ইতিহাসে নিলিখা ইতিহাস

এদিন এটা সপোন দেখিছিলো | এটা ব্যতিক্ৰম সপোন|

সপোনটোত সপোন নিজেই এক চৰিত্ৰ আছিল | সপোনে মোক তাৰ কোঠাৰ ভিতৰলৈ আমন্ত্ৰণ কৰিলে|মোলৈ এখন আসন আগবঢ়াই দি সপোন মহোদয়ে তেওঁৰ কোঠাৰ বিশাল পৰ্দা খনত মোক এটা সপোন দেখুৱাবলৈ আৰম্ভ কৰিলে |

মই সপোনটো দেখিছো আৰু মোৰ সন্মুখত মূৰ্ত্ত হৈ উঠিছে ইতিহাসে নিলিখা এটুকুৰা সময়ৰ বৰ্নিল ইতিহাস |

ইতিহাসেই বা লিখিব কেনেকৈ? সন্দেহ আছে ! ইতিহাসৰ জন্ম হৈছিলনাই !

আহকচোন, ইতিহাসে নিলিখা সেই সময়ছোৱাৰ বুকুত প্ৰৱেশ কৰো |

আপুনি শুনিছে নিশ্চয় তিলোত্তমাৰ নাম | ক্লিউপেট্ৰা,­ হেলেন­­ৰ নাম | কিন্তু ,আপুনি শুনানাই নীলিমাৰ কাহিনী | শুনিবই বা কেনেকৈ?

নীলিমাটো পুৰাণত বৰ্ণিত তিলোত্তমা নহয় ! নহয় ওডিছিৰ হেলেন |

'নীলিমা' ইতিহাসৰ এক অলিখিত পৃষ্ঠাৰ খলনায়িকা |

প্ৰাচীন ভাৰতবৰ্ষ |
পৃথিৱীৰ আতাইতকৈ ধুনীয়া শৰীৰটো লৈ য'ত জন্মিছিল তাই | আৰু নিজৰ অপৰূপ লাৱন্যৰে ক্ৰমশঃ অহংকাৰী হৈ পৰিছিল | বহুতেৰে মিছা প্ৰেমৰ অভিনয়েৰে তাই নিষ্ঠুৰ ভাৱে হৃদয়বোৰ ভাঙিছিল |

জলদেৱতাৰো গভীৰ প্ৰেম আছিল তাইৰ প্ৰতি...কিন্তু জলদেৱতা প্ৰতাৰিত হৈছিল |

প্ৰেম প্ৰতাৰিতৰ এবুকু দূখৰ বোজা লৈ তেওঁ আৰম্ভ কৰিছিল অনশন |

স্তব্ধ হৈ পৰিছিল নদীৰ গতি | শুকাই গৈছিল সমূদ্ৰৰ পানী |

নীলিমাৰ বাবেই ঋষি বিকৰ্ণৰ পূত্ৰ অৰ্ণৱে আত্মহত্যা কৰিছিল| পূত্ৰ শোকত ম্ৰিয়মান হৈ বিকৰ্ণই নীলিমাক আভিশাপ দিলে, 'তই কেতিয়াও নাপাবি পূৰুষৰ সান্নিধ্য |'

অভিশাপগ্ৰস্ত নীলিমাই নীলকণ্ঠেশ্বৰৰ সহায় বিচাৰিলে |
তেখেতে ক'লে ,'ঋষিবাক্য অখণ্ডনীয় কিন্তু মই তোমাক আৰ্শীবাদ কৰিছো তোমাৰ সৌন্দৰ্য চিৰযুগমীয়া হৈ জগত ছানি ধৰিব |'

নীলিমা আকাশ হ'ল |

অন্যহাতে, জলদেৱতাই সূৰুযৰ প্ৰখৰ উত্তাপকো নেওচি আজিও নীলিমাৰ কাষলৈ যায় | কিন্তু সহাঁৰি নাপায় পুনৰ ঘুৰি আহে পৃথিৱীলৈ |

বৰষুণহৈ....


বৰষুণ | বৰষুণ | বৰষুণ |


এনে এটা সুন্দৰ সপোন দেখুওৱাৰ বাবে মই সপোন ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনালো আৰু মই সাৰ পাই গলো |
তেতিয়া বৰষুণ দি আছিল |


Comments

Popular Posts