এক অৱলোকন- কবি, কবিতা, প্ৰেম ইত্যাদি (১)

https://encrypted-tbn3.gstatic.com/images?q=tbn:ANd9GcTkmE4DyOzTgRxBBLBN-lXzu8FV3K8gi4Neiw_4OwBnTc2TO2oV8Q(Published in North Lakhimpur College Magazine 49th,2011-12issue)



কবি সুন্দৰৰ সাধক, কৌশলী শব্দৰ শিল্পী |কবিৰ শৈল্পিক স্পৰ্শত শিয়ৰি উঠে কবিতাৰ মায়াৱী ছন্দ | কবিৰ সাধনাৰ ফল কবিতাৰ ঝংকাৰত বিশ্ববীণাৰ তাঁৰত মুখৰিত হৈ উঠে ছন্দময় জীৱনৰ গান | সুৰ, ছন্দৰ প্ৰতি লহৰত উন্মুক্ত হয় প্ৰাণৰ উচ্ছাস, উচ্ছল অনুভূতিৰ পাৰ ভাগি যেন বৈ আহে অনুভৱৰ তৰংগিনী | কবিতাত অন্তৰ্নিহিত হৈ থাকে ব্যক্তি তথা সমাজ জীৱনৰ প্ৰাপ্তি-অ­প্ৰাপতি, ক্ষোভ, বিদ্ৰোহ, প্ৰেম তথা কবিৰ হৃদয় গহ্বৰত পুঞ্জীভুত সমস্তভাৱানুভূতি | ৰমন্যাসিক যুগৰ অসমীয়া কবিতাবোৰলৈ যদি আমি দৃষ্টি নিক্ষেপ কৰো তেন্তে এই কথা প্ৰতীয়মান হয় যে ইয়াৰ আৱেষ্টনীৰে আৱেষ্টিত হৈ থাকে- প্ৰকৃতিপ্ৰীতি, কল্পনাপ্ৰীতি, অতীতপ্ৰীতি, প্ৰেম আৰু সৌন্দৰ্যপ্ৰীতি, ­ ­ আত্মমুক্তিৰ প্ৰচেষ্টা, ব্যক্তিসত্তাৰ প্ৰাধান্য, বিস্ময়পূৰ্ণ দৃষ্টি, উদাৰ মনোভাৱ, প্ৰিয়াৰ ৰূপ দৰ্শন, বাস্তৱ বিমুখতা, ভৱিষ্যতৰ কল্পনা, অতীন্দ্ৰীয়বাদ, সৃষ্টিৰ ৰহস্যভেদৰ বৌদ্ধিক প্ৰচেষ্টাৰ দৰে তত্ত্ববহুল দৃষ্টিভংগীবোৰ | মুঠৰ ওপৰত কবিতা হ'ল সমগ্ৰ জগতৰ এক সামগ্ৰিক অধ্যয়ন | বিশ্ববৰেণ্য ব্যক্তি থিয়োডৰ ৱাটছ ডান্টনৰ ভাষাত - 'আৱেগময় আৰু ছন্দস্পন্দিত ভাষাৰ মাধ্যমত মানৱীয় প্ৰজ্ঞাৰ মূৰ্ত্তমানআৰু শিল্পসুলভ অভিব্যক্তিয়েই হৈছে কবিতা (Poetry is the concreate and artistic expression of the human mind in emotional and rhythmical language) | ডo জনচনৰ ভাষাত - 'কবিতা যুক্তিবদ্ধ কল্পনাৰে দীপ্ত কৰি সত্যৰ লগত আনন্দৰ সমন্বয় সাধনৰ এক কলা (Poetry is the art of writing pleasure with truth by calling imagination to the help of reason) |' কবিতাৰ সংজ্ঞা,পৰিসৰ যিয়েই নহওঁক কিয় কিন্তু এই কথা অনস্বীকাৰ্য যে ৰমন্যাসিকভাৱধাৰা বিশিষ্ট অধিকাংশ কবিতাৰেই বিষয়বস্তু প্ৰেম | বুৰঞ্জীৰ পৃষ্ঠাইও কয় যে প্ৰেম কবিতাৰ এক চিৰস্থায়ী অনুভূতি | কবিতাৰ পৃথিৱীত 'প্ৰেম' এক উন্নত ভাস্কৰ্য | কিন্তু এই প্ৰেমনো কি?




