ফাটবিহু : এক সংক্ষিপ্ত অৱলোকন

অসম মূলুকত ঢকুৱাখনাৰ স্থান বৰ উলাই কৰিব পৰা বিধৰ নহয় । বিভিন্ন দিশত বহু পাছপৰা যদিওঢকুৱাখনা বৌদ্ধিক , সাংস্কৃতিক দিশত যে অন্য দহখন ঠাইতকৈ আগবঢ়া ই অনস্বীকাৰ্য ।ঢকুৱাখনাৰ এই কিছুপৰিমানে শক্তিশালী স্থিতি নিৰ্মানত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণকৰি আহিছে নিম্নোক্ত দিশসমূহে :

(১) অসমীয়া সাহিত্যলৈ ঢকুৱাখনাৰ অৱদান|উল্লেখযোগ্য যে, ঢকুৱাখনা হোমেন বৰগোহাঞি, গনেশ চন্দ্ৰ গগৈ, চন্দ্ৰধৰ চমুৱা, হেমেন গগৈৰ দৰে সাহিত্য কাণ্ডাৰী সকলৰ জন্মভুমি |

(২) ফাট বিহু আৰু সংস্কৃতিৱান ঢকুৱাখনাৰ বৰ্নিল কৃষ্টি ও নৃ-গোষ্ঠীয় গাঠঁনি |

(৩) ঢকুৱাখনাস্থিত বিভিন্ন ঐতিহাসিক কীৰ্তি চিহ্ন আৰু ঐতিহ্যপুৰ্ণ ইতিহাস |

{ প্ৰতিবছৰে হোৱা প্ৰলয়ংকাৰী বানপানীয়েও বাতৰিকাকতসমূহৰ শিৰোনাম দখলেৰে ঢকুৱাখনাক কিছুপৰিমানে বিখ্যাত(?) কৰি তুলিছে যিটো এক অপ্ৰিয় সত্য | }




সি যি কি নহওঁক, আনুসংগিক বিষয়বোৰ বৰ্জন কৰি প্ৰত্যক্ষভাৱে এতিয়া ফাটবিহুৰ আভ্যন্তৰলৈ আহিব খুজিছো | মই ভাৱো যিসকল সচেতন আৰু শিক্ষিত অসমীয়াৰ ফাটবিহু সম্পৰ্কে কোনো ধাৰণা নাই অথবা ফাটবিহুৰ নামশুনা নাই তেওঁলোকৰ সংখ্যা নিশ্চয় ৰিক্ত সংহতিৰেই অন্তৰ্ভুক্ত হ'ব |
ফাটবিহু বুলি কওঁতে দুটা শব্দ ইয়াৰ লগত অতি নিবিড়ভাৱে জড়িত হৈ আছে | সেইদুটা হ'ল- ম'হঘুলিআৰু চাৰিকড়ীয়া |ম'হঘূলি হৈছে দৃষ্টিনন্দন প্ৰাকৃতিক পৰিৱেশসম্পন্ন এক চাপৰি যাক ঢকুৱাখনাৰ বৃন্দাবন বুলিব পাৰি| চাৰিকড়ীয়া হল ঢকুৱাখনাৰ মাজেৰে প্ৰৱাহিত এখন নৈ যাক ঢকুৱাখনাৰ প্ৰাণ বুলি কলেও বঢ়াই কোৱা নহ'ব | এই চাৰিকড়ীয়াৰ পাৰৰ ম'হঘুলি চাপৰিতেই হাবুং (ঢকুৱাখনাৰ প্ৰাচীন নাম )ৰ ইতিহাসৰ কোনো এক শুভমুহূৰ্তৰ পৰা নিভাজ ৰূপত উদযাপিত হৈ আহিছে সম্প্ৰীতিৰ নিদৰ্শন ফাটবিহু | সম্প্ৰতি নৱ প্ৰজন্মৰ উৎসাহ আৰু উদ্যমৰ পৰশেফাটবিহুৰ গৰিমা ও সৌষ্ঠৱ বৃদ্ধিকৰিছে | ফাটবিহুৰ সময়ছোৱাত ঢকুৱাখনাত আন্তজাৰ্তিক পৰ্যটককে ধৰি বিভিন্ন স্থানৰ পৰা অহা দৰ্শনাৰ্থীয়ে ভিৰ কৰেহি | লোকে লোকাৰণ্য হৈ পৰে ঢকুৱাখনা |

....................­....................­....................­.............


