিন্তু তাৰ সমান্তৰালভাৱে শিক্ষিত নিবনুৱাসকলৰো দোষ আছে।স্থুল ৰুচি আৰু বিলাসিতাৰ পিছত দৌৰা আজিৰ সৰহভাগ যুৱক যুৱতীৰে জীৱনবোধ অগভীৰ।পৰিশ্ৰমবিমুখিতা,ধৈৰ্যহীনতা,অসহনশীলতা আদি যুৱক যুৱতীসকলৰ সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য।অৰ্থসৰ্বস্ব জীৱন এটাৰ কামনা কৰা এইসকল যুৱক-যুৱতীয়ে খেতি নকৰে,ব্যৱসায় নকৰে।ফলত অসমৰ আৰ্থ সামাজিক অৱস্থাত ইয়াৰ নেতিবাচক প্ৰভাৱ গভীৰ ভাৱে পৰিছে।মুঠ কথাত অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে অসমত এক কৰ্ম সংস্কৃতিৰ প্ৰয়োজন আৰু এই কৰ্ম সংস্কৃতি গঢ়ি তোলাত নতুন প্ৰজন্মই হাত উজান দিব লাগিব।

সিদ্ধান্ত:
অসমত চাৰি বছৰৰ পৰা ছয় বছৰ বয়সতেই এটা শিশুৱে শিক্ষানুষ্ঠানৰ চৌহদ গৰকিবলৈ আৰম্ভ কৰে।কিছুমান ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠান এইক্ষেত্ৰত এখাপ চৰা। তাৰপাছত আৰম্ভ হয় এক বিৰতিহীন যাত্ৰাৰ যাৰ কোনো নিকট সমাপ্তি নাই। কিছুসংখ্যকে উচ্চ মাধ্যমিক,উচচতৰ মাধ্যমিকৰ পাছত বৃত্তিমুখী,কাৰিকৰী পাঠ্যক্ৰমত অধ্যয়ন কৰে আৰু খুউব কম সংখ্যকে অন্যান্য আত্মসংস্থাপনৰ পথ বাচি লয়। কিন্তু গৰিষ্ঠসংখ্যকে স্নাতক,স্নাতকোত্তৰ পৰ্যায় অতিক্ৰম কৰিও সংস্থাপনহীন হৈ ৰয়।পৰীক্ষাৰ মেৰপেচত আবদ্ধ এক দীঘলীয়া প্ৰতিযোগিতাৰ অন্তত এক অনিশ্চিত ভৱিষ্যত।এক অসহায় অৱস্থা। উচ্চ শিক্ষা লাভ কৰিও অসমৰ এক বৃহৎ সংখ্যক যুৱক-যুৱতীৰ এনে অৱস্থা হয়।যদিও ইয়াৰ বাবে আমাৰ শিক্ষা ব্যৱস্থাটো বহুত পৰিমানে দায়ী কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীসকলকো আমি একাষাৰে দোষমুক্ত বুলি কব নোৱাৰো।এই সম্পৰ্কত ওপৰত আলোচনা কৰি অহা হৈছে। ছাত্ৰ ছাত্ৰীসকলো এই বিষয়ত সজাগ আৰু সচেতন হোৱা উচিত।অসমৰ উচ্চ শিক্ষাত বৰ্তমান ডিগ্ৰীটো কেৱল এটা স্বীকৃতিহে।তাৰ সমান্তৰালভাৱে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজকে অন্য কিছুমান দিশতো পাৰ্গত কৰি তোলাৰ প্ৰয়োজন যাতে বৰ্তমানৰ প্ৰতিযোগিতাৰ পৃথিৱীখনত প্ৰতিষ্ঠা লাভ কৰিব পাৰে।আমাক এক কৰ্ম-সংস্কৃতিৰ প্ৰয়োজন। সি যি কি নহওক শিক্ষিত নিবনুৱাৰ সমস্যা সমাধানৰ বাবে অতি সোনকালে অসম তথা ভাৰতবৰ্ষৰ শৈক্ষিক ব্যৱস্থাটোৰ এক সংস্কাৰ সাধনৰ প্ৰয়োজন।যাতে যি হাৰত শিক্ষা ব্যৱস্থাটোৱে মানৱ সম্পদৰ অপচয় সাধন কৰি আহিছে সেই অপচয় বিকাশলৈ পৰিবৰ্তিত হৈ দেশ তথা ৰাজ্যখনৰ সামগ্ৰিক বিকাশ সম্ভৱপৰ হৈ উঠে।

সহায়ক প্ৰবন্ধ/তথ্য/ৱেবচাইত ইত্যদি:
১)উচ্চ শিক্ষিতসকলৰ দু:খ আৰু দোষ- অৰবিন্দ ৰাজখোৱা,স্নাতকোত্তৰ মহলাৰ আলোচনী,
ডিব্ৰুগড় বিশ্ববিদ্যালয়,২০০৪-০৫ বৰ্ষ।
২)অসমৰ উচ্চ শিক্ষাৰ ভয়াবহ সংকট- ড০ চুলতান আলী মামুদ,সাতসৰী,ছেপ্টেম্বৰ,২০১৩,
পৃ-৩১।
৩)ভাৰতৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰলৈ প্ৰত্যাহ্বান- ড০ জয়কান্ত শৰ্মা,প্ৰান্তিক,১-১৫ ফেব্ৰুৱাৰী,
২০১৪,পৃ-১০।
) India Human Development Report (2011): Towards
Social Inclusion.Institute of Applied Manpower Research,Planning Commission,Government  of  India
৫)UGC, “Higher Education in India — Issues Related to Expansion, Inclusiveness, Quality and Finance”, November 2008  
৬)Challenges of higher Education in Assam for Development of Humen Resources - Dr. Mukul Saikia Assistant Professor in Education, Darrang College, Tezpur
৭)www.wikieducator.org
                            


Comments

Popular Posts