এক অৱলোকন-কবি, কবিতা, প্ৰেম ইত্যাদি (২)

পূৰ্বৱতী অংশৰ বাবে "এক অৱলোকন- কবি, কবিতা, প্ৰেম ইত্যাদি (১)" চাওক/


আধুনিক যুগত আহি পৰা ৰমন্যাসিক ধাৰণাৰ লহৰত অসমীয়া সাহিত্যত প্ৰৱেশ কৰা প্ৰেমৰ অনুভূতি আছিল আন সকলো লয়-ভাৱ-অনুভূতিত ­ ­কৈ উজ্জ্বল তথা অজস্ৰ তৰাৰ মাজত ধ্ৰুৱতৰা সদৃশ | এই ৰমন্যাসিক ভাৱধাৰাৰ লগে লগে প্ৰেম আৰু প্ৰিয়াৰ বন্দনাত কবি সকল ক্ৰমে উচ্ছাসিত হৈ উঠিল | সেই উচ্ছাসত ক্ৰমে যোগ হল ব্যক্তিগত কাৰুণ্য আৰু হাহাকাৰৰ সুৰ | আহকচোন অসমীয়া কবিতাত প্ৰেমৰ মাধুৰ্যৰ সন্ধান কৰোঁ-



বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী,


সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ...

(এটি প্ৰেমৰ পদ্য:নৱকান্ত বৰুৱা)

-কবিৰ অভিনৱ কল্পনা য'ত প্ৰেমিকাৰ খোপাত কবিয়ে সন্ধান পাই আবেলিৰ স্নিগ্ধতাৰ সুবাস | প্ৰকৃতিৰ অমিয়া সৌন্দৰ্যৰ শ্বাশ্বত প্ৰতিফলন কবিয়ে পৰিলক্ষিত কৰিছে প্ৰেমিকাৰ খোপাত |

ভল্টেয়াৰৰ ভাষাত-প্ৰেম হল কল্পনাই সজোৱা প্ৰকৃতিয়ে লালন কৰা কেনভাচ |

পদুমৰ পাহি যেন নাৰীৰ দুচকুৰ সৌন্দৰ্যই কবিৰহৃদয়ত নতুন সুৰৰ ঝংকাৰ তোলে | দুচকুৰ অনাখৰী ভাষাই মূৰ্চ্ছনা তোলে হৃদয়বীনত নতুন সুৰৰ উন্মাদনা | স্বতঃস্ফুৰ্তভাৱ ­ ­ে বৈ আহে প্ৰেমৰকবিতা-


তোমাৰ দুচকু সখি
পূৰ্ণিমা গগন,
শান্তিৰ আঁকলি চালে
কটাক্ষ কিৰণ|
তোমাৰ দুচকু সখি
তড়িতৰ মালা,
মেঘৰ আঁৰত থাকি
কৰে লীলা খেলা |

(যুগল তৰা:ৰঘুনাথ চৌধুৰী)

কবি প্ৰেমৰ পুজাৰী , প্ৰেমিকা কবিৰ চালিকা শক্তি, হৃদয়ৰ ইন্ধন, প্ৰেয়সীৰ অৱস্থিতি কবিৰ হৃদয়ৰ আভ্যন্তৰৰ গোপন কক্ষত, যি স্নেহ মৰমেৰে আবৃত্ত | য'ত মাথো প্ৰেম, মাত্ৰ প্ৰেম, কেৱল প্ৰেম |

হৃদয় প্ৰণয় দুৱাৰ
জোকাৰিলো কত বাৰ
তেওঁচোন নোখোলে এবাৰ,
হেৰুৱালো সোণালি সচাৰ |
কেউপিনে তোমাকেহে চাওঁ
কতোচোন বিচাৰি নাপাওঁ,
-তুমি আছা হিয়াত লুকাই
চেনেহৰ দুৱাৰ জপাই,
-মোৰ তাত আন কাঠি নাই
কিমতেনো পলাবা সোনাই?

(দুৱাৰ: সুৰ্যকুমাৰ ভূঞা)

প্ৰেমিকৰ বাবে প্ৰেমিকা, প্ৰেমিকাৰ বাবে প্ৰেমিক সৰ্বোৎকৃষ্ট, সৰ্বোত্তম, সবাতোকৈ উৰ্দ্ধত |

এৰিষ্টটলৰ ভাষাত, প্ৰেম হল দুটা দেহত বাস কৰাএটা আত্মা |

সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ কবি হীৰুদাৰ নিম্নোক্ত পংক্তিটোৱে ছটিয়াই দিছে প্ৰেমৰ আভা-

ইচ্ছাৰ কোমল আঙুলিৰে
ৰক্তস্ৰাৱী হৃদয়ৰ
ছিঙা তাঁৰবোৰ জোৰাবলৈ
তুমি যদি
আহিলাহেঁতেন
ঘৰমুৱা চৰাইজাকৰ সতে
থোৰ মেলা ধানৰ বুকুৰে |

যদিও অসমীয়া কাব্য সম্ভাৰৰ এক বৃহত্তৰ অংশ প্ৰেমৰ কবিতাই আবৃত্ত কৰি ৰাখিছে কিন্তু সাম্প্ৰতিক কালৰ আগলৈকে অসমীয়া প্ৰেমৰ কবিতাত প্ৰেমৰ যি ৰূপ দেখা পোৱা গৈছিল সেয়া আছিল মূলতঃ পুৰুষ কবিৰ ধাৰণা আৰু অনুভৱৰ প্ৰতিৰূপ | প্ৰতিকূল সামাজিক পৰিৱেশৰ বাবে মহিলাৰ প্ৰেম সম্পৰ্কীয় কাব্য ৰচনা প্ৰায় অসম্ভৱপৰ আছিল ( যি সময়ছোৱাত দেৱকান্ত বৰুৱাই 'কলঙ পাৰৰ মাজনিশা' ৰ দৰে প্ৰেমৰ কবিতা ৰচিছিল) | কিন্তু সাম্প্ৰতিক নাৰী কবিসকলেও হৃদয়বৃত্তৰ আভ্যন্তৰৰ প্ৰেমানুভূতিক কবিতাৰে প্ৰকাশ কৰাত তুলনাত্মকভাৱে সফলতা অৰ্জন কৰিছে |

