বিবৰ্তন

মই যেতিয়া সৰু আছিলো
দেউতাই মোক ৰংবোৰেৰে চিনাকি কৰি দিছিল |
মোক বোকোচাত লৈ আকাশখনলৈ আঙুলিয়াই কৈছিল,
'আকাশখন নীলা',
গছবোৰ সেউজীয়া |



মই ভালপাইছিলো,
সাতোৰঙী ৰামধেনু,
নানাৰঙী বেলুন আৰু বাৰ ফুটুকীয়া ফ্ৰক |

মায়ে মৰমৰ সেউজীয়াৰে মোলৈ চুৱেটাৰ গুঠিছিল,
সেয়ে মই ভালপাইছিলো সেউজীয়া |

শৈশৱৰ সেই ৰংচিনা সময়ৰ সেউজীয়া পৃষ্ঠাটো লুটিয়াই,
এদিন মই ভৰি দিলো কৈশোৰত |


প্ৰেমত পৰিলো গছবোৰৰ...
বিভ্ৰান্ত হওঁ কেতিয়াবা
(সেউজীয়া বাবে গছবোৰ ভালপাইছিলো নে,
গছবোৰ ভালপাওঁ বাবে ভালপাইছিলো সেউজীয়া 

সময়বোৰ বাগৰিছিল,
মই প্ৰেমত পৰিছিলো পাতবোৰৰ...


ক্ৰমশ: গভীৰৰ পৰা গভীৰলৈ গৈ গভীৰভাৱে উপলব্ধি কৰাৰ প্ৰয়াস কৰিছিলো
সেউজীয়াৰ গভীৰতাক
আৰু প্ৰেমত পৰিছিলো শিপাবোৰৰ...

নতুনকৈ আৱিষ্কাৰ কৰিছিলো নিজক |

এক বিবৰ্তন,
সেউজীয়াৰ পৰা শিপালৈ,
শৈশৱৰ পৰা যৌৱনলৈ...



Published in SOPUN,Sept-Dec issue


Comments

Popular Posts