বিহু অসমৰ জাতীয় উৎসৱ আৰু অসমৰ বিভিন্ন প্ৰান্তত আনুষ্ঠানিক ভাৱে বৃহৎ বৃহৎ মঞ্চ পাতি বিহু উদযাপন কৰা হয় |প্ৰশ্ন হ'ব পাৰে ,এই বিহু সমূহেৰে ফাটবিহুৰ পাৰ্থক্য কি(?) যাৰ বাবে ফাটবিহু আজি আন্তজাৰ্তিক স্বীকৃতি লাভ কৰিবলৈ আগবাঢ়িছে |এই বিষয়ে এই সংক্ষিপ্ত লেখাটোত ব্যাখ্যা প্ৰদান কৰাটো অসম্ভৱ|তথাপিও তলত ফাটবিহুৰ কেইটামান বৈশিষ্ট উল্লেখ কৰা হ'ল যাৰ জৰীয়তে ফাটবিহু আৰু অন্যান্য বিহুনুষ্ঠানৰ মাজৰ পাৰ্থক্য সম্পৰ্কে আপুনি অৱগত হ'ব |


(১) পৰিবৰ্তনৰ চাকনৈয়াত পৰি গছ তলৰ আৰু মুকলি পথাৰৰ বিহু মঞ্চলৈ আহিল ,আৰু সম্প্ৰতি বানিজ্যকৰণ হৈ বিহুৱে বহু পৰিমানে ইয়াৰ স্বকীয়তা হেৰুৱাই পেলাইছে | এনে প্ৰেক্ষাপটতফাটবিহুৱে বিহুৰ পূৰ্বৰ স্বকীয় বৈশিষ্ট তথা পৰম্পৰাক ৰক্ষা কৰি অসমৰ সাংস্কৃতিক পথাৰখনত এক বিৰল নিদৰ্শন ৰূপে পৰিগনিত হৈছে |


(২)অন্যান্য বিহুমঞ্চত লাখ টকা ব্যয় কৰি গায়কমাতি বৰ্ণিল সাংস্কৃতিক সন্ধিয়া পাতে | কিন্তু ফাটবিহু এই ক্ষেত্ৰত ব্যতিক্ৰম | বিহুয়েই হ'ল বিশাল সাংস্কৃতিক অনুষ্ঠান বিহুৰ বতৰত ইয়াতকৈ পৃথক সাংস্কৃতিক অনুষ্ঠান নিষ্প্ৰয়োজন |



(৩) ফাটবিহুৰ বিভিন্ন কাৰ্যসুচী উদ্বোধন কৰিবলৈ সাহিত্য সংস্কৃতিৰ ওপৰত দখল থকা পাণ্ডিত্যসম্পন্ ­ন লোককহে আমন্ত্ৰণ জনোৱা হয় | ৰাজনৈতিক শক্তিৰে ক্ষমতাবান বা ধনৱান ব্যক্তিবুলিয়েই বৰপীৰা পাৰি ফাটবিহুৰ মঞ্চতবিশেষ স্থান দিয়া নহয় |


(৪)ফাটবিহুৰ মঞ্চত আৰু সংলগ্ন প্ৰেক্ষাগৃহত আসন গ্ৰহনৰ বাবে জাতীয় সাজ পাৰ পিন্ধাটো বাধ্যতামূলক | এই নিয়ম অমান্য কৰাৰ বাবে বিশিষ্ট ব্যক্তিকো ফাটবিহুৰ মঞ্চই প্ৰত্যাখান কৰাৰ নজীৰ আছে |


ফাটবিহুৰ সৈতে ওতপ্ৰোতঃভাৱে জড়িত ইছমাইল হুছেইন ডাঙৰীয়াৰ মতে-


"কেৱল চায়েই ফাটবিহুৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰি | ফাটবিহুক বুজিবলৈ চাৰিকড়ীয়া নৈৰ পানীৰ উখল মাখল ঢৌৰ ছন্দময় গতিৰ আঁত ধৰিবলৈ জানিব লাগিব | ম'হঘুলি চাপৰিৰ সেউজীয়া বননিৰ ছাঁবোৰ বুকুত সানি ল'ব লাগিব | চাপৰিৰ নিমজ বালিবোৰ স্পৰ্শ কৰি চাব লাগিব | হাবুঙৰ চৰাই চিৰিকটিৰ ভাষাবোৰ বুজি পাব লাগিব আৰু সৰ্বোপৰি উপলব্ধি কৰিব লাগিব ফাটবিহুতলীত সমবেত হোৱা হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজৰ হৃদয়ৰ স্পন্দন |
'আজিৰ ফাটবিহু কেৱল ঢকুৱাখনাৰেই লোক উৎসৱ হৈ থকা নাই ই অসমৰ এক অন্যতম লোকউৎসৱ | আহক ফাটবিহুক বিশ্বদৰবাৰলৈ লৈ জোৱাৰ বৰ্নিল যাত্ৰাৰ অংশীদাৰ হওঁ |
https://1.bp.blogspot.com/-K_0HL_tVtPQ/VIP5uXmRC5I/AAAAAAAAAGk/6JQ-e9Ulii4/s1600/DSCN6851.JPG
https://3.bp.blogspot.com/-zN8THxj7GVo/UzQjn8WUGOI/AAAAAAAAAEo/2nYhdlwj9m4/s1600/Photo0222.jpg
N.B: Published in BOHONA, Souvenir of 3rd Lakhimpur Kendriya Rongali Utsav-2014 (Editor : Dr Arabinda Rajkhowa )


Comments

Popular Posts