তোমালৈ মনত পৰিলে
বুকুখন আকাশ হয়
অথবা হয়
নীলা লহৰেৰে উখল মাখল
সাগৰ
শেঁতা মুখৰ সুখৰ তৰাবোৰে
তেতিয়া দুহাতেৰে মুখ ঢাকে
ডাৱৰৰ সিপাৰে


(তোমালৈ যেতিয়া:কৰবী ডেকা হাজৰিকা)


প্ৰেমে সৃষ্টিও কৰে,প্ৰেমে ধ্বংসও কৰে | প্ৰেমে আঁকোৱালি ধৰে, প্ৰেমে প্ৰবঞ্চনাও কৰেআৰু কবিৰ প্ৰকৃত প্ৰেম যেতিয়া প্ৰবঞ্চিত হয় তেতিয়া সেই প্ৰবঞ্চনাৰ দাবানলত কবিৰ হৃদয়ছাই হৈ যায় আৰু সৃষ্টি হয় বিষাদৰ কবিতাবোৰ-


মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা,
অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লই বুকুৰ তেজেৰে আছে অন্তৰত অঁকা |
বিষাদ বিননি মোৰ গুজৰি গুমৰি উঠে আপোনা আপুনি হয় অন্তৰতে লীন,
কেতিয়াবা শুনা যায় সুদূৰত ৰিণি ৰিণি হিয়া ভঙা নিৰাশাৰ প্ৰতিধ্বনি ক্ষীণ |

(শূন্য পৰিচয়:যতীন্দ্ৰন ­ ­াথ দুৱৰা )

দুৰ্ভগীয়া কবি জীৱনলৈ মৰমৰ সঁহাৰি লৈ বহু আহিল, আলসুৱা আন্তৰত থৈ গল মাথো সকৰুণ বেদনাৰ অশান্ত জোৱাৰ, বেজাৰত অন্তৰত ভাহি উঠিছে বেদনাৰ সকৰুণ স্মৃতি| যি কবিক ভাৰাক্ৰান্ত কৰি তোলে| এনেদৰেই পৰিস্ফুট হয় কবিতাত বিষাদৰ জোৱাৰ|

প্ৰেম এক বিচিত্ৰ অনুভৱ | বিভিন্নজনে স্বদৃষ্টিভংগীৰে ­ ­ প্ৰেমক বিশ্লেষণ কৰে|আহকচোন নিম্নোক্ত কবিতাৰ পংক্তি কেইটাত সন্ধান কৰোঁ প্ৰেমৰ সংজ্ঞাৰ-

কিজানি তেতিয়াই সোমাই পৰেহি
বিশাল নীলা আকাশ ফুলৰ পাহিটোত
খহি পৰে অন্ধকাৰ ভৰিৰ তলুৱালৈ
গৰ্ভলৈ গৰ্বেৰে যায় বিদ্যুৎ
ছাই হয় জংজ্ঞা স্তন,শৰীৰৰ খেৰীঘৰ|

(সংজ্ঞা প্ৰেমৰ :নিৰ্মলপ্ৰভা বৰদলৈ)


জানো সঠিক তেজৰ সমুদ্ৰত আছে
প্ৰেমৰ দ্বীপ,
উপমাৰ নকৰো অপচয় প্ৰেম নিৰ্জনতাৰেই প্ৰতীক|

(হীৰেন ভট্ৰচাৰ্য )


গলি যোৱা কঠিন ধাতুৰ আঁকৰ
শিলাস্তৰ ভেদি অহা উচ্ছল জলস্ৰোত
পাহাৰ ভাঙি অহা বৰফ প্ৰপাত
গোট মাৰি ফচিল হোৱা তেজ
মন হৈ স্তব্ধ হোৱা মুহূৰ্ত

(হৰেকৃষ্ণ ডেকা)


পৰিশেষত নিজৰ মহিমা মণ্ডিত ব্যক্তিত্বৰে পৃথিৱীত নিজৰ নাম খোদিত কৰি যাবলৈ সক্ষম হোৱা বিশ্ববৰেণ্য ব্যক্তিসকলৰ দৃষ্টিৰে আহকচোন প্ৰেমক অনুধাৱন কৰোঁ-


ভালপোৱা আৰু ভালপোৱাৰ যোগ্য হোৱা তেতিয়াহে কোনোবাই তোমাক ভাল পাব | -ব্ৰেঞ্জামিন ফ্ৰেংকলিন


মানুহে প্ৰেমত পৰাৰকাৰণে মাধ্যাকৰ্ষণ শক্তিক দোষ দিব নোৱাৰি|
-এলবাৰ্ট আইনষ্টাইন


অনুপস্থিতিয়ে প্ৰেমক সূক্ষ্ম কৰে উপস্থিতিয়ে কৰে সবল|
-থমাছ মূলাৰ


প্ৰেম লৈ যোৱা আমাৰ জীৱন হৈ পৰিব মৰিশালি|
-ৰবাৰ্ট ব্ৰাউনিং


প্ৰেমৰ অবিনাশী শক্তিৰ পৰশত বিশ্বৰ পৰা বিলুপ্ত হৈ যাওঁক অসূয়া অপ্ৰীতি তাৰে কামনাৰে |


Comments

Popular Posts