প্ৰেম এক বিচিত্ৰ অনুভূতি | প্ৰেম এক আধ্যাত্মিক আৰু অতীন্দ্ৰিয় ভাৱানুভূতি | সুখআৰু আৰু বিষাদৰ সমন্বয় এই প্ৰেমানুভূতিয়ে অতীতৰ কবিতা সৃষ্টিৰ মধুৰ ক্ষণৰ পৰাই কবিতাৰপৃথিৱীত নিজৰ স্থান সুনিশ্চিত কৰি আহিছে | বিশাল
  ব্যক্তিত্বৰ অধিকাৰী ডান্টেই মানৱীয় প্ৰেমকআধ্যাত্মিকতাৰ চূড়ান্ত স্তৰলৈ উন্নীত কৰিছিল, তেওঁৰ বাবে নাৰীৰ প্ৰেম আছিল পৰম সত্য আৰু সৌন্দৰ্যক উদ্দেশ্যি এক অবিৰামতীৰ্থযাত্ ­ৰা | প্ৰেমৰ বিচিত্ৰ অনুভূতিত নিমজ্জিত হৈয়ে পত্নী মমতাজৰ পবিত্ৰ স্মৃতিত ছাহজাহানে ৰচিছিল মাৰ্বলৰ কবিতা | বিশিষ্ট দাৰ্শনিক, ৰাজনীতিবিদ প্লেটোৰ ভাষাত- 'প্ৰেমৰ স্পৰ্শত প্ৰত্যেকেই ৰূপান্তৰিত হয় একো একোজন কবিলৈ |' জীৱনৰ কঠোৰতা, স্বপ্নভংগৰ নিষ্ঠুৰতা আৰু জীৱন সংগ্ৰামৰ অবিৰত নিষ্পেষণৰ মাজত প্ৰেম হৈ আছেমানুহৰ জীৱনৰ এচমকা শান্তিৰ মাজুলী |


অসমীয়া সাহিত্যৰ ইতিহাসত দৃষ্টি নিক্ষেপ কৰিলে আমাৰ দৃষ্টিগোচৰ হয় যে, সেই সময়ছোৱাত সমগ্ৰ সাহিত্য ধৰ্মমূলক হোৱা হেতু (আহোম ৰাজত্বত ৰচিত বুৰঞ্জীৰ বাহিৰে) প্ৰেমেই নহয়, মানৱীয় অনুভূতি, অভিজ্ঞতা, চিন্তাধাৰাৰ নিদৰ্শনো তাত অনুপস্থিত আছিল | প্ৰাচীন অসমীয়া সাহিত্যত প্ৰেমক প্ৰদান কৰা এই অস্বীকৃতি আৰু অনুল্লেখ অসমীয়া মানুহৰ মানসিক আৰু বৌদ্ধিক দৈন্যৰ পৰিচায়ক বুলি কলেও হয়তো বঢ়াই কোৱা নহ'ব | এই বিষয়ত বিশিষ্ট সাহিত্যিক তথা চিন্তাবিদ হোমেন বৰগোহাঞিৰ মন্তব্য উদ্ধৃত কৰা হ'ল- 'অসমীয়া মানুহে ধৰ্ম সংস্কাৰ আৰু লোকাচাৰৰ বেদীত নিজৰ ব্যক্তিসত্ত্বা এনেভাৱে বিসৰ্জন দিছিল যে প্ৰায় এহেজাৰ বছৰ ধৰি তেওঁলোকে সৃষ্টি কৰা সাহিত্যত প্ৰেমৰ অভিজ্ঞতাৰ একো নিদৰ্শন নাই|সেয়ে মই মাজে মাজে ভাৱিবলৈ বাধ্য হওঁ যে অসমীয়া মানুহবোৰ আগৰে পৰা দূখীয়া, এতিয়াও সেই শক্তি পূৰ্ণভাৱে বিকশিত হোৱা নাই | লগতে এনেকৈ ভাবিলেও ভুল হব নেকি যে বঙালীসকলে ভাৰতৰ ভিতৰতেই (আধুনিক কালত) সৰ্বশ্ৰেষ্ঠ সাহিত্য সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে তাৰ কাৰণহৈছে-তেওঁলো ­ ­কৰ পুৰণি সাহিত্যত আছে বৈষ্ণৱ পদাৱলীৰ ঐতিহ্য, প্ৰেমৰ তীব্ৰ আনন্দ, বেদনাৰ অভিজ্ঞতা আৰু কল্পনাৰ ঐশ্বৰ্য | ভাৰতৰ অন্যান্য ভাষা ভাষী লোকৰ ক্ষেত্ৰত যি কেইটাবস্তু তুলনাত্মকভাৱে কম আৰু অসমীয়া সাহিত্য দুখীয়া হৈ থকাৰ অন্যতম ঘাই কাৰণ হল আমাৰ সাহিত্যৰ ঐতিহ্যত প্ৰেমৰ সম্পুৰ্ণ অস্বীকৃতি আৰু কল্পনা শক্তিৰ সম্পুৰ্ণ অভাৱ বা অনৱকাশ |' যদিও আমি প্ৰাচীন লোক সাহিত্যৰ সম্পদ বিহুগীত, বনগীত আদিত প্ৰেমৰ চানেকি দেখা পাওঁ কিন্তু ইয়াত অন্তৰ্নিহিত অনুভূতি আৰু কল্পনা শক্তি নিম্নমানৰ (কবিতাৰ তুলনাত)| হাজাৰ বছৰ গৰকি যোৱা অসমীয়া সাহিত্যত পাশ্চাত্য সাহিত্যৰ পৰশত সৌ সিদিনাহে প্ৰেমানুভূতিৰ উন্মেষ ঘটিছিল যেতিয়া অসমীয়া সাহিত্যত সৃষ্টি হৈছিল আধুনিক মনস্তত্ত্বৰ |


/পৰৱৰ্তী অংশৰ বাবে "এক অৱলোকন-কবি, কবিতা, প্ৰেম ইত্যাদি (২)" চাওক...
/


Comments

Popular